কথা আৰু কামৰ মাজত যাৰ ঘড়ীৰ কাঁটাৰ দৰে মিল, তেৱেই ভবেন্দ্ৰ নাথ শইকীয়া ছাৰ। ‘অগ্নিস্নান’ ছবিৰ বাবে ছাৰে দিয়া প্রস্তাৱৰ পাছত স্ক্ৰিপ্ট পঢ়ি বিব্ৰতবোধ কৰিছিলো – এনে এটা শক্তিশালী চৰিত্ৰত অভিনয় কৰিব পাৰিমনে? এই দ্বিধা-সংশয় আঁতৰাই ছাৰেই হাত ধৰি আগুৱাই নিছিল মোৰ অভিনয় জীৱনৰ এটা ব্যতিক্ৰম চৰিত্ৰৰ বাবে সাজু হ’বলৈ। ছাৰৰ স’তে কাম কৰি দেখিলো – কি আচৰিত শৃংখলাৰে সময়ক বান্ধি ৰাখে তেওঁ! ছবিৰ শ্বুটিং কৰিছে বুলিয়েই ‘প্রান্তিক’-‘সঁফুৰা’ৰ কাম পৰি থাকিব – এনে নহয়। ষ্টুডিঅ’তো সমাম্তৰালভাৱে তিনিখন মেজত তেওঁৰ কাম চলি থাকে। শ্বটিং, সঁফুৰা, প্ৰান্তিক। ইটো এৰি সিটো। শ্বুটিঙৰ মাজে মাজে সঁফুৰাক যেনেকৈ দুঘণ্টা সময় দিয়ে, ঠিক তেনেকৈ প্রন্তিককো সময় দিছিল আৰু শ্বুটিঙো চলাই গৈছিল। কিন্তু তেওঁৰ চিন্তাত, কামত কোনোদিনে আউল লগা নাছিল। আত্মসন্মানবোধক উচ্চাসন দি এক গৰিমাগৰ্বিত জীৱন যাপন কৰি অহা ছাৰৰ সততে মূৰ পোন কৰি থাকিব পৰা সৎ মৰ্যাৰ্দাসম্পন্ন মন এটা আছিল। হয়তো সেইবাবেই সকলো সমালোচনাৰ ঊৰ্ধত থাকি কেৱল কাম কৰি যাব পাৰিছিল ছাৰে। এই কথাৰ প্ৰমাণ পাইছিলো নিজেই।

এবাৰ খবৰ-কাগজত ছাৰ সম্বন্ধে অলপ বেয়াকৈ ওলাইছিল। এই কথাত মৰ্মান্তিক আঘাত পাইছিল তেওঁ। অথচ কথাটো অতি সাধাৰণ – ‘তেওঁ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা আগতে কৰা ছবিৰ বিনিময়ত কৰ ঘূৰাই দিয়াৰ যি নিয়ম, সেই নিয়ম অনুসৰি পাওনা ধনৰ এটা অংশ তেওঁ এখন ছবিৰ প্ৰিন্ট উলিয়াবলৈ আগধন হিচাপে বিচাৰিছিল। এইটো কোনো অন্যায় কথা নহয়। অৱশ্যে এইদৰে আগতীয়াকৈ আগধন লোৱাৰ নজিৰো নাছিল। চাবলৈ গ’লে এইটো এটা অতি সাধাৰণ কথা। কিন্তু এই কথাটোকে লৈ খবৰ- কাগজখনত লিখা মন্তব্যটো পঢ়ি ছাৰে মনত আঘাত পাইছিল। এই ঘটনাৰ পাছত ছাৰে মোক কৈছিল – “বিজু, এতিয়াৰ পৰা সমাজৰ বাবে মই মৃত বুলি ধৰি ল’বা। এতিয়াৰ পৰা কোনো মেল-মিটিঙলৈ নাযাওঁ, মই কেৱল মোৰ কাম কৰি যাম” মই জানিছিলো এয়া ছাৰে ক্ষোভত কৰা মন্তব্য । কাৰণ ছাৰৰ আত্মসন্মানবোধৰ স’তে মোৰ পৰিচয় আছিল। এতিয়াও ভাবো, এই দায়িত্বশীল, সৎ মানুহজনৰ বিষয়ে কিবা এটা লিখাৰ আগতে এবাৰো তেওঁক সোধা উচিত নাছিলনে?
এইজন ছাৰৰেই আন এটা ৰূপৰ স’তে পৰিচিত হৈছিলো শ্বুটিং ইউনিটত। মৰিগাঁৱত ‘অগ্নিস্নান’ৰ শ্বুটিং চলি আছিল। ডিচেম্বৰ মাহৰ ঠেটুৱৈ ধৰা ঠাণ্ডাত এটা পাতল পাঞ্জাবি পিন্ধি শ্বট দি থাকোতে, আমাক চাহ-পানী যোগান ধৰা ল’ৰাটোক মই দুবাৰ-তিনিবাৰ একাপ গৰম চাহ দিবলৈ কৈ আছো। মই কোৱা কথাত ল’ৰাজনে বিশেষ গুৰুত্ব নিদিয়াত এবাৰ তাক টানকৈ কালো। মই গম নোপোৱাকৈয়ে ছাৰে কথাটো মন কৰি আছিল। মানুহৰ মাজৰ পৰা ছাৰে হঠাৎ মাত দিলে – “বিজু, সি জোকাৰিলেহে জ্বলে।” মই প্রথমে কথাটো বুজা নাছিলো। ছাৰে তেতিয়া বুজাই দিলে যে টৰ্চলাইটত বেটাৰী ভৰাই লোৱাৰ পাছত যেনেকৈ অলপ জোকাৰি দিলেহে জ্বলে, সেই ল’ৰাজনকো অলপ ডকা-হকা দিলেহে কামত লাগে। ছাৰে কথাটো ভাঙি দিয়াৰ লগে লগে আমাৰ মাজত হাঁহিৰ ৰোল উঠিল।

আৰু এটা সৰু কথা। ছাৰৰ ব্যতিক্ৰমী ব্যক্তিত্বৰ অন্য এক উজ্বল দিশ৷ দীঘলীয়া সময় লৈ ‘অগ্নিস্নান’ৰ শ্বুটিঙৰ বাবে মৰিগাঁৱলৈ ওলাইছো। চুক্তিৰ বাবে মোৰ ঘৰলৈ আহি ছাৰে মোৰ পত্নী মিনিক (ৰাজশ্ৰী ফুকন) মাতি ক’লে – মই তোমাৰ মানুহজনক এমাহৰ বাবে লৈ যাম। গতিকে এমাহ ঘৰ চলাবলৈ তোমাৰ যিখিনি টকাৰ প্রয়োজন হ’ব সেইখিনি তোমাক দি যাম।” এইবুলি কৈ মিনিৰ হাতত কিছু টকা দি ছাৰে পুনৰ ক’লে -“এইখিনিকে শেষ বুলি নাভাবিবা। ছবি হৈ উঠাৰ পাছত মই বিজুৰ পাবলগা সকলোখিনি দিম।” মুগ্ধ হৈ গৈছিলো ছাৰৰ এই ব্যৱহাৰত। যিটো চিন্তা মই কৰিব লাগে, তাৰো দায়িত্ব তেওঁ লৈছে এজন প্রকৃত অভিভাৱকৰ দৰে। এই সৰু সৰু কথাবোৰ মনত সাঁচি ৰাখি কিবা এক বিমুগ্ধতাৰ, কৃতজ্ঞতাৰ, মধুৰ সান্নিধ্যৰ সোঁৱৰণৰ আবেশত প্রায়ে ডুব যাওঁ। এনেহে লাগে ছাৰক লগ পোৱা প্রতিটো মুহূৰ্তই যেন জীৱনৰ একো একোটা ক্ষয়হীন সম্পদ।
বিজু ফুকনদেৱৰ এই লেখাটো ২০০৬ চনৰ ছেপ্তেম্বৰ মাহৰ অসমীয়া সাৰেগামা আলোচনীত প্ৰকাশ হৈছিল।

অসমীয়া চিনেমা জগতৰ এজন প্ৰতিথযশা অভিনেতা আছিল স্বৰ্গীয় বিজু ফুকন। চলচ্চিত্ৰ পৰিচালক হিচাবেও আত্মপ্ৰকাশ কৰা এইগৰাকী শিল্পীয়ে ২০১৭ চনৰ ২২ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিছিল।
