দুই ছেপ্টেম্বৰ, ১৯৯০ চন। কলিকতা। ৰাতিপুৱাৰপৰা ধাৰাসাৰ বৰষুণ। মোৰ কলিকতাৰ বাসস্থানৰপৰা খিৰিকীখন খুলি চাই ভাবিলোঁ, চহৰখন চাগৈ পানীৰে ভৰি গৈছে। ইফালে, কালি নিশা মোক ভাৰত চৰকাৰে জনাইছে যে আজি দুপৰীয়া ১২ বজাত বিশ্ববিখ্যাত চিত্র-পৰিচালক সত্যজিৎ ৰায়ৰ সৈতে আমাৰ এটি এপইন্টমেন্ট লৈ থৈছে। আমাৰ মানে বিখ্যাত ডেকা পৰিচালক গৌতম ঘোষ আৰু নেশ্বনেল ফিল্ম ডেভেলপমেন্ট কৰ্পৰেশ্বনৰ নতুন মেনেজিং ডিৰেক্টৰ ৰবি গুপ্ত, আই-পি-এছ আৰু মোৰ। মই, গৌতমে এন. এফ. ডি. চিৰ ব’র্ড অব ডাইৰেক্টৰ সদস্য হিচাপে সত্যজিৎ বাবুৰ সৈতে কিছু কথা পাতিমগৈ।
গাড়ীখন লৈ বৰষুণৰ মাজেৰেই হোটেল হিন্দুস্তান ইণ্টাৰনেশ্বনেলত থকা ৰবি গুপ্তক লৈ (গৌতমে দুখেৰে ফোনত খবৰ পঠাইছে, গৌতমৰ ঘৰৰ আগত বানপানী হৈছে কাৰণে তেওঁ ওলাবই নোৱাৰিব)। ৰবি, মই আৰু এন. এফ. ডি. চি. কলিকতাৰ ডেপুটি জেনেৰেল মেনেজাৰ ডি মজুমদাৰ ওলালোঁগৈ লেফ্রয় ৰোডত থকা সত্যজিৎ বাবুৰ ফ্লেটটোৰ সমুখৰ চোতালত। পানীৰে ভৰি গৈছে । দাৰোৱানজনে এটি ছাতিৰে আমাক গাড়ীৰপৰা আগুৱাই নিলে। মই যোৱা তিনিটা দশকত কেবাবাৰো সত্যজিৎ বাবুক এইটো ঘৰতে লগ পাইছিলোঁ। – আৰু লগ পাইছিলোঁ ১৯৬৫ চনত লাইট হাউছ চিনেমাৰ ঠিক বিপৰীতে থকা এখন সৰু ফটোগ্রাফীৰ দোকানত— য’ত বিখ্যাত পৰিচালক অসিত সেনে স্থিৰ চিত্ৰ লৈছিল। নামটো আছিল এভাৰেষ্ট ষ্টুডিঅ’। সত্যজিৎ বাবুৱে তেতিয়া তেওঁৰ ‘অপৰাজিতা’ ছবিখন নিৰ্মাণ কৰি শেষ কৰিছে। অসিত সেনে ‘চলাচল’ শেষ কৰিছে। আৰু মই মোৰ প্রথম ছবি ‘এৰাবাটৰ সুৰ’ শেষ কৰিছো মাত্র। মোৰ মনত আছে ফুটপাথৰ ওপৰতে পতা মেগাজিনৰ দোকানখনত থকা কিবা এখন বিলাতী মেগাজিনৰ বেটুপাত এটাৰ সৌন্দৰ্য্যৰ কথা তেওঁ আমাক কৈছে। কমার্চিয়েল আর্টিষ্ট হিচাপে, বিশেষকৈ নেহৰুৰ ‘ডিছক’ভাৰি অব ইণ্ডিয়া’ৰ বেটুপাত আঁকি তেওঁ ইতিমধ্যে পৃথিৱী-বিখ্যাত হৈছে। ‘পথেৰ পাঁচালী’ৰ খ্যাতিতো আছেই। সত্যজিৎ বাবুৰ ঘৰত মতা নাম ‘মাণিক’। আমাৰ নগাঁৱৰ অসিত সেনৰ ঘৰত মতা নামো ‘মাণিক’। দুই মাণিক আৰু অসমৰ মাটিৰ চপৰা এই নিঃকিন লেখকে – অৰ্থাৎ তিনিও তিনিকে আমাৰ তিনিওৰে ওপৰত উল্লেখ কৰা তিনিওখন ছবিৰ বাবে অভিনন্দন দি দুখ কৰাৰ কথাও মনত আছে। কথাটো হ’ল— আমি তিনিও ভাৰতৰ ৰাষ্ট্ৰীয় বোলছবি প্রতিযোগিতালৈ আমাৰ এই তিনিখন ছবিও পঠাইছিলোঁ। ইতিমধ্যে ভাৰতীয় প্রেছে এই তিনিওখন ছবিক বৰ প্রশংসা কৰি থৈছিল। তিনিওখন সৰ্বভাৰতীয় পৰ্য্যায়ত অতি উচ্চ মানদণ্ডৰ ছবি বুলি। দিল্লীয়ে আমাক তিনিওকে – অর্থাৎ ‘অপৰাজিতা’, ‘চলাচল’ আৰু ‘এৰাবাটৰ সুৰ’ক মহা শূন্য তিনিটা দিলে, অর্থাৎ কোনো এৱাৰ্ড নিদিলে। তাকে দেখি ‘দেশ’ পত্রিকা বিখ্যাত সমালোচক পঙ্কজ দত্তই লিখিছিল— এই তিনিওখন ছবিক ভাৰত চৰকাৰে একো পুৰস্কাৰ নিদি প্রমাণ কৰিলে যে ভাৰতৰ সেই বোলছবি বিচাৰকসকলৰ নিশ্চয় ‘মস্তিষ্ক-বিকাৰ’ হৈছে। মোৰ মনত আছে, আমি তিনিও এই কথাবোৰ লৈ হঁহা-হঁহি কৰিছিলোঁ। অসিতে কৈছিল— “ভূপেন, ভাৰতৰ কোনো প্রতিযোগিতালৈ আমাৰ ছবি নপঠাওঁ।” সত্যজিৎ বাবু আৰু মই হাঁহিছিলোঁ।
– আৰু মনত পৰে বহু কথা। অক্সফোর্ড ইউনিভাৰছিটিয়ে তেওঁক অনাৰেৰি ডক্টৰেট উপাধি দিছে। মই বোম্বেৰপৰা উৰি অহা সময়ত ওপৰতে পৰিচাৰিকাই ‘টাইমছ অব্ ইণ্ডিয়া’খন হাতত দিছে। হেডলাইন – সত্যজিৎ বাবুৱে ডক্টৰেট পাইছে অক্সফোর্ডত। আগতে এই সন্মান চার্লি চেপলিনে পাইছিল ইত্যাদি। কলিকতা আৰু কলিকতাৰ সেইদিনাৰ বাতৰি মেলি চালোঁ— তাত সত্যজিৎ ৰায়ৰ এই খবৰটোৰ নাম-গোন্ধেই নাই। মই সেই সন্ধিয়া বিখ্যাত কমার্চিয়েল আর্টিষ্ট অ’. চি. গাঙ্গুলীৰ ষ্টুডিঅ’ৰ পৰা (অ’ চি. আমাৰ উভয়ৰে ভাল বন্ধু) সত্যজিৎ বাবুলৈ ফোন কৰিলোঁ।
ভূঃ হেল্লো ডক্টৰ ৰায়। অভিনন্দন।
সঃ আৰে ভূপেন বাবু, আপুনি এই খবৰটো ক’ত পালে?
ভূঃ মই আচৰিত হৈছোঁ, কলিকতীয়া কাগজবোৰত ইমান ডাঙৰ খবৰটো নাই।
সঃ ভূপেন বাবু, কলিকতীয়া কাগজবোৰৰ বাবে এইটোনো খবৰনে! তদুপৰি, (অভিমানৰ সুৰত) কলিকতাৰ কাগজবোৰত হেনো নিউজপ্রিন্টৰ বৰ অভাৱ হৈছে।
আৰু এবাৰৰ কথা। ‘চাৰুলতা’খন ওলাইছে। ৰাইজে খুব চাইছে। কিন্তু কেইজনমানে, ‘সত্যজিতে ৰবি ঠাকুৰৰ কাহিনীটো নষ্ট কৰিলে’, ‘সত্যজিতে বাংলা সাহিত্যৰ বাৰটা বজালে’, ‘সত্যজিতে ৰবি ঠাকুৰৰ কাহিনী সলালে’ ইত্যাদি কৈ কাউৰীৰ দৰে চিঞৰিবলৈ ধৰিলে। আনহাতে – চাৰুলতাই কেইবাটাও বিশ্ববিখ্যাত এৱাৰ্ড পালে ভাৰতৰ বাহিৰত। ইফালে আকৌ, কোনোবা এখন ডাঙৰ ভাৰতীয়, ইংৰাজী দৈনিকত ২৯ খনমান চিঠি (সম্পাদকলৈ) ওলাল, সত্যজিতক অসভ্য বুলি গালি পাৰি। এইবোৰ চলি থাকোতেই কোনোবা এটা ফিল্ম ছ’চাইটিৰ সন্দৰ্ভত মই তেওঁক লগ পাই সুধিলোঁ— এই অসভ্য সমালোচনাবোৰৰ এটা এটা উত্তৰ নিদিয়ে কিয়? কিবা এটা উত্তৰ দিয়ক। তেওঁ হাঁহি মাৰি ক’লে— “সম্পাদকজনেও মোক কৈছে— এলাইনৰ কিবা এটা উত্তৰ দিয়ক বুলি। চাওঁ ৰ’ব। মই ব্যস্ত আছোঁ মোৰ এতিয়াৰ ছবিখন লৈ।” –কেইদিনমান পাচত দেখিলোঁ, তেওঁ উত্তৰ দিছে এক লাইনত এইদৰে – “শ্রদ্ধেয় সম্পাদক, মোৰ বিষয়ে ওলোৱা চিঠিসমূহৰ উত্তৰ A crow is a crow is a crow – এজনী কাউৰী এজনী কাউৰী এজনী কাউৰী। ইতি সঃ ৰায়।” সত্যজিতৰ খং উঠিছিল এই বাবেই যে সমালোচনাবোৰ ঈর্ষামূলক আৰু ব্যক্তিগত আক্রমণ আছিল। তেওঁ ক’ৰবাত এবাৰ কোৱা মোৰ মনত আছে- “এজন শিল্পীয়ে সকলো সৃষ্টিতে সমানে সফলতা নেপাবও পাৰে – সেইবুলি ব্যক্তিগত আক্রমণ সহ্য কৰিব পাৰিনে? ৰবি ঠাকুৰে কলমেৰে উপন্যাস লিখিছে। মই তাকে ‘এডপ্ট’ কৰি ল’বই লাগিব। কাৰণ, মই সেই উপন্যাস লিখিম কেমেৰাৰে। ফিল্মৰ নিজস্ব ভাষা আছে, যিটো লিখিত ভাষাৰ দৰে নহয়।”
– ১৯৮৫ চন। ৰাষ্ট্ৰপতিৰ ফিল্ম এৱাৰ্ড কমিটীৰ জুৰীৰ সভাপতি এই লেখক। ‘ঘৰে বাইৰে’ তেওঁৰ ছবিখনক ভাৰতৰ শ্ৰেষ্ঠ ছবিৰ পুৰস্কাৰ আমি দিব নোৱাৰিলোঁ। শ্রেষ্ঠ আঞ্চলিক ছবি (বাংলা)ৰ পুৰস্কাৰহে আমি দিব পাৰিলোঁ। সেইবাৰৰ সৰ্বশ্রেষ্ঠ পৰিচালক পুৰস্কাৰ দিলো কেৰালাৰ ছবি ‘মুখামুখ্যম’-অৰ পৰিচালক অদুৰ গোপালকৃষ্ণনক। কিন্তু সেই বছৰত তেওঁৰ আজীৱন ফিল্ম সাধনাৰ বাবে দেশৰ সৰ্বশ্রেষ্ঠ দাদা চাহেব ফালকে পুৰস্কাৰ আৰু একলাখ টকা দি আমি ধন্য মানিলোঁ। মৃণাল সেনে কলিকতাত মোক ফোন কৰি এই সিদ্ধান্তৰ বাবে অভিনন্দন জনালে।
আজি ২-৯-৯০। আমি তিনিও সেই বাসস্থানত আহি চিৰিলৈ আহিছোঁ। দেখিছো, তাত এখন লিফ্ট আছে। তৎক্ষণাৎ মনত পৰিল, সত্যজিৎ বাবুৰ হাৰ্ট এটেক হোৱাৰ পাচত, তেওঁৰ ওপৰ মহলালৈ চিৰিৰে যাব নোৱাৰিব বাবে বামফ্রন্টৰ জ্যোতি বসুৰ চৰকাৰে এটি লিফ্ট দি তেওঁক সন্মান জনাইছে। কাৰণ, বঙালী জাতিটোৱে তেওঁক লৈ বৰ গৌৰৱ কৰে – যেনেকৈ এদিন ৰবি ঠাকুৰক লৈ কৰিছিল বা কৰি আছে। পৃথিৱীত এই শতাব্দীৰ কেইজনমানৰ এজন চিন্তাবিদ বুলি সিদিনা মাথো ফ্ৰান্সৰ ৰাষ্ট্রপতি স্বয়ং মিতেঁৰ পেৰিছৰপৰা উৰি আহি এই পুৰণি ভাড়াঘৰটোলৈ উঠি আহি ফ্রান্সৰ শ্ৰেষ্ঠ সন্মান ‘লিজন অব অনাৰ’ পুৰস্কাৰ প্ৰদান কৰিছিলহি। সত্যজিৎ বাবুৰ অসুস্থতাৰ বাবে তেওঁ পেৰিছলৈ যাব নোৱাৰিব বুলি কোৱাত ফ্ৰান্সৰ মিঃ মিতেঁৰ তেওঁৰ বাসস্থানলৈ আহিছিল নিজেই।
কিছু মাহ আগতে আমাৰ অসমৰ মুখ্য মন্ত্রীয়ে আহি শঙ্কৰদেৱ পুৰস্কাৰ আৰু একলাখ টকা প্রদান কৰি গৈছে তেওঁক। তেতিয়াই ক’ৰবাত শুনিছিলোঁ, তেওঁ বোলে আমাৰ প্রফুল্ল মহন্তক কৈছিল, “শঙ্কৰদেৱ কোন আছিল ?” তেওঁ হেনো কৈছিল, “মই কালি পঠাইছিলোঁ শঙ্কৰদেৱৰ জীৱনী।” সত্যজিৎ বাবুৱে হেনো ক’লে, “মই আজিও পোৱা নাই!” এই কথাষাৰ মনত পৰাত মই ভাবিলোঁ, আজিয়েই সেই কথাষাৰ সঁচা নে মিছা, সুধিম। এনেকৈ চিন্তা কৰি কৰিয়ে লিফটেৰে গৈ যেতিয়া তেওঁৰ ফ্লেটৰ দুৱাৰমুখ পালো, দেখিলোঁ, দুৱাৰখন খোলা আছে। এজন কাম কৰা মানুহে আথে-বেথে আমাক ভিতৰলৈ লৈ গ’ল। অলপ পাচতে, বহু ক্লাছিক কিতাপেৰে ঠাহ খাই থকা, ছবি আঁকা সৰঞ্জাম থকা আৰু এটা পিয়ানো থকা ঘৰটিলৈ আমাক লৈ গ’লহি সত্যজিৎ বাবুৱে নিজে।
সত্যজিৎ বাবুৰ দেহাটোত বার্ধক্যৰ ছাঁ পৰিছে যদিও মনটো তজবজীয়া হৈ আছে। হাঁহিটো হলহলীয়া হৈ আছে।
আমাক বহিবলৈ দি ক’লে, “ইমান বৰষুণ। কেনেকৈ আহিলে? চাহ খাওক।” এনেতে আমাক নমস্কাৰ জনাই সত্যজিৎ বাবুৰ একমাত্র পুত্র সন্দীপ ৰায় আমাৰ ওচৰতে থিয় হ’লহি। আমাৰ কথা-বতৰা আৰম্ভ হ’ল। সুধিলোঁ, আপোনাৰ শেহতীয়া ছবি ‘শাখা-প্রশাখা’ শেষ কৰিলে? আপোনাৰ নিজৰ কেনে লাগিছে? অতি আত্মবিশ্বাসেৰে ক’লে, “ডেট’ছ। মাই বেষ্ট।” “মোৰ জীৱনৰ সৰ্ব্বশ্রেষ্ঠ ছবি। ফৰাচী প্রযোজক বিখ্যাত অভিনেতা ডেপাডুয়ে আমাৰ ইউনিটটোক টকা-পইচা, সৰঞ্জাম আদি দি মৰমৰ অত্যাচাৰ কৰি গ’ল।”
—সা-সৰঞ্জামো লৈ আহিছিল? মই সুধিলোঁ। উত্তৰত ক’লে— “তেওঁলোকৰ ছাউণ্ড ইকুইপমেণ্টৰ তুলনা নাই। জানেই আপোনালোকৰ টালিগঞ্জৰ পুৰণি ইন্দ্রপুৰী ষ্টুডিঅ’ত ছবিখন কৰিছোঁ। এতিয়া ট্রাম কোম্পানী, পাতাল ৰে’ল’ নতুন ষ্টেশ্বনৰ চিঞৰ-বাখৰ, অমুক নং ট্রাম এতিয়াই এৰিব – ইত্যাদি ঘোষণাৰ ধ্বনি মোৰ ষ্টুডিঅ’ ভেদ কৰি সোমাই আমনি কৰে। আচৰিত কথা। ফ্রান্সৰপৰা অনা শব্দযন্ত্ৰীজনে প্রায় ৫০ ধৰণৰ মাইক্রোফোন আনিছে। প্রত্যেক চৰিত্ৰৰ শৰীৰৰ বিভিন্ন ঠাইত সৰু সৰু তাৰহীন মাইক্রোফোন লুকুৱাই পিন মাৰি দিয়ে। শ্বটটো যদি এনে হয়— য’ত এজন চৰিত্ৰৰ সমুখত, অৰ্থাৎ ওচৰতে এজন খোজ কাঢ়ি আছে – অলপ দূৰত – আৰু তৃতীয় চৰিত্ৰই দূৰেৰে (অর্থাৎ লং শ্বটত) বচন মাতে আৰু ইপিনে মোৰ কেমেৰাও চলন্ত অৱস্থাত থাকে, অর্থাৎ ট্ৰলিত থাকে। তথাপি, একেটা টেকতে সুন্দৰভাৱে শব্দ গ্রহণৰ কাম শেষ হৈ যায়। পিচে, ভয়ে ভয়ে বজাই শুনো যে সকলো চৰিত্ৰৰ বচন বিভিন্ন দূৰত্বত (পাৰ্চপেকটিভত) ঠিক যেনেকৈ বিচাৰিছিলোঁ, তেনেকৈ পাইছোঁ৷ সকলোতকৈ আচৰিত কথা, ষ্টুডিঅ’ৰ ছিদ্র ভেদ কৰি অহা ওচৰৰ ট্রাম ডিপোৰ কোলাহল আমি কাণেৰে শুনিছিলোঁ যদিও এই ডেকা শব্দযন্ত্ৰীজনে মাইক্রোফোনত ফিল্টাৰ কৰি সোমাবলৈ দিয়া নাছিল।” এই যান্ত্রিক দিশৰ বিপ্লৱৰ কথা কৈ আৰ্টৰ পিচত থকা বিজ্ঞানৰ অৱদানক সত্যজিৎ বাবুৱে সন্মান জনাইছে। এইখিনি কথা কৈ শেষ কৰিছে “যন্ত্ৰটোৰ উন্নতি বৰ ডাঙৰ কথা নহয়, কোনে সেই যন্ত্ৰটো চলায়, তেওঁৰ সৌন্দৰ্য্যবোধহে ডাঙৰ কথা।” তেতিয়া মোৰ মনত পৰিছে, প্রায় চাৰি দশক অতীতৰ ‘প্রিমিটিভ’ টালিগঞ্জৰ যন্ত্রপাতিলৈ, এমেচাৰ সত্যজিতে ‘পথেৰ পাঁচালী’ নিৰ্মাণ কৰাৰ কথা। তাত প্ৰত্যেকটো বচন পুনৰ ‘ডাব’ (পুনৰ শব্দ সংযোজন) কৰিবলগীয়া হৈছিল। অথচ, সেই ছবি পৃথিৱীত এই শতাব্দীৰ শ্ৰেষ্ঠ দহখন মননশীল আর্ট ফিল্মৰ অন্যতম বুলি পৰিগণিত হ’ল।
সঁচা কথা, সত্যজিৎ বাবুৱে সদায় আৰ্টৰ পিচত থকা বৈজ্ঞানিক বিপ্লৱসমূহকো অধ্যয়ন কৰে। আজিকালিৰ কিছু নতুন পৰিচালকে ছাইলেন্ট শ্বটতো ক্লেপষ্টিক দিয়া দেখা যায়। ইমালছন চিনি নেপায়, অথচ নিজেই এডিট কৰিবলৈ বহে। বিভিন্ন লেন্স চিনি নেপায়, অথচ ফেলিনি, সত্যজিতৰ ব ফ্রেমিং সমালোচনা কৰে। ফলত, এই নতুন পৰিচালকসকলৰ ছবিবোৰ ফটোগ্রাফ থিয়েটাৰহে হৈ পৰে। তাতে কেনেবাকৈ এটা-দুটা মেডেল (চৰকাৰী) পালেতো কথাই নাই – ।
এইবাৰ আমি সুধিলোঁ সত্যজিৎ বাবুক আপুনি এতিয়া ‘শাখা-প্রশাখা’ৰ পাচত কি ছবি কৰোঁ বুলি ভাবিছে? তেওঁ তৎক্ষণাৎ ক’লে, “এই মুহূৰ্ত্তত মই আৰু এখন ছবি কৰিম বুলি ভাবিছোঁ। পিচে, পেপাৰ ৱৰ্ক শীত পৰিলেহে আৰম্ভ কৰিম। তাৰ আগতে মোৰ ল’ৰা সন্দীপে এখন হিন্দী ছবি কৰিব খুজিছে।” গল্পটো কাৰ? আপোনাৰ নেকি? তেওঁ ক’লে, “নহয়।” সন্দীপে এন. এফ. ডি. চিৰ সৈতে কথা পাতিছেও বোধ কৰোঁ। সুধিলোঁ, আপুনি সেই ছবিৰ নিৰ্মাণত অংশ গ্রহণ কৰিব নেকি? “কিছু কিছু ক্ষেত্ৰত কৰিম।” আমাৰ ওচৰতে বহি থকা সন্দীপে ক’লে— “মই চিত্রনাট্য শেষ কৰি আপোনালোকলৈ অলপতে এপ্লিকেশ্বন পঠাম।” সত্যজিৎ বাবুক আমি ক’লোঁ— আপোনাৰ নিজৰ ছবি শীতকালতে আৰম্ভ কৰিব যে— বিষয়বস্তু কি? তেওঁ ক’লে— “এতিয়াও সঁচাকৈয়ে ঠিক কৰা নাই। মোৰ ডাক্তৰসকলে কৈছে, মই বছৰত এখনকৈ ছবি কৰিবই লাগিব। তেওঁলোকে মোক কৈছে, মোৰ শৰীৰটো, মোৰ হাৰ্টটো কামত ব্যস্ত থাকিলেহে ভালে থাকিব। আৰু সেই ছবিখন শীতকালতহে কৰিব পাৰিব। গতিকে, মোৰ জীৱনত শীতকালত ছবি একোখন কৰাৰ ‘হেজ বিকাম এ মেডিকেল নেচেছিটি” বুলি হাঃ হাঃ কৈ হাঁহি দিলে। তাৰ পাচতে, সোঁহাতখন দাঙি ৰায়ে ক’লে— “মই কিন্তু বাংলা ছবিহে কৰিম।” আমি ক’লোঁ, নিশ্চয়। আমি এন. এফ. ডি. চিয়ে যদি কিবা কৰিব পাৰোঁ, আমাক জনাব। তেওঁ হাঁহি মাৰি ক’লে— “মই নিশ্চয় আপোনালোকক জনাম।”
চাওঁতে চাওঁতে ঘড়ীত ডেৰ বাজিছেহি। ৰবি গুপ্তই ক’লে, “এইবাৰ যে ভেনিচলৈ আপোনাক মাতিছে – যাব নেকি?” কিছু পৰ ৰৈ খিৰিকীৰে উদাসভাৱে চাই ক’লে— “পৃথিৱী কত ঘূৰিলোঁ। এতিয়া আৰু শৰীৰটোৰ বাবে সেই ভ্রমণ পৰ্ব্ব শেষ হ’ল। এতিয়া মই এয়াৰ বাছৰ চিৰি উঠিব নোৱাৰোঁ। ভাৰতৰ বাহিৰলৈ যাম বুলি কথা দিলেই ক’ব লাগিব মোৰ ডাক্তৰ এজন, মোৰ স্ত্রী মোৰ সৈতে যাব লাগিব। ইমান খৰচ ‘ডে’ কান্ট এফর্ড’।” এই কথাখিনি কওঁতে পৰাজয়ৰ কোনো সুৰেই নাই। তেওঁ যেন শিশুৰ দৰে বাট চাইছে অহা শীত কালটোলৈ – তেওঁৰ নৱতম বোলছবি লৈ খেলিবলৈ, সৃষ্টিৰ আনন্দ লভিবলৈ।
—প্রায় দুঘণ্টা হ’ল— আমি কথা পাতিলোঁ। বাহিৰত ধাৰাসাৰ বৰষুণ পৰিয়েই আছে – আমি যাবলৈ উঠিলোঁ। ৰ’ব কেনেকৈ যাব – বুলি থিয় হৈ পুনৰ আকাশখন চাইছে। আমি পাৰিম বুলি কৈ ওলাই যেতিয়া আহোঁ, তেতিয়া তেওঁ শিল্পী অ’. চি. গাঙ্গুলীৰ খবৰ মোক সুধিলে। মই ক’লোঁ, তেওঁৰ শৰীৰটোও ভাল নাই মই পৰহি তেওঁক লগ পাইছিলোঁ। তেওঁ প্রায় অৱসৰ লৈছে। ৰায়ে পুনৰ উদাসভাৱে ওপৰলৈ চাই কলে, “অ চিৰ সৈতে ফোনত বহু কথা পাতিছিলো। এতিয়া ফোনতে লগ নাপাওঁ।”
যাওঁ বুলি তেওঁক নমস্কাৰ কৰিলোঁ। লিফটত উঠি তললৈ নামিছো, এনেতে হঠাৎ মই যেন কিবা এটা পাহৰিলোঁ, এনে লাগিল। হয়, প্রফুল্ল মহন্তই শঙ্কৰদেৱ এৱাৰ্ড দিবলৈ আহোঁতে শঙ্কৰদেৱ কোননো বুলি সঁচাকৈয়ে ৰায়ে সুধিছিল নেকি বুলি মই মনতে ভবা প্রশ্নটো সুধিবলৈতো পাহৰি গ’লোঁ। পাচ মুহূৰ্ততে ভাবিলোঁ, নুসুধি ঠিকেই কৰিলোঁ। সুধিলে যদি তেওঁ মোক প্রতিপ্রশ্ন কৰে— শঙ্কৰদেৱৰ প্রচাৰ অসমীয়া জাতিটোৱে কৰিছে জানো?
পৃথিৱীত (দেশত-বিদেশত) যিমান সন্মান আছে, সকলোখিনি চিকিৎসালয়ত আৰু নিজ বাসস্থানত পাইছে সত্যজিৎ ৰায়ে। পৃথিৱীৰ সংস্কৃতিৰ জগতত সত্যজিৎ ৰায়ৰ অসুস্থতা আলোচ্য বিষয় হৈ পৰিছিল। হলিউডৰ অস্কাৰ, ফ্রান্সৰ লিজন অব অনাৰ, অক্সফ’ৰ্ডৰ ডক্টৰেট, ভাৰতৰ ভাৰতৰত্ন – এই সকলো বাতৰি আৰু শ শ পুৰস্কাৰ সত্যজিতে কিয় পাইছে, কি ফিল্মত কি পাইছে, আমাৰ অসমৰ কলাপ্রেমীসকলে জানে। কিন্তু মই আজি আৰু কেইটামান বাতৰি দিওঁ ৰাইজৰ জ্ঞাতার্থে।
১৯৪৭ চনত ফিল্ম ছ’চাইটিৰ আৰম্ভ কৰে কলিকতা মহানগৰীত। উদ্দেশ্য – পৃথিৱীত তৈয়াৰী হোৱা মননশীল আন্তর্জাতিক খ্যাতিৰ বোলছবিবোৰ চোৱা, অধ্যয়ন কৰা আৰু ভাৰততো তেনে জগত জয় কৰা বোলছবি নির্মাণৰ পৰিৱেশ সৃষ্টি কৰা। বোলছবি-নির্মাতাসকলক ভবাই তোলা আৰু এনে মহান ছবি ভাল পাবলৈ এক শ্ৰেণীৰ দর্শকৰ সংখ্যা বঢ়োৱাই আছিল এই আন্দোলনৰ উদ্দেশ্য। তাৰ পাচত, পঞ্চাশৰ দশকত সত্যজিতে নিজেই সহধর্মিণীৰ গহনা বেচি আৰু স্বর্গীয় বিধান ৰায়ৰ (তেতিয়াৰ পশ্চিম বদৰ মুখ্য মন্ত্রী) পৰা কিছু ধন লৈ ‘পথেৰ পাঁচালী’ নির্মাণ কৰি জগত-বিখ্যাত হোৱা। ‘পথেৰ পাঁচালী’, ‘অপৰাজিতা’ আৰু ‘অপুৰ সংসাৰ’ (Apu Trilogy) ওলোৱাৰ পাচত বনজুইৰ দৰে ভাৰতৰ প্রায় সকলো ঠাইতে ফিল্ম ছ’চাইটি গঢ়ি উঠে। আমাৰ অসমতো (পদুম বৰুৱা আদিৰ চেষ্টাত) পঞ্চম-ষষ্ঠ দশকত শ্বিলঙত ফিল্ম ছ’চাইটি, দুলীয়াজানত ফিল্ম ছ’চাইটি (পি. পি. বৰাৰ চেষ্টাত), গুৱাহাটীত চিনে ক্লাবৰ সৃষ্টি হয়। এই লেখকেই মৃণাল সেন, তপন সিনহা আদিক এই কাৰ্যাৱলীৰ সৈতে পৰিচয় কৰাই দিছিল। মুঠতে এই ফিল্ম ছ’চাইটি আন্দোলন সত্যজিৎ ৰায়ৰ অনুপ্ৰেৰণাত গঢ়ি উঠাত সমান্তৰাল চিনেমাৰ জন্ম হৈছিল।
তদুপৰি, সত্যজিতে অক্ষৰ কলাত (কেলিগ্রাফী) বিপ্লৱ আনিছিল। তেওঁ ছপাশালৰ বাবে দুই ধৰণৰ Type faceৰ সৃষ্টি কৰিছিল – যি আজিও সমগ্র প্রিন্টিং জগতত সত্যজিতৰ নামত প্রচলিত।
তাৰ পাচত, তেওঁ অকণমান সময় পালেই শিশুসাহিত্যত মনোযোগ দিছিল। ‘বৃহৎ’ সাহিত্য তেওঁ কলেমেৰে নিলিখি মুভী কেমেৰাৰে চেলুলয়ডৰ কেনভাছত সৃষ্টি কৰিছিল। সংলাপতহে তথাকথিত সাহিত্য আছিল। মুঠতে, তেওঁ যি কামতে হাত দিছিল, সাৰ্ব্বজনীন কৰি তুলিছিল আৰু সবাতোকৈ ডাঙৰ কাম কৰিছিল, তেওঁৰ মাতৃভূমি বঙ্গৰ বাংলা জীৱনৰ সৈতে বিশ্বৰ সেতুবন্ধন কৰি। এইখিনি লিখাৰ সময়তো তেওঁ কলিকতাৰ বেলিভিউ হস্পিটালৰ ইনটেচিভ কেয়াৰত মৃত্যুৰ সৈতে যুঁজিছে। বাঙ্গালোৰত জানুৱাৰী ‘৯২ মাহত আমি N.F.D.C-ত সত্যজিৎ ৰায়ৰপৰা এখন দৰ্খাস্ত পাইছিলোঁ। The Broken Journey নামৰ স্বৰচিত কাহিনী এটাৰ বঙালী চিত্ৰৰূপ দিবলৈ তেওঁ ৩০ লাখ টকা বিচাৰিছিল। তাতে এটা অনুৰোধ কৰিছিল, ৩০ লাখৰ উপৰি আৰু তিনি লাখমান টকা বেলেগে ৰাখিবলৈ, যিহেতু তেওঁ বহিৰ্দৃশ্য গ্রহণ কৰিবলৈ সকলো সময়তে ডাক্তৰৰ সহায় ল’ব পাৰে। N.F.D.C ব’র্ডে (এই লেখকো ব’র্ডৰ এজন সভ্য) তৎক্ষণাৎ মান্তি হৈছিল। চিৰসুন্দৰক প্রার্থনা কৰোঁ, যাতে Broken Journey ছবিখন সত্যজিতে সুস্থ হৈ পুনৰ পৃথিৱীক দিব পাৰে।
(ৰচনাকাল -১৯৯০ চন)
চিনেকথাৰ সংযোজন
The Broken Journey চিনেমাখন সত্যজিৎ ৰায়ে সম্পূৰ্ণ কৰিব নোৱাৰিলে। ১৯৯২ চনত তেখেতে ইহলীলা সম্বৰণ কৰাত আধৰুৱা হৈ ৰোৱা চিনেমাখন তেখেতৰ পুত্ৰ সন্দীপ ৰয়ে সম্পূৰ্ণ কৰে বাংলাত ‘উত্তৰণ’ নামেৰে। এই চিনেমাখন ১৯৯৪ চনৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।
