বিশেষ লেখা

শইকীয়া ছাৰ, অগ্নিস্নান আৰু কিছু অনুভৱ

সেয়া ১৯৮৫ চনৰ কথা। ছবিজগতত ভৰি দিয়াৰ কথা তেতিয়াও মনলৈ অহা নাছিল। যদিও ইয়াৰ আগতে দুই এক প্রযোজন পৰিচালক ছবিত অভিনয় কৰাবৰ বাবে জোৰ দিছিল, তথাপি সেই বিষয়ে  তেনেকৈ একো স্থিৰ সিদ্ধান্ত ল’ব পৰা নাছিলো। মঞ্চ আৰু অনাতাঁৰৰ মাজতে মোৰ অভিনয় জীৱন সিমানদিনে সীমাবদ্ধ হৈ আছিল।

ইতিমধ্যে বিয়া-বাৰু হৈ ছোৱালীৰ মাকো হ’লো। গতিকে ছবিত অভিনয় কৰাৰ কথা বৰকৈ মনলৈ অহাৰ বাটেই নাইকিয়া হ’ল। ‘প্রান্তিক’ আলোচনীৰ পাতত ড: ভবেন্দ্র নাথ শইকীয়া ছাৰৰ ‘অন্তৰীপ’ উপন্যাসখনে বোধহয় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পাঠকক খুব গভীৰভাৱে আকর্ষিত কৰিছিল। সেই পাঠকসকলৰ মাজত ময়ো এগৰাকী। বিশেষকৈ উপন্যাসখনৰ মেনকা চৰিত্রটোৰ প্রতি মোৰ স্বাভাৱিকতে আকর্ষণ খুব বেছি হৈছিল। কেইবছৰমানৰ পাছত এদিন হঠাতে ‘প্রান্তিক’ৰ পাতত ‘অন্তৰীপ’ উপন্যাসখনৰ চিত্রৰূপ দিবলৈ মেনকা চৰিত্রটোৰ বাবে অভিনেত্রী বিচাৰি প্রকাশ কৰা বিজ্ঞাপনটো চকুত পৰিল। গৃহস্থক ধেমালিতে ক’লো- “ময়ো এখন আবেদন দিওঁ নেকি?” পিছে ধেমালি ধেমালি হৈয়েই থাকিল। অপ্রত্যাশিতভাৱে শইকীয়া ছাৰে চৰিত্রটোৰ বাবে মোকেই নির্বাচন কৰিব বুলি মই কিন্তু কেতিয়াও ভবা নাছিলো। পাছত জানিব পাৰিছিলো মেনকা চৰিত্রটোৰ বাবে অভিনয় কৰিবৰ কাৰণে হেনো বহুতেই আবেদন জনাইছিল।

উপৰিউক্ত পাতনিৰ লগত জড়িত হৈ আছে ‘অগ্নিস্নান’ৰ মাজেৰে শইকীয়া ছাৰৰ সংস্পর্শলৈ আহি লাভ কৰা বহুতো অর্থপূর্ণ সুন্দৰ অভিজ্ঞতা আৰু কিছু অনুভৱ। এই লেখা সেই অনুভৱ প্রকাশৰেই এটি ক্ষুদ্র প্রয়াস।

যথাসময়ত ‘অগ্নিস্নান’ ছবিখনৰ চৰিত্র নির্বাচনকে ধৰি সকলো প্রস্তুতি সম্পূর্ণ হৈ উঠিল। সেই সময়তে অনুভৱ কৰিছিলো- ছবি এখনৰ বাবে চৰিত্র নির্বাচনৰ দিশতো কিমান গুৰুত্বপূর্ণ। চৰিত্র নির্বাচনৰ ক্ষেত্রত আপোচ কৰাৰ কোনো প্রশ্ন নাহে। ‘অগ্নিস্নান’ৰ মাজেৰে অভিনয়ৰ বাবে চৰিত্র নির্বাচনৰ দিশটো কিমান অর্থপূর্ণ তাক সহজেই অনুমান কৰিব পাৰি।

যথাসময়ত ‘অগ্নিস্নান’ৰ শ্বুটিং আৰম্ভ হ’ল। শ্বুটিঙৰ দুমাহমানৰ আগতেই শইকীয়া ছাৰৰ নির্দেশ অনুসৰিয়েই ‘অন্তৰীপ’ উপন্যাসখন আৰু তাৰ চিত্রনাট্য খৰচি মাৰি পঢ়ি মেনকা চৰিত্রটোৰ ভিতৰত সোমাবলৈ নিজকে শাৰিৰীক আৰু মানসিকভাৱে প্রস্তুত কৰি তুলিছিলো। শইকীয়া ছাৰৰ সেই কথাবোৰ আজিও মোৰ মনৰ মাজত দকৈ খোপনি পুতি আছে। চৰিত্রটোৱে বিচৰা প্রয়োজনীয় শাৰীৰিক অভিব্যক্তি সম্পর্কে শইকীয়া ছাৰে মোৰ শ্বুটিঙৰ মাজে মাজে সোৱঁৰাই দিছিল। অর্থাৎ চৰিত্রটোৰ পৰা মোক তেওঁ কোনো সময়তে আঁতৰি আহিবলৈ দিয়া নাছিল। ছাৰৰ পৰা লাভ কৰা সেই অভিজ্ঞতাই মোক আজিও মই অভিনয় কৰা যিকোনো চৰিত্রৰ বাবে নিজকে প্রস্তুত কৰি তোলাৰ লগতে চৰিত্রটোৱে বিচৰা সকলোখিনি বৈশিষ্ট্যৰ বাবে নিজকে সজাগ কৰি ৰাখিবলৈ সকীয়াই দিয়ে।

‘অগ্নিস্নান’ৰ মেনকাৰ চৰিত্ৰত মলয়া গোস্বামী

অভিনয়ৰ বাবে শাৰীৰিক প্রস্তুতিৰ লগত মানসিক প্রস্তুতিও ওত:প্রোত ভাৱে জড়িত হৈ থাকে। কোনো কাৰণ নোহোৱাকৈ মহীকান্তই দ্বিতীয়বাৰৰ কাৰণে লোৱা বিবাহৰ সিদ্ধান্তৰ বিষয়ে কানি কিনিবলৈ সদায় মেনকাক পইচা বিচৰা আৰু মেনকাক অত্যন্ত চেনেহ কৰা গাঁৱৰে মহিলাগৰাকীৰ পৰা গম পাই, সেই সময়ত কেৱল মাত্র এটা শব্দৰে (ইস্) মেনকাই সকলো আশ্বর্য, ক্ষোভ, বিষাদ, খং আদিৰ ভাৱ প্রকাশ কৰিব লাগে। সেই বিশেষ মুহূর্তটোৰ বাবে শইকীয়া ছাৰে মোক আগদিনাই প্রস্তুত হ’বলৈ সকীয়াই দিছিল। ময়ো ছাৰে বুজাই দিয়া মতে আগদিনা ৰাতি, সেই বিশেষ মুহূর্তৰ বাবে গভীৰ উপলব্ধিৰে চৰিত্রটোৰ মাজত সোমাই পৰিছিলো। সেই দৃশ্যটোৰ কথা মনলৈ আহিলে আজিও মই পুলকিত হৈ উঠো।

সুন্দৰ সংলাপৰ বাবে এখন সুন্দৰ চিত্রনাট্যৰো প্রয়োজন। এখন নিখুঁত চিত্রনাট্যত উল্লেখ কৰা সংলাপ নিখুঁতভাৱে কোৱাটো শিল্পী এজনৰ বাবে মন কৰিবলগীয়া বিষয়। ‘অগ্নিস্নান’ৰ সেই অভিজ্ঞতা ইমানেই সজীৱ হৈ আছে যে আজিও যেতিয়া কোনো সংলাপ কওঁ তেতিয়া সদায় চেষ্টা কৰো যাতে প্রত্যেকটো শব্দ, দাড়ি, ক’মা চিত্রনাট্যত থকা ধৰণে ক’ব পাৰো।  

উচ্চাৰণৰ ক্ষেত্রতো মোৰ দোষ ত্রুটি ছাৰে ছবিৰ শ্বুটিঙৰ সময়ত মোক বাৰে বাৰে সেইবোৰৰ বিষয়ে সচেতন কৰি দিছিল আৰু ময়ো নিজৰ উচ্চাৰণ সম্পর্কে যথেষ্ট সচেতন হৈছিলো। এইবোৰ অভিজ্ঞতাই মোৰ মনৰ মাজত স্থায়ী ৰূপ ল’লে।

ছাৰৰ সংস্পর্শলৈ আহি আটাইতকৈ ডাঙৰ দিশটোৰ লগত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰিছিলো। সেয়া হৈছে অনুশাসন আৰু শৃংখলাবদ্ধতা। শৃংখলাবদ্ধতাৰে কাম কৰিলে এনেধৰণৰ কামবোৰ কিমান সহজ হৈ পৰে ছাৰৰ পৰাই সেই অভিজ্ঞতা আহৰণ কৰিছিলো। এই শৃংখলাবদ্ধতাৰ বাবেই বোধহয় শইকীয়া ছাৰে সকলো কাম সকলোৰে পৰা সময়মতে আৰু সুচাৰুৰূপে আদায় কৰি ল’বলৈ সক্ষম হৈছিল।

শেষত উল্লেখ কৰিব খুজিছো, প্রত্যেক শিল্পীকে উচিত মর্যাদা প্রদান কৰাটো ছাৰৰ আন এটি আকর্ষণীয় দিশ। ছাৰৰ শিল্পীসুলভ আচৰণ, শিল্পীসকলৰ প্রতি দেখুওৱা সন্মান ইত্যাদিয়ে ছাৰক আমাৰ মাজত আৰু মহান কৰি তুলিছে। ছাৰৰ এই উদাহৰণ অনুকৰণ কৰি শিল্পজগতখনত নিজকে প্রতিষ্ঠিত কৰাৰ লগতে সমাজৰ প্রতি থকা আমাৰ দায়িত্ব আমি পালন কৰিব পাৰো। কেৱল অভিনয় কৰাই নহয়, সামগ্রিকভাৱে ‘অগ্নিস্নান’ ছবিখনে মোলৈ বহুতো অভিজ্ঞতা তথা অনুভৱ কঢ়িয়াই আনিলে। শইকীয়া ছাৰে ছবিজগতত মোক এটা সুন্দৰ সুস্থ বাট দেখুৱাই দিলে। আজিও যেতিয়া ছবিত অভিনয় কৰো তেতিয়া শইকীয়া ছাৰৰ পৰা লাভ কৰা অভিজ্ঞতা, প্রেৰণা আৰু অনুভূতিয়ে হাত বুলাই থৈ যায়হি। মনটোক সজীৱ কৰি তোলে। সদায় অনুভৱ কৰো এই স্বনামধন্য ব্যক্তিগৰাকীৰ সান্নিধ্যলৈ আহি যিখিনি অভিজ্ঞতা, সন্মান আৰু স্বীকৃতি মই পালো সেয়াই মোৰ অভিনয় জীৱন আগবঢ়াই নিয়াত শক্তি যোগাব।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.6 / 5. ভোট : 78

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!