১৯৭০ দশকৰ আৰম্ভণিৰে পৰা লাহে লাহে ৰাজেশ খান্নাৰ সাম্ৰাজ্যৰ বেলি লহিয়াইছিল আৰু উদয় হৈছিল এক নতুন সূৰ্যৰ, যাৰ নাম আছিল অমিতাভ বচ্চন। ১৯৭৩ চনত মুক্তি পোৱা “জঞ্জিৰ” নামৰ ছবিখনৰ দ্বাৰা “খঙাল যুৱক”ৰ যি ঐতিহাসিক ধাৰা অমিতাভ বচ্চনে সৃষ্টি কৰিলে, সেয়া যোৱা শতিকাৰ শেষ ভাগলৈকে বৰ্ত্তি থাকিল। আঢ্যৱন্ত, আৰামপ্ৰিয় তথা সুদৰ্শন নায়কৰ যি প্ৰতিচ্ছবি ৰাজেশ খান্নাই প্ৰতিষ্ঠা কৰিছিল, সেয়া ভাঙিবলৈ বচ্চনৰ বৰ বেছি দিন নালাগিল। ভাৰতীয় সমাজ পৰিবৰ্তনৰ প্ৰক্ৰিয়াসমূহ যেনে -আৰ্থ-সামাজিক পৰিৱৰ্তন, নিবনুৱা সমস্যা আদিৰ দ্বাৰা জুৰুলা যুৱ মানসিকতা আৰু পুঞ্জীভূত ক্ষোভৰ এক উদ্গীৰণ হয় অমিতাভৰ এই চৰিত্ৰ সমূহৰ মাজেৰে। শোষিত, নিষ্পেষিত জনতাৰ হৈ মালিক আৰু বণিক গোষ্ঠীৰ বিৰুদ্ধে মাত মতা এই চৰিত্ৰবোৰত সেই সময়ৰ যুৱপ্ৰজন্মই নিজকে দেখা পায়।
একে সময়তে, মধ্যবিত্ত শ্ৰেণীৰ আন এক দিশৰ ছবি আঁকিবলৈ চেষ্টা কৰে হৃষিকেশ মুখাৰ্জী আৰু বাসু চেটাৰ্জীৰ দৰে দুগৰাকীমান পৰিচালকে – চালিম খান-জাভেদ আখতাৰৰ কলমত সৃষ্ট খঙাল যুৱকৰ চৰিত্ৰৰ বিপৰীতে এক শিক্ষিত, শিষ্টাচাৰী আৰু মৰমিয়াল প্ৰকৃতিৰ যুৱকৰ চৰিত্ৰসমূহ।
ভাৰতীয় মধ্যবিত্ত সমাজৰ আশা–আকাংক্ষা, সুখ-দুখৰ কাহিনীসমূহত বাস্তৱিক জীৱনৰ প্ৰতিফলন ঘটাইছিল বাসু চেটাৰ্জিয়ে, নিজৰ চলচ্চিত্ৰসমূহৰ মাজেৰে। হিন্দী চিনেমা উদ্যোগৰ প্ৰচলিত ফৰ্মূলাৰ আধাৰত নির্মিত বজাৰকেন্দ্ৰিক চিনেমা আৰু সত্যজিৎ ৰায়, মৃণাল সেন আদিৰ দৰে পৰিচালকৰ বাস্তৱবাদৰ মাজেদি নিজৰ এক সুকীয়া ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল বাসু চেটাৰ্জীয়ে। যাক আজি বহু বিদ্বানে crossover চিনেমা বুলি অভিহিত কৰে।
বাসু চেটাৰ্জীৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত চাৰা আকাশ (১৯৬৯), পিয়া কা ঘৰ (১৯৭২), ৰজনীগন্ধা (১৯৭৪), চোটী চি বাত (১৯৭৬), চিতচোৰ (১৯৭৬), খাট্টা মিঠা (১৯৭৮), বাতো বাতো মে’ (১৯৭৯), চৌকিন (১৯৮২), চামেলি কি ছাদী (১৯৮৬) উল্লেখযোগ্য। যি সময়ত মেল’ ড্ৰামাটিক আৰু কল্পনাবিলাসী জীৱনৰ পৰা বিচ্ছিন্ন এক পৰিৱেশ চিনেমাৰ মাজেৰে প্রকাশ কৰা হৈছিল, সেই সময়তে বাসু চেটাৰ্জীয়ে সাধাৰণ শ্ৰেণীৰ লোকৰ জীৱনৰ কাহিনীৰে তেওঁলোকক চিনেমাৰ মাধ্যমেৰে এক বিশেষ পৰিচয় প্ৰদান কৰিছিল। অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক সংঘাতৰ মাজেৰে মধ্যবিত্ত শ্ৰেণীয়ে নিজকে আৱিষ্কাৰ কৰিছিল, বাসু চেটাৰ্জীৰ চৰিত্ৰ সমূহৰ মাজেৰে।
সাধাৰণ মানুহৰ জীৱনৰ অসাধাৰণ কাহিনীবোৰ সুগঠিতভাৱে ৰূপালী পৰ্দাত আঁকিছিল, যিয়ে হিন্দী চিনেমাৰ পৃষ্ঠভূমি আৰু স্বৰূপলৈ আনিছিল আমোল পৰিবৰ্তন। সাধাৰণ চৰিত্ৰসমূহৰ যোগেদি চেটাৰ্জীয়ে সেই সময়ৰ একপ্ৰকাৰ দিকভ্ৰান্ত নিম্ন আৰু মধ্যবিত্ত সমাজক এক নব্যচেতনা, এক নব্য চিনে-পৰিচয় প্ৰদান কৰে। সেই সময়ত অমিতাভ বচ্চনৰ খঙাল যুৱকৰ ব্যক্তিত্বই সকলোকে মুহিছিল যদিও সেই নায়কক নিজৰ মাজৰে এজন বুলি গণ্য কৰাটো হয়তো হৈ পৰিছিল দৰ্শকৰ বাবে কঠিন। কিন্তু বাসু চেটাৰ্জীৰ মাৰ্জিত নায়কৰ মাজতে যেন নিজকে বিচাৰি পাইছিল সত্তৰৰ দশকৰ যুৱ প্ৰজন্মই।
দেখাত সাধাৰণ যেন লাগিলেও, এই কাহিনী বোৰৰ মাজত লুকাই আছিল গভীৰ জীৱনবোধৰ লিপি। হাস্যৰসৰ মাজেৰে উপস্থাপন কৰা ছবিবোৰে বহুকেইটা সামাজিক সমস্যা আৰু ব্যাধি প্ৰতিফলিত কৰিছে। “চামেলি কি ছাদী”ত উত্থাপিত হৈছে বৰ্ণবাদ, জাতিবাদ, যৌতুক আদিৰ দৰে বহুতো সামাজিক ব্যাধি আৰু লগতে কাহিনীৰ লগে লগে নায়ক-নায়িকাৰ যোগেদি তাৰ সমাধানো আবিষ্কাৰ কৰিছে। ‘চোটী চি বাট’ ছবিখন ৰোমাণ্টিক কমেডীৰ শ্ৰেণীত পৰিলেও, ইয়াত ভালেমান যুৱকৰ মনত গঢ়ি উঠা হীনমন্যতা আৰু তাৰ সমাধান সূত্ৰ আলোকিত কৰা হৈছে। Tweleve Angry Men ৰ হিন্দী ৰূপান্তৰণ ’এক ৰুকা হুৱা ফেইচলা’তো প্ৰতিটো চৰিত্ৰৰ ধনাত্মক আৰু ঋণাত্মক দিশৰ লগতে ইয়াৰ ফলত জীৱনত পৰিব পৰা প্ৰভাৱ বিস্তৃত ভাবে প্ৰকাশ পাইছে, সামাজিক আৰু নৈতিক অবক্ষয়ৰ মাজেৰে।
মানৱীয় দৃষ্টিকোণেৰে মধ্যবিত্ত সমাজ জীৱনৰ সমস্যা, সৰু সৰু সফলতাৰ মাজতে বিচাৰি পোৱা জীৱনৰ আনন্দ, প্ৰেম আৰু আকুলতাৰ বাস্তৱিক প্ৰক্ষেপন আছিল বাসু চেটাৰ্জীৰ চিনেমাৰ বৈশিষ্ট্য। সৰলৰৈখিক কথন ৰীতি অনুসৰণ কৰা স্বত্তেও, নিজৰ সুকীয়া নিৰ্দেশনাৰ যোগেদি চৰিত্ৰসমূহৰ মনস্তত্বৰ আভ্যন্তৰীণ স্তৰত যেন প্ৰৱেশ কৰিব পাৰিছিল চেটাৰ্জীয়ে। সুন্দৰ সংগীত আৰু গীতিকথাৰে আমাৰ জীৱনৰ অংশ হৈ পৰা তেখেতৰ ছবিৰ কিছুমান গীত অহৰহ মনৰ মাজত প্ৰতিধ্বনিত হৈ ৰ’ব।
৯৩ বছৰ বয়সত স্বর্গগামী হোৱা বাসু চেটাৰ্জী ভাৰতীয় চলচ্চিত্ৰৰ গুণগ্ৰাহী দৰ্শকৰ বাবে এক চিৰ পৰিচিত নাম তথা এক ইতিহাস! সত্তৰৰ দশকত হিন্দী চিনেমাৰ জগতত এক নতুন ধাৰাৰ সূচনা কৰা কেইজনমান পৰিচালকৰ মাজত তেখেতৰ নাম চিৰস্মৰণীয় হৈ ৰ’ব।
