জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আৰু কমল চৌধুৰী আটাই কেইজনৰে এটা ডাঙৰ হাবিয়াস আছিল কথাছবি উলিওৱা। তেওঁলোকে আটাই কেইজনে সেই সময়ত নতুনকৈ প্রচলিত কথাছবি মাধ্যমৰ প্ৰচুৰ প্রতিশ্রুতি দেখিবলৈ পাইছিল। কিন্তু, ধনৰ অভাৱত জ্যোতিপ্ৰসাদৰ বাদে আন কেইজনে সেই দিশত বিশেষ একো কৰিব পৰা নাছিল। কমল চৌধুৰী কিন্তু এটা আশা লৈ হাত সাৱটি বহি থকা লোক নাছিল। তেঁও কলিকতাৰ ৰেডিঅ’ৰ কাম লোৱাৰ আগতেই গুৱাহাটীত ‘ইষ্টার্ণ মুভিজ’ নামে এটা বিধিৱদ্ধ কোম্পানি খুলি তাৰ অংশীদাৰ বিচাৰি ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। প্রথমে তেওঁ নিৰোদ ৰায়ৰ লগ লাগি ‘ট্ৰপিকেল ফিল্ম অৱ ইণ্ডিয়া’ নাম দি তথ্যচিত্র কৰিবলৈ লয়। অসমৰ মুগা পাটৰ বিষয়ে এখন তথ্যচিত্ৰ কৰাৰ পাচত উপাৰ্জনৰ অভাৱত সেই প্রচেষ্টা স্থগিত ৰাখে।
কলিকতাত নাটিকা বাণীৱদ্ধ কৰিবলৈ আহি ফণী শৰ্মা আৰু শিৱ ভট্টাচাৰ্য্য দুয়ো তেওঁৰ লগত ‘ইষ্টার্ণ মুভিজ’ৰ কামত লাগিবলৈ সন্মত হয়। তেজপুৰ পোৱাৰ পাচত কিন্তু ফণী শৰ্মা আৰু শিৱ ভট্টাচাৰ্যই স্বকীয় ভাবে ‘চিত্ৰাৱলী পিকচাৰ্ছ’ নাম দি আন এটা কোম্পানিহে খুলি তাৰ কামত লাগিল। নিৰুৎসাহ নহৈ কমল চৌধুৰীয়ে বঙালী কথাছবি কৰাৰ কথা ভাবিলে কিন্তু তেঁওৰ বিশ্বস্ত বন্ধু নিৰোদ ৰায়ে অসমীয়া কথাছবি কৰাৰ ওপৰতহে জোৰ দিলে। ১৯৪৬ চনত কলিকতাৰ সংঘৰ্ষৰ পৰা নিজৰ প্রাণ বচাই অসমলৈ উভটি আহি কমল চৌধুৰীয়ে পুনৰ ইষ্টার্ণ মুভিজৰ কাম আৰম্ভ কৰিলে। তেওঁ কলিকতাৰ অনাতাঁৰ কেন্দ্ৰৰ চাকৰি ইস্তাফা দি দুগুণ উৎসাহেৰে তেওঁৰ অসমীয়া কথাছবি উলিয়াবলৈ থকা সপোন দিঠকত পৰিণত কৰাত লাগিল।
বহু বাধা বিঘিনি আৰু বহু ব্যর্থতাৰ পাচত তেঁওৰ বোলছবি পৰিচালনা কৰাৰ আশা পৰিপূর্ণ হয় ‘বদন বৰফুকন’ কথাছবি নির্মাণেৰে। ১৯৪৭ চনৰ প্রথম ব’হাগৰ দিনা তেওঁ প্রযোজনা কৰা কথাছবি ‘বদন বৰফুকন’ মুক্তি লাভ কৰে। কথাছবিখন বৰ সফল নহ’ল। ইষ্টার্ণ মুভিজ অকালতে মৰহি গ’ল আৰু কমল চৌধুৰী সর্বশ্রান্ত হ’ল। সর্বশ্রান্ত হলেও কমল চৌধুৰী মানুহজন মৰহি নগ’ল। চাকৰিৰ উপার্জন হেৰুৱাই বিশেষ অনাটনত পৰিলেও দুঃসাহসিক কমল চৌধুৰীৰ শিল্পী সত্বা জাগি উঠিল আৰু নিজৰ সৃষ্টিৰ বাবে নতুন নতুন ক্ষেত্র উলিয়াবলৈ ধৰিলে।

১৯৪৮ চনত মুক্তি লাভ কৰা ‘পাৰঘাট’ কথাছবিৰ গীততো কমল চৌধুৰীয়ে কণ্ঠ দান কৰে বিশেষকৈ কমল চৌধুৰী আৰু মলয়া দাসে সেই কথাছবিত গোৱা ‘পুৱাৰে মলয়া মনে জুৰণীয়া‘ (কথা আৰু সুৰ: পুৰুষোত্তম দাস) গীতটো অতিশয় জনপ্রিয় হৈছিল। সেই সময়ত কমল চৌধুৰীয়ে সুৰ দিয়া এটা জনপ্রিয় গীত আছিল, ‘সপোন সুৰভিৰ দেশতে’ (কথা: মহেশ চন্দ্র দেৱ গোস্বামী; সুৰ: কমল চৌধুৰী; শিল্পী: দিলীপ শৰ্মা) এই গীতটো। শিশু ৰমেন বৰুৱাৰ অতিশয় প্রিয় আছিল। সৰুৰে পৰাই গান গোৱাটো ৰমেনৰ বিশেষ আনন্দ আছিল। ৰমেনৰ দৰে উৎসাহী গায়ক মই খুব কম দেখিছোঁ। গান গাবলৈ ৰমেনক খাতিৰ কৰিব নালাগে। লতাশিল স্কুলত বা অ’ত ত’ত ৰমেনক কোনোবাই গীত গাবলৈ ক’লেই ৰমেনে আপোন উলাহেৰে আৰম্ভ কৰিছিল সপোন সুৰভিৰ দেশতেই তুমি আৰু মই দুজনেই ৰচিম কাৰেঙৰ সোণালী’।
কথাছবিত কমল চৌধুৰীয়ে কৰা অভিনয়ৰ তালিকাখনও দীঘল। বদন বৰফুকনত (১৯৪৭ চন) সৎৰাম, মনিৰাম দেৱানৰ (১৯৬৩ চন) হৰনাথ দাৰোগা, মন প্রজাপতিৰ (১৯৭৯ চন) চাৰ্কাচৰ মালিক আদি ভিন ভিন চৰিত্ৰৰ স্মৰণীয় অভিনয়ৰ উপৰিও নিমিলা অংক (১৯৫৫ চন), পাৰঘাট (১৯৪৮ চন), প্রতিধ্বনি (১৯৬৪ চন), মুকুতা (১৯৭০ চন), বিভ্রাট (১৯৭২ চন), উপগ্রহ (১৯৭২ চন), মৰম (১৯৭৮ চন) আদি কেবাখনও কথাছবিত তেওঁ অভিনয় কৰিছিল। ‘বদন বৰফুকনৰ পাচত তেঁও ‘ভাইটি’ (১৯৭২ চন) কথাছবিৰ পৰিচালক হৈছিল। কথাছবিৰ জগতত তেঁওৰ শেষ প্রচেষ্টা আছিল অসম সাহিত্য সভাৰ সৌজন্যত পৰিচালনা কৰা ‘অমৰ লক্ষ্মীনাথ’ তথ্যচিত্রখন। কমল চৌধুৰীৰ আন এটা প্রিয় ৰাপ আছিল ফটো তোলাত। এই বিষয়ে ভূপেন দাদাৰ মতকে ইয়াত দিলোঁ;
“কমলদাৰ আৰু এটা কামত মই ভোল গৈছিলোঁ। তেওঁ ফটোগ্রাফী বৰ ভাল পাইছিল। গুৱাহাটীৰ বৰপেটীয়া পাৰাৰ ডেকা নিৰোদ ৰায়ৰ (যাক আমি বাগুদা বুলি মাতিছিলো) সৈতে মহা বন্ধুত্ব আছিল কমলদাৰ। সমগ্ৰ ভাৰতৰ ফটোগ্রাফাৰ সমাজত তেতিয়া নিৰোদ ৰায় (গৌহাটি)ৰ বৰ নাম। বাগুদা আৰু কমলদাৰ চেষ্টাত গুৱাহাটীত ‘অল আচাম চেলন অৱ ফটোগ্রাফী’ৰ পাতনি মেলা হয়। তেতিয়াই আমি গুৱাহাটীৰ প্রদর্শনীবোৰত ভাৰতৰ আৰু বিশ্বৰ বিখ্যাত ফটোগ্রাফাৰসকলৰ আর্ট ফটোগ্রাফীৰ নিদর্শন দেখিবলৈ পাওঁ। কমলদাই ফটোগ্রাফীক আর্ট হিচাবে বৰ সন্মান কৰিছিল।” (ভূপেন হাজৰিকা)
এইটো উল্লেখযোগ্য যে বিশ্ববিখ্যাত ফৰাচী পৰিচালক ‘ৰেনোৱাৰ দি ৰিভাৰ’ বোলা কলিকতাত নির্মাণ কৰা কথাছবিতে কমল চৌধুৰীয়ে সহযোগী ফটোগ্রাফাৰৰ কাম কৰিছিল।
কলেজীয়া শিক্ষা নাপালেও কমল চৌধুৰীয়ে সুন্দৰ অসমীয়া লিখিব পাৰিছিল, ইংৰাজী ভাষাতও তেঁওৰ ভাল হাত আছিল। তদুপৰি তেওঁ বঙালী আৰু হিন্দীও ভালদৰে কব পাৰিছিল। লিখক ৰূপে তেওঁ ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য সম্পাদিত নৱযুগত চিন্থহৰণ হাজৰিকা নাম লৈ বিভিন্ন ৰাজনৈতিক আৰু সামাজিক বিষয়ত ৰসপুর্ণ লিখনী প্ৰকাশ কৰিছিল। তেওঁ কাকতে পত্রে লিখা প্ৰৱন্ধৰ সংকলন ‘হাঁহি কান্দোনৰ মেলা’ই তেঁওৰ বৈচিত্রপূর্ণ জীৱনৰ সাক্ষী। তেওঁ প্রকাশ কৰা আন পুথি হল : তেঁওৰ গীতৰ সংকলন গীতাৱলী’, ‘চিত্র জগতৰ বিচিত্র কথা’।
পৈণত মনৰ এই শিল্পী গৰাকীয়ে স্বৰ্গী হোৱাৰ আগেয়ে এটা অতি আদর্শনীয় কাম কৰি থৈ যায়। সেইটো হৈছে তেওঁ নিজে গোৱা বহুতো গীতৰ প্ৰাসংগিক সমিধানৰ সৈতে গীতবোৰ বিচক্ষণ ভাবে ৰেকৰ্ডৰ পৰা টেপত বাণীৱদ্ধ কৰি নিজৰ ল’ৰা ছোৱালীৰ হাতত গটাই যোৱা কাৰ্য্য। এই দূৰদশীপূর্ণ কাৰ্য্য নথকা হ’লে কুৰি শতিকাৰ গীতৰ সংকলন বা ইতিহাস অসম্পূর্ণ হ’লহেঁতেন। ভৱিষ্যতৰ প্রতি সজাগ দৃষ্টি ৰখা এই দুৰদশী শিল্পী গৰাকীক ভৱিষ্যতে পাহৰা অসম্ভৱ।
সচাকৈয়ে কমল চৌধুৰী এজন বেলেগ ধাতুৰে গঢ়া ব্যক্তি আছিল। সেয়েহে, আমি নিত্যা দত্তৰ সুৰতে সুৰ মিলাই কওঁ:
“এই জনা শিল্পীৰ জীৱনত গায়ক, গীতিকাৰ, চিত্রনির্মাতা, খেলুৱৈ, পৰিচালক, সংগীত পৰিচালক, সুলেখক, অভিনেতা, সাংবাদিক আদি অনেক গুণৰ সমাবেশ ঘটিছিল। জীৱনৰ বিচিত্র অভিজ্ঞতাৰে পুষ্ট সহজে ওলাব নোৱাৰা এক লৌহ মনৰ গৰাকী আছিল কমল চৌধুৰী, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ফণী শৰ্মা, প্রমথেশ বৰুৱা, ৰোহিণী কুমাৰ বৰুৱা আদি শিল্পীসকলৰ সান্নিধ্যৰে সমুজ্জল এক বিচিত্র অভিজ্ঞতাৰ লিপিৱদ্ধ ইতিহাস।” (নিত্যা দত্ত, ভিন্নমুখ ভিন্নগীত, গ্রন্থপীঠ, গুৱাহাটী, ১৯৮৮ চন)
