এইবাৰ বহু ব্যস্ততাৰে বহু ঠাই(অসমৰ) ঘূৰিব লগা হৈছে, বিশেষকৈ বিহুৰ বাবে। শ্বিলং, গুৱাহাটী (মধ্য, পশ্চিম, নিউফিল্ড) বকো, ৰঙাপাৰা, মধ্য তেজপুৰ, আমিনগাঁও আদিৰ মৰমৰ আহ্লানত সেই সেই ঠাইৰ সহৃদয় ৰাইজ, সংগঠকবৃন্দৰ সৌন্দৰ্য্যবোধক সেৱা কৰিছোঁ পাৰ্য্যমানে – জয়ন্ত, ইন্দ্ৰ বণিয়া, পদ্ম বৰুৱা আৰু উৎপল বৰুৱাৰ সহযোগত। তাৰ উপৰি, আৰু এটি দায়িত্ব মোৰ ওপৰত পৰিছে। সেইটো হ’লঃ বন্ধু আত্মাৰামৰ এখন বৰ ডাঙৰ হিন্দী ছবিৰ অসম আৰু মেঘালয়ত দৃশ্য গ্ৰহণ কৰাত
আত্মাৰামৰ কি ছবি অসমত হৈছে ?
ফিল্মৰ খবৰ নৰখাসকলৰ বহুতে আত্মাৰামক, চি এইছ আত্মা নামৰ গায়কজন বুলি ভুল কৰে। তেওঁ আচলতে বিখ্যাত বোলছবি-নিৰ্ম্মাতা গুৰুদত্তৰ সৰু ভায়েকহে। তেওঁৰ এজন ভায়েক এতিয়া টেলিভিশ্বনৰ বাবে ফিল্ম কৰাত ব্যস্ত। তেওঁৰ মাথোঁ, এগৰাকী ভনী। নাম ললিতা। বৰ সুন্দৰ পেইণ্টাৰ। তেওঁৰ আৰ্টৰ বহু প্ৰদৰ্শনী এম. এফ. হুছেইন আদিৰ সৈতে হৈ গৈছে- জাহাঙ্গীৰ আৰু তাজ আৰ্ট গেলেৰীত। তেওঁৰ ছবিৰ বিষয়বস্তু ভাৰতীয় ধৰ্ম্মীয় ঐতিহ্যৰ – ভাৰতীয় ধৰণৰ এবষ্ট্ৰেক্ট। তুলিকাৰে আধ্যাত্মিকতাৰ সৌন্দৰ্য্যৰ আভাস দি গভীৰ চিন্তাৰ পৰিচয় দিয়ে বুলি বহু সৰ্ব্বভাৰতীয় আৰ্ট ক্ৰিটিকে তেওঁক শলাগিছে। কামৰূপৰ তান্ত্ৰিকতাবাদৰ বিষয়ে তেওঁ বৰ্ত্তমান study কৰি কিছু কেনভাছ অঁকাত ব্যস্ত। ললিতাৰ স্বামী উৰাজাহাজৰ পাইলট অফিচাৰ। আত্মাৰামৰ মাতৃ এসময়ত কলিকতাত শিক্ষয়িত্ৰী আছিল। তেওঁ নিজৰ মাতৃভাষা কোঙ্কনিজলৈ (তেওঁলোক কঙ্কনৰ ব্ৰাহ্মণ) শৰৎচন্দ্ৰৰ উপন্যাস অনুবাদ কৰিছে। গুৰুদত্তক অকালতে হেৰুৱাই মাতৃয়ে বিলাতৰ Burma Shell ত উচ্চ পদত থকা সৰু পুত্ৰ আত্মাৰামক মতাই আনি গুৰুদত্ত ফিল্মচ্ কম্বাইনৰ ভাৰ লোৱাইছিল।
লণ্ডনত তিনিবছৰ থাকি আত্মাৰাম Shell Organization-অৰ হৈ দক্ষিণ আমেৰিকা, আমেৰিকা, লণ্ডন, ফ্ৰান্স আদিত বহুতো লেখত ল’বলগীয়া বৈজ্ঞানিক ডকুমেন্টেৰী কৰিছিল- যিবোৰ এতিয়াও দুলীয়াজান, ডিগবৈ আদিত দেখুওৱা হয় বুলি সিদিনা শ্ৰীজগদীশ ফুকন আৰু শ্ৰীঅতুল শৰ্ম্মাদেৱে (AOC আৰু Oil India-ৰ প্রচাৰ বিভাগৰ
ক্ৰমে উচ্চপদস্থ বিষয়াদ্বয়)কৈছে আমাক। কমাৰ্চিয়েল ছবি
কৰা শিকিছে বিখ্যাত ককায়েক গুৰুদত্তৰ সহায়কৰূপে। বাজী, পিয়াসা, চৌদবী কা চাঁদ, চাহেব বিবি গোলাম, কাগজ কা ফুল আদি যুগান্তকাৰী ছবি কৰোতেও আত্মাৰাম ককায়েকৰ ছাঁ হৈ আছিল।
ককায়েকৰ মৃত্যুৰ পাচত তেওঁ গুৰুদত্ত ষ্টুডিঅ’টোক নটৰাজ ষ্টুডিঅ’ নাম দি পাৰ্টনাৰশ্বিপত পৰিণত কৰিলে। পাৰ্টনাৰ হ’ল শক্তি সামন্ত (আৰাধনা, কাটি পতং খ্যাত), ৰামানন্দ সাগৰ (‘গীত’ খ্যাত), মেহৰা(লাল পাখৰ খ্যাত), প্রমোদ চক্ৰৱৰ্ত্তী (নয়া জমানা খ্যাত) আৰু আত্মাৰাম নিজে (শিকাৰ, চন্দা ঔৰ বিজলী, উমঙ্গ আদি খ্যাত)। সকলোৱে মিলি আত্মাৰামক কৰিলে মেনেজিং ডাইৰেক্টৰ। গতিকে, এক কথাত ভাৰতৰ বোলছবি-জগতৰ বহু সফল কমাৰ্চিয়েল ছবি, আত্মাৰামৰ তত্বাৱধানত থকা এই বিখ্যাত ‘নটৰাজ ষ্টুডিঅ’ৰ পৰাই ওলোৱা। আত্মাৰামে মাথোঁ ফিল্ম টেক্নিচিয়ানৰ মঙ্গলৰ বাবেই এটি হস্পিতাল আৰু তেওঁলোক থাকিবলৈ এটি ঘৰ সজাইছে ‘মেমচাহাব’ৰ লাভেৰে! ই বোলছবি-জগতত বিৰল। আগতে হেনো বোম্বে টকীজতহে এটি চিকিৎসালয় আছিল। ভাৰতত ফিল্ম টেক্নিচিয়ানৰ বাবে এই ব্যৱস্থা আৰু ক’তো নাই। ই আত্মাৰামৰ সু-আদৰ্শৰ কথাকে সূচায়। আত্মাৰাম এসময়ত ট্রেড ইউনিয়নৰ নেতাও আছিল। আত্মাৰামে আৰু এটা ভাল কাম কৰিছে- সেইটো হ’ল পুণা ফিল্ম ইন্সটিটিউটৰ পৰা ওলোৱা কেইবাজনো ডেকাক তেওঁ পৰিচালনা, অভিনয় আদিত সুযোগ দিছে – যেনে, ছড়া, আচৰানি আদিক। বছৰি পুনা ইন্সটিটিউটত তেওঁ ‘গুৰুদত্ত স্কলাৰশ্বিপ্’ এটি দিয়ে অভিনয় বিভাগত।

আজি প্রায় ২৫ দিন ধৰি আত্মাৰামৰ (নাম নিদিয়া) এই ছবিখনৰ বহিৰ্দৃশ্য গ্ৰহণ মেঘালয়ত হৈ আছে। ২৫ এপ্ৰিলৰ (১৯৭২ চন) পৰা শ্বুটিং হ’ব মাৰ্ঘেৰিটা অঞ্চলত। দেৱানন্দ, শৰ্ম্মিলা, জনী ৱাকাৰ, জয়শ্ৰী টি, ৰমেশ দেউ, ৰাজ মেহৰা, আচৰানি, কানন কৌশল, ললিতা পাৱাৰ, প্ৰাণ, সুজিত কুমাৰ আদি এই ছবিৰ শিল্পী। সকলো কাইলৈ মাৰ্ঘেৰিটালৈ আহিব আৰু প্ৰায় ৭ মে’ মানলৈ ইয়াত থাকি দিনে-নিশাই কাম কৰি যাব। বিখ্যাত কেমেৰামেন মূৰ্ত্তি (দুবাৰ ফিল্মফেয়াৰ এৱাৰ্ড পোৱা) আৰু সহকাৰী প্রভাকৰ হ’ল আলোকচিত্ৰ-শিল্পী। মূৰ্ত্তিয়ে গ্ৰীচত ‘গানছ অব্ নাভাৰোনে’ ছবিৰ, আলোকচিত্ৰ গ্ৰহণ কৰিছিল। কলা-কুশলী আহিছে সৰ্ব্বমুঠ ১০০ জন। সঙ্গীত পৰিচালক হল শ্ৰদ্ধেয় শচীনদেৱ বৰ্ম্মন আৰু গীতিকাৰ হ’ল আনন্দ বক্সী। কণ্ঠশিল্পী হ’ল কিশোৰ, লতা আৰু নৱাগত ডেনী (পুণা ফিল্ম ইন্সটিটিউটৰ বৰ্ত্তমান অধ্যাপক)। ছবিখন ইষ্টমেন কালাৰত কৰা হৈছে। কাহিনীটো ৰঞ্জন বোসে লিখা এটি FICTION, কাল্পনিক জনজাতি পৰিয়াল এটিৰ সৈতে দিল্লীৰ POLITICAL OFFICER এজনৰ সম্বন্ধৰ কথা ইয়াত নাটকীয়ভাৱে তুলি ধৰা হৈছে। ছবিখনত পাহাৰীয়া ঠাইৰ পটভূমিকা দৰ্কাৰ। এই ছবি কাশ্মীৰত বা হিমাচল প্ৰদেশত, মানালিত, বা কুলুভেলিত হ’ব পাৰিলেহেঁতেন। কিন্তু আত্মাৰামে চাৰিবাৰমান মোৰ সৈতে অসমলৈ আহি অসম, মেঘালয় আৰু অৰুণাচল দেখি এই অঞ্চলৰ প্রাকৃতিক সৌন্দৰ্য্যৰ এক প্রকাৰ প্ৰেমত পৰিয়েই এই ছবি ইয়াত কৰিছেহি। শ্বিলঙৰ বিহুতলীত ডিঙিত গামোচা লৈ শৰ্ম্মিলা আৰু আত্মাৰামে অসমীয়া ৰাইজলৈ সিদিনা বিহুৰ ওলগ সন্মানেৰে জনাইছে। এই বিখ্যাত শিল্পীসকলৰ লগতেই মই ৯ মে’লৈ থাকিম। কাৰণ, অসমত বন্ধু এজনে ছবি কৰিলে অসমীয়া এজনে আৰু অসমীয়া হেজাৰে সহযোগিতা কৰিব পায়। মেঘালয়ত মন্ত্ৰীৰপৰা খৰিভাৰী সকলোৱে হাঁহি মুখে সহায় কৰিছে।
মাৰ্ঘেৰিটাতো ART Company, Assam Oil Company আৰু ওচৰৰ নামদাং চাহ বাগিচাৰ Mr Furst আদিয়ে দলটোক সকলো প্রকাৰে সহায় কৰিছে। ৯ মে’লৈ ইয়াত থাকি আত্মাৰাম যাবগৈ টিৰাপলৈ। তাতো এই ছবিখনৰ বাবে তেওঁ কিছু অংশ শ্বুটিং কৰিব। অৰুণাচলৰ Col. Raja, ত্ৰৈলোক্য খাউণ্ড আদিয়ে এই বিষয়ে প্ৰচুৰ সহায় কৰিছে। কাল্পনিক জনজাতীয়ৰ কাহিনী যদিও, ইয়াত বাস্তৱ সমস্যা থাকিব বুলি বিশ্বাস কৰা হৈছে। – এওঁলোকক ১৫ মে’ত বিদায় দি মই “FOR WHOM THE SUN SHINES” নামৰ সাংস্কৃতিক প্ৰামাণ্য চিত্ৰখনৰ শ্বুটিং অৰুণাচলৰ দিহিঙে-দিপাঙে এমাহ কাল কৰিম। মোৰ Camera Crew লগত থাকিব। ইষ্টমেন কালাৰৰ তিনি হেজাৰফুটটীয়া এই ছবিখনৰ সম্পাদনা হৃষীকেশ মুখাৰ্জ্জীয়ে কৰিব আৰু আৰ্ট ডিৰেকশ্বনত থাকিব অ’ চি. গাঙ্গুলী। অৱশেষত ছবিখনৰ নাম দিলে ‘ইয়ে গুলিস্তাঁ হামাৰা’।
(আমাৰ প্রতিনিধি আলোচনীৰ ১৯৭২ চনৰ মে’ সংখ্যাত প্ৰকাশিত)
