শ্ৰদ্ধাঞ্জলি

সোঁৱৰণী কুঁৱলিয়ে চিঞৰি চিঞৰি কয় …

“মৃত্যু সাৱটি সমাধিতলিত

অকলে আছোহি শুই”

মৃত্যুক সাৱটি সমাধিতলিত অকলে শুই থকা জয়ন্ত হাজৰিকা আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি ৪৩ বছৰ হ’ল। এক বৈচিত্ৰ্যময় কণ্ঠৰ অধিকাৰী জয়ন্ত হাজৰিকাই গীতৰ মাজেৰে নতুন সমাজ গঢ়াৰ পৰিকল্পনা কৰিছিল। দেশৰ, দহৰ উন্নতিৰ বাবে ৰাইজৰ হৈ কাম কৰাৰ পৰিকল্পনা কৰিছিল।

“মই আকৌ আহিম দেশৰ বাবে

আহিম আকৌ দহৰ বাবে

ন-সমাজৰ আঁচনি লৈ ৷৷”

সমাজৰ আঁচনি লৈ সুৰশিল্পী জয়ন্ত হাজৰিকা কিন্তু উভতি নাহিল। ১৯৭৭ চনৰ পোন্ধৰ অক্টোবৰত আচম্বিতে এই পৃথিৱীৰ পৰা বিদায় লোৱা শিল্পীগৰাকীয়ে জীৱনত বহুত কিবাকিবি কৰাৰ পৰিকল্পনা কৰিছিল। সমাজত চলি থকা অন্যায়,অবিচাৰ আৰু দুষ্কৃতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ চেষ্টা কৰিছিল সঙ্গীতৰ মাজেৰে।

১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰত মঙলদৈত জন্মলাভ কৰিছিল জয়ন্ত হাজৰিকাই । সৰুৰে পৰাই নিজৰ ঘৰখনতে তেওঁ পাইছিল সঙ্গীতৰ এটা সুন্দৰ পৰিৱেশ। ভূপেন হাজৰিকা, সুদক্ষিণা শৰ্মাই ঘৰত অনুশীলন কৰি থকা সময়ত তেওঁ নিৰৱে মাউথ-অৰ্গেন বজাইছিল। এইদৰেই আগবাঢ়িছিল তেওঁৰ সঙ্গীত জীৱন। মাক-দেউতাক, ককায়েক-বায়েকহঁতৰ প্ৰেৰণাই জয়ন্ত হাজৰিকাক এদিন গুৱাহাটী ৰেডিঅ’ ষ্টেছনৰ ‘অকণিৰ মেল’ত গীত গাবলৈ উৎসাহ যোগাইছিল।

১৯৬২ চনত জয়ন্ত হাজৰিকাৰ প্ৰথমখন গীতৰ ৰেকৰ্ড প্রকাশ পায় – ‘আগলি বতাহে কঁপালে কলৰে পাত’,‘কৃষ্ণচূড়া কৃষ্ণচূড়া’। সেয়াই আৰম্ভণি। গাই গ’ল একেৰাহে । অতি সোনকালেই অসমৰ শ্ৰোতাৰ অন্তৰ জয় কৰিলে এই শিল্পীজনে। ‘মণিৰাম দেৱান’ ছবিত সহকাৰী সঙ্গীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰি ছবিৰ সঙ্গীতৰ লগত তেওঁ জড়িত হৈ পৰে। তাতেই ছবিৰ প্ৰথম গীত গায় শ্যামল মিত্ৰৰ সৈতে – ‘সোণাৰ বৰণ পাখি ৰে তোৰ’। ইয়াৰ পিছত সহকাৰী সঙ্গীত পৰিচালক হিচাপে কাম কৰে ‘প্ৰতিধ্বনি’, ‘লটিঘটি’ আৰু ‘চিকমিক বিজুলী’ত। অতুল বৰদলৈ পৰিচালিত ‘বনৰীয়া ফুল’ত তেওঁ স্বাধীনভাৱে সঙ্গীত পৰিচালনা কৰাৰ দায়িত্ব লয়। ইয়াৰ পিছত ‘বৃষ্টি’, ‘ধৰ্মকাই’, ‘নিয়তি’, ‘নতুন আশা’। ‘নতুন আশা’ ছবিখনৰ আৱহ সঙ্গীতৰ কামতে ১৯৭৭ চনৰ ১২ অক্টোবৰত তেওঁ কলকাতালৈ গৈছিল। কলকাতাত প্রথম তিনিদিন ভীষণভাৱে ব্যস্ত হৈ পৰিছিল কামত। যি কাম কৰে, নিখুঁতভাৱে নিয়াৰিকৈ কৰাৰ স্বভাৱ আছিল জয়ন্ত হাজৰিকাৰ। অলপ ক্ৰটি-বিচ্যুতি দেখিলেই খং উঠিছিল। তিনিদিন একেৰাহে ষ্টুডিঅ’ত গীতৰ আখৰা, ৰেকৰ্ডিং, পুত্ৰ ৰাজা আৰু পত্নী মিঠু (মনীষা হাজৰিকা)ৰ বাবে পূজাৰ বজাৰ কৰা আৰু দুই-এজন বন্ধু-বান্ধৱক মাত লগোৱা আদি নানা কামত ব্যস্ত থকাৰ পিছত চতুৰ্থ দিনা ক্লান্ত দেহাৰে নিশা এঘাৰমান বজাত ষ্টুডিঅ’ৰ পৰা হোটেললৈ উভতিছিল। লগত আছিল প্রবীৰ মিত্ৰ আৰু বেণু সেন। পিছদিনা পুৱাৰাতিৰ পৰাই হঠাৎ শৌচ আৰু বমি আৰম্ভ হৈছিল। প্রবীৰ মিত্ৰই ততালিকে লৈ গ’ল টালিগঞ্জত থকা শহুৰেকৰ ঘৰলৈ। ডাক্তৰক দেখুওৱা হ’ল। ডাক্তৰে বমি বন্ধ হোৱা ঔষধ খাবলৈ দিলে। কিন্তু লাভ নহ’ল। অৱস্থাৰ অধিক অৱনতি ঘটাত সন্ধিয়া ৭ মান বজাত তেওঁক ভৰ্তি কৰা হ’ল কলকাতাৰ বিখ্যাত প্ৰেছিডেঞ্চি জেনেৰেল হাস্পতালত। ডাক্তৰে আপ্ৰাণ চেষ্টা চলালে। কিন্তু কোনো ফল নধৰিল। নিশা এঘাৰ বজাত এই জনতাৰ শিল্পীৰ আত্মাই বিদায় ল’লে। জয়ন্ত হাজৰিকাৰ নিজৰ সবাতোকৈ প্রিয় গীতটিৰ সেই কথাফাকি “মোৰ মৃতদেহ বগা কাপোৰেৰে কোনোবাই ঢাকি দিলে” সঁচা হৈ গ’ল তেওঁৰ নিজৰ জীৱনতে ৷

সঙ্গীত আছিল জয়ন্ত হাজৰিকাৰ প্রাণ। সকলো সময়তে তেওঁ ব্যস্ত হৈ আছিল গীত, সুৰ আদিৰ মাজত। গীত গায়েই জীয়াই থকাৰ সংকল্প লৈছিল। নিজেও ভালদৰে জানিছিল যে অসমত শিল্পীৰ নিৰাপত্তা নাই। কিন্তু তথাপিও তেওঁ দৃঢ় আছিল। কষ্ট কৰিছিল দিনে-নিশাই। কৈছিল- “কষ্ট হ’লেও গীত গাওঁ। গীত গালেহে আমাৰ পেট ভৰিব। ৰাইজৰ আগত গীত গায়েই এখন সংসাৰ চলাইছোঁ। আমাৰতো কোনো এক তাৰিখ নাই যে এক তাৰিখে দৰ্মহা পাম।” কোনো কথাতেই কোনোদিনেই কম্প্ৰ’মাইজ কৰা নাছিল জয়ন্ত হাজৰিকাই। স্পষ্টবাদিতা আৰু নিৰ্ভীকতা আছিল তেওঁৰ সফলতাৰ অব্যৰ্থ অস্ত্ৰ।

জয়ন্ত হাজৰিকা আছিল জনগণৰ শিল্পী। তেওঁৰ সঙ্গীতত, তেওঁৰ বাদ্য-যন্ত্ৰত সদায় এটি মূক বেদনা প্ৰকাশ পাইছিল। মানুহৰ দুৰ্যোগৰ সময়তো তেওঁ সৈনিকৰ দৰে শিল্পীৰ ভূমিকা পালন কৰিছিল। বানপানীত দূৰ্দশাগ্রস্ত লোকসকলৰ সাহায্যৰ বাবে সৃষ্টি কৰিলে ‘সুৰ-বাহিনী’। ১৯৭৭ চনৰ ৮ জুনত গোলাঘাটত সুৰ-বাহিনী সৃষ্টি কৰাৰ মুহূৰ্তত তেওঁৰ চকুৰ পৰা ওলাইছিল আনন্দাশ্ৰু। গোলাঘাট, তিতাবৰ, মৰিয়নিৰ আলিবাটত সুৰ-বাহিনীয়ে লুইতৰ সেই ভয়াৱহতাক প্ৰত্যাহ্বান জনাইছিল –

“লুইতৰ বলিয়া বান

তই ক’লৈনো ঢাপলি মেলিছ।

হিৰ হিৰ শবদে

কালৰূপ ধৰি লৈ

কাকনো বাৰে বাৰে খেদিছ।।”

আৰু গাইছিল –

“দুৰ্যোগ লগ্নৰ দেখোঁ হাহাকাৰ

হেৰৌ বলিয়া বৰনৈ

হলি দুৰাচাৰ

ৰাইজক সাৱটিম কণ্ঠৰ সুৰেৰে

ৰোধিবই লাগিব গতি দুৰ্বাৰ।।”

সুৰ-বাহিনী সৃষ্টি কৰাৰ পিছত জয়ন্ত হাজৰিকাই কৈছিল- “মই এতিয়া কথা কম। কথা কম মোৰ সুৰেৰে, মোৰ গীতেৰে। মই গীত গাবলৈ ওলাই আহিম আলিবাটলৈ, মঞ্চলৈ নহয়। মোৰ এই সুৰ-বাহিনীৰ উদ্দেশ্য হ’ল ৰাইজৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত সুৰ-বাহিনীয়ে ৰাইজৰ কাষত সদায়ে থিয় দিবগৈ। সংস্কৃতিৰ নামত দুষ্কৃতিৰ পোহাৰ মেলাসকলক সুৰ-বাহিনীয়ে বাধা দিব সুৰেৰে, গীতেৰে।” পুনৰ ১৯৭৭ চনৰ ১৩ আগষ্টত মঘাই ওজাৰ চিকিৎসাৰ বাবে সাহায্য বিচাৰি ডিব্ৰুগড়ত জয়ন্ত হাজৰিকাই সুৰ-বাহিনীৰ জৰিয়তে ৰাইজৰ কাষ চাপিছিল। সুৰ-বাহিনীৰ জৰিয়তে তেওঁ মানুহৰ মনত জগাব বিচাৰিছিল শুভ বুদ্ধিৰ চেতনা। এখন সেউজী সমাজ গঢ়াৰ পৰিকল্পনা কৰিছিল- য’ত নাথাকিব ঘৃণা-বিদ্বেষৰ স্থান, ধনী-দুখীয়াৰ ব্যৱধান। সেয়া প্রকাশ কৰিছিল তেওঁৰ গীতত –

“ওপৰ মহল নীচৰ মহল

কোনো বিভেদ নাই

এই আসামত যিমান আছোঁ

সবে ভাই ভাই।।”

সুৰ-বাহিনীক লৈ তেওঁ আৰু বহুতো পৰিকল্পনা কৰিছিল। সুৰ-বাহিনীয়ে আলিবাটত গীত গাই তাৰ পইচাৰে দুখীয়া-দৰিদ্ৰ লোকক সহায় কৰাৰ উপৰি এখন সঙ্গীত বিদ্যালয় স্থাপন কৰাৰ কথাও চিন্তা কৰিছিল। আনকি সুৰ-বাহিনীক লৈ এখন ছবি কৰাৰো পৰিকল্পনা কৰিছিল তেওঁ। কিন্তু সেই পৰিকল্পনা পৰিকল্পনা হৈয়েই ৰ’ল। জয়ন্ত হাজৰিকাৰ স্বপ্নৰ সুৰ-বাহিনী আজিও আছে। আছে সুৰ-বাহিনীৰ অন্য সকলো সদস্য। কিন্তু আজিৰ সুৰ-বাহিনীৰ সেই সক্ৰিয়তা নাই। কাৰণ ইয়াৰ মূল সেনাপতিজনেইযে নাই। জয়ন্ত হাজৰিকাই দুখন ছবিত অভিনয়ো কৰিছিল – ‘লটি-ঘটি’ আৰু ‘চিক্‌মিক্‌ বিজুলী’ সেই দুখনেই। তাৰ পিছত আৰু কৰা নাই। তেওঁ স্পষ্টকৈ কৈছিল যে তেওঁৰ জীৱনত সবাতোকৈ ভাল লগা বস্তুটো হ’ল সঙ্গীত, তাৰ পিছতহে বাকীবোৰ।

“অৱস্থা বেয়া হ’লে ৰাস্তাত গান গাম। তথাপি হাৰ নামানো। সঙ্গীতক ভাল পাওঁ যেতিয়া অন্য কোনো কামৰ লগত আপোচ নকৰোঁ। সঙ্গীতক লৈয়েই জীয়াই থাকিম।” গীত গাই গাই কোনোবা দিনা হয়তো তেওঁ ভাগৰি পৰিছিল। ক্লান্তি, অৱসাদে হেঁচা মাৰি ধৰিছিল। কিন্তু মানুহৰ আগত সেই ক্লান্তি তেওঁ কোনোদিনেই দেখুওৱা নাছিল। অদ্ভুত প্রাণশক্তি আছিল তেওঁৰ ৷ ক্লান্তি-অৱসাদৰ মাজতেই তেওঁ বিচাৰি পাইছিল জীৱনৰ আচল ৰূপ। সংগ্ৰাম নাথাকিলে জীৱনৰ আনন্দই বা ক’ত? এনেদৰেই উপলব্ধি কৰিছিল জয়ন্ত হাজৰিকাই। ঘৰলৈ আহি হাৰমনিয়াম, গীটাৰ, ডোম্ব্ৰা, ইলেকট্ৰিক হাৰমোনা, মাইক্ৰ’ফোনৰ সৈতে পুনৰ বিলীন কৰি দিছিল নিজকে। সকলো ক্লান্তি পাহৰি তন্ময় হৈ গৈছিল নতুন সুৰ সৃষ্টিত। সৃষ্টিৰ মাজতেই বিচাৰি পাইছিল জীৱনৰ প্রকৃত আনন্দ, ক্ষণিক জিৰণি।

স্পষ্টবাদী আৰু নিৰ্ভীক জয়ন্ত হাজৰিকাই এটা কথা ভালদৰে মন কৰিছিল যে, এচাম দুষ্কৃতিকাৰীয়ে অসমীয়া সংস্কৃতিত প্রৱেশ কৰি গোটেই কৃষ্টি-সংস্কৃতিটোকে ৰঘুমলাৰ দৰে চেপি ধৰিছে। এই দুষ্কৃতিকাৰীসকলৰ বিৰুদ্ধে তেওঁ জেহাদ ঘোষণা কৰি কৈছিল –“আমাৰ সমাজত বহুতো অসুৰ আছে। এই অসুৰবোৰে সংস্কৃতিৰ নামত দুষ্কৃতি কৰি আছে। মই কিন্তু সিহঁতক ক্ষমা নকৰোঁ। মই সিহঁতক বধ কৰিম সুৰেৰে, কামেৰে। লাগে মই মোৰ প্রাণ দিম। তথাপি মই সিহঁতক শেষ কৰিহে এই পৃথিৱীৰ পৰা বিদায় লম। মোৰ নাম জয়ন্ত হাজৰিকা।” ইমানেই আত্মবিশ্বাস আছিল তেওঁৰ নিজৰ ওপৰত।

আজি জয়ন্ত হাজৰিকা নাই। তেওঁ যি বাটেৰে গ’ল আৰু উলটি নাহিল। মাথোঁ পৃথিৱীত থাকি গ’ল তেওঁৰ অনন্য দৰদী কণ্ঠ আৰু পৰাণ বলিয়া কৰা সুৰ। আৰু থাকি গ’ল তেওঁৰ অনেক কিবাকিবি কৰাৰ আশা। সেই আশাবোৰে ৰূপায়িত কৰিব পাৰিবনে কোনোবাই? কোনোবাই চেষ্টাইবা কৰিছেনে? ঠায়ে ঠায়ে ‘জয়ন্ত হাজৰিকা সোঁৱৰণী সংঘ’ স্থাপন কৰা হৈছে। কিন্তু এয়াই জানো সকলো? অভিমানী জয়ন্ত হাজৰিকাই মৃত্যুৰ পূৰ্বে এদিন কাৰোবা এইষাৰ কথা কৈ আক্ষেপ কৰিছিল – ‘‘মৃত্যুৰ পিছত ধূপ-ধূনা জ্বলাই ছবি এখনত কেৱল মালা পিন্ধাই মৃতকৰ আত্মাৰ সদগতি কামনা কৰি একো লাভ নাই।” জয়ন্ত হাজৰিকাই হয়তো নিজেও উপলব্ধি কৰিছিল যে তেওঁৰ মৃত্যুৰ পিছতো ইয়াৰ ব্যতিক্ৰম নহয়। জয়ন্ত হাজৰিকাৰ গীতবোৰৰ উচিত সংৰক্ষণ হৈছেনে? তেওঁ ব্যৱহাৰ কৰা বাদ্যযন্ত্ৰবোৰ কিভাৱে ৰখা হৈছে কোনোবাই মন কৰিছে?

ডঃ নিৰ্মলপ্ৰভা বৰদলৈয়ে জয়ন্ত হাজৰিকাৰ সুৰত অন্তিম গীতটো লিখিছিল লখিমী থিয়েটাৰৰ বাবে –

“আকাশ আজি মোৰ নাই

বতাহ নাই, পোহৰ নাই

ডেউকা পুৰি যায়।।”

গীতটিৰ সুৰ ৰচনা কৰি কৰি জয়ন্ত হাজৰিকাই পত্নী মিঠু (মনীষা হাজৰিকা)ক কৈছিল – “মিঠু, এই গানটো তুমি অহাবছৰ ষ্টেজত গাব পাৰিবা। বৰ ভাল গান হৈছে।” সেই সময়ত মনীষা হাজৰিকাই এবাৰলৈও ভবা নাছিল যে সেই গীতটো তেওঁৰ নিজৰ জীৱনৰেই গীত হ’ব।

মাত্ৰ ৩৫ বছৰৰ এটি চমু জীৱন। কিন্তু তাৰ প্রভাৱ গোটেই পূৰ্ব ভাৰতৰ মানুহৰ মনৰ মাজত কিদৰে সঞ্চিত হৈছিল, ভাবিলে আচৰিত লাগে। জয়ন্ত হাজৰিকাৰ চিন্তাত, কাৰ্যত, কণ্ঠত, আঙুলিত – সকলোতে আছিল সমুজ্জ্বল ভৱিষ্যতৰ স্বাক্ষৰ। জয়ন্ত হাজৰিকাৰ সৰু জীৱনটো মন কৰিলে এনেহে লাগে – যেন তেওঁৰ হাতত সময় নাছিল।

“সময় তোকে ৰাখিম মই

ভৰাই মোৰ কৰণি।।”

তেওঁ যেন জানিছিল, মৃত্যু তেওঁৰ নিচেই ওচৰতে। সেইবাবেই হয়তো তেওঁ পৰিকল্পনাবোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ উঠি-পৰি লাগিছিল, যাৰ বাবে তেওঁৰ কণ্ঠত বিমুগ্ধ অজস্ৰ শ্ৰোতা জনতাৰ বাবে তেওঁৰ মৃত্যু প্ৰশ্ন হৈয়েই ৰ’ল। জয়ন্ত হাজৰিকা আজি আমাৰ মাজত নাই সঁচা, কিন্তু হেৰাই যোৱা নাই তেওঁৰ সৃষ্টি, তেওঁৰ সুৰ আৰু কণ্ঠস্বৰ সেই সৃষ্টি,সুৰ আৰু কণ্ঠৰ মাজতেই তেওঁ আছে আৰু থাকিব আমাৰ মাজত চিৰদিন, চিৰ-স্মৰণীয় হৈ। তেওঁৰ নিজৰ কণ্ঠেৰে –

“মই মিলি যাম এই দেশৰ ধুলিত

মিলি যাম এই সাৰুৱা মাটিত।

মিলি যাম মই পাহাৰে ভৈয়ামে সেউজী সেউজী সেউজী হৈ।।”

২০০৫ বৰ্ষৰ ‘অসমীয়া সাৰেগামা’ আলোচনীত প্ৰকাশিত লেখাৰ সম্পাদিত ৰূপ

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.5 / 5. ভোট : 124

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!