বিশ্ব চলচ্চিত্ৰ

বতাহৰ সৈতে যি মিলি গ’ল

চে’লজনিক ইণ্টাৰনেশ্বনেল পিক্‌চাৰৰ বেনাৰত নিৰ্মিত, ১৯৩৯ চনত মুক্তিপ্ৰাপ্ত ছবি ‘গন্‌ উইথ্‌ দ্য উইণ্ড” (Gone with the wind) য়ে ইতিহাসৰ সূচনা কৰিছিল। প্ৰযোজক ডেভিদ অ’ চে’ল্জনিক (David O. Selznick) ৰ এই সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ সৃষ্টিয়ে হলিউডত নিজৰ নাম সোণালী আখৰেৰে লিখি থৈ গ’ল। ১৯৩৬ চনত প্রকাশিত মাৰ্গাৰেট মিশ্বেলৰ একে নামৰ উপন্যাসৰ কাহিনী-আধাৰিত নিৰ্মিত এই ছবিখন হৈছে প্ৰেম আৰু কৰ্তব্যৰ মাজত জীৱনৰ ভঙা-পতা সপোনৰ এক গাথা।

ছবিখনৰ কাহিনী আৰম্ভ হয় ১৮৬১ চনৰ আমেৰিকাৰ চিভিল ৱাৰৰ পটভূমিৰ জৰ্জিয়াৰ এখন ভিতৰুৱা অঞ্চলত। এজন আইৰিছ প্ৰবাসী গেৰাল্ড অ’ হাৰা (Thomas Mitchell) ৰ পৰিয়াল আৰু তেওঁৰ কপাহৰ বাগিছা তাৰা (Tara plantation)। ইয়াৰ পৰাই আৰম্ভ হৈছে কাহিনী। তেওঁৰ জ্যেষ্ঠা কন্যা স্কাৰলেট (Vivien Leigh) প্ৰেমত পৰে সেই অঞ্চলৰ এজন ভদ্ৰলোক এচলি উইলকিচ Leslie Howard)ৰ। কিন্তু এচলিৰ দুৰ্বলতা আছিল মেলানি হেমিল্টন (Olivia de Havilland)ৰ প্রতি। স্কাৰলেট আৰু মেলানি আছিল সম্পৰ্কীয় ভগ্নী। স্কাৰলেটে সদায়ে এচলিক পাব বিচাৰিছিল কিন্তু সেইটো হৈ উঠা নাছিল আৰু সেইবাবে তাই হতাশাগ্ৰস্ত হৈ পৰিছিল। এদিন এটা পাৰিবাৰিক অনুষ্ঠানত এচলি আৰু মেলানিৰ বিবাহৰ কথা ঘোষণা হয় তেওঁলোকৰ পাৰিবাৰিক ঘৰ টুৱেল্ভ অক্সত। টুৱেল্ভ অক্সৰ সেই অনুষ্ঠানত স্কাৰলেটৰ প্রতি দুৰ্বল হয় এজন সুন্দৰ কিন্তু অমাৰ্জিত ব্যক্তি ৰেথ্‌ বাটলাৰ (Clark Gable) | তেওঁ হ’ল ৱেষ্ট পইণ্টৰ পৰা অহা এজন লোক যাক তেওঁৰ চাৰ্লছটোন পৰিয়ালে ত্যাজ্য ঘোষণা কৰিছিল। ৰেথ্‌ হ’ল এজন দুৰ্দান্ত ব্যক্তি যাৰ মতবাদ সেই অঞ্চলৰ ব্যক্তিৰ বাবে গ্ৰহণযোগ্য নাছিল। স্কাৰলেটে কিন্ত ৰেথক পছন্দ কৰা নাছিল। মেলানিৰ কথা জনা সত্বেও সেই অনুষ্ঠানৰ মাজতে স্কাৰলেটে তাইৰ মনৰ কথা এচলিৰ ওচৰত প্রকাশ কৰিলে। কিন্তু এচলিয়ে সন্মানপূৰ্বকভাৱে স্কাৰলেটৰ এই প্ৰস্তাৱ প্ৰত্যাখান কৰিলে। অপমানিত স্কাৰলেটে এচলিক চৰ মাৰি দিলে। এই সকলোবোৰ ঘটনা ৰেথে প্রত্যক্ষ কৰি আছিল। তেওঁৰ এই কাৰ্যক স্কাৰলেটে ‘Sir you are no gentleman’ বুলি সমালোচনা কৰিলে। তাৰ উত্তৰত ৰেথেও স্কাৰলেটক ‘And, you miss, are no lady’ – বুলি সমালোচনা কৰিলে। যুদ্ধৰ অন্তৰ ঘোষণাই পাৰিবাৰিক অনুষ্ঠানটিৰ যতি পেলোৱাৰ পিছত সকলো ঘৰাঘৰি হয়। এক আৱেগিক চুম্বনেৰে এচলিয়ে মেলানিৰ পৰা বিদায় লয়। ইয়াৰ কিছুদিন পাছতে মেলানিৰ ভাতৃ চাৰ্লছৰ সৈতে স্কাৰলেট বিবাহপাশত আবদ্ধ হয়। কিন্তু এই বিবাহ স্থায়ী নহ’ল। নিউমোনিয়া ৰোগত ভুগি চাৰ্লছৰ মৃত্যু হয়। স্কাৰলেট পুনৰ মাতৃগৃহলৈ ঘূৰি আহে। বিষণ্ণ স্কাৰলেটক পুনৰ স্বাভাৱিক কৰিবলৈ তাইক পঠিয়াই দিয়ে আটলাণ্টাত অৱস্থিত হেমিল্টনলৈ৷ এই যাত্ৰাত তাইৰ সংগী আছিল অ’ হাৰা ঘৰৰ ৰখীয়া মাম্মী(Hattie McDaniel)। স্কাৰলেটৰ হৃদয়ৰ সকলো কথা মাম্মীয়ে জানিছিল। এদিন আটলাণ্টাত অনুষ্ঠিত এক পাৰ্টিত স্কাৰলেট আৰু মেলানিয়ে ভাগ লৈছিল য’ত সকলোকে আচৰিত কৰি ৰেথ্‌ উপস্থিত হয়। সেইখন পাটিত ৰেথে স্কাৰলেটৰ প্রতি দুৰ্বলতা প্রকাশ কৰে আৰু স্কাৰলেটে তেওঁৰ এই উদ্দেশ্য কেতিয়াও সফল নহ’ব বুলি প্রকাশ কৰে। সেই সময়ছোৱাত যুদ্ধৰ গতি সলনি  হয় – confederacyৰ বিৰুদ্ধে যুদ্ধ ঘোষণা হয়। খ্ৰীষ্টমাছৰ সময়ত এচলি পুনৰ আহে এই চহৰলৈ। সেইবাৰো স্কাৰলেটে এচলিক নিজৰ  মনৰ কথা প্রকাশ কৰে- কিন্তু এচলিৰ পৰা কোনো প্রতিক্ৰিয়া নাপালে। ইয়াৰ পিছত যুদ্ধৰ সৈন্যৰ দ্বাৰা সেই চহৰখন অধিকৃত হয়। সেই সময়ত হঠাৎ মেলানি প্রসৱ-বেদনাত চটফটায়। স্কাৰলেট আৰু মেলানিৰ এই অসহায় অৱস্থাত ৰেথ্‌ আহি উপস্থিত হয় আৰু তেওঁক ঘোঁৰাগাড়ীত উঠাই চহৰলৈ যায়। যুদ্ধবিধ্বস্ত পথৰ মাজেৰে লৈ গৈ উচিত স্থানত পোৱাই দিয়ে। স্কাৰলেট ক্ষন্তেকৰ বাবে ৰেথৰ প্রতি আকৃষ্ট হয়। তাৰালৈ যোৱাৰ পথত আৱেগিক হৈ চুম্বন কৰে। কিন্তু স্কাৰলেটে এই আচৰণৰ বাবে ৰেথক এটা চৰ মাৰে। ইয়াৰ পিছত ৰেথে তাৰপৰা বিদায় লৈ গৈ কনফেডাৰেট সৈন্যবাহিনীত ভৰ্তি হয়। তাৰালৈ উভতি গৈ স্কাৰলেটে আৱিষ্কাৰ কৰে যে তেওঁলোকৰ টুৱেল্ভ অক্সৰ ঘৰ সম্পূৰ্ণৰূপে ভষ্মীভূত হৈছে। এই দুখতে তেওঁৰ মাতৃৰ মৃত্যু ঘটিছে। তেওঁলোকৰ কপাহৰ বাগিছা তাৰাৰ কোনো অনিষ্ট হোৱা নাই বুলি জানি তাই কিছু সকাহ পায়। ধ্বংসপ্ৰাপ্ত ঘৰ আৰু বাগিছাক ৰক্ষা কৰাটো স্কাৰলেটৰ বাবে প্রধান কাম হৈ পৰিল। বহু প্রত্যাহ্বানৰ মাজত স্কাৰলেটে পুনৰ বাগিছাৰ কাম আৰম্ভ কৰিলে। কনফেডাৰেট সৈন্যৰ পৰাজয়েৰে যুদ্ধ শেষ হয় আৰু এচলি যুদ্ধবন্দী হিচাপে স্বদেশলৈ ঘূৰি আহে। এচলি আৰু মেলানিৰ পুনৰ মিলন হয়। এই মিলনত বাধাৰ সৃষ্টি কৰাৰ পৰা স্কাৰলেটক মাম্মীয়ে বিৰত কৰায়। কিন্তু স্কাৰলেটে আকৌ এচলিৰ কাষ চাপে আৰু বাগিছা তাৰা চলোৱাত কিছু সহায় বিচাৰে। এচলি লাহে লাহে স্কাৰলেটৰ প্রতি দুৰ্বল হয় আৰু দুয়ো কিছু পৰিমাণে আৱেগিক হয়। কিন্তু এচলিয়ে স্কাৰলেটক জনাই দিয়ে যে তেওঁ মেলানিক প্রতাৰণা কৰিব নোৱাৰে। এই সময়ছোৱাত স্কাৰলেটৰ হতাশাগ্ৰস্ত  পিতৃৰ মৃত্যু হয় এটা ঘোঁৰা দুৰ্ঘটনাত। ইয়াৰ পিছৰ পৰা বাগিছা তাৰাৰ সম্পূৰ্ণ দায়িত্ব আহে স্কাৰলেটৰ ওপৰত। অৰ্থনৈতিকভাৱে জুৰুলা হোৱা তাৰাৰ কৰ আদায়ত অপাৰগ হয় স্কাৰলেট। ইয়াৰ বাবে তেওঁ ৰেথৰ ওচৰত সহায় বিচাৰি যায়। কিন্তু সেই সময়ত ৰেথো অৰ্থনৈতিকভাৱে জুৰুলা, কাৰণ তেওঁৰ বিদেশী বেংকত থকা সকলো ধন চৰকাৰৰ দ্বাৰা অধিকৃত হৈছে। হতাশ হৈ ঘূৰি আহোতে স্কাৰলেটৰ সংযোগ হয় তেওঁৰ ভগ্নীৰ বাগদত্তা আদবয়সীয়া ফ্ৰেঙ্ক কেনেডী(Carroll Nye)ৰ লগত। ধনী ব্যৱসায়ী ফ্ৰেঙ্কৰ লগত স্কাৰলেটে বিবাহ হৈ এগৰাকী ধনী ব্যৱসায়ী মহিলা হিচাপে নিজকে প্ৰতিষ্ঠা কৰে। স্কাৰলেটে আকৌ এচলিৰ কাষ চাপিবৰ চেষ্টা কৰে। এদিন চেণ্টি টাউন নামৰ চহৰলৈ যাত্ৰা কৰাৰ সময়ত ফ্ৰেঙ্ক, এচলি আৰু স্কাৰলেটৰ ওপৰত কেতবোৰ দুৰ্বৃত্তই আক্ৰমণ কৰে। এই আক্ৰমণত ফ্ৰেঙ্কৰ মৃত্যু হয়। স্কাৰলেট দ্বিতীয় বাৰৰ বাবে বিধৱা হয়। তাৰ পিছত ৰেথ্‌ আহে আৰু স্কাৰলেটক বিবাহৰ প্রস্তাৱ দিয়ে। এইবাৰ স্কাৰলেটে বিবাহত সম্মতি দিয়ে। ৰেথে তাৰাক উদ্ধাৰৰ প্রতিশ্রুতি দিয়ে। তেওঁলোকৰ মাজলৈ আহে কণমানি মৰমলগা বণী। পিতৃ ৰেথে বণীক বহু মৰমৰ মাজেৰে ডাঙৰ কৰিব ধৰিলে। মাক স্কাৰলেটে অতিবাহিত কৰা উশৃংখল জীৱনৰ পৰা বণীক আঁতৰাই ৰাখিব বিচাৰিছিল। আটলাণ্টাৰ সমাজত ৰেথৰ প্রতি থকা প্রতিকুল মনোভাবক আঁতৰাই বণীৰ এক সুস্থ মন গঢ়িব বিচাৰিছিল।

সময়ৰ লগে লগে সকলোতে পৰিৱৰ্তন আহিল কিন্তু স্কাৰলেটৰ এচলিৰ প্রতি মনোভাব সলনি নহল। স্কাৰলেটে ৰেথৰ প্রতি দুৰ্ব্যৱহাৰ অটুট ৰাখিলে আৰু অধিক সন্তান জন্ম দিয়াৰ পৰা বিৰত থাকিল। কিন্তু ৰেথে এই অপমানৰ প্ৰতিশোধ লৈছিল স্কাৰলেটৰ সৈতে বলপূৰ্বক শাৰীৰিক সম্পৰ্ক কৰি। স্কাৰলেট আৰু এচলি এদিন লগ হৈছিল আৰু দুয়োৰে মাজত এক নিবিড় মুহূৰ্ত আহিছিল। এই দৃশ্য প্ৰত্যক্ষ কৰিছিল এচলিৰ ভগ্নী ইণ্ডিয়া উইলকিজে (Alicia Rhett)| অৱশ্যে ইণ্ডিয়াৰ এই কথাত মেলানিয়ে গুৰুত্ব নিদি এচলিৰ জন্মদিনৰ অনুষ্ঠানত স্কাৰলেটক নিমন্ত্ৰণ জনালে। স্কাৰলেটৰ এচলিৰ প্রতি থকা দুৰ্বলতা সহিব নোৱাৰা হ’ল। জন্মদিনৰ অনুষ্ঠানৰ ৰাতি ৰেথে স্কাৰলেটক দুৰ্ব্যৱহাৰ কৰে আৰু বলাৎকাৰ কৰে। কিন্তু পিছত নিজৰ এই ব্যৱহাৰৰ বাবে স্কাৰলেটৰ পৰা ক্ষমা খোজে আৰু এই বিবাহৰ পৰা স্কাৰলেটক মুক্তি দিয়াৰ প্রতিশ্রুতি দিয়ে। এই কথা দি ৰেথে বণীক লৈ লণ্ডনলৈ ফুৰিবলৈ যায়। লণ্ডনৰ পৰা অহাৰ পিছত স্কাৰলেটে ৰেথক জানিব দিয়ে যে তাই গৰ্ভৱতী। কিন্তু ৰেথ্‌ নিজৰ সিদ্ধান্তত দৃঢ় হৈ থাকে। সেই সময়ছোৱাত আকস্মিকভাৱে চিৰিৰ পৰা পৰি স্কাৰলেটৰ গৰ্ভপাত হৈ যায়। ইয়াৰ অলপ দিনৰ পিছত বণীও এটা দুৰ্ঘটনাত ঘোঁৰাৰ পৰা পৰি মৃত্যুৰ মুখত পৰে। স্কাৰলেটৰ এই দুখত সমভাগী হ’বলৈ আহে মেলানি কিন্তু জটিল প্রসৱ-বেদনাত ভুগি তেওঁৰো মৃত্যু হয়। মৃত্যুৰ দুৱাৰডলিত থাকোতে স্কাৰলেটক মেলানিয়ে জনায় যে তেওঁ যাতে ৰেথৰ প্রতি সদয় হয়। মেলানিৰ মৃত্যুত এচলি ভাঙি পৰে। ইমান দিন মৰীচিকা খেদি ফুৰা স্কাৰলেটে বুজিলে যে ৰেথহে তেওঁৰ প্রকৃত প্ৰেম। ঘৰলৈ ঘূৰি গৈ ৰেথক নিজৰ প্ৰেমৰ কথা প্ৰকাশ কৰিবলৈ বিচাৰোতে ৰেথে সেই ঘৰ, সেই ঠাই এৰি যাবলৈ উদ্যত হয়। স্কাৰলেটে বহু কাকূতি- মিনতি কৰি ৰেথৰ পৰা সেই প্ৰেম ঘূৰাই নাপালে। ‘Rhett, if you go, where shall I go? What shall I do?’ এইবুলি স্কাৰলেটে ৰেথৰ পৰা সহানুভূতি বিচাৰিলে। তাৰ উত্তৰত ৰেথে মাথোঁ ক’লে-‘Frankly, my dear, I don’t give a damn’।এইদৰে এটা এটাকৈ সকলো সম্বন্ধ, প্ৰেম, সংসাৰ-সম্তান সকলো হেৰুৱাই বিষগ্ন মনে চিৰিত বহি পৰে স্কাৰলেট৷ এনেতে তেওঁৰ মনত পৰে কিছুমান কথা। স্কাৰলেটৰ পিতৃয়ে কোৱা সেই কথা-‘Land is the only thing in the world worth workin’ for, worth fightin’ for, worth dyin’ for, because it’s the only thing that lasts.’ | সকলো শেষ হৈ গ’ল যদিও থাকি গ’ল মাথোঁ তাৰা| একমাত্ৰ লগৰী হিচাপে| এচলিয়েও এদিন স্কাৰলেটক কৈছিল – ‘Something you love better than me though you may not know it. Tara.’ | আৰু ৰেথে কৈছিল “You get your strength from this red earth of Tara” | স্কাৰলেটে লাহে লাহে বুজি উঠিছিল যে তেওঁৰ প্রথম আৰু একমাত্ৰ প্রেম হ’ল তেওঁৰ কপাহৰ বাগিছা তাৰা।

মাৰ্গাৰেট মিশ্বেলৰ এই উপন্যাসখনৰ স্বত্ব এক অভিলেখ দৰত  (৫০,০০০ ডলাৰ) কিনি লৈছিল জন হে (John Hay Whitney) নামৰ ব্যৱসায়ী বন্ধুজনে৷ ইয়াৰ পিছত আৰম্ভ হৈছিল তেওঁলোকৰ সপোনক বাস্তৱৰ ৰূপ দিয়াৰ। নিৰ্দেশক ভিক্টৰ ফ্লেমিং (Victor Fleming) ৰ নিৰ্দেশনাত ৩.৯ মিলিয়ন ডলাৰৰ খৰচেৰে গন্‌ উইথ্‌ দ্য উইণ্ড মুক্তি পায় ১৯৩৯ চনৰ ১৫ ডিচেম্বৰত। ছবিখনৰ প্ৰথম দৰ্শনী হয় আটলাণ্টা, জৰ্জিয়া দুয়োখন চহৰতে ১৯৩৯ চনৰ ১৫ ডিচেম্বৰত। তিনিদিনীয়া উৎসৱেৰে দুয়োখন চহৰতে এই ছবিৰ মুক্তি হৈছিল। চহৰ দুখনৰ ঘৰৰ সমুখত হাজাৰ হাজাৰ কনফেডাৰেট পতাকা উৰুৱাই সকলোৱে এই ছবিখনক আদৰণি জনায়। জৰ্জিয়াৰ গভৰ্নৰে ১৫ ডিচেম্বৰ তাৰিখটো ৰাষ্ট্ৰীয় বন্ধৰূপে ঘোষণা কৰে। ৰাষ্ট্ৰপতি জিমি কাৰ্টাৰে এই ছবিৰ মুক্তিৰ দিনটো তেওঁৰ জীৱনৰ এক উল্লেখনীয় দিন হিচাপে প্রকাশ কৰে। ১৯৩৯ চনৰ ডিচেম্বৰৰ পৰা জুন, ১৯৪০ চনলৈ এই ছবিখনৰ প্রত্যেকটো দৰ্শনী হয় মাথোঁ অগ্ৰীম বুকিং টিকটৰ ওপৰত। ইয়াৰ পিছত ১৯৪১ চনৰ পৰা এই ছবিখন সকলো থিয়েটাৰলৈ মুকলি হয়। অস্কাৰৰ প্ৰায় সকলোবোৰ ৰেকৰ্ড ভাঙিছিল এই ছবিখনে ৷

আমেৰিকাৰ গৃহযুদ্ধৰ পটভূমিত নিৰ্মিত এই ছবিখনত দাসত্ব প্ৰথাৰ বিৰুদ্ধে মত প্রকাশ কৰা দেখা গৈছে। মাম্মীৰ চৰিত্ৰৰ মাজেৰে ছবিখনত নিগ্ৰোসকলক বিশ্বাসত লোৱা দেখা গৈছে। তাৰা বাগিছাখনৰ ব্লেক ফৰ্মেন চামক এজন উদাৰ ব্যক্তিৰূপে দেখুওৱা হৈছে। তেওঁ স্কাৰলেটক সকলো সময়তে সহায়  কৰিছিল। অৱশ্যে বাকী দাসসকলক তেওঁলোকৰ সাধাৰণ অৱস্থাৰ সৈতে দেখুওৱা হৈছে। ছবিখনত বলিষ্ঠ সংলাপৰ মাজেৰে দাসত্ব প্ৰথাৰ বিৰোধিতা কৰা দেখা গৈছে। দাসত্ব প্রথা আৰু বৰ্ণবৈষম্যৰ বিষয়টোক দুই-এটা সৰু ঘটনাৰ  মাজেৰে দেখুওৱা হৈছে। স্কাৰলেটৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ আৰু স্কাৰলেটৰ বন্ধুসকলক কেকেকেৰ সদস্য হিচাপে দেখুওৱা হৈছে। বৰ্ণবৈষম্যৰ প্রভাৱ ছবিখনৰ মুক্তিৰ সময়ত জৰ্জিয়াত দেখা গৈছিল। বৰ্ণবৈষম্যৰ বাবে হেইটি মেক্‌ডেনিয়েল প্ৰিমিয়াৰলৈ অহাটো অনিশ্চিত হৈ পৰিছিল। এই কথাত ক্লাৰ্ক গেবলে বিৰোধিতা কৰি প্ৰিমিয়াৰৰ পৰা বিৰত থাকিব বুলি ভাবুকি দিছিল। অৱশেষত মেক্‌ডেনিয়েলৰ উপস্থিতিয়ে সকলো সমাধান কৰিলে। তেৱে প্রথম অস্কাৰ অৰ্জন কৰা নিগ্ৰো সম্প্ৰদায়ৰ ব্যক্তি। শ্ৰেষ্ঠ সহ- অভিনেত্ৰীৰ সন্মান অৰ্জন কৰিছিল মেক্‌ডেনিয়েলে৷ বহু নিগ্ৰো নেতাই ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ বৰ্জন কৰিছিল। কিন্তু মাৰ্টিন লুথাৰে (জ্যেষ্ঠ) এই শ্ব’ত অংশগ্ৰহণ কৰিছিল।

গন্‌ উইথ্‌ দ্য উইণ্ড ছবিখনে আমেৰিকাৰ সমাজ ব্যৱস্থাক উদঙাই দেখুৱায়। স্কাৰলেটৰ চৰিত্ৰটিয়ে আমেৰিকাৰ মহিলাসকলৰ মনস্তাত্বিক দিশটো দাঙি ধৰিছে। স্বাধীনচিতীয়া কঠোৰ বাস্তৱিক মানসিকতাৰে জীৱনৰ সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা মহিলা। নিজৰ মনৰ নিৰাশাক পিছলৈ থৈ জীৱন-সংগ্ৰামত জঁপিয়াই পৰিবলৈ স্কাৰলেট সদায়ে প্ৰস্তুত। প্ৰেম আৰু বাসনাৰ মাজত বাসনাকে আগস্থান দিয়া স্কাৰলেটে মাথোঁ৷ নিজকহে ভাল পাইছিল। ৰেথৰ প্ৰেমক প্রশ্ৰয় নিদি এচলিৰ পিছে পিছে মৰীচিকা খেদি জীৱনৰ সকলো হেৰুৱালে। কিন্তু সকলো শেষ হোৱাৰ পাছতো নিজৰ মাজতে প্ৰেম বিচাৰি পালে। আমেৰিকাৰ মহিলাৰ বাস্তৱবাদী মনোভাবক স্কাৰলেটৰ মাজেৰে দাঙি ধৰা হৈছে। ৰেথৰ চৰিত্ৰটো হৈছে এক দুৰ্দান্ত ৰণুৱা ঘোঁৰাৰ দৰে। সকলো জয় কৰাৰ এক দুৰন্ত স্পৃহা। তেওঁৰ বাবে জীয়াই থাকিবলৈ এই পৃথিৱীৰ পৰিসীমা বহু কম। তথাপি পাৰিবাৰিক সম্বন্ধৰ মোহে তেওঁক কিছুদিনৰ বাবে বান্ধি পেলাইছিল বণীৰ ৰূপত।

এইখন হৈছে হলিউডৰ গন্‌ উইথ্‌ দ্য উইণ্ড। বতাহৰ লগত সময় উৰি গ’ল। কিন্তু গন্‌ উইথ্‌ দ্য উইণ্ড এক শিলৰ খুঁটি হৈ ৰৈ গ’ল। বিশ্বত হলিউড যিমান দিনলৈ জীয়াই থাকিব ক্লাৰ্ক গেবল আৰু ডিভিয়েন লেইৰ সেই চুম্বনৰ দৃশ্য সিমান দিনলৈ স্মৰণীয় হৈ থাকিব। এই ছবিখনেই প্রকৃততে হলিউডক ৰোমাণ্টিচাইজ্‌ কৰিলে৷

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.8 / 5. ভোট : 4

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!