Darkest Hour
পৰিচালক – Joe Wright
উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স
দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰাৰম্ভিক কাল। হিটলাৰৰ নাজী বাহিনীয়ে এফালৰ পৰা ইউৰোপৰ দেশসমূহ আক্ৰমণ কৰি নিজৰ অধীনলৈ আনিছে। পোলেণ্ড, চেকশ্ল’ভাকিয়া, ডেনমাৰ্ক ইতিমধ্যেই নাজী বাহিনীৰ কবলত। ফ্ৰান্সৰ ওপৰত চলিছে বায়ু সেনাৰ বিমানেৰে গোলাবর্ষণ! গতিকে ফ্ৰান্স অধিকাৰ কৰিলেই হিটলাৰৰ পৰৱৰ্তী লক্ষ্য হ’ব ইংলেণ্ড। জাৰ্মান বাহিনীয়ে তীব্ৰ হেঁচাৰে বহুতো ব্ৰিটিছ সেনাক ফ্ৰান্সৰ উপকূলৱৰ্তী ডানকাৰ্ক নামৰ ঠাইখনত আৱদ্ধ কৰি ৰাখিছে। ব্ৰিটিছ সেনাৰ সেই আৱদ্ধ হৈ থকা বাহিনীটোৱে অপেক্ষা কৰিছে, কিবা এটা চমৎকাৰ হ’ব, কোনোবাই তেওঁলোকক উদ্ধাৰ কৰিব! বিশ্বজুৰি নিজৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা বৃটিছ চৰকাৰ এই অভূতপূৰ্ব আক্ৰমণক লৈ দুৰ্বিপাকত পৰিছে। ব্ৰিটিছ পাৰ্লিয়ামেণ্টত উঠিছে তৰ্ক–বিতৰ্ক আৰু বিৰোধৰ ঢৌ! সেই দুৰ্বিসহঃ সময়ৰ ব্ৰিটিছ ৰাজনীতিৰ এক পৰ্য্যায় আলোকিত কৰা হৈছে জ’ ৰাইট নিৰ্দেশিত Darkest Hour নামৰ ছবিখনত। এই সন্ধিক্ষণতে ব্ৰিটিছ প্রধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা উইনষ্টন চার্চিলৰ দ্বিতীয় বিশ্বযুদ্ধ আৰু ডানকাৰ্ক উদ্ধাৰ অভিযানত লোৱা ভূমিকা আৰু সিদ্ধান্তৰ এক প্ৰতিফলন ঘটাইছে পৰিচালকে।
ছবিখনৰ নামটোতেই ইঙ্গিত পোৱা যায় কিমান দুঃসহ আৰু বিপর্যয়ৰ আছিল সেই সময়! যুদ্ধৰ ধামখুমীয়াত পৰি কিদৰে ৰাজনৈতিক পট–পৰিৱৰ্তন হৈছে সেয়া অতি সুন্দৰ অভিনয় আৰু পৰিচালনাৰে প্ৰকাশ কৰা হৈছে। যাৰ বাবেই ছবিখন ২০১৮ চনৰ অস্কাৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবিৰ বাবে মনোনীত হয়। যুদ্ধক্ষেত্রৰ পোনপটীয়া যুজঁৰ সমান্তৰাল ভাৱে ৰাজনৈতিক ক্ষেত্ৰত কেনে এক যুদ্ধ সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰু চাৰ্চিলে কেনেদৰে সেই পৰিস্থিতিৰ সন্মুখীন হৈছিল, সেয়াই ছবিখনৰ মূল কাহিনী। তদানীন্তন প্ৰধান মন্ত্ৰী নেভিল চেম্বাৰলেইনৰ নাজী বাহিনীৰ সম্মুখত দুৰ্বল হৈ পৰাৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত তেওঁ উইনষ্টন চার্চিলক প্রধান মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলগীয়া হয়। কিন্তু নিজৰ দল আৰু ৰজা ষষ্ঠ জৰ্জৰো চার্চিল বৰ প্ৰিয় নাছিল। তেওঁ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যভাৰ হাতত লোৱাৰ দিনাই হিটলাৰৰ বাহিনীয়ে বেলজিয়াম আৰু নেডাৰলেণ্ড আক্ৰমণ কৰে। ইংলেণ্ডৰ ওপৰত হ’ব পৰা সম্ভাৱ্য আক্ৰমণৰ পৰা বাচিবলৈ চেম্বাৰলেইন আৰু হেলিফেক্সে ইটালীৰ মুছলিনীৰ মধ্যস্থতাত জাৰ্মানীৰ সৈতে এক সন্ধিৰ প্ৰস্তাৱ চার্চিললৈ আগবঢ়ায়। কিন্তু চার্চিলে কোনোপধ্যেই ফেচিবাদ আৰু নাজীবাদৰ ওচৰত মূৰ দোৱাবলৈ মান্তি নহ’ল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে চেম্বাৰলেইন আৰু হেলিফেক্স দুয়ো মিলি চার্চিলৰ বিপক্ষে সংসদত অনাস্থা প্ৰস্তাৱ আনিবলৈ পৰিকল্পনা কৰে।
সাধাৰণতে দ্বিতীয় বিশ্বযুদ্ধৰ উল্লেখ অহাৰ লগে লগে সকলোৰে মনলৈ মুলতঃ যুদ্ধক্ষেত্ৰ আৰু ধ্বংসলীলাৰ কথাই আহে। তাৰ বিপৰীতে জ’ ৰাইটৰ ছবিখনত যুদ্ধৰ দৃশ্যায়ন দেখিবলৈ পোৱা নাযায়। ইয়াৰ দ্বাৰাই ধাৰণা কৰিব পাৰি যে পৰিচালকে মূলতঃ ব্ৰিটিছ ৰাজনীতিৰ আভ্যন্তৰীণ গতিবিধিতহে অধিক মনোনিবেশ কৰিব বিচাৰিছে। প্ৰায়ভাগ দৃশ্যই অন্তৰ্দৃশ্য (Indoor Shoot) হোৱাৰ বাবেই এখন Period Movie সৃষ্টি কৰাত কলা নিৰ্দেশকৰ বিশেষ অসুবিধা হোৱা নাই যেন লাগে। তথাপিও ১৯৪০ ৰ দশকৰ লণ্ডন আণ্ডাৰগ্ৰাউণ্ড টিউব ৰেলক সঠিক ৰূপত প্ৰকাশ কৰাত ছবিখন সফল হৈছে। এক চিপিয়া ট’নৰ প্ৰভাৱ এই ধৰণৰ বুৰঞ্জীমূলক ছবিৰ এক সতকাই চকুত পৰা বৈশিষ্ট, আৰু এই ছবিখনো ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত নহয়।
উইনষ্টন চার্চিলৰ পূৰ্বানুমান কৰিব নোৱাৰা ধৰণৰ মেজাজ, যিটো সময়ে সময়ে উগ্ৰতা আৰু ক্ৰোধলৈ পৰিৱৰ্তিত হয়, সেয়া মুখ্য চৰিত্ৰত গেৰী অল্ডমেনৰ অভিনয়ত সাৱলীল ভাৱে প্ৰকাশিত হৈছে। কেবাটাও দৃশ্যত উইনষ্টন চার্চিলৰ খঙাল ৰূপটো দেখা যায়, বিশেষকৈ আৰম্ভণিতে যেতিয়া তেওঁ নিজৰ নতুনকৈ নিযুক্তি প্ৰাপ্ত সহকাৰী এলিজাবেথ লেইটনক এটা সামান্য কথাতে গালিৰে থকা সৰকা কৰি চাকৰিৰ পৰা বহিষ্কাৰ কৰে। ব্ৰিটিছ পাৰ্লিয়ামেণ্টতো উইনষ্টন চার্চিলৰ প্ৰতিচ্ছবি বৰ সন্তোষজনক নাছিল, মূলতঃ কেইবাটাও কাৰণত। ইয়াৰ ভিতৰত তেওঁৰ ভাৰত বিদ্বেষ মনোভাব, ৰাছিয়াৰ গৃহযুদ্ধ আৰু লিবাৰেল পাৰ্টি ত্যাগ কৰাই আছিল অন্যতম। যেতিয়া তেওঁ ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী পল ৰেইমণ্ডক লগ কৰে, তেতিয়া নাজী বাহিনীক ৰোধিবলৈ ফ্ৰান্সৰ একো পৰিকল্পনা নথকা দেখি উইনষ্টন চার্চিল ক্ৰোধান্বিত হৈ পৰে। কিন্তু অন্য এক দিশত তেওঁৰ চৰিত্ৰৰ এক সুকীয়া বৈশিষ্ট্য ধৰা পৰে। ফ্ৰান্সৰ নিষ্ক্ৰিয়তাৰ পিছত ইংলেণ্ডক বচাবলৈ ৱাৰ কেবিনেটে জাৰ্মানীৰ লগত শান্তি চুক্তিৰ সমৰ্থন কৰিবলগীয়া হয়, যাৰ বিপৰীতে চার্চিলে যুদ্ধ চলাই যাব বিচাৰে। কিন্তু বৃহৎ হেঁচাৰ সন্মূখীন হৈ অৱশেষত তেওঁ শান্তি চুক্তিৰ কথা বিবেচনা কৰিব লৈ বাধ্য হৈ পৰে, কিন্তু চুক্তিৰ বাবে অনুৰোধ পত্ৰ এখন শ্ৰুতলিপি দিয়াত নিজকে মানসিক ভাৱে প্ৰস্তুত কৰি তুলিব নোৱাৰে। ইংলেণ্ডৰ সাধাৰণ জনতাৰ মনতনো এই যুদ্ধ আৰু চুক্তিক লৈ কি মনোভাৱ আছে তাকে জানিবলৈ তেওঁ হঠাৎ লণ্ডনৰ আন্দাৰ গ্ৰাউণ্ড ৰেলত বহি পৰে। দেশৰ প্ৰধানমন্ত্ৰীক হঠাৎ চকুৰ সন্মুখত দেখি স্তম্ভিত হৈ পৰা সাধাৰণ জনতাক তেওঁ প্রশ্ন কৰে যে তেওঁলোকে জাৰ্মানীৰ ওচৰত ইংলেণ্ডে শিৰ নত কৰি শান্তি চুক্তি কৰাটো বিচাৰে নেকি? তাত উপস্থিত সকলোৱে উচ্চস্বৰেৰে এইকথা নাকচ কৰি কেৱল যুদ্ধৰেহে নাজী বাহিনীক বাধা দিয়াটো বিচাৰে বুলি প্ৰকাশ কৰে। জনতাৰ এই মুকলি অভিব্যক্তি পাই চাৰচিলে পুনৰ যুদ্ধ আগুৱাই নিয়াৰ সাহস পায় আৰু সংসদত উদাত্ত কণ্ঠেৰে এই কথা জনায়, যাক সাংসদসকলে উষ্ম আদৰণী জনায়, যিটো ছবি খনৰো এটা অতি গুৰুত্বপূৰ্ণ দৃশ্য হিচাপে আমাৰ চকুত ধৰা দিয়ে। চার্চিলৰ ভোজনবিলাস আৰু মদিৰাপ্ৰেমৰ লগতে আন এটা বৈশিষ্ট্য গেৰী অল্ডমেনে সঠিক আয়ত্ত কৰিছে, সেয়া হল প্ৰায় সকলো সময়তে ওঁঠত জ্বলি থকা এটা চিগাৰ। এই অনবদ্য অভিনয়ৰ বাবে অল্ডমেনে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ বঁটাৰ লগতে AACTA International Awards, British Academy Film Awards, Dallas Fort Worth Film Critics association, Golden Globe Award আদি বহুকেইটা সন্মান লাভ কৰে।
বহুচৰ্চিত ডানকাৰ্কৰ অধ্যায়টোৱেও ছবিখনৰ বৰ্ণনাত স্থান পাইছে। ডানকাৰ্কত আবদ্ধ হৈ থকা ব্ৰিটিছৰ এটা সেনা বাহিনীক ৰক্ষাৰ বাবে আন এটা infantry ব্ৰিগেডক নাজী বাহিনীৰ ধ্যান ভঙ্গ কৰিবলৈ চার্চিলে আদেশ দিয়ে, যাতে ডানকাৰ্কত আৱদ্ধ সেনা বাহিনী সুকলমে ওলাই আহিব পাৰে। উল্লেখযোগ্য যে চার্চিলৰ সহকাৰী আৰু টাইপিষ্ট এলিজাবেথ লেইটনৰ সেনাবাহনীত থকা ভায়েকৰো এই ডানকাৰ্কৰ আক্ৰমণত মৃত্যু হয়। এলিজাবেথৰ ভূমিকাত অভিনয় কৰা লিলি জেমছে নিজৰ সন্তুলিত অভিনয়ৰ জৰিয়তে এক বাস্তৱিক ৰূপ প্ৰকাশ কৰিছে। ডানকাৰ্কৰ উদ্ধাৰ অভিযানৰ ঘটনাৱলীৰ এক জীৱন্ত ছবি ক্ৰিষ্টোফাৰ নোলানৰ একেই নামৰ ২০১৭ চনৰ ‘ডানকাৰ্ক’ খন কোনে পাহৰিব পাৰে! তাৰেই এক পৰৱৰ্তী সংযোজন যেন এই Darkest Hour!
ছবিখনৰ আন এটা বৈশিষ্ট্য হল অভিনেতা গেৰী অল্ডমেনৰ ৰূপসজ্জা, যিয়ে অল্ডমেনক সচৰাচৰ পৰিচিত অবয়বৰ পৰা আঁতৰাই উইনষ্টন চার্চিলৰ এক অনন্য ৰূপ প্ৰদান কৰে। প্ৰস্থেতিক শিল্পী Kazuhiro Tsuji ৰ হাতত গেৰী অল্ডমেন হৈ পৰিছে নিখুঁত চার্চিল। ২০১২ চনতে হলিউডৰ চিনেমাৰ পৰা অৱসৰ লোৱা Tsusji ব্যস্ত আছিল নিজৰ অন্য সৃষ্টিশীল কলাত। এনেতে গেৰী অল্ড মেনৰ এখন ই-মেইলে তেওঁক পুণৰ এক প্ৰত্যাহ্বান আগবঢ়ায় উইনষ্টন চার্চিলৰ সৃষ্টিৰ বাবে। কিয়নো অল্ডমেনৰ চৰ্ত আছিল যে Tsujiৰ অবিহনে এইখন চিনেমাত তেওঁ এখোজো আগনবঢ়ায়। Tsujiয়ে পিছত প্ৰকাশ কৰে যে এনে এখন ছবিত কাম কৰিবলৈ তেওঁ সদায়েই বিচাৰিছিল, য’ত এনে এটা বিখ্যাত চৰিত্ৰৰ সৃষ্টি কৰিবলৈ সুযোগ পোৱা যায়। প্ৰস্থেতিক আৰু প্ৰসাধনৰ বহুতো পৰীক্ষা নিৰীক্ষাৰ অন্তত গেৰী অল্ডমেন পৰিবৰ্তিত হয় উইনষ্টন চার্চিললৈ। এই প্ৰসাধনৰ কাৰণে দৈনিক চাৰি ঘন্টা সময়ৰ আৱশ্যক হৈছিল আৰু অল্ডমেনে দুশ ঘণ্টাৰো অধিক সময় কেৱল প্ৰসাধনৰ বাবেই বহিবলগীয়া হৈছিল ছবিখন নিৰ্মাণ কৰা অৱস্থাত। এই উৎকৃষ্ট প্ৰসাধনৰ বাবেই Tsuji আৰু তেঁওৰ দলে লাভ কৰে অস্কাৰ বঁটাৰ লগতে আন বহুতো সন্মানীয় বঁটা।
গেৰী অল্ডমেনৰ বাহিৰেও আন বহুকেইজন অভিনেতাই সাৱলীল অভিনয়েৰে ছবিখন আগুৱাই নিছে। হেলিফেক্সৰ চৰিত্ৰত ষ্টিফেন দিলান আৰু চেম্বাৰলেইনৰ চৰিত্ৰত ৰোনাল্ড পিকআপে ছবিখনৰ প্ৰয়োজনীয় চাৰিত্ৰিক ভাৱনা, অভিব্যক্তি আৰু ৰাজনৈতিক কলা-কৌশল সুন্দৰ ভাৱে প্ৰকাশ কৰিছে। চার্চিলৰ পত্নী ক্লিমেইণ্টাইনৰ ভূমিকাত ক্ৰিষ্টিন স্কট থমাছৰ অভিনয় প্ৰশংসনীয়, য’ত ক্লিমেইণ্টাইনৰ গভীৰ আত্মবিশ্বাস আৰু বিড়ম্বনাপূর্ণ স্বভাৱ স্কটৰ অভিনয়ত ফুটি উঠিছে। ৰজা ষষ্ঠ জৰ্জৰ ভূমিকাত বেন মেণ্ডেলচনৰ অভিনয়ত দুখ আৰু স্থিতপ্ৰজ্ঞতাৰ মাজৰ এক বিশেষ মানসিক অৱস্থা দেখা যায়, যি ষষ্ঠ জৰ্জক কেন্দ্র কৰি নিৰ্মিত আন এখন ছবি The King’s Speechৰ একে চৰিত্ৰত কৰা কলিন ফেৰেলৰ অভিনয়তকৈ যথেষ্ট পৃথক।
এখন বলিষ্ঠ চিত্ৰনাট্য, এটা বুৰঞ্জীপ্ৰসিদ্ধ ঘটনাৰ পটভূমি, আৰু লগতে সঠিক পৰিচালনাই Darkest Hourক এটা বিশেষ মাত্ৰা প্ৰদান কৰিছে। ছবিখনৰ মূল কাহিনী এণ্টনী মেককাৰ্টেনৰ দ্বাৰা লিখিত যি, The Theory of Everything, Bohemian Rapshody, The Two Popes ৰ দৰে কেইবাখনো প্ৰসিদ্ধ ছবিৰ কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰ হিচাপে বিখ্যাত। তেওঁ এই কাহিনীৰ জৰিয়তে বিপন্ন সময়ত কিদৰে ৰাজনৈতিক আৰু চৰকাৰী সিদ্ধান্তসমূহ লোৱা হয়, তাৰ এক নতুন দৃষ্টিভংগী দৰ্শকলৈ আগবঢ়াই দিছে। কিন্তু এখন বুৰঞ্জীৰ পাতৰ পৰা বুটলি অনা ছবি হলেও Darkest Hour বহুক্ষেত্ৰত ইংৰাজ স্বাভিমান আৰু গৌৰৱৰ গাঁথা হিচাপেহে আমাৰ চকুত ধৰা দিয়ে। আন বহুতো আমেৰিকান আৰু ব্ৰিটিছ যুদ্ধকেন্দ্ৰীক ছবিৰ দৰেই ইয়াতো দেশপ্ৰেম আৰু সাহসিকতাক অলপ পৰোক্ষভাবে হ’লেও দৰ্শকৰ মনত সানিবলৈ চেষ্টা কৰা হৈছে। আচলতে কোনোখন যুদ্ধকেন্দ্ৰীক ছবিয়েই এই স্বদেশপ্ৰেমৰ উদ্দাম প্ৰকাশৰ পৰা মুক্ত নহয়। এইখিনি আসোঁৱাহ চকুত পৰিলেও সবল চিত্ৰনাট্য, সুন্দৰ পৰিচালনা, সাৱলীল অভিনয় আৰু উৎকৃষ্ট প্ৰসাধন–শিল্পৰে The Darkest Hour দৰ্শকৰ মনত এখন উল্লেখযোগ্য ছবি হৈ ৰ’ব।
