বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ আজি তেওঁৰ মুম্বাইস্থিত নিজা বাসগৃহত উদ্ধাৰ কৰা হয়। আত্মহত্যাৰ সন্দেহ প্ৰকাশ কৰা সুশান্ত সিং ৰাজপুতে টিভি ছিৰিয়েলৰ যোগেদি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ২০১৩ চনত মুক্তি পোৱা ‘কাই প চে’ চিনেমাখনৰ যোগেদি বলিউডত প্ৰৱেশ কৰা ৰাজপুতৰ অন্তিমখন মুক্তিপ্ৰাপ্ত চিনেমা আছিল ‘ড্ৰাইভ’। সুশান্ত অভিনীত অন্যান্য কেইখন চিনেমা সমূহ হ’ল – কেদাৰনাথ, এম এচ ধোনী, ডিটেক্টিভ ব্যোমকেশ বক্সী, চিছোৰে ইত্যাদি।
