সাক্ষাৎকাৰ

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী’ সম্পৰ্কীয় সাক্ষাৎকাৰ

লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ‘জয়মতী’ সম্পৰ্কীয় এই সাক্ষাৎকাৰটি প্ৰকাশ পাইছিল ১৯৩৫ চনৰ ২৯ মাৰ্চত ‘তিনিদিনীয় অসমীয়া’ কাকতত। সাক্ষাৎ গ্ৰহণ কৰিছিল ‘জয়মতী’ত ল’ৰাৰজাৰ চৰিত্ৰ ৰূপায়ণ কৰা নৰেন বৰদলৈয়ে।

প্রশ্ন – আপুনি সুদূৰ সম্বলপুৰৰ পৰা অকল ‘জয়মতী’ ফিল্মৰ উদ্বোধন কৰিবলৈকে আহিছিল, নে কলিকতাত আপোনাৰ আন কিবা কাম আছিল?

উত্তৰ – মাথোন ‘জয়মতী’ ফিল্মৰ উদ্বোধন কাৰ্য্য কৰিবলৈহে আহিছিলোঁ, আন একো কাম নাছিল। ‘চিত্ৰলেখা মুভীটোন কোম্পানি’ৰ গৰাকীৰ নিমন্ত্ৰণ পত্ৰ পায়েই তেতিয়াই মই আহিবলৈ ঠিক কৰিলোঁ। অসমত অসমীয়াৰ দ্বাৰাই আগেয়ে নোহোৱা-নোপোজা এনে এটা কাৰ্য চাবলৈ মোৰ বৰ হেঁপাহ হৈছিল। তাৰ উপৰি ‘জয়মতী’ ফিল্মৰ ভেটিটো মোৰ ‘জয়মতী কুঁৱৰী’ নামৰ নাটখন। সেইটো কাৰণেও মোক বৰকৈ টানিলে।

প্রশ্ন –  ‘জয়মতী’ ফিল্ম চাই আপোনাৰ ইয়ালৈ অহা পৰিশ্ৰম সাৰ্থক হ’ল বুলি ভাবে নে?

উত্তৰ – নিশ্চয় সাৰ্থক হ’ল বুলি ভাবিছোঁ। নহাহেঁতেন মোৰ মনত এটা দুখ থাকি গ’লহেঁতেন। মুঠতে কওঁ – ‘জয়মতী’ ফিল্ম চাবলৈ শদিয়ালৈকে যাবলগীয়া হোৱাহেঁতেনো গ’লোঁহেঁতেন, তথাপি দুখ যেন নাভাবিলোঁহেঁতেন।

প্ৰশ্ন – গোটেই ফিল্মখন চাই আপোনাক কিটো কথাই বিশেষকৈ মনত সাঁচ বহুৱালে?

উত্তৰ –  যি কালৰ ঘটনা আৰু কাৰ্য্যৰ চিত্ৰ ফিল্মখনে প্রকাশ কৰিছে, সেইবোৰ সাইলাখ ‘সেই কালৰ’ যেন লাগে। ভাৰতৰ নানা ঠাইত আন আন ভাৰতীয় ভাষাত ঐতিহাসিক আৰু পৌৰাণিক ঘটনা আৰু কাৰ্য্যৰ সবাক চিত্ৰ মই দেখিছোঁ; আন নালাগে এই কলিকতাতে আগেয়ে বঙলা আৰু হিন্দী ভাষাত তেনে ফিল্ম দেখিছোঁ; কিন্তু সেইবোৰে মোৰ মনত সেই পুৰণি কালোপযোগী পাৰিপাৰ্শ্বিক অৱস্থা এনেদৰে সৃষ্টি কৰিব পৰা নাছিল। দ্বিতীয় কথা মনত লাগিছে যে আগেয়ে কেতিয়াও ফিল্ম নেদেখা বা ফিল্মৰ অৰ্থে ভাও নিদিয়া অসমীয়া মতা আৰু তিৰোতাই (কিছুমান একেবাৰেই গাঁৱলীয়া) এনে সুন্দৰকৈ এই ‘জয়মতী’ ফিল্মত ভাও দিবলৈ কেনেকৈ পাৰিলে? দুজনী-এজনী ভাৱৰীয়ানীক এতিয়াই ‘হলিউডৰ ফিল্মষ্টাৰ’ৰ শাৰীত বহুৱাব পাৰি। মুঠতে ক’ব পাৰি যে, ‘জয়মতী’ ফিল্মৰ ভাৱৰীয়া-ভাৱৰীয়ানীয়ে সপ্তদশ শতিকাৰ অসমক এই ফিল্মত পুনৰ জীৱন দি তুলি দেখুৱালে। সতীৰ সতীত্বৰ সনাতন তেজ, প্ৰকৃত বীৰৰ বীৰ্য্যৰ মহিমা পোহৰাই দিলে।

লক্ষ্মীনাথ বেজবৰুৱা

প্রশ্ন – কাৰ ভাও আটাইতকৈ ভাল হৈছিল বুলি আপুনি ভাবে?

উত্তৰ – নিশ্চয় ডালিমীৰ। মোৰ নাটকখনৰ সৰহভাগ মানুহ আৰু তেওঁলোকৰ চৰিত্র ঐতিহাসিক। কিন্তু ডালিমী সম্পূৰ্ণৰূপে মোৰ মানস প্রতিমা৷ মই কেতিয়াও ভবা নাছিলোঁ যে ডালিমীক মোৰ মানসপটৰ বাহিৰে কেতিয়াবা ইহজনমত দেখিবলৈ পাম। কিন্তু ‘জয়মতী’ ফিল্মৰ ডালিমীয়ে মোৰ সপোন দিঠক কৰিলে। মোৰ মন চিত্ৰপটত থকা সেই চঞ্চল, সৰল, আনন্দময়ী, প্রকৃতিৰ জীয়ৰী, এঘাৰ বছৰীয়া ডালিমীক মই ফিল্মত সোঁশৰীৰে পখিলাটিৰ দৰে উৰি ফুৰা দেখিলোঁ যিটি ছোৱালীয়ে ‘জয়মতী’ ফিল্মত মোৰ মানস প্রতিমা-ডালিমীক মোৰ চকুৰ আগত থিয় কৰি দিলে, সেই ভাৱৰীয়ানী ছোৱালীটিক মই লগ পোৱাহেঁতেন তাইৰ মূৰত হাত দি আশীৰ্বাদ দিলোঁহেঁতেন। আশাকৰোঁ-‘চিত্ৰলেখা মুভিটোন’ৰ গৰাকীয়ে মোৰ আশীৰ্বাদ নিৰ্মালি-ফুলপাহি তাইৰ খোপাৰ বনফুলৰ একাষে গুঁজি দিব।

প্রশ্ন – সেই কালত আহোম ৰাজ্যত চলা কলা-কৌশল, ঘৰ-বাৰী সজোৱাৰ গঢ়-গতি, সাজ-পাৰ, সামাজিক আচৰণ আদি জ্যোতিপ্রসাদ আগৰৱালাদেৱে হুবহুকৈ ফিল্মত দেখুৱাব পাৰিছেনে?

উত্তৰ –  মোৰ মনেৰে এইবোৰ বিষয়ত জ্যোতিপ্ৰসাদ ভালেমানখিনি কৃতকাৰ্য্য হৈছে। অৱশ্যে অ’ত ত’ত অলপ-অচৰপ ক্ৰুটি থকাটো চকুত পৰিলেও তাক ধৰিব লগা নহয়; কাৰণ সি অতি সামান্য।

প্রশ্ন –  ফিল্মখন আপুনি কোৱাৰ দৰে আশাতীতৰূপে ভাল হোৱাৰ বাবে আপুনি ঘাইকৈ কাৰ শলাগ লয়?

উত্তৰ – জ্যোতিপ্ৰসাদ বোপাৰ। তেওঁৰ তিনিটা বস্তু আছে –‘হাতত ধন, মূৰত শিক্ষা আাৰু সুকুমাৰ শিল্পকলাৰ জ্ঞান।’ অৱশ্যে তেওঁৰ লগৰীয়াসকললৈকো যে মই শলাগৰ ভাগ থোৱা নাই এনে নহয়, তেওঁলোকৰ সহযোগিতা এহাশুধীয়াভাৱে নথকাহেঁতেন জ্যোতিপ্ৰসাদ দহগুণে সৰহ পাকৈত হোৱাহেঁতেনো তেওঁ কাৰ্য্য সিদ্ধি কৰিব নোৱাৰিলেহেঁতেন। আমাৰ কথাতে কয় – ‘দহো আঙুলিৰে খায়, কিন্তু বুঢ়াই হেঁচুকিলেহে যায়।’ জ্যোতিপ্ৰসাদ বুঢ়াআঙুলি।

প্রশ্ন – অসমত ফিল্ম ইণ্ডষ্ট্ৰী সম্বন্ধে আপোনাৰ কি মত? ফিল্ম সম্বন্ধে নানা মুনিৰ নানা মত। আপোনাৰ মত জানিব খোজোঁ।

উত্তৰ – পৃথিৱীৰ আন দেশত ফিল্মৰ যি কৰ্তব্য আৰু তাৰ যি ফলাফল, অসমতো কম- বেছি তেনেই। ৰে’ল, বিজুলী-ডাক, আকাশী বিমান আহিছে, থাকিও যাব। সেইবোৰৰ দৰে ফিল্মো থাকি যাব আৰু সেইবোৰ নহ’লে মানুহৰ নচলাৰ দৰে, কালত ইয়ো নহ’লে আমাৰ নচলা হ’ব। আকাশী বিমানক ওপৰৰ পৰা বোমা পেলোৱাত মাথোন ব্যৱহাৰ কৰিলে তাৰ ফল যেনে বিপৰ্যায়, ফিল্মৰ বিষয়েও তেনে কথাই। সজ কাৰ্য্যৰ সজ ফল, অসজ কাৰ্য্যৰ অসজ ফল।

শেহত এইটোও তোমাক কৈ থওঁ – ‘জয়মতী’ ফিল্ম জ্যোতিপ্ৰসাদ আগৰৱালা বোপাৰ প্ৰথম উদ্যম। তাৰ ‘টেকনিক’ ইত্যাদিত অনেক ক্ৰুটি ৰৈ গৈছে। তাৰ কাৰণ ঘাইকৈ কলিকতাৰ কোনো এটা ষ্টুডিঅ’ৰ ভিতৰত ফিল্মখনৰ কিছুমান বিষয়ৰ জীৱনদান নকৰি অসমৰ মুকলি আকাশৰ তলত সেই কাৰ্য্য কৰা হোৱা বাবে। অৱশ্যে ষ্টুডিঅ’ৰ ভিতৰত তেনে কাৰ্য্যৰ যেনেকৈ সুবিধা-অসুবিধা দুয়োটা আছে, মুকলি আকাশৰ তলতো তেনে সুবিধা-অসুবিধা দুয়োটা আছে। সেইবোৰ বহলাই ক’বৰ আৱশ্যক নাই। আগৰৱালাই সেইবোৰ নিশ্চয় ভালৈ বুজিছে।

শেহত কওঁ – ‘জয়মতী’ ফিল্ম ! With all thy faults I love thee! জ্যোতি বোপাক মই দুই হাত তুলি অন্তৰেৰে সৈতে আশীৰ্বাদ দিওঁ, তেওঁ যেন এই ফিল্ম তে ভালকৈ লাগি থাকি দিনক দিনে উন্নতি সাধন কৰে। তেওঁৰ প্ৰথম উদ্যমত তেওঁ নিশ্চয় আশাতীতৰূপে কৃতকাৰ্য্য হৈছে। ‘কেচামালে’ৰে তেওঁ মুখৰোচক খাদ্য প্ৰস্তুত কৰি প্ৰশংসাভাজন হৈছে। তেওঁ যদি এই ফিল্মৰ কাৰ্য্য আজি হাতত নল’লেহেঁতেন কমপক্ষেও আৰু কুৰি বছৰৰ ভিতৰত সি হৈ নুঠিলেহেঁতেন বুলি মোৰ বিশ্বাস। তেওঁৰ ‘জয়মতী’ ফিল্মে টোপনিত লালকাল হৈ পৰি থকা অসমক নিশ্চয় জগাব। আমাৰ কোনো কোনোৱে কলিকতীয়া হৈ বা বিলাতলৈ গৈ ‘হলিউড’ৰ ‘ফিল্ম-পিকচাৰ’ৰে সৈতে ‘জয়মতী’ ফিল্ম ৰিজাই তাক নিন্দা কৰিবলৈ যায়, তেন্তে ইংৰাজী সাহিত্য দেখি আজিকালিৰ অসমীয়া সাহিত্যক নিন্দা কৰিবলৈ যোৱা যেন হ’ব। গৰুণ্ডৰ উৰাও দেখি টিপচীয়ে যদি ভাবে যে, মই তেনেকৈ উৰিব নোৱাৰোঁ যেতিয়া টিপচী উৰাও মাৰি লোকৰ হাঁহিয়াতৰ পাত্ৰ নহওঁ, তেন্তে টিপচীয়ে ভুল কৰিব। প্রকাণ্ড বৰগছজোপাৰ গুটি এটি সৰিয়হ এটাৰ সমান। সেয়ে বৰগছৰ প্ৰাণ আৰু পূর্বাৱস্থা। লােকৰ কাম ‘কৃটিচাইজ’ কৰাটো বৰ উজু ; কিন্তু তেনে কাম নিজে কৰাটো বৰ টান। বন্ধুভাৱে সহানুভূতিৰে ক্ৰুটি দেখুওৱাটো এটা কথা আৰু বিৰুদ্ধভাৱাপন্ন হৈ ‘কৃটিচাইজ’ কৰাটো আন জাতৰ কথা। আইৰ ঢকাটো আৰু মাহীআইৰ খকৰা মুকুটিটোৰ ভিতৰত প্ৰভেদ অনেক।

আজিলৈ ইয়াকে মাথোন কওঁ –  যোৱা, ‘জয়মতী’ ফিল্ম হাতত লৈ ‘চিত্রলেখা মুভীটোন কোম্পানি’ অসমলৈ যোৱা। সতী জয়মতীৰ পবিত্র কীর্তি-কাহিনীৰে জয়সাগৰৰ পাৰত নতুন জয়দৌল স্থাপন কৰাগৈ। অসমৰ আইটীসকলে কাষত মংগল-কলহ লৈ মুখেৰে জয়মতীৰ অমৰ কীর্তিৰ নাম গাই সেই সাগৰৰ পৰা পানী তুলি আনি, সেই দৌলৰ ভিতৰত স্থাপিত দেৱী প্রতিমাৰ মূৰত ঢালি জয়মতীক নোৱাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে – অকল অসম কিয়, গোটেই পৃথিৱীৰ সতীসকলক – জয়মতীৰ প্রদীপ্ত গৌৰৱৰ উদাহৰণেৰে অনুপ্রাণিত কৰক।

এই বুঢ়াৰ এই আশা। পূর্ণ হ’ব নে নহয়, ঈশ্বৰে জানে।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.5 / 5. ভোট : 39

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!