এই ৰায়, অসমীয়া ৰায়। গোৱালপাৰা জিলাৰ গোলোকগঞ্জৰ শ্ৰীযুত শৰৎ ৰায়ৰ (বর্ত্তমান চৰ্কাৰী চাকৰিৰপৰা অৱসৰপ্রাপ্ত) পুত্র শ্রীমান পীযুষৰ জন্ম হয় গুৱাহাটীত। দেউতাক শ্বিলঙত অসম চৰকাৰৰ কৰ্মচাৰী হৈ থকা কালত, পীযুষে ছেইন্ট এডমাণ্ডছ কলেজত বি. এছ. চিৰ প্রথম বার্ষিক শ্রেণীলৈকে পঢ়ে। তাৰ পাচতে, আর্থিক অৱস্থা টনকিয়াল নোহোৱা সত্তেও পুনালৈ গুচি আহে – ছাউণ্ড ইঞ্জিনীয়াৰিঙৰ ক’ৰ্ছ লবলৈ। অসম চৰকাৰৰ এটা বৃত্তিৰ বাবে পীযুষে কিমান যে চেষ্টা কৰিলে। অসম চৰকাৰক, এই লেখক এম. এল. এ. হৈ থাকোতে কিমান গালি-শপনি পাৰিলে! বিধানসভাৰ গেলেৰীত দর্শকৰ আসনত পীযুষ বহি থকা সময়তো এই লেখকে শিক্ষা বিভাগক সমালোচনা কৰিছিল পীযুষক বৃত্তি এটি দিয়াৰ সপক্ষে। তেতিয়াৰ ডি. পি. আই. অফিচে তেওঁক অৱহেলা কৰিলে। পিচে, গুণী ল’ৰাক ৰোধে কোনে?

১৯৬৮ চনত পুণা ফিল্ম ইন্সটিটিউটৰপৰা সুখ্যাতিৰে শব্দযন্ত্রীৰ ক’ৰ্ছত উত্তীর্ণ হৈয়েই ‘মেৰা নাম জকাৰ’ ছবিৰ ভাৰত বিখ্যাত শব্দযন্ত্রী আলাউদ্দিন চাহাবৰ তত্ত্বাৱধানত, স্বয়ং ৰাজ কাপুৰৰ নেতৃত্বত, পীযুষ সহ-শব্দযন্ত্রীৰূপে নিযুক্ত হয়। সেই প্রতিষ্ঠানত পীযুষ থাকে। কামত হাত পকাই লয়। তাৰ পাচত, সাহস বুকুত বান্ধি ‘ফ্রিলান্স এছিষ্টেন্ট ছাউণ্ড ইঞ্জিনীয়াৰ হয় বোম্বে মহানগৰীত। অর্থাৎ ৰাজকাপুৰ ষ্টুডিঅ’ৰপৰা চাকৰি এৰি স্বাধীন শব্দযন্ত্রী হয়। নিজৰ ভৰিৰ ওপৰত থিয় দি নিজৰ ভৱিষ্যতৰ পিনে সংগ্রামশীল খোজ পেলায়। পৰিচালক লেখ টেণ্ডনে তেতিয়া সহশব্দযন্ত্রী ৰূপে পীযুষক সুযোগ দিয়ে। তাৰ পাচত, সহশব্দযন্ত্রী কপে ‘জীনে কি ৰাহ’ (জিতেন্দ্র, তনুজা অভিনীত) ছবিৰ বিখ্যাত পৰিচালক প্রসাদৰ সৈতে পীযুষে শব্দৰ ভাৰ লয়। এইদৰে ছয় মাহ সহশব্দযন্ত্রী হোৱাৰ পাচত পীযুষৰ গুণত সকলো মোহিত হয়। পীযুষৰ তেতিয়া সাহস আৰু বাঢ়ে। পীযুষ হৈ যায় স্বাধীন বা ফ্রিলান্সাৰ পূর্ণ পর্য্যায়ৰ শব্দযন্ত্রী – কাৰো এছিষ্টেন্ট বা সহশব্দযন্ত্রী নহয়। এইবাৰ পৰিচালক মুকুল দত্তৰ ‘ছালিয়া‘, ৰমেশ যোশীৰ ‘কোৰা আঁচল’ ছবিত স্বাধীন ছাউণ্ড ইঞ্জিনীয়াৰ হয় পীযুষ।
আজি বোম্বেৰ ছবি-জগতত প্রযোজকসকলে পীযুষক বিচাৰে। বর্তমান তেওঁ পৰিচালক লেখ টেণ্ডনৰ এখন নহয়, তিনিখন ছবি আৰু প্রযোজক টি. চি. দেৱানৰ ‘ৰেশম কী ডোৰী’(ধৰ্মিন্দৰ, চায়ৰাবানু অভিনীত) ছবিত শব্দযন্ত্রী ৰূপে পীযুষ ব্যস্ত। একেবাৰে শেহতীয়া ছবি ‘আৱিষ্কাৰ’ত (বাসু ভট্টাচার্য্য পৰিচালিত আৰু ৰাজেশ খান্না, শৰ্ম্মিলা ঠাকুৰ অভিনীত) আমাৰ পীযুষ ৰায়ে সুপ্ৰসিদ্ধ ছাউণ্ড ইঞ্জিনীয়াৰ ৰূপে নিজৰ গুণৰ প্রমাণ দিয়া মই নিজ চকুৰে দেখিছোঁ। পীযুষ আজি আমাৰ অসমৰ নতুন পুৰুষৰ গৌৰৱ।
ডঃ ভূপেন হাজৰিকাদেৱৰ এই লেখাটি ১৯৭৩ চনত ‘আমাৰ প্রতিনিধি’ৰ ফেব্রুৱাৰী মাহৰ সংখ্যাত প্ৰকাশ হৈছিল।
