শ্ৰদ্ধাঞ্জলি

চলচ্চিত্ৰকাৰ ভূপেন হাজৰিকা

সহকাৰী সঞ্জয় গোস্বামীৰ মুখেৰে কথাখিনি শুনিছিলো। গোস্বামী সেইসময়ত কলকাতাত আছিল। এদিনাখন ৰাতিপুৱা উঠি দেখিলে যে  সকলোপিনে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত বাজিবলৈ ধৰিছে। গলীৰ মোড়ত ভূপেন হাজৰিকাৰ ছবি বতাহত উৰিব ধৰিছে। গোস্বামী চক খাই উঠিল। কি ঘটনা? সোধাত গম পালে যে ভূপেন হাজৰিকাই ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ‘দাদা চাহেব ফাল্কে বঁটা’ লাভ কৰিছে। সেয়েহে কলকাতাৰ জনসাধাৰণ এইগৰাকী প্ৰিয়শিল্পীৰ সন্মানত আনন্দত মতলীয়া হৈছে। বঁটা পোৱাৰ খবৰ পাই অসমতো আনন্দৰ জোৱাৰ উঠিছিল। লগতে হৈছিল সমালোচনা – “ভূপেন হাজৰিকাই জানো এই সন্মান পাব লাগিছিল? ৰাজনৈতিক ‘বেকিং’ আছে বাবেই পাইছে। উত্তৰ পূৰ্বাঞ্চলৰ কোনো শিল্পীয়ে পোৱা নাই বাবে দিছে”—ইত্যাদি ইত্যাদি।

‘প্ৰতিধ্বনি’ৰ বহিৰ্দৃশ্যৰ চিত্ৰগ্ৰহণত কেমেৰাৰ কাষত বহি থকা অৱস্থাত ভূপেন হাজৰিকা (কাষত ইভা আচাও) আলোকচিত্ৰ – অমূল্য মান্না

এনেধৰণৰ সমালোচনা কৰাসকলৰ ধাৰণা যে, চিনেমা মানে কেৱল বলীউদত নিৰ্মিত হিন্দী চিনেমা আৰু সেয়েহে হিন্দী ছবিজগতৰ কোনোবা নামী-দামী তাৰকাই এই বঁটা পালে কোনো ধৰণৰ সমালোচনা নহয়৷ কিন্তু এইসকল সমালোচকে পাহৰি যায় যে হিন্দী ছবিৰ বাহিৰেও, ভাৰতবৰ্ষত আঞ্চলিক ভাষাৰ চলচ্চিত্ৰৰ এক বিশাল ক্ষেত্ৰ আছে, আৰু এই ক্ষেত্ৰখনৰ উন্নতিৰ হকে কাম কৰা সকলো ব্যক্তি এই সন্মান পাবৰ যোগ্য।

উদাহৰণস্বৰূপে, মণিপুৰৰ খ্যাতিমান পৰিচালক অৰিবাম শ্যাম শৰ্মা এই সন্মানৰ যোগ্য। মণিপুৰৰ ছবিক একক প্ৰচেষ্টাৰে তেখেতে বিশ্বৰ মানচিত্ৰত স্থান দিয়াইছে। কিন্তু তেওঁৰ এই অৱদানৰ বিষয়ে নজনা এজন ব্যক্তিয়ে এই প্রশ্ন কৰিব পাৰে যে – অৰিবাম শ্যাম শৰ্মাক এই সন্মানৰ বাবে কিয় নিৰ্বাচিত কৰা হ’ল? তেওঁ হিন্দী চিনেমাৰ বাবে একো কৰা নাই। বলীউদত তেওঁক কোনেও হয়তো চিনি নেপায়। সমগ্ৰ দেশতে হিন্দী ছবিৰ আগ্ৰাসন আৰু আঞ্চলিক ভাষাৰ ছবিৰ প্রদৰ্শনৰ ক্ষেত্ৰত থকা সীমাৱদ্ধতাৰ বাবে এনে হৈছে। সেইবাবেই এনেধৰণৰ সমালোচনাৰ জোৱাৰ উঠে।

সুৰকাৰ, গীতিকাৰ আৰু গায়ক ভূপেন হাজৰিকাৰ বিশাল ব্যক্তিত্বই তেওঁৰ চলিচ্চত্ৰ পৰিচালক, নিৰ্মাতাৰূপে থকা পৰিচয়ক ঢাকি পেলাইছে। আজিৰ নতুনচাম যুৱক-যুৱতীয়ে হয়তো নেজানেই যে ভূপেন হাজৰিকাই অসমীয়া ভাষাতেই মুঠ ৭খন ছবি পৰিচালনা কৰিছে। আনকি অৰুণাচল প্রদেশ চৰকাৰৰ হৈ ‘মেৰী ধৰম মেৰী মা’ শীৰ্ষক এখন হিন্দী ছবিও নিৰ্মাণ কৰিছে। ইয়াৰ উপৰিও ডঃ ভূপেন হাজৰিকাই পিয়লী ফুকন (১৯৫৪), ধুমুহা (১৯৫৭), কেঁচা সোণ (১৯৫৯), মণিৰাম দেৱান (১৯৬৩), খোজ (১৯৭৫), কাঁচঘৰ (১৯৭৫), চামেলি মেমচাব (১৯৭৫), পলাশৰ ৰং (১৯৭৬), বনহংস (১৯৭৭), বনজুই (১৯৭৮), অকণ (১৯৮০), অপৰূপা (১৯৮২), অংগীকাৰ (১৯৮৫), সংকল্প (১৯৮৬), মা (১৯৮৬), যুগে যুগে সংগ্ৰাম (১৯৮৬), প্ৰতিশোধ (১৯৮৭), প্ৰিয়জন (১৯৯৩), অশান্ত প্ৰহৰ (১৯৯৪), পানী (১৯৯৫) আৰু বড়ো ভাষাৰ ছবি জিউনি চিমাং (১৯৮৭), মুঠ ২১ খন ছবিৰ সংগীত পৰিচালনা কৰিছে। চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু সংগীত পৰিচালকৰূপে ভূপেন হাজৰিকাৰ অসমৰ ছবিজগতলৈ এই অৱদানৰ বাবেই উত্তৰ পূৰ্বাঞ্চলৰ একমাত ব্যক্তিৰূপে ‘দাদা চাহেব ফাল্কে বঁটা ৰৈ সন্মানিত কৰা হৈছে।

ডঃ ভূপেন হাজৰিকা পৰিচালিত ‘চিকমিক বিজুলী’ত কৃষ্ণা দাস, ইলা কাকতি, বিদ্যা ৰাওকে ধৰি অন্যান্য শিল্পীসকল

পৰিচালকৰূপে ছবিৰ বিষয়বস্তু নিৰ্বাচনতো ডঃ ভূপেন হাজৰিকাই সদায়েই প্ৰয়াস কৰি আহিছে। মূলতঃ অসমীয়া চলচ্চিত্ৰ ঐতিহাসিক আৰু পৌৰাণিক কাহিনী নিৰ্ভৰ হৈ থকা সময়তে তেওঁ ‘এৰা বাটৰ সুৰ’ৰ দৰে এখন Musical ছবি নিৰ্মাণ কৰিছিল। ‘এৰা বাটৰ সুৰ’ৰ নায়কে চহৰে- নগৰে সুৰৰ সন্ধানত ঘূৰি ফুৰিছে। পঞ্চাছৰ দশকত ভাৰতীয় চিনেমাত ইটালীৰ নব্য-বাস্তৱবাদ (Neo realism)ৰ প্রভাৱ পৰিবলৈ ধৰিছিল আৰু স্বাভাৱিক ৰূপেই ইয়াৰ দ্বাৰা ভূপেন হাজৰিকাও প্রভাৱিত হৈছিল। ১৯৬৩ চনত নিৰ্মাণ কৰা ‘প্ৰতিধ্বনি’ত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিক প্ৰাধান্য দিয়া হৈছিল যদিও মূলতঃ ই এখন মিঠা প্রেমৰ ছবি৷ মাণিক ৰাইটঙক লৈ প্রচলিত খাচি লোকগাথাৰ চিত্ৰৰূপ আছিল ‘প্রতিধ্বনি’। ১৯৬৬ চনত নিৰ্মাণ কৰা ‘লটিঘটি’ আছিল Film within film ধাৰাত নিৰ্মাণ কৰা এখন উল্লেখযোগ্য ছবি৷ তীক্ষ্ণ ব্যংগৰ জৰিয়তে, ছবি নিৰ্মাণৰ আঁৰৰ কাহিনীক তুলি ধৰা এই ছবিখনক গ্ৰহণ কৰিব পৰা মানসিকতা সেইসময়ৰ দৰ্শকৰ হয়তো নাছিল – সেয়েহে এই ছবিখনৰ সঠিক মূল্যায়ন নহ’ল। এই একে কথা ব্ৰজেন বৰুৱাৰ ‘ইটো সিটো বহুতো’ৰ ক্ষেত্ৰতো হৈছিল। এই দুয়োখন ছবি Ahead of time বুলি ক’ব পাৰি। ১৯৬৯ চনত নিৰ্মাণ কৰা ‘চিকমিক বিজুলী’ত সমাজৰ নিম্নস্তৰত বাস কৰা লোকসকলৰ জীৱনসংগ্ৰামৰ ছবি আৰু ‘মন প্রজাপতি’ত চাৰ্কাচ এখনত কাম কৰা লোকসকলৰ জীৱনৰ ছবি তুলি ধৰিছিল।

পৰিচালকৰূপে ছবিৰ বিষয়বস্তু নিৰ্বাচনতো ডঃ ভূপেন হাজৰিকাই সদায়েই প্ৰয়াস কৰি আহিছে। মূলতঃ অসমীয়া চলচ্চিত্ৰ ঐতিহাসিক আৰু পৌৰাণিক কাহিনী নিৰ্ভৰ হৈ থকা সময়তে তেওঁ ‘এৰা বাটৰ সুৰ’ৰ দৰে এখন Musical ছবি নিৰ্মাণ কৰিছিল। ‘এৰা বাটৰ সুৰ’ৰ নায়কে চহৰে- নগৰে সুৰৰ সন্ধানত ঘূৰি ফুৰিছে। পঞ্চাছৰ দশকত ভাৰতীয় চিনেমাত ইটালীৰ নব্য-বাস্তৱবাদ (Neo realism)ৰ প্রভাৱ পৰিবলৈ ধৰিছিল আৰু স্বাভাৱিক ৰূপেই ইয়াৰ দ্বাৰা ভূপেন হাজৰিকাও প্রভাৱিত হৈছিল।

কিন্তু ডঃ ভূপেন হাজৰিকা আছিল বহুমুখী প্ৰতিভাসম্পন্ন ব্যক্তি। গান আছিল তেওঁৰ জীৱন, কথা-সুৰ আছিল তেওঁৰ উশাহ-নিশাহ সেয়েহে চলচ্চিত্ৰৰ প্রতি তেওঁৰ আকৰ্ষণ জন্মিছিল যদিও ছবি এখন নিৰ্মাণৰ যি জটিল প্রক্ৰিয়া, সেই প্রক্ৰিয়াৰ মাজেৰে পাৰ হৈ যাবলৈ যি অসীম ধৈৰ্যৰ প্রয়োজন – সেয়া হয়তো তেওঁৰ নাছিল। অস্থিৰ, অশান্ত এগৰাকী সৃষ্টিশীল শিল্পীয়ে সেয়েহে ছবিৰ সংগীত পৰিচালনাত মনোনিৱেশ কৰিলে। সেয়েহে ভাৰতৰ এটি বিখ্যাত প্ৰযোজনা সংস্থা ‘ৰাজশ্ৰী প্রডাক্‌চনে’ একেৰাহে পাঁচখন ছবি নিৰ্মাণৰ বাবে দিয়া প্রস্তাৱো তেওঁ মাত্ৰ এখন ছবি নিৰ্মাণ কৰি এৰি পেলালে। চলচ্চিত্ৰৰ স’তে তেওঁৰ আত্মিক যোগাযোগ থাকিল কিন্তু পৰিচালনাৰ পৰা তেওঁ অব্যাহতি ল’লে। হিন্দী ছবিজগততো তেওঁ সংগীত পৰিচালনাৰ ক্ষেত্ৰখনতে নিজকে উজলাই তুলিলে।

২০০৬ চনৰ ফেব্ৰুৱাৰী মাহৰ অসমীয়া সাৰেগামা আলোচনীত পূৰ্ব প্ৰকাশিত

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.7 / 5. ভোট : 109

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!