‘অগ্নিস্নান’ ছবিৰ জৰিয়তেই ডঃ ভবেন্দ্ৰ নাথ শইকীয়া নামৰ ব্যক্তিজনৰ সান্নিধ্যলৈ আহিছিলো। এদিন হঠাৎ মই চাকৰি কৰা কাৰ্যালয়লৈ ট্ৰাংককল এটা আহিল। ৰিচিভাৰ তুলিয়েই শুনিলো–“মই ভবেন শইকীয়াই কৈছো দেই। তুমি মই পঠোৱা চিঠি পাইছা নেকি?” কৈছিলো–“নাই পোৱা” তেওঁ কৈছিল–“দুখনকৈ লিখিছো ৷ এখন তোমাৰ অফিচৰ ঠিকনাত, আনখন ঘৰৰ। চিঠি হেৰুওৱাৰ ভয়তে দুখনকৈ লিখিছো এখন নাপালে আনখন পাবা। কথা হ’ল, তুমি এইটো সপ্তাহৰ ভিতৰতে মোক লগ ধৰি যাবহি লাগে। ছবি এখন কৰাৰ কথা ভাবিছো। সেইটো কাৰণতে তোমাৰ সৈতে কথা আছে। আহিব পাৰিবা?”
ছাৰে শিল্পী তথা কলা-কুশলীৰে যোগাযোগ কৰাৰ ধৰণটো এনেকুৱা যে, কৰিবলগা ছবিখনৰ বিষয়ে সামান্য বিৱৰণ দি চিঠি পঠিয়ায় আৰু চিঠিখন ডাকত দিয়াৰ ঠিক পাঁচ-ছদিন পিছত টেলিফোনেৰে উত্তৰ লয়। ইতিমধ্যে চিঠি পঢ়ি বিষয়টোৰ সৈতে অৱগত হৈ থকা যায়, ফলত দূৰণিবটীয়া টেলিফোনত উত্তৰবোৰ কম সময়তে দিব পৰা যায়।
অফিচৰ পৰা ঘৰলৈ আহি সেইদিনাই এন্ভেলপ এটা পাইছিলো। নিব-পেনেৰে লিখা চিয়াহীৰ দহটামান শাৰী, তাৰ তলত বশিষ্ঠপুৰৰ ঘৰলৈ যোৱা ৰাস্তাটো অঁকা আছে। ৱায়াৰলেছ চেণ্টাৰটো অঁকা আছে – ঘৰৰ বাইলেনটোৰ সমুখত সৰু চাৰিচুকীয়াকৈ অঁকা নক্সা য’ত ‘গুমটি’ বুলি লেখা আছে। নক্সা মতে এদিন তেওঁৰ ঘৰ ওলালোগৈ। দেখিয়েই ক’লে – বহা ৷ বগা পাঞ্জাবি, বগা পায়জামা আৰু এড়ী চাদৰ গাত লৈ চোফাখনত বহি মোলৈ একেথৰে চাই আছিল তেওঁ।
: কিহেৰে আহিলা তুমি? বহুদিনীয়া চিনাকি এজনক সোধাৰ দৰে মোক প্রশ্ন কৰিলে।
: কন্যাপুৰ ট্ৰেভেল্ছৰ গাড়ীত।
: এ. এছ. টি. চি.ৰ বাছবোৰ আজিকালি বৰ বেয়া হৈ গৈছে নেকি বাৰু?
: ছিটবোৰ বেঞ্চৰ নিচিনা যে। মূৰটো আওজাই থ’বলৈ ছিটৰ ওপৰফালে খালী ৷ সেইকাৰণে।
: ভাড়া বেছিকৈ লয় এইবোৰ গাড়ীত? কিমান ল’লে? কৈছিলো। কিবা এটা ভাবি তেওঁ পুনৰ সুধিছিল—
: ৰাস্তাত চাহ-তাহ কিবা খালানে?
: খাইছো। ৰসগোল্লা-নিম্কি। যিখন দোকানৰ সমুখত গাড়ীখন ৰয়, মানুহে খাওক- নাখাওক সকলোকে ৰসগোল্লা-নিম্কি দি যায়।
: বাৰু। –এইবুলি তেওঁ ক্ষন্তেক ৰ’ল।
পুনৰ ক’লে-_
: তুমি প্রান্তিক’ আলোচনীখন পঢ়ানে?
: তেনেকৈ পঢ়া নাই। তেজপুৰত এখন ফাৰ্মাচীত প্রায়ে সন্ধিয়া আমি কেইজনমান বহো। ফাৰ্মাচীৰ বন্ধুজনে প্ৰান্তিক লয়। তাতে কেতিয়াবা পঢ়ো।
: ‘অন্তৰীপ’ নামৰ উপন্যাস এখন ধাৰাবাহিকভাৱে ওলাইছে প্ৰান্তিকত। তাৰে প্রথম অংশটোৰে ছবি এখন কৰিম বুলি ভাবিছো। তাতে মদন, আচলতে মদন চোৰ–, সেইটো চৰিত্ৰৰ কাৰণে মই মানুহ বিচাৰিছো। বাকীবোৰ পাইছো। এড্ভাৰ্টাইজমেন্ট এটা দিছিলো। সেইমতে কামত নাহিল। তেজপুৰত তুমি বাৰু নিয়মিতভাৱে আলোচনীখন লোৱা মানুহ এজন পাবানে? যদি পোৱা, উপন্যাসখন পঢ়িবা।
এটা সময়ত ছাৰৰ ঘৰৰ পৰা উভতিলো ৷ বাহিৰৰ লোহাৰ গেটখনৰ ওচৰলৈকে ওলাই আহিল তেওঁ বিদায় লৈ খোজ লওঁতে সকলো শংকা, ভয় পলাই পত্ৰং দিলে। বাহ! এনে সুন্দৰকৈ কথা কয়! বেগাই খোজ দিছিলো স্ফূৰ্তিতে, কাৰণ ছবিখনৰ বাবে মোক ছিলেক্ট কৰিছে। দূৰৰ পৰা এবাৰ এনেয়ে ঘূৰি চালো। দেখিলো মানুহজনে গেটৰ বাহিৰ ওলাই মোলৈকে চাই আছে। সেইদিনা তেওঁ চাহ খাওঁতে, কথা কওঁতে মোক গভীৰভাৱে লক্ষ্য কৰিছিল, কিয়?

মৰিগাঁৱৰ বঘৰাত অগ্নিস্নানৰ শ্বুটিং চলিছে। এবাৰ নহয় তিনি-চাৰিবাৰকৈ ৰাতি লোড-শ্বেডিং হয় বঘৰাত। শ্বুটিঙত যতি পৰে। আন্ধাৰৰ সুযোগতে কোনো কোনোৱে দল বান্ধি চিগাৰেট ছুপি দেহ-মনৰ ক্লান্তি আঁতৰোৱাৰ চেষ্টা চলায়। ছাৰ আঁতৰি গুচি যায়। কিন্তু ক’লৈ? আচলতে ছাৰ ক’লৈকো নাযায় শবুটিং চলি থকা মহেন্দ্ৰ বৰুৱাৰ ঘৰটোত কিমান যে কোঠালি ছাৰ সোমাই থাকে তাৰে কোনোবা এটাত৷ ডিচেম্বৰৰ চেঁচা নিজম ৰাতি। বুকু ফুলা ছুৱেটাৰটোৰ আটাইকেইটা বুটাম মাৰি তাৰ ওপৰত এড়ী চাদৰখন; ভাঁজ কৰি চুটি কৰি লোৱা বান্দৰ টুপীটো মূৰত। লোড-শ্বেডিঙৰ সময়ত এইৰূপত ছাৰক আৱিষ্কাৰ কৰো বৰুৱাৰ ঘৰৰ কোনোবা এটা কোঠাত। ৰাতি যেই কাৰেণ্ট গ’ল, লগে লগে কান্ধত ওলোমাই ফুৰা কাপোৰৰ মোনাখনত ছাৰে হাত ভৰায়। কাগজ, কলম, জুইশলা, মমবাতি, আঠা, আলপিন, ছেফ্টিপিন আদিৰে ভৰি থকা মোনাখনৰ পৰা মমবাতি এডাল উলিয়াই জ্বলাই লৈ লিখা কামত নিমগ্ন হৈ পৰে। যদি কাষলৈ গৈ কোনোবাজনে সোধে–‘’ছাৰ, মমৰ পোহৰত লিখিছে?” ছাৰে কয়-_“অ’, এইখিনি মোৰ ৰুটিনৰ কাম, ছবিৰ কামটো উপৰুৱা দৰকাৰী কাম। এতিয়া দুয়োটা কাম একেলগে হৈ থাকিব লাগে। কাৰেণ্ট যেতিয়া আছিল ছবিৰ কামটো হৈ আছিল। এতিয়া নাথাকোতে লিখা কামটো হ’ব পৰাকৈ পোহৰৰ ব্যৱস্থা আছে। অভ্যাস আছে…।”
এনে কথাবোৰে ছাৰৰ প্ৰতি শ্ৰদ্ধাৰে মন ভৰাই তোলে। ‘কোলাহল’ৰ শ্বুটিঙৰ সময়ৰ কথা। মই যিটো দিনত কাম শেষ কৰি তেজপুৰলৈ উভতি চাকৰিত যোগদান কৰিম, সেইটো দিনত সাধাৰণ দুটামান শ্বটৰ বাবে ৰৈ যাবলগা হ’ল। ছাৰে মোক কেবাবাৰো সুধিলে – “অৰুণ, তোমাৰ ছুটী আজিলৈকেহে আছিল। কাইলৈ জইন্ কৰিব লাগিব। গুৱাহাটীৰ পৰা যোৱা গাড়ীয়ে জানো দহ বজাৰ আগেয়ে তেজপুৰ পোৱাই দিব পাৰিব?” পিছদিনা নিচেই পুৱাতে এখন সৰু গাড়ী ৰিজাৰ্ভ কৰি আমাক (লগত মোৰ পত্নীও) পঠিয়াই দিলে। আমিও ঘৰ পাই একোগিলাচ পানী খাই সেইখন গাড়ীকে লৈ যেতিয়া কাৰ্যালয় পালোগৈ—সময় দহ বাজি পোন্ধৰ মিনিট । এইজনেই ছাৰ। সকলোৰে বাবে সমানে ভবা বিৰল ব্যতিক্ৰমী ব্যক্তিত্বৰ সেই মানুহজন।
