কেৰালাৰ আদুৰ চহৰৰ পাল্লিকাল গাঁৱত ১৯৪১ চনৰ ৩ জুলাইত গোপালকৃষ্ণন উন্নীথনৰ জন্ম হয়। পিতৃ মাধৱন উন্নীথন আৰু মাতৃ গৌৰী কুঞ্জম্মাৰ সাতটা সন্তানৰ ভিতৰত গোপালকৃষ্ণন আছিল ষষ্ঠটি সন্তান। গোপালকৃষ্ণনৰ বয়স মাত্র নবছৰ মান হওঁতেই পিতৃ-মাতৃৰ মাজত বিবাহ-বিচ্ছেদ ঘটে আৰু গোপালকৃষ্ণনক মাক আৰু মাকৰ পৰিয়ালে এটি সুস্থ সাংস্কৃতিক, শৈল্পিক পৰিবেশৰ মাজত ডাঙৰ-দীঘল কৰে। মোলথ্থু গোপালন উন্নীথন নামৰ ডাঙৰ মোমায়েকগৰাকী আছিল কথাকলি নৃত্যকলাৰ এগৰাকী আগশাৰীৰ পৃষ্ঠপোষক। তদুপৰি মোমায়েকৰ পৰিয়ালত কথাকলিৰ নিজাববীয়া ৰংগদল আছিল, যিয়ে পৰিয়ালৰ সকলো সদস্যৰ আগত কথাকলি নৃত্য প্রদর্শন কৰিছিল। গোপালকৃষ্ণনৰ শৈশৱত কথাকলি নৃত্যৰ এক অবিছিন্ন অংগলৈ পৰিণত হয় আৰু ইয়েই তেওঁৰ মাজত নাট্যকলাৰ প্রতি থকা আগ্রহৰ বীজ ৰোপন কৰে। মাত্র আঠ বছৰ বয়সত কৃষ্ণৰ চৰিত্রত অভিনয়েৰে মোহিত কৰাৰ উপৰি দহবছৰ বয়সত তেওঁ জীৱনৰ প্রথমখন নাটক ‘Kapatayogi’ ৰচনা কৰে। ডাঙৰ হৈ তেওঁ নেছনেল স্কুল অৱ ড্রামাত নামভর্তি কৰাৰ পৰিকল্পনা কৰে, কিন্তু যেতিয়াই তেওঁ গম পাই যে নেছনেল স্কুল অৱ ড্রামাৰ পাঠদানৰ মাধ্যম হ’ব হিন্দী, তেতিয়াই তেওঁ সেই পৰিকল্পনা ত্যাগ কৰে। ১৯৬১ চনত পুনা ফিল্ম ইনষ্টিটিউটে দ্বিতীয় Batch ৰ ছাত্র-ছাত্রীৰ ‘Screenplay Writing and Direction’ বিভাগৰ বাবে বাতৰি কাকতত বিজ্ঞাপন দিয়ে। এই বিজ্ঞাপনটো পঢ়ি গোপালকৃষ্ণনে পুনা ফিল্ম ইনষ্টিটিউটত নামভর্তি কৰাৰ সিদ্ধান্ত লয়। ১৯৬৫ চনত নিজৰ পাঠ্যক্রম সম্পূর্ণ কৰি কেৰালালৈ উভটি যায়। তেওঁৰ প্রথমখন পূর্ণ দৈর্ঘ্যৰ ছবি Swayambaram (স্বয়ম্বৰম্) নির্মাণ কৰে ১৯৭২ চনত আৰু সেই সময়ৰ পৰা বর্তমানলৈকে সুদীর্ঘ চাৰিটা দশকত তেওঁ মুঠ বাৰখন পূর্ণ দৈর্ঘ্যৰ কালজয়ী ছবি আৰু বহু তথ্যচিত্র নির্মাণ কৰিছে। ছবিসমূহ ক্রমে : ১) Swayamvaram (১৯৭২) ২) Kodiyettam (১৯৭৭) ৩) Elippathayam (১৯৮১) ৪) Mukhamukham (১৯৮৪) ৫) Anantharam (১৯৮৭) ৬) Mathilukal (১৯৮৯) ৭) Vidheyam (১৯৯৩) ৮) Kathapurusham (১৯৯৫) ৯) Nizhalkkuthu (২০০২) ১০) Naalu Pennangal (২০০৭) ১১) Oru Pennum Ran Danum (২০০৮) ১২) Pinneyam (২০১৬)। ৰাষ্ট্রীয় আৰু আন্ত:ৰাষ্ট্রীয় বঁটাৰে পুৰস্কৃত এই বিশ্ববিশ্রুত পৰিচালকগৰাকীক ১৯৮৪ বর্ষত পদ্মশ্রী, ২০০৮ বর্ষত দাদা চাহেব ফাল্কে বঁটা, ২০০৬ বর্ষত পদ্মবিভূষণ সন্মানেৰে সন্মানিত হয়।
আপোনাৰ দৃষ্টিৰে চিনেমা কি?
চিনেমা হ’ল মোৰ বাবে এটা পবিত্র বৃত্তি আৰু মই ইয়াক অন্ত:কৰণেৰে বুজি পাওঁ। চিনেমাই মোৰ জীৱনক এক নতুন অর্থ প্রদান কৰিছে। চিনেমাৰ মাধ্যেমেৰেই মই জীয়াই থাকো।
আপুনি শৈশৱ কালৰ পৰাই চিনেমা নির্মাণৰ প্রতি আগ্রহী আছিল নেকি?
প্রকৃততে পুনাৰ ফিল্ম ইনষ্টিটিউটলৈ নোযোৱালৈকে মই কেতিয়াও ছবি নির্মাতা হোৱাৰ কথা ভবা নাছিলো। আচলতে মই এগৰাকী নাটকৰ মানুহ। ছাত্রাৱস্থাৰ পৰাই মই নাটক লিখি আৰু লগতে অভিনয় কৰি আহিছো। পুনাৰ ফিল্ম ইনষ্টিটিউটলে যোৱাৰ আগতেই মই যথেষ্ট সংখ্যক বিশ্ববিখ্যাত নাট্যকাৰৰ নাটক অধ্যয়ন কৰি শেষ কৰিছিলো। ফিল্ম স্কুলত নামভর্তি কৰাৰ এবছৰৰ পিছতহে মই গম পালো যে ‘Screenplay Writing and Direction’ ৰ লগত নাটকৰ কোনো পোনপটীয়া সম্পর্ক নাই। মই চলচ্চিত্র পৰিচালক হোৱাটো ল’ৰালি কালৰ কোনো সপোন নহয়, It just happened.
আপুনি পুনাৰ ফিল্ম ইনষ্টিটিউটৰ ছাত্র হৈ থকা অৱস্থাত আপোনাক জি. কে. উন্নীথন অর্থাৎ গোপালকৃষ্ণন উন্নীথন হিচাপে জনা গৈছিল। কেতিয়াৰ পৰা আপোনাক আদুৰ নামে জনা যায়?
ফিল্ম ইনষ্টিটিউটৰ পাঠ্যক্রম সম্পূর্ণ কৰি কেৰালালৈ যেতিয়া মই উভটি আহো, তেতিয়াৰ পৰা মোক সকলোৱে গোপালকৃষ্ণন হিচাপে জানে। তদুপৰি মই লিখা নাটক আৰু চুটিগল্প সমূহত মোৰ নামটো আদুৰ হিচাপে লিখা হৈছিল। মোৰ মেট্রিক পৰীক্ষাৰ চার্টিফিকেটত কিন্তু মোৰ নাম গোপালকৃষ্ণন উন্নীথন হিচাপেহে লিখা আছে।
স্কুলীয়া জীৱনত আপুনি কেনেকুৱা ধৰণৰ ছাত্র আছিল?
প্রাথমিক স্কুলত থকা সময়ত মোৰ পঢ়া-শুনা বৰ শোচনীয় ধৰণৰ আছিল। মই পৰীক্ষাত সদায় কম নম্বৰ পাইছিলো। শিক্ষক আৰু ঘৰৰ বয়োজেষ্ঠ ব্যক্তিসকলে মোক ‘Dud’ বুলি অভিহিত কৰিছিল। কিন্তু লাহে লাহে মই পঢ়া-শুনাত মনোযোগ দিবলৈ ধৰিলো আৰু হাইস্কুল পর্যায়ত সুখ্যাতিৰে উন্নীত হ’বলৈ সক্ষম হ’লো।

আপোনাৰ বৈবাহিক জীৱনৰ বিষয়ে অলপ কওঁক।
সুনন্দাৰ সৈতে মোৰ বিবাহ সম্পূর্ণ পৰম্পৰাগত নিয়মেৰে আয়োজন কৰা ‘Arranged Marriage’। মই বিবাহপাশত আবদ্ধ হওঁ ১৯৭২ চনৰ ১৩ ছেপ্তেম্বৰত। মাত্র কেইমাহ মানৰ পিছত মোৰ প্রথমখন ছবি স্বয়ম্বৰম্ এ মুক্তি লাভ কৰে। ১৯৭৩ চনত মোৰ এগৰাকী কন্যা সন্তানৰ জন্ম হয় আৰু তাইৰ নাম হৈছে আশ্বতি। ২০১৫ চনত মোৰ পত্নী দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয়।
আপোনাৰ দৃষ্টিত এগৰাকী চলচ্চিত্র পৰিচালক হ’বৰ বাবে ফিল্ম স্কুলৰ পৰা আনুষ্ঠানিক শিক্ষা গ্রহণ কৰাটো কিমান প্রয়োজনীয়?
It is not Essential, কিন্তু আনুষ্ঠানিক মাধ্যমেৰে এগৰাকী ব্যক্তিয়ে চলচ্চিত্রৰ ভাষা তথা ইয়াৰ লগত জড়িত থকা বিভিন্ন সজুঁলিৰ সৈতে সহজে পৰিচিত হ’ব পাৰে। তুমি যদি এই বৃত্তৰ বাহিৰত থকা, তেনেহ’লে তোমাৰ নিশ্চিতভাৱে কিছুমান সীমাবদ্ধতা থাকিব। যিকোনো বৃত্তিৰে প্রাৰম্ভিক কথাখিনি আনুষ্ঠানিকভাৱে শিকি লোৱাটো ভাল। অৱশ্যে বিশ্বত এনে ধৰণৰ বহু চলচ্চিত্র পৰিচালক আছে, যেনে: জার্মানৰ Warner Herzog, যিয়ে কোনো ধৰণৰ চলচ্চিত্র নির্মাণৰ আনুষ্ঠানিক শিক্ষা গ্রহণ কৰা নাই।
মোৰ এনে অনুভৱ হয় যেন আপোনাৰ ছবিসমূহে দর্শকক বিনোদন দিয়াৰ বিপৰীতে বিদ্যায়তনিক বা তাত্বিক বার্তাহে প্রেৰণ কৰে। আপুনি এইক্ষেত্রত কি ভাৱে?
No, it is not like that. মোৰ ছবিসমূহেও দর্শকক বিনোদন দিব লাগিব, নহ’লে চিনেমা নির্মাণ কৰাৰ কোনো অর্থ নাথাকে। তুমি মোক কোৱা, যদি দর্শকে মোৰ ছবিসমূহ চাই enjoy নকৰে, তেনেহ’লে তেওঁলোক চিত্রগৃহলৈ কিয় আহে? সাধাৰণতে কিছুমান Stupid things বিনোদনৰ আহিলা হিচাপে চিনেমাত প্রদর্শন কৰা হয়। মোৰ দৃষ্টিত ইয়াক entertainment বুলি কোৱা নাযায়। মই ভাবো, প্রত্যেক শিল্পৰে একোটা সর্বশেষ লক্ষ্য থাকে আৰু সেইটো হ’ল দর্শকক বিনোদন প্রদান কৰা। প্রত্যেক শিল্পই তোমাক আমোদ দিব লাগিব, বৌদ্ধিক আৰু আৱেগিভাৱে। কিন্তু সস্তীয়া ধৰণেৰে নহয়। চিত্রগৃহত বহি ছবিখন উপভোগ কৰাৰ অভিজ্ঞতাই তোমাৰ মনত সাঁচ পেলাব পাৰিব লাগিব। That is entertainment.
আপোনাৰ চিনেমাৰ ক্ষেত্রত দেখা যায় যে প্রতিটো ফ্রেমেই গভীৰ অর্থ আৰু প্রতীকেৰে সংপৃক্ত হৈ আছে, আপুনি কি ক’ব খোজে?
হয়, প্রতিটো ফ্রেমেই অর্থবহুল হোৱাটো বাঞ্ছনীয়। তুমি কোনো ভিজুৱেল আৰু শব্দ নষ্ট কৰিব নোৱাৰা, কাৰণ এই সকলোবোৰ মিলিহে কোনো এটা চিনেমেটিক ফ্রেমৰ অর্থ প্রকাশ হয়।
আপোনাৰ প্রথমখন পূর্ণ দৈর্ঘ্যৰ ছবি ‘স্বয়ম্বৰম্’ ১৯৭২ চনত মুক্তি লাভ কৰিছিল। আপুনি ছবিখন নির্মাণ কৰোতে ইটালীৰ নব্য বাস্তৱ ধাৰাৰদ্বাৰা প্রভাৱিত হৈছিল নেকি?
মই ভাবো, নব্য বাস্তৱবাদৰ ধাৰাতকৈ ফৰাছী নব্য তৰংগইহে বিশেষ প্রভাৱ পেলাইছিল। মই ছবিখন নির্মাণ কৰাৰ সময়ত নব্য বাস্তৱবাদ ধাৰাটো প্রায় পুৰণি হৈ পৰিছিল। Of course neorealism has its influence on my films.
কুৰি শতিকাৰ সত্তৰ দশকত কেৰালাত নিবনুৱা সমস্যা এটি জটিল সমস্যা ৰূপে দেখা দিয়ে। ‘স্বয়ম্বৰম্’ ছবিখনৰ মুখ্য চৰিত্র বিশ্বনাথৰ জৰিয়তে আপুনি ভাৰতীয় সমাজখনৰ প্রকৃত ছবি দাঙি ধৰিব বিচাৰিছিল নেকি?
হয়, প্রকৃততে ‘স্বয়ম্বৰম্’ ছবিখনে এহাল প্রেমিক-প্রেমিকাই কিদৰে নিজৰ ঘৰ ত্যাগ কৰি নতুন জীৱনৰ আশা বিচাৰি এখন চহৰলৈ আহে তাৰ এক ব্যঞ্জনাময় উপস্থাপন কৰিছে। তেওঁলোক অহা চহৰখনক ত্রিবান্দম চহৰ হিচাপে চিত্রায়িত কৰা হৈছে। এই চহৰখন ক্ষুদ্র চহৰ হ’লেও কিন্তু সামাজিক মূল্যবোধৰ এক প্রকৃত প্রতিচ্ছবি দাঙি ধৰিছে। নিবনুৱা সমস্যা, ৰাজনৈতিক অস্থিৰতা, সমাজত বসবাস কৰা বিভিন্ন প্রকৃতিৰ ব্যক্তিসকল আৰু অনেক জটিল সামাজিক সমস্যাই সেই সময়ত বিৰাজ কৰিছিল। বিশ্বনাথ আৰু সীতাৰ কাহিনীৰ মাজেৰে এনেকুৱা এখন সমাজেই দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।
‘স্বয়ম্বৰম্’ ছবিখন মুক্ত মুখনিৰে সমাপ্ত হৈছে আৰু ছবিখন চাওঁতে এনে অনুভৱ হয় যেন ছবিখনে দর্শকৰ বাবে বহু প্রশ্ন নিক্ষেপ কৰিছে। আপুনি কি ক’ব খোজে?
হয়, ছবিখন এনেদৰে সমাপ্ত কৰাৰ বৰ প্রয়োজন আছিল, কাৰণ ছবিখন য’ত শেষ হৈছে প্রকৃততে ছবিখন তাত আৰম্ভহে হৈছে। ছবি এখন শেষ হোৱাৰ পিছত কিছু জটিল প্রশ্নই দর্শকক আমনি কৰা উচিত। আমি যদি ভালদৰে মন কৰো, তেতিয়া দেখা পাম যে মুখ্য চৰিত্র সীতাই দর্শকৰ ফালে স্থিৰভাৱে চাই থকা অৱস্থাত ছবিখনক সমাপ্ত কৰা হৈছে। ই সীতাৰ দর্শকৰ প্রতি এক আহ্বানো হ’ব পাৰে ছবিখনৰ পৰিণতিত তেওঁলোকৰ সক্রিয় অংশগ্রহণৰ বাবে।
আপোনাৰ দ্বিতীয়খন ছবি ‘কডিয়েট্টম’ ৰ কথন ৰীতি কিছু সুকীয়া। আপুনি কি ক’ব খোজে?
‘কডিয়েট্টম্’ ছবিখন অতুলনীয়, কাৰণ it has a very typical episodic structure. ছবিখনৰ নায়ক শংকৰনকুট্টী ছবিখনৰ প্রতিটো শ্বটতে আছে। মই কেৱল কেমেৰাটো লৈ শংকৰনকুট্টীৰ সহজ-সৰল জীৱনটোৰ সৈতে ভ্রমণ কৰি দর্শকক বুজাব বিচাৰিছো যে তেওঁৰ জীৱনত ঘটা সকলোবোৰ ঘটনা সত্য।
‘স্বয়ম্বৰম্’ ছবিখনত আপুনি কিদৰে বিশ্বনাথে জীৱনত অনেক ঘাট-প্রতিঘাটৰ সন্মুখীন হৈ অৱশেষত মৃত্যুমুখত পৰিল, তাৰ বিষয়ে চিত্রায়িত কৰিছে। কিন্তু তাৰ বিপৰীতে ‘কডিয়েট্টম্’ ছবিখনে শংকৰনকুট্টীৰ জীৱনৰ ইতিবাচক, উর্ধমুখী পৰিবর্তনৰ ৰেখাডালৰ বিষয়ে বর্ণনা কৰিছে। ‘স্বয়ম্বৰম্’ আৰু ‘কডিয়েট্টম্’ আপোনাৰ প্রথম আৰু দ্বিতীয় ছবি, কিন্তু দুয়োখনে জীৱনৰ দুটা বিপৰীত দিশৰ কথা সূচায়। ইয়াত কিবা বিশেষ জীৱন-দর্শন জড়িত হৈ আছে নেকি বাৰু?
They are completely different things. এইটো নহয় যে তুমি সদায় একে ধৰণৰ পৰিস্থিতিকে বর্ণনা কৰিবা। প্রকৃততে ‘কডিয়েট্টম্’ ছবিখনে একেবাৰে সহজ-সৰল হোজা ব্যক্তি এগৰাকীৰ জীৱন প্রতিফলিত কৰিছে। সহজ-সৰল ব্যক্তি বুলি ক’লে আমি বুজিব লাগিব সেইজন ব্যক্তি, যিগৰাকী ব্যক্তিৰ কার্যসমূহ ৰাজনৈতিক উদ্দেশ্য প্রণোদিত নহয় আৰু যিগৰাকী উচ্চ শিক্ষাৰ দ্বাৰাও শিক্ষিত নহয়। তেওঁ হ’ল just a number in the crowd, যিয়ে সমাজত এগৰাকী দায়িত্বশীল ব্যক্তি হিচাপে পৰিচয় লাভ কৰা নাই। আনকি প্রথমাৱস্থাত তেওঁ এইটোও নাজানে যে পৰিয়ালৰ অর্থ হ’ল এজনে আনজনক মৰম বা শ্রদ্ধা কৰা, মৰম দিয়া, মৰম লোৱা ইত্যাদি। কিন্তু একে সময়তে এই কথাও ঠিক, তেওঁ এজন বেয়া চৰিত্রৰ ব্যক্তি নহয়। চিনেমাখন আগবঢ়াৰ লগে লগে দর্শকে অনুধাৱন কৰিব পাৰে যে ক্রমাগতভাৱে শংকৰনকুট্টী এজন সাধাৰণ লোকৰ পৰা এজন দায়িত্বশীল ব্যক্তিলৈ পৰিণত হৈছে।
আপোনাৰ প্রথমখন ৰঙীণ ছবি আছিল ‘এলিপথয়াম্’ আৰু দেখা যায় যে আপুনি এই ছবিখনত ৰঙৰ প্রয়োগ চৰিত্রসমূহৰ ক্ষেত্রত বিশেষ ধৰণে কৰিছে আৰু যাৰ জৰিয়তে চৰিত্রসমূহৰ মনস্তাত্বিক দিশটো পৰিস্ফূট হৈ উঠিছে। আপুনি কি ক’ব খোজে?
হয়, মই এই ছবিখনত এটা বিশেষ উদ্দেশ্য আগত লৈ ৰঙৰ ব্যৱহাৰ কৰিছিলো। ছবিখনৰ পুৰুষ চৰিত্র উন্নিক বগা ৰঙৰ পোছাক দিয়া হৈছে, তদুপৰি তেওঁ পিন্ধা বগা ৰঙৰ ওপৰত উলম্ব ভাৱে আঁচ থকা চোলাৰ জৰিয়তে বুজাব বিচৰা হৈছে তেওঁৰ চৰিত্রৰ মাজত থকা Untrustfulness-ক, তাৰ বিপৰীতে আনুভূমিক আঁচে বিশ্রাম বা জিৰণি আদিক সূচায়, যিটো উন্নিৰ ক্ষেত্রত প্রযোজ্য নহয়। উন্নিৰ আটাইতকৈ সৰু ভনীয়েক শ্রীদেৱীক ৰঙা ৰঙৰ পোছাক পিন্ধোৱা হৈছে। কাৰণ ৰঙা ৰংটোৱে বুজায় প্রতিবাদ, জীৱন আৰু সতেজতা। মাজৰ গৰাকী ভনীয়েক ৰাজাম্মাক নীলা ৰংটো দিয়া হৈছে। নীলা হৈছে আকাশ আৰু সাগৰৰ ৰং। এই ৰঙে বুজায় পৰৰ হিত চিন্তাকাৰী বহল মনৰ অধিকাৰী ব্যক্তিক আৰু একেটা সময়তে বুজায় বিষণ্ণতা। পৰিয়ালৰ আটাইতকৈ ডাঙৰ গৰাকী বায়েক জানাম্মা, যিগৰাকী ইতিমধ্যে বিবাহ পাশত আবদ্ধ হৈ সন্তানৰ সৈতে সূখেৰে সংসাৰ কৰি আছে, তেওঁৰ ক্ষেত্রত মই সেউজীয়া ৰংটো ব্যৱহাৰ কৰিছো, কাৰণ সেউজীয়া ৰংটোৱে বস্তুনিষ্ঠ মনোবৃত্তি আৰু বুদ্ধিমত্তাক বুজায়। এই তিনিওটা ৰং সংমিশ্রণ কৰিলে আমি পাম বগা ৰংটো। ছবিখনৰ কাহিনীভাগ সংঘটিত হৈছে পূর্বপুৰুষৰ ছাই বৰণীয়া কাঠৰ ঘৰটোক পটভূমি হিচাপে লৈ। ছবিখনত এনে কিছুমান মুহূর্ত আছে য’ত আমি প্রকৃতিৰ সকলো ৰঙেই প্রত্যক্ষ কৰো।
‘এলিপথয়াম’ ছবিখনত সংগীতক এক বিশেষ ধৰণে প্রয়োগ কৰা হৈছে। উদাহৰণ স্বৰূপে, যেতিয়া শ্রীদেৱীয়ে এন্দুৰটো ফান্দত ধৰি গাঁৱৰ পুখুৰীত ডুবাবলৈ কান্ধত দাঙি লৈ যায়, সেই মুহূর্তত আপুনি বিশেষ ধৰণে সংগীত ব্যৱহাৰ কৰিছে। সংগীতৰ সেই প্রয়োগৰদ্বাৰা এন্দুৰ আৰু উন্নি চৰিত্রটোক সমান্তৰালভাৱে তুলনা কৰা যেন পৰিলক্ষিত হয়। আপুনি এই ক্ষেত্রত কি কয়?
Actually, it is a kind of ritual music. এই দৃশ্যসমূহত ধর্মীয় সংগীতৰ ব্যৱহাৰ কৰা মূল উদ্দেশ্য হ’ল মই ইয়াত এন্দুৰ আৰু মানুহক সমান্তৰালভাৱে তুলনা কৰিব বিচাৰিছো। তুমি দেখিবা যে ছবিখনত দুবাৰকৈ এন্দুৰ পুখুৰীত ডুবাবলৈ অনা হৈছে, ঠিক সেইদৰে ছবিৰ মুখ্য পুৰুষ চৰিত্র উন্নিক গাঁৱৰ মানুহবোৰে পিছে পিছে খেদি গৈ ধৰে আৰু দাঙি আনি পুখুৰীটোত পেলাই দিয়ে। তদুপৰি উন্নিৰ তিনিগৰাকী ভনীয়েক জানাম্মা, ৰাজাম্মা আৰু শ্রীদেৱীয়ে সামন্তবাদৰ প্রতীক তেওঁলোকৰ পূর্বপুৰুষৰ ঘৰটোৰ পৰা আঁতৰি আহি সলনি হৈ অহা সময়ৰ লগত খাপ খাব বিচাৰে। তাৰ বিপৰীতে উন্নিয়ে সদায় সলনি হ’বলৈ অস্বীকাৰ কৰে আৰু মনে মনে তেওঁ নিজকে সামন্তবাদী প্রভু বুলি জ্ঞান কৰে। উন্নিয়ে সলনি হ’ব নিবিচাৰে, কিন্তু তেওঁক সলনি হ’বলৈ ছবিখনৰ শেষত বাধ্য কৰোৱা হয়। Music is used to draw an equation between the rats and people living there.
আপোনাৰ ‘মুখামুখম্’ ছবিখনৰ মুখ্য চৰিত্র শ্রীধৰণক ছবিখনৰ প্রথমভাগত এগৰাকী কর্মঠ, উৎসাহী আৰু মোহনীয় ব্যক্তিত্বৰ অধিকাৰী নেতা হিচাপে চিত্রায়িত কৰাৰ বিপৰীতে ছবিত দ্বিতীয়ভাগত, যেতিয়া তেওঁ প্রায় দহবছৰ ধৰি অন্তর্ধান হৈ থকাৰ পিছত ঘৰলৈ হঠাৎ উভটি আহে, এগৰাকী ভাগৰুৱা, নিৰাসক্ত, মৌন আদর্শৰ পৰা বিচলিত হোৱা নেতা হিচাপে দেখুওৱা হৈছে। এইদৰে শ্রীধৰণক চিত্রায়িত কৰি কেৰালাৰ কমিউনিষ্ট চৰকাৰ আৰু তেওঁলোকৰ আদর্শক সমালোচনা কৰা যেন লাগে। আপোনাৰ মন্তব্য কি?
‘মুখামুখম্’ ছবিখনত যদিও কমিউনিজমৰ কথা উল্লেখ কৰা হৈছে তথাপিতো এই ছবিখনক মই কমিউনিজম আদর্শবাদৰ বিপৰীতমুখী ছবি হিচাপে আখ্যা দিব নোখোজো। কিন্তু কমিউনিজমৰ আদর্শত বিশ্বাসী লোকসকলে এই ছবিখনক কমিউনিজমৰ পৰিপন্থী বুলি ক’ব খোজে, যিটো প্রকৃততে সত্য নহয়। ‘মুখামুখম্’ ছবিখনৰ শ্রীধৰণ নামৰ এগৰাকী কর্মোদ্যমী নেতাৰ বিষয়ে কোৱা হৈছে, যাক তেওঁৰ অনুগামীসকলে সবল নেতা হিচাপে জ্ঞান কৰে। ফেক্টৰী এটাৰ মালিকক হত্যা কৰাৰ সন্দেহ তেওঁৰ ওপৰত পৰাত তেওঁ আন কেইজনমান নেতাৰ সৈতে আত্মগোপন কৰে। কিন্তু কমিউনিষ্ট দলে চৰকাৰ গঠন কৰাৰ মাত্রকে সকলো আত্মগোপন কৰি থকা নেতা ওলাই আহি সমাজৰ ক্ষমতাশালী ব্যক্তি হৈ পৰে। কেৱল শ্রীধৰণ কোনো খবৰ পোৱা নাযায়। কিন্তু প্রায় দহবছৰৰ পিছত তেওঁ ঘৰলৈ উভটি আহে। এই খবৰ পোৱাৰ পিছত পূর্বৰ অনুগামীসকলে লগ কৰিবলৈ আহে আৰু উপলব্ধি কৰে যে শ্রীধৰণ আগৰ দৰেই উদ্যমী নেতা হৈ থকা নাই। শ্রীধৰণৰ মৌনতা আৰু ক্লান্ত দেহাই সকলোকে চিন্তিত কৰি তোলে।
আপোনাৰ এখন উল্লেখযোগ্য ছবি হ’ল ‘নালু পিনাংগল’ আৰু এই ছবিখনত আপুনি নাৰীৰ ভিন্ন ৰূপ চিত্রায়িত কৰিছে। যি চাৰিগৰাকী নাৰীৰ কথা আপুনি ছবিখনত উল্লেখ কৰিছে, সেই নাৰী কেইগৰাকীয়ে বাৰু কোনো নির্দিষ্ট সময় বা যুগক সূচায় নেকি?
প্রকৃততে I worked on the awarenesses of the self of the women through the stories. চাৰিওগৰাকী নাৰী সমাজৰ বিভিন্ন শ্রেণীত বসবাস কৰে। এগৰাকী দেহোপজীৱিনী, এগৰাকী শ্রমিক শ্রেণীৰ, তৃতীয় গৰাকী নিম্ন-মধ্যবিত্ত পৰিয়ালৰ আৰু চতুর্থ গৰাকী হ’ল মধ্যবিত্ত শ্রেণীৰ। তেওঁলোকৰ জীৱনৰ কাহিনীসমূহৰ বর্ণনা পৃথক-পৃথক ভাৱে চাৰিটা অংশত কৰা হৈছে। কুৰি শতিকাৰ চল্লিশৰ দশকৰ পৰা ষাঠি দশকলৈ হৈছে মোৰ কাহিনীৰ বিস্তৃতি। মই কেতিয়াও চাৰিটা কাহিনী এটা আনটোৰ লগত মিল থকা দেখুওৱাবলৈ চেষ্টা কৰা নাছিলো। চাৰিওটা কাহিনী সম্পূর্ণ পৃথক। They do not know one another. Each story is independent and at the same time together they make one another strong.
আপোনাৰ ফ’ৰ উইমেনৰ কথন ৰীতি আন ছবিসমূহৰ পৰা পৃথক যেন লাগে । আপুনি এই ছবিখনৰ কথন ৰীতিৰ ওপৰত কি ক’ব খোজে?
হয়, ছবিখনত মই কথন ৰীতি কিছু ভিন্ন ধৰণে কৰিছো। মই ভাবো- It is an opportunity for me to work on short stories. যিগৰাকী লেখকৰ চুটি গল্পৰ পৰা ফ’ৰ উইমেন নির্মাণ কৰা হৈছে তেওঁৰ কর্মৰাজিৰ সৈতে মই শৈশৱ কালৰে পৰা পৰিচিত। থকাজহি শিৱশংকৰ পিল্লাইৰ কবিতা, উপন্যাস আদি পঢ়ি উপলব্ধি কৰিছিলো যে There cannot be just one idea in a film, if you really want to make a film. কিন্তু তেওঁৰ চুটি গল্পসমূহে মোক বিশেষ ধৰণে আকর্ষণ কৰিছিল, কাৰণ তাত নাৰী চৰিত্রসমূহক এক বিশেষ দৃষ্টিকোণৰ পৰা উপস্থাপন কৰা হৈছে।
আপোনাৰ প্রথম ছবি ‘স্বয়ম্বৰম’ৰ পৰা আৰম্ভ কৰি ‘নালু পিনাংগল’ লৈকে নাৰীৰ বিভিন্ন ৰূপ দেখা যায়। আপুনি নাৰীৰ চৰিত্রক চিত্রায়িত কৰাৰ প্রতি বিশেষভাৱে আগ্রহী নেকি? অথবা নাৰীৰ দুর্বলতাৰ পৰা সৰলতাৰ ফালে অগ্রসাৰিত মানসিক অৱস্থা আপুনি উপস্থাপন কৰিব বিচাৰে নেকি?
You see, these are different stories because life is so complex. এইটো নহয় যে চৰিত্রসমূহক পোন আঁচ এডালৰ অংকন কৰা হৈছে। তুমি দুখন ছবিক একেলগে তুলনা কৰিব নোৱাৰা; কাৰণ দুয়োৰে পটভূমি, প্রসংগ বা বিষয়বস্তু সম্পূর্ণ বেলেগ হয়। অৱশ্যে এই সকলো ছবিতে নাৰী চৰিত্রৰ অংকন কৰোতে বিশেষ সতর্কতা অৱলম্বন কৰো।
