বিশ্ব চলচ্চিত্ৰ

অপ্ৰেম, নিৰাপত্তাহীনতা, ভাঙোনৰ ছবি – লাভলেছ

লাভলেছ (Loveless)

পৰিচালক – Andrey Zvyagintsev

উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স

দৃশ্য ১ : ল’ এংগোল শ্বটত এজোপা লঠঙা গছ। ক’লা চানেকীয়া গা-গছ, ঠেঙুলিৰ মাজেৰে সৰকি অহা শুকুলা বৰফে গছজোপাৰ সৌন্দৰ্য দুগুনে বঢ়াইছে। এইবাৰ কেমেৰাত মাটি ফুটি ওলোৱা বৰ বৰ কাঁইটৰ দৰে সম্পূৰ্ণ লঠঙা গছবোৰেৰে অৰণ্যৰ একাংশ, চৰাইৰ মাত, বতাহৰ সোঁ-সোৱনি। অ’ত-ত’ত বৰফ জমিলেও  জলাধাৰত গছবোৰৰ পৰিস্কাৰ প্ৰতিচ্ছবি। আমাৰ দৰে শীতৰ নামত বছৰটোৰ মাত্ৰ কেই পষেকমান পুৱা গধুলিৰ কুঁৱলীখিনিক লৈয়েই কাব্য কৰি থকা মানুহৰ বাবে ৰাছিয়াৰ এই পৰিৱেশ কেনে সৰগীয় সেই কথা বৰ্ণনাৰ প্ৰয়োজন নাই। চিনেমাট’গ্ৰাফী ৫১ বছৰীয়া প্ৰসিদ্ধ ৰাছিয়ান চিনেমাট’গ্ৰাফাৰ মিখাইল ক্ৰিকমেনৰ।

দৃশ্য ২ : ক্ল’জ শ্বটত খিৰিকিৰে বাহিৰলৈ চাই থকা ১২ বছৰীয়া ল’ৰা আলোশ্বা। কলিং বেলৰ শব্দই তন্ময়তা ভঙা আলোশ্বাৰ চকু-মুখত বিষন্নতা।

মই প্ৰথম দৃশ্যত বৰ্ণনা কৰি অহা মস্কোৰ সেই সুন্দৰ বাতাবৰণৰ মাজেৰে কিছুসময় পূৰ্বে স্কুলৰ পৰা উভতিছে আলোশ্বা। পিছে নিজৰ পঢ়া টেবুলত বহি অন্য ভাৱনাত ডুব গৈ থকা বিষন্ন ল’ৰাটোৰ মুখত না সুন্দৰ আবেলিটোৰ ৰং, না তাৰ বয়সৰ চঞ্চলতা। তেনেতে মাকে কোঠাটোলৈ লৈ আহিছে তাহাঁতৰ ফ্লেটটোৰ গ্ৰাহক হ’ব খোজা এটা পৰিয়ালক–“এইফালে এটা চিলড্ৰেন ৰূমো আছে।”

এই বাক্যটোৱেই যেন বিশ্ববিখ্যাত ৰাছিয়ান পৰিচালক Andrey Zvyagintsev-ৰ শেহতীয়া চিনেমা “লাভলেছ”ৰ বুকুত নিহিত থকা অপ্ৰেম, কঠোৰতা, ভাঙোন, যন্ত্ৰনা-নিৰাপত্তাহীনতাৰ কথা ক’বলৈ উদ্যত হৈছে। প্ৰেমহীন ঘৰখনৰ গৰাকী আলোশ্বাৰ পিতৃ-মাতৃয়ে বিবাহ বিচ্ছেদ কৰিব খুজিছে। সেয়ে ফ্লেটটো বিক্ৰী কৰিবলৈ ওলাইছে। ইতিমধ্যে অন্য সংগীৰ লগত তেওঁলোকৰ নতুন জীৱন আৰম্ভ হৈছেই। পিতাকৰ প্ৰেয়সী অন্ত:সত্বা মাকেনো কিয় প্ৰেমিকৰ লগত মুকলি জীৱন এটা কটোৱাৰ পৰিৱৰ্তে আলোশ্বাক নিজৰ লগত লৈ যাব? মাক গৰজি উঠে–“তোমাৰ ভুলৰ কাৰনেহে সি জন্ম হ’ল। তুমিহে মোক এবৰ্শ্বন কৰিব নিদিলা। তোমাক ফেমিলি লাগে, হুহ।” জন্মদাতাৰ বাবেও নিতান্তই অলাগতিয়াল, বোজা হৈ পৰাটোযে কেনে অসহনীয় সেইকথা বুজিব পৰাকৈ আলোশ্বা পৈনত।

দৃশ্য ৩ : ফ্ৰেমত আলোশ্বাহঁতৰ ডাইনিং ৰূম। সময় পুৱা। আগনিশা মাক-দেউতাকৰ কাজিয়া শুনাৰ পাছত  আহিবলগা ধুমুহাজাকৰ ত্ৰাস-দুখত তেনেই চেপেটা লগা আলোশ্বা। খোৱা মেজত বহি খোৱাখিনি লিৰিকি বিদাৰি আছে। সমুখত ম’বাইলত চকু গুজি থিয় হৈ আছে মাক।

— মোৰ ভোক নাই

— খোৱা। হোৱাই শ্বুড আই থ্ৰ’ ইট এৱে?

— মোৰ অক্কনো ভোক নাই

— গা বেয়া নেকি? দুৰ্বল দেখাইছে যে

— নাই ।নহয় ।

— হ’ব যোৱা। আই উইল পুট ইট এৱে।

ম’বাইলৰ পৰা চকু নাঁতৰালে তেওঁ। সেয়ে কনমানি পুতেকৰ চকুৰে বৈ অহা চকুলো ধাৰ নিষ্ঠুৰ-নিৰুদ্বেগ মাকে নেদেখিলে, দেখিলে দৰ্শকে। সেই নিৰৱ কান্দোন ইমানেই শক্তিশালী আছিল যে ক্ষন্তেক পাছৰ মাক আৰু দেউতাকৰ বেলেগ বেলেগ সংগীৰ লগত হোৱা যৌন মিলনৰ উত্তেজক দৃশ্যকো  সি নিষ্প্ৰভ কৰি তুলিছিল। আলোশ্বাৰ মাকে হয়তো নিজৰ মাকৰ পৰাই নিষ্ঠুৰতাৰ পাঠ শিকিছিল। কাৰণ আলোশ্বাক বিচাৰি ৰেচকিউ স্কোৱাডৰ কৰ্মীৰ সৈতে মাক-দেউতাক মাজনিশা আলোশ্বাৰ আইতাকৰ ঘৰ পোৱাৰ পাছত আইতাকৰ কথা-বতৰা, ব্যৱহাৰৰ কঠোৰতাই আমাক বিস্মিত কৰিছিল।

আলোশ্বা চিৰদিনলৈ নিৰুদ্দেশ হৈছিল। পুলিচে বিভিন্ন অজুহাত আৰু দীঘলীয়া প্ৰক্ৰিয়া এটাৰ অসুবিধাৰ কথা কৈ  অনুসন্ধানৰ ভাৰ চাৰ্ছ এণ্ড ৰেচকিউ স্কোৱাডক অৰ্পন কৰিবলৈ মাকক পৰামৰ্শ দিছিল। আচলতে চিনেমাখনৰ কাহিনী মস্কোৰ “লিজা এলাৰ্ট চাৰ্ছ-এণ্ড-ৰেচকিউ টীম” নামৰ সন্ধানহীন হোৱা মানুহ বিচাৰি উলিওৱা এটা স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা অনুপ্ৰাণিত। চিনেমাখনৰ আৰম্ভনিতে আমাৰ যিহাল নিৰ্দয়, অতি আত্মকেন্দ্ৰিক পিতৃ-মাতৃৰ সৈতে পৰিচয় হৈছিল আলোশ্বাৰ নিৰুদ্দেশৰ পাছত সেই ছবিৰ সামান্য পৰিৱৰ্তন ঘটিল। পুত্ৰক বিচাৰি উলিয়াবলৈ কৰা তেওঁলোকৰ প্ৰয়াস আৰু আলোশ্বাৰ বয়সৰ তেজে তুমৰলি মৃতদেহ এটা মৰ্গত দেখাৰ পাছত দুয়োৰে মানসিক অৱস্থা দেখি তেওঁলোকৰো এখন অন্তৰ আছে বুলি অলপ স্বস্তি অনুভৱ কৰিলো। এইখিনিতে মানে মৰ্গৰ ভিতৰত মাক-দেউতাকহালৰ শোক-উদ্বিগ্নতা দেখুওৱা  এটা “টু শ্বট” পাহৰিব নোৱাৰিম।

স্বেচ্ছাসেৱী দলটোৰ আপ্ৰাণ চেষ্টাৰ পাছতো আলোশ্বাৰ সন্ধান নোলাল। স্কুল-মল-বাট পথৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰা হ’ল, বন-জংঘল পাত পাত কৰা হ’ল। pan shot-ত আন্ধাৰ-পোহৰৰ মাজৰ বননিও আলোশ্বাৰ অনুসন্ধানৰ সাক্ষী হৈ ৰ’ল। শেষলৈ দেখা গ’ল পিতৃৰ দ্বিতীয় পত্নীৰ পৰা ওপজা সন্তান ডাঙৰ হ’ল, মাকৰো নতুন সংসাৰ হ’ল। পিতৃ-মাতৃৰ নিষ্ঠুৰতাৰ ফল বা চিকাৰ হৈ আলোশ্বা ৰাছিয়াৰ বাট-পথ-বাছষ্টপত কেৱল একো একোখন উৱলি যোৱা পোষ্টাৰ হৈ ৰৈ গ’ল। 

বহু যুগ ধৰি সাম্যবাদী ৰাজনীতি-সমাজনীতিত অভ্যস্ত ৰাছিয়াৰ নতুন ৰাজনীতি, ভঙা-গঢ়াৰ পৰিৱৰ্তনে কঢ়িয়াই আনিছিল অনেক অসুস্থ প্ৰতিযোগিতা। সেই ভাঙোনৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ স্বৰূপেই একপ্ৰকাৰ “লাভলেছ”ৰ কাহিনীৰ বৈশিষ্ট্য। পৰিচালনা, অভিনয়, চিনেমাট’গ্ৰাফী, সংগীতৰ অভিনৱত্বৰে লাভলেছ আমাৰ বাবে এখন স্মৰণীয় চিনেমা হৈ ৰ’ব। এটা সাক্ষাৎকাৰত পৰিচালক zvyagintsevয়ে উল্লেখ কৰা অনুসৰি ইংৰাজী “লাভলেছ” শব্দটোৱে মূল ৰাছিয়ান নামটোৰ প্ৰকৃত অৰ্থ বুজাব পৰা নাই। সেই শব্দাৰ্থ লাভলেছতকৈও কৰুণ।

Andrey zvyagintsev-ৰ ২০১৪ৰ চিনেমা “লেভিয়াথানে”ও আমাক দিছিল ৰাছিয়াৰ শেহতীয়া পৰিস্থিতিৰ কিছু ছবি আৰু অভিনৱ চলচ্চিত্ৰীয় অভিজ্ঞতা। শ্ৰেষ্ঠ ছবিৰ এছিয়া পেচিফিক স্ক্ৰীণ এৱাৰ্ড লাভ কৰা লেভিয়াথানৰ দৰে লাভলেছেও অস্কাৰ বঁটাৰ (৯০ সংখ্যক) শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবি শিতানৰ মনোনয়ন লাভ কৰিছিল। ৰাছিয়া, ফ্ৰান্স, বেলজিয়াম আৰু জাৰ্মানীৰ আন্ত:ৰাষ্ট্ৰীয় সহ প্ৰযোজনাত নিৰ্মিত লাভলেছে বিশ্ব সমালোচকৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে লাভ কৰিছে কাঁন ফিল্ম ফেষ্টিভেল ২০১৭ৰ জুৰী পুৰস্কাৰ। চিনেমাট’গ্ৰাফাৰ ক্ৰিকমেনলৈও লাভলেছে আনি দিছে বহু সন্মান। বৃত্তিত অভিযন্তা ক্ৰিকমেনে নৰৱেৰ চিনেমা মিছ জুলী, ৰাছিয়াৰ চাইলেন্ট ছওলছ্ৰ লগতে Andrey zvyagintsevৰ আটাইকেইখন চিনেমাতে চিনেমাট’গ্ৰাফাৰ হিচাপে কাম কৰিছে।  ‘লাভলেছ’ত ক্ৰিকমেনে কাহিনীৰ কাৰুণ্য আৰু গুৰুত্বক ডকুমেন্টেৰী ষ্টাইলৰ বাস্তৱ চিনেমাট’গ্ৰাফীৰে অনন্য মাত্ৰা দিছে। লেভিয়াথান আৰু ‘লাভলেছ’ নিৰ্মাণৰ পূৰ্বে ১৯৬৪ চনত জন্মগ্ৰহন কৰা বিশ্বসমাদৃত পৰিচালক-চিত্ৰনাট্যকাৰ Andrey petrovich zvyagintsev-য়ে নিৰ্মাণ কৰা আন উল্লেখযোগ্য ছবি হ’ল “দ্য ৰিটাৰ্ণ” (২০০৩), “দ্য বেনিশ্বমেন্ট”(২০০৭) আৰু “এলেনা” (২০১১)।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.1 / 5. ভোট : 82

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!