প্ৰতিথযশা চিত্ৰনিৰ্মাতা বাসু চেটাৰ্জিৰ আজি ৯০ বছৰ বয়সত দেহাৱসান ঘটে। কেইবাখনো চৰ্চিত চিনেমাৰ পৰিচালক বাসু চেটাৰ্জি ভাৰতীয় চিনেমাজগতৰ এগৰাকী অগ্ৰণী পৰিচালক হিচাবে পৰিচিত। তেখেতৰ জনপ্ৰিয় আৰু চৰ্চিত চিনেমা সমূহৰ ভিতৰত বাতো বাতো মে (১৯৭৯), এক ৰুকা হুৱা ফেইচলা (১৯৮৬), চিটচোৰ (১৯৭৬), ৰজনীগন্ধা (১৯৭৪) আদিয়েই প্ৰধান।
