সোণালী পৃষ্ঠা

অসমত ফিল্ম শিল্প গঢ়াত অসমীয়া দৰ্শকৰ দায়িত্ব

জ্যোতিপ্ৰসাদ আগৰৱালা

অসমত প্রথম কথাছবি ‘জয়মতী’ প্রযোজিত হোৱাৰ পিছত আজি ষোল্ল বছৰেও অসমত এটা ‘ষ্টুডিঅ’ স্থাপন কৰি অসমীয়া ফিল্ম-শিল্পক স্থায়ী গঢ় দিব নোৱৰাটো  অসমীয়া ফিল্ম প্ৰযোজককেজনৰ বাবে যে লাজৰ কথা হৈছে এনে নহয়, ই অসমীয়া দৰ্শক তথা অসমীয়া জাতিৰেই এটা অক্ষমতাৰ পৰিচায়ক কথা হৈ পৰিছে। অসমীয়া জাতীয় জীৱনৰ এই অত্ৰাহি অৱস্থাত অসমীয়া ভাষা-সংস্কৃতিৰ এটা সন্ধিক্ষণত ভাষা-সংস্কৃতি প্রচাৰ আৰু ৰক্ষাৰ আধুনিক এক শক্তিশালী আৰু প্রভাৱশালী অস্ত্ৰ অসমীয়া ফিল্মৰ এটা স্থায়ী প্রতিষ্ঠান গঢ়ি নুঠাটো আমাৰ কাৰণে শুভলক্ষণ নহয়। আৰু এই প্ৰতিষ্ঠান গঢ়াত অসমীয়া ফিল্মৰ দৰ্শকসকলৰো যে প্ৰযোজক আৰু শিল্পীসকলৰ সমানেই গধুৰ দায়িত্ব আছে আৰু এই বিষয়ে অসমীয়া প্ৰযোজক আৰু শিল্পীসকলৰ কঁকালত কেনেকৈ অসমীয়া দৰ্শকে বল দিব পাৰে তাৰ বিষয়ে দুআষাৰ কবলৈ আগবাঢ়িলোঁ।

অসমত অসমীয়া ফিল্ম শিল্পৰ বুৰঞ্জী এক বেজাৰৰ কাহিনী। ১৯৩৩ চনত মই চিত্ৰবন প্ৰতিষ্ঠা কৰি প্রথম অসমীয়া কথাছবি ‘জয়মতী’ৰ প্ৰযোজনা কৰোঁ। এখন অসমীয়া কথাছবি উলিওৱা সেই সময়ত এটা অসম্ভৱ কথায়েই আছিল। প্রথমতে এখন কথাছবিত যি টকা ব্যয় কৰিব লাগে তাক উলিওঁৱাটোৱেই আছিল প্ৰধান অন্তৰায়। তাৰ পাছত অসমীয়া অভিনেত্ৰী ওলোৱাত সামাজিক বাধা। তৃতীয়তে, এখন কথাছবি ৰাইজৰ মনোৰঞ্জককৈ কৰিবলৈ যিখিনি ব্যয় কৰিব লাগে অসমৰ মাত্র অসমীয়া প্ৰধান ছখন জিলাৰপৰা নুঠে। যদিও মৰসাহ দি মই ‘জয়মতী’ৰ বাবে ধন উলিয়ালোঁ আৰু নানা পুৰুষাৰ্থ কৰি-যুঁজ-বাগৰ কৰি অসমীয়া ছোৱালীক ফিল্ম-শিল্পত লগালোঁ তথাপিও ষ্টুডিঅ’ স্থায়ী কৰিবলৈ যি ‘জয়মতী’ৰ পৰা আৰ্থিক বল পাব লাগিছিল সেয়ে নহ’ল। ছবিখন শব্দ যোজনাৰ ক্ৰুটি হ’ল-ফটোগ্ৰাফীতো মাজে মাজে খুঁত থাকিল। অসমীয়া দৰ্শকৰপৰা যদিও ছবিখনে যথেষ্ট সমাদৰ পালে কিন্তু সেই সময়ত চিনেমা চোৱা ৰাইজ (cinema going public) বৰ তাকৰ থকাত ‘জয়মতী’ত চিত্ৰলেখা মুভিট’নৰ প্রায় ত্ৰিশ হাজাৰ টকা লোকচান হ’ল। চিত্রবনত চিত্ৰলেখা মুভিট’নৰ এট সম্পূৰ্ণ চাউণ্ড ষ্টুডিঅ’ আছিলেই৷ কেমেৰা, চাউণ্ড ৰেকডিং যন্ত্ৰ আৰু লেবৰেটৰী। যদি এই টকাখিনি চিত্ৰলেখাই লোকচান ভৰিবলগীয়া নহলহেঁতেন তেন্তে চিত্ৰবনৰ ষ্টুডিঅ’ স্থায়ী হৈ এই যোল্ল বছৰে সি অসমৰ এটা বৃহৎ প্রতিষ্ঠান হৈ অসমীয়াৰ হাতৰ এটা শক্তিশালী অস্ত

জ্যোতিপ্ৰসাদ আগৰৱালা

হৈ পৰিলহেঁতেন। ‘জয়মতী’ প্ৰযোজনাৰ সমস্ত ক্ৰাটৰ দায়িত্ব মই কেতিয়াও অস্বীকাৰ নকৰো। কিন্তু তাৰ লগে লগে অসমীয়া দৰ্শক আৰু সমালোচকসকলে যি সহনশীলতা দেখুৱাব লাগিছিল আৰু অসমীয়া চালুকীয়া ফিল্ম-শিল্পক বি চকুৰে চাব লাগিছিল সেইদৰে নোচোৱাৰ বাবেও আমাৰ দুখ। ‘জয়মতী’ কথাছবিত টেকনিকেল ক্ৰটি যদিও আছিল তথাপিও অসমীয়া কথাছবি হিচাবে তাত মন কৰিবলগীয়া কথাও কম নহয়। কিন্তু দুখৰ বিষয়, সেই সময়ত সাহিত্যিক আৰু কিছুমান অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য বুজোতাই যদিও ‘জয়মতী’ৰ অসমীয়া সংস্কৃতিৰ ফালৰপৰা তাৰ মূল্য উপলব্ধি কৰি প্রশংসাৰে আমাক উৎসাহিত কৰিছিল তথাপিও প্রায় সমালোচক আৰু দৰ্শকেই ‘জয়মতী’ ছবিক হকে বিহকে থকা-সৰকাকৈ সমালোচনা কৰি আৰু বঙালী আৰু হিন্দুস্থানী ছবিৰ দৰে থিয়েটৰী ভাবপ্ৰৱণ আৰু কৃত্ৰিম অভিনয় আৰু সেই ধৰণৰ পৰিচালনা নাপাই ‘জয়মতী’ৰ বৈশিষ্ট্য বুজিব নোৱাৰি বৰ কঠোৰ ভাবেৰেই সমালোচনা আৰু যিহকে তিহকে মন্তব্য কৰিছিল। সমালোচকসকলৰ এনে কঠোৰতাই কেচুৱা ফিল্ম-শিল্পক যে আঘাত নকৰাকৈ আছিল এনে নহয়।

সাধাৰণতে বঙালী আৰু হিন্দুস্থানী কথাছবিবোৰ বৰ অস্বাভাবিক। মঞ্চাভিনয় আৰু চিত্ৰাভিনয়ৰ পার্থক্য আনকি বিখ্যাত বঙালী ফিল্ম আৰু হিন্দুস্থানী ফিল্ম ডিৰেক্টৰসকলেও কৰিব নোৱৰা যেন দেখা যায়। যিসকলে ইংৰাজী আৰু হিন্দী ফিল্ম ৰিজাই চাইছে তেওঁলোকে নিশ্চয় এই কথা বুজে মঞ্চাভিনয় হৈছে কৃত্ৰিম(artificial) আৰু চিত্ৰাভিনয় হৈছে স্বাভাৱিক(natural) । সেইদৰেই ফিল্মৰ পৰিবেশো হ’ব লাগিব স্বাভাৱিক ৷ কিন্তু আনকি আজিলৈকে বঙালী আৰু হিন্দুস্থানী ফিল্ম আচল ফিল্ম অভিনয়ৰ শাৰীলৈ আহিব পৰা নাই। এই বঙালী আৰু হিন্দুস্থানী ফিল্মবোৰে আমাৰ অসমীয়া দৰ্শককো সেই সাঁচতেই গঢ়ি তেনে ৰুচিসম্পন্ন কৰি পেলাইছে। ইংৰাজী আৰু আমেৰিকান প্রথম শ্ৰেণীৰ ছবি চাই তৃপ্তি পোৱা অসমীয়া দৰ্শকে এই কথাটো ভালকৈ উপলব্ধি কৰিব পাৰে। কিন্তু ভাৰতীয় সাধাৰণ চিনেমা দৰ্শকৰ এনে ৰুচি হোৱাৰ ফলত ঠিক যি ধৰণে পৰিচালনা আৰু অভিনয় কৰিলে উপযোগী ফিল্ম পৰিচালনা আৰু অভিনয় হব-তাক কৰিলেই প্রযোজকৰ বিপদ। কাৰণ ইফালে আকৌ অভ্যস্ত ৰুচিমতে নকৰিলে ফিল্মখন সৰবৰহী (Box Office Success) হৈ নুঠে। ভি.এছ. শান্তাৰাম এজন প্রথম শ্ৰেণীৰ ভাৰতীয় পৰিচালক। কিন্তু তেৱোঁ Box Office ৰ খাতিৰত ‘শকুন্তলা’ চিত্ৰত নিজকে কিমানখিনি তললৈ নমাই আনিছিল তাক এই বিষয়ে বুজোতাসকলে জানে। ‘জয়মতী’ ফিল্মতো এই সমস্যাই হৈছে। ‘জয়মতী’ ফিল্মখন ইংৰাজী আৰু ৰুছীয় ফিল্মৰ আচল ফিল্মীয় পৰিচালনা আৰু অভিনয়ৰে কৰিবলৈ চেষ্টা কৰা হৈছে। ‘জয়মতী’ত অভিনয়ৰ ভঙ্গী স্বাভাৱিক আৰু তাৰ উপৰিও অসমীয়া কথা কোৱাৰ বিশিষ্ট ভঙ্গী, অসমীয়া মাত-কথাৰ বিশেষ প্রশ্বন ইত্যাদিলৈ ইয়াত অতি সূক্ষ্মভাৱে মন দিয়া হৈছে। অসমীয়া বচন, প্রকাশ ভঙ্গী, ঠাঁচ ইত্যাদি যে আমাৰ সাধাৰণতে চলিত ষ্টেজবোৰতকৈ বহুত বেলেগ হোৱা উচিত তাকো এই ছবিত দেখুৱাব খোজা হৈছে। তৰুণ ফুকন, নবীন বৰদলৈ এইসকল আৰু আমাৰ সেই সময়ৰ জীৱিত সাহিত্যিক আৰু নেতাসকলৰ প্রায় ভাগেই অসমীয়া কওঁতে অসমীয়াৰ সৌন্দৰ্যা আৰু তাৰ নিজা বৈশিষ্ট্য প্ৰত্যেক শাৰীতেই ফুটাই কৈছিল। তেওঁলোকৰ নিভাঁজ বচনভঙ্গী, তাৰ উপৰিও কেবাবছৰো গাৱঁৰ বহুতো সম্ভ্ৰান্ত পৰিয়ালৰ মুনিহ-তিৰোতাৰ বচনভঙ্গী বিশেষভাৱে অধ্যয়ন কৰি মই ‘জয়মতী’ ফিল্মৰ বচনভঙ্গী সেইদৰে গঢ় দিওঁ যাতে আমাৰ উঠি অহা ল’ৰা-ছোৱালীয়ে অসমীয়া ভাষাৰ সৌন্দৰ্য্য উলিয়াই তাৰ নিজা বৈশিষ্ট্য ৰাখি কথা কব পাৰে, অভিনয়ত আবৃত্তি ইত্যাদি কৰিব পাৰে; আৰু আজি ৩০/৪০ বছৰে বঙালী নাটক অনুবাদ কৰি, কলিকতীয়া অভিনেতাসকলৰ বঙালী বচনভঙ্গীৰ অনুকৰণ কৰি আমাৰ অসমীয়া অভিনেতাসকলেও যেন অভিনয় বচনভঙ্গীৰ এটা নিজত্ব উলিয়াবলৈ ইঙ্গিত পায়। কিন্তু দুখৰ বিষয় যে যদিও উচ্চশিক্ষিত আৰু এই বিষয়ে অনুভব কৰোতা অতি কম সংখ্যক অসমীয়া লোকে এই প্রচেষ্টাত আৰু তাৰ কৃতকাৰ্য্যতাত সন্তোষ পালে। কিন্তু প্রায় ভাগেই এই কথাটো উপলব্ধি কৰিব নোৱাৰিলে-আৰু বহুতে পৰিচালকৰ অভিনয়, বচনভঙ্গী কেনে হব লাগে সেই বিষয়ে অজ্ঞ বুলিও নোকোৱাকৈ নাথাকিল। এতিয়া উলিওৱা নতুন সংস্কৰণ ‘জয়মতী’ত মই সেই অসমীয়া বচনভঙ্গী আকৌ সুস্পষ্টভাৱে, আগতকৈ আৰু সূক্ষ্মভাৱে চাই দিছোঁ। অৱশ্যে এতিয়াও বঙালী আৰু হিন্দী ফিল্মৰ বচনভঙ্গীত প্রভাৱিত হৈ সৰহভাগ দৰ্শকে এই বচনভঙ্গী সতকাই ভাল নাপাবও পাৰে। মোৰ কিন্তু উদ্দেশ্য নকৈ উঠি অহা অসমীয়া ল’ৰা ছোৱালী আৰু ডেকা-গাভৰুৰ আগত অসমীয়া বচনভঙ্গীৰ নিদৰ্শন দাঙি ধৰাহে। এইবাৰ এই কথাটো নতুনকৈ উঠি অহা ল’ৰা-ছোৱালীৰ এক-তৃতীয়াংশইয়ো ললেও মোৰ চেষ্টা সাৰ্থক হৈছে বুলি ধৰিম। আৰু এটা কথা যে মই ‘জয়মতী’ ছবিখন আৰু তাৰ অভিনেতাক একেবাৰেই বাস্তৱিক (realistic) দৃষ্টিৰে পৰিচালনা কৰিছোঁ যিটো সকলো ইংলিছ, আমেৰিকান আৰু ৰুছীয় প্রথম শ্ৰেণী ফিল্মৰ লক্ষণ। সেইকাৰণে মোৰ জয়মতীয়ে ৰাজসভাত বক্তৃতা দি -আন ঠাইত নানা ভাবপ্রৱণ বক্তৃতাৰে গোৰোহণি মৰা নাই। ধৈৰ্যশীলা, অল্পভাষিণী অসমীয়া সম্ভ্ৰান্ত বোৱাৰীয়ে নিজৰ কাৰ্য্যৰে, মৌনভাৱে, য’ত কথা কব লাগে মাত্ৰ তাতহে মাতি আৰু ঘটনাৰ মাজেদি নিজৰ কৰ্ম্মৰ দ্বাৰাই চৰিত্ৰবল দেখুৱাই যায়, সেইদৰেই ‘জয়মতী কো অঁকা হৈছে। অসমীয়া তিৰোতাৰ চৰিত্ৰ মই যিদৰে উপলব্ধি কৰিছোঁ সেই মতে ‘জয়মতী’ক ৰাইজৰ আগত দাঙি ধৰিছো ৷ নীৰবতা অসমীয়া চৰিত্ৰৰ প্ৰধান লক্ষণ। সেই লক্ষণ জয়মতী চৰিত্ৰত মই পৰিস্ফুট কৰিবলৈ চেষ্টা কৰিছোঁ।

ইয়াৰ পিছতে ‘জয়মতী’ কথাছবিত আৰু এটা অসমীয়া ৰাইজে মনযোগ দিবলগীয়া কথা হৈছে জয়মতী কথাছবিৰ দৃশ্যসজ্জা। মন কৰোতাই অলপ ভাবিলেই পাব যে আজিলৈকে অসমীয়া ৰজাদিনীয়া (বাঁহ-কাঠ স্থাপত্যৰ) ঘৰবাৰী আৰু তাৰ ভিতৰৰ সাজসজ্জা কেনেকুৱা আছিল তাৰ সঠিক ছবি কোনেও দিব নোৱাৰে। গড়গাৱঁৰ কাৰেং, ‘তলাতল ঘৰ ইত্যাদি যি ইটা আৰু পকীঘৰ আছে আৰু মঠমন্দিৰ আছে এইবোৰ বঙ্গদেশৰ পৰা অনা ঘনশ্যাম খনিকৰে গঢ়া আৰু পশ্চিমৰ ফালৰপৰা অনা খনিকৰে গঢ়া। অসম দেশ কাঠ-বাঁহৰ স্থাপত্যৰ বাবেই ভাৰত বিখ্যাত আছিল। পুৰণি কামৰূপী সভ্যতাৰ সময়ত শিলৰ মঠ-মন্দিৰ আৰু ৰাজপ্ৰাসাদ আছিল। কিন্তু আহোম ৰাজত্বৰ প্রথম ভাগৰেপৰা মাজভাগলৈ কাঠ-বাঁহৰ স্থাপত্যৰেই ঘৰ-বাৰীৰ স্থাপত্য আছিল। জয়মতী কথাছবিত ‘মেটেকা’ থকা ৰজাৰ ঘৰবাৰী ইটা-পকীৰ নাছিল। তাৰোপৰি গদাপাণি সেই সময়ত তুখং গাঁৱত কিছু বেয়া অৱস্থাত আছিল বুলি বুৰঞ্জীয়ে কয়।

আগৰ দিনৰ কাঠ-বাঁহৰ বিতোপন ঘৰ-বাৰীৰ নিদৰ্শন আজি ক’তো একো নাই। আজিলৈকে কোনো অসমীয়া প্রত্বতাত্বিকে বা চিত্ৰশিল্পীয়ে কোনো নিদৰ্শনকেই আঁকি আমাক দিয়া নাই। অসমীয়া বাঁহ-কাঠৰ ঘৰ-বাৰীৰ নিদৰ্শন আজিকালিৰ সত্ৰৰ ঘৰবাৰী, গাঁৱলীয়া সত্ৰান্ত মানুহৰ ঘৰ-বাৰীত আগৰ সেই বাঁহ-কাঠ স্থাপত্যৰ পিতলৰ, ৰূপৰ কামি খুওৱা বেৰ, হেঙুল হাইতাল বোলোৱা ৰুৱা-মাৰলী ইত্যাদিৰ একো নিদৰ্শন পাবলৈ নাই, কিছু আভাষহে পোৱা যায়। এই বাঁহ-কাঠ স্থাপত্যৰ একো নিদৰ্শন নোপোৱাত বিপদত পৰি মই বুৰঞ্জীবিদ ডঃ সূৰ্য্কুমাৰ ভূঞা, প্রত্বতান্বিক সৰ্ব্বেশ্বৰ কটকী, পুৰাতত্বিদ আনন্দ আগৰৱালা, ৰজনীকুমাৰ পদ্মপতি, সাহিত্যগুৰু পদ্মনাথ আৰু সাহিত্যৰথী বেজবৰুৱাকে আদি কৰি সাহিত্যিক, প্রত্নতাত্বিক শিল্পীসকলৰ সৈতেও নানা পুথি-পাজি চাই আলোচনা কৰি, শেষত সত্ৰৰ ঘৰ-বাৰী, অসমীয়া পুথিত থকা ছবি, অসমীয়া কাঁহীবাটি, কাপোৰ-কানি, ঘৰ-বাৰীৰ বিষয়ে কিম্বদন্তি  আৰু বিদেশী ভ্ৰমণকাৰীয়ে লিখাৰপৰা সমল গোটাই সেই বাটেদিয়েই কল্পনাক চলাই ‘জয়মতী’ৰ দৃশ্য সজ্জা ৰচনা কৰিলোঁ। কামৰূপৰ ভাল বাঁহ-কাঠৰ কাম জনা মানুহৰ দ্বাৰাই সেইবোৰ নিৰ্ম্মাণ কৰোৱা হৈছিল। পিছত দৃশ্য-সজ্জাই অসমৰ বাঁহ-কাঠ স্থাপত্যক জীৱন্ত কৰি তুলিলে বুলি সকলোৱে সন্তোষ প্রকাশ কৰিছিল। বেজবৰুৱা ডাঙৰীয়াই দৃশ্য-সজ্জা দেখি “দুই ঘণ্টা আহোম ৰাজ্যত সোমাই থকা যেন লাগিছিল” বুলি কৈছিল। ডঃ ভুঞা আদি সকলোৱেই দৃশ্য-সজ্জা সম্পূৰ্ণ অসমীয়া বাঁহ-কাঠৰ স্থাপত্যৰ হৈছে বুলি মন্তব্য কৰিছিল।

অৱশ্যে এইবোৰ আৰু সমৃদ্ধকৈ নিশ্চয় দেখুৱাব পাৰি। আমি অসমীয়া মানুহ আন প্রদেশৰ দৰে ধনী হোৱা হ’লে আৰু ‘ছিকন্দৰ’ৰ দৰে দহ লাখ টকা খৰচ কৰি ‘জয়মতী’ কৰিবলৈ পোৱা হ’লে অৱশ্যেই পৃথিবী তভক্‌ খুৱাব পৰা বাঁহ-কাঠৰ কাৰেং দেখুৱাব পাৰিলোঁহেঁতেন। পিছে মনটো থাকিলে কি হ’ব-সিফালে যে ধন নাই! অসমীয়া দৰ্শকসকলে যেতিয়া অসমীয়া কথাছবি চাই লাখ লাখ টকা খৰচ কৰি কৰা বঙালী, হিন্দুস্থানী কথাছবিৰ সৈতে ৰিজাই অসমীয়া ছবি কিয় তেনে সাজ-সজ্জাৰে নোলায় বুলি ভাবে আৰু ক্ষুণ্ণ হয় তেতিয়া সদায় অসমীয়া জাতিৰ আৰ্থিক অৱস্থা আৰু অসমীয়া কথাছবিখন যে মাত্র ছয়খন জিলাত থকা মানুহৰ আধাখিনি লোকসংখ্যা অসমীয়াৰ মাজত চলিব আৰু সেই জনসংখ্যাই দিয়া খোৰাক খাই অসমীয়া কথাছবিয়ে তিমানখিনিহে দিব পাৰিব তাকো যেন ভালকৈ মনত ৰাখে। ইয়াক মনত ৰাখিলেই অসমীয়া প্রযোজকক অসমীয়া দৰ্শকে কথাছবি শিল্প গঢ়াত এক প্রধান সহায় কৰা হ’ব।

অসমীয়া কথাছবি ভাল কৰাৰ এটা ডাঙৰ অন্তৰায় হৈছে, যিমান টকা ব্যয় কৰিলে এখন ভাল ছবি হয় তিমানখিনি টকা ছখন জিলাত প্ৰায়েই নুঠে আৰু উঠিলেও কোনোমতে কাণে কাণ মাৰিহে ৰক্ষা পৰে। অসমীয়া যি কেইখন ছবি ‘জয়মতী’ৰ পিছত ওলাইছে তাৰ ভিতৰত ‘ইন্দ্ৰমালতী’য়েই খৰচৰ উপৰিও কিছু লাভ দিয়ে। কিন্তু ইন্দ্ৰমালতী কটকিনাকৈ প্রায় বাৰ হেজাৰ টকাৰ ভিতৰত উলিওৱা হৈছিল। ইমান কম টকাৰে ছবি উলিয়াই সৰ্ব্বাঙ্গসুন্দৰ কৰিব নোৱাৰি। আজিকালিতো ষাঠি সত্তৰ হেজাৰৰ কমে ছবিকে উলিয়াব নোৱাৰি। এতিয়া ওলোৱা ছবি ‘চিৰাজে’ ৰাইজৰপৰা আশাতীত সমাদৰ পাইছে আৰু টকাও যথেষ্ট উঠিছে; কিন্তু তেনে ছবিৰ বাবে সেইদৰে খৰচো হ’ব। চিৰাজত প্রায় একলাখ টকা খৰচ হৈছে। হয়তো ‘চিৰাজত দহহেজাৰ বা বিশহেজাৰ টকা ওপৰঞ্চি ৰব। কিন্তু চিৰাজৰ দৰে সদায় যে প্ৰত্যেকখন ছবিয়েই এক লাখ টকা খৰচ কৰি উলিয়ালে ৰাইজৰ সেই সমাদৰ পাব তাৰো একো নিশ্চয়তা নাই। সেইকাৰণে এতিয়া প্ৰধান কথা হৈছে অসমীয়াৰ এটা নিজৰ ষ্টুডিঅ’ৰ আৱশ্যক৷ তেতিয়া বহুত কম খৰচত ছবি উলিয়াব পাৰিব আৰু এখনত কিছু লোকচান হ’লেও আকৌ এখন উলিয়াবলৈ সমৰ্থ হৈ থাকিব।

এই কথাটো মই আজি বহুত দিনৰ পৰা উপলব্ধি কৰিছোঁ। আজি যোল্ল বছৰেও আন যি কেইজন প্রযোজকে অসমীয়া ছবি উলিয়াইছিল তেখেতসকলে এই বিষয়ে আগবাঢ়িব নোৱাৰাত অসমীয়া শিল্পীসকলে আৰু নতুনকৈ উঠি অহা ডেকাসকলে অসমত এটা ষ্টুডিঅ’ স্থাপন কৰিবলৈ সদায় মোক ধৰি থকাত আকৌ এবাৰ চেষ্টা কৰি চাওঁ বুলি আগবাঢ়িব খুজিছোঁ। আৰু সেইবাবেই প্রথম কথাছবি ‘জয়মতী’ৰ শব্দসংস্কাৰ কৰি, আকৌ কিছু টকা ব্যয় কৰিও তাকে ৰাইজৰ আগলৈ অনা হৈছে। ৰাইজৰপৰা এই নতুন উদ্যমত আৰু অসমৰ শিল্প জগতৰ প্রধান অভাব এটা গুচোৱাৰ চেষ্টাত ৰাইজে সকলো দোষক্ৰটিলৈ নাচাই ‘জয়মতী’ৰ যোগেদি মোৰে সৈতে সহযোগ কৰিব বুলি আশা কৰিলোঁ।

(ৰচনাকাল, ১৯৫0)

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.9 / 5. ভোট : 71

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!