সোণালী পৃষ্ঠা

চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ

অসমীয়া চলচ্চিত্ৰৰ জনক জ্যোতিপ্ৰসাদে কি দৰে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি, অভাৱনীয় বাধা-বিঘিনি অতিক্রম কৰি প্ৰথম অসমীয়া ছবি ‘জয়মতী’ নির্মাণ কৰিছিল সেই সম্পর্কে সেই কাৰ্যৰ লগত জড়িত থকা বা তাৰ প্রত্যক্ষ জ্ঞান সম্পন্ন ভালেকেইজন ব্যক্তিৰ লেখা প্রকাশ পাইছে। সেয়ে ইয়াত সেইবোৰৰ পুনৰাবৃত্তি নকৰি ছবিখনৰ কলাত্মক বৈশিষ্ট্য সম্পর্কে মোৰ যি ধাৰণা সেই বিষয়ে দুআষাৰ ক’ব খুজিছো।

১৯৩৫ চনত অসমৰ ছবিঘৰত (আচলতে থিয়েটাৰ ঘৰতহে) তাক মুক্তি দিয়াৰ আগে আগে ‘জয়মতী’ ছবিখনৰ এটা বিশাল প্রদর্শন অনুষ্ঠিত হৈছিল কলিকতাত। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা—যিজনৰ নাটক ‘জয়মতী কুঁৱৰী’ৰ কাহিনীৰ আধাৰত ছবিখন নির্মাণ কৰা হৈছিল আৰু বিখ্যাত চিত্ৰ পৰিচালক প্রথমেশ চন্দ্ৰ বৰুৱা প্ৰমুখ্যে অসম আৰু বঙ্গদেশৰ কিছু সংখ্যক শিল্পী আৰু গুণী-জ্ঞানী ব্যক্তিৰে প্রেক্ষাগৃহ পৰিপূৰ্ণ আছিল। প্রথমেশ বৰুৱাই ছবিখন চাই উঠি ৰূপকোঁৱৰক সাবট মাৰি ধৰি অভিনন্দন জনাই তাৰ পিছত ছবিখন কৰিবলৈ লোৱাৰ আগতে তেওঁৰ পৰা পৰামৰ্শ পোৱা হ’লে তাৰ কাৰিকৰী মান অধিক উন্নত হ’লহেঁতেন বুলি কোৱাত জ্যোতিপ্ৰসাদ ৰঙা-চঙা পৰি নীৰৱে আছিল বুলি অনুষ্ঠানটোত উপস্থিত থকা প্রয়াত শিক্ষাবিদ আৰু সাহিত্যিক প্রফেচাৰ ৰায়হান শ্বাহৰ পৰা তাৰ কিছু খবৰ পিচত জানিব পৰা গৈছিল। কলিকতাৰ কোনো কোনো বাতৰিকাকতত ছবিখনৰ কলা-গুণ সম্পর্কে প্রশংসা সূচক মন্তব্য প্রকাশ পাইছিল বুলি জনা যায়। কিন্তু সেইবোৰ কেনে ধৰণৰ আছিল তাক জনাৰ উপায় নাই। সেইবোৰ যিয়েই নহওক লাগে, ছবি প্রদর্শনী শেষ হোৱাৰ পিছত সাহিত্যৰথীয়ে “দুইঘণ্টা আহোম ৰাজ্যত সোমাই থকা যেন লাগিছিল” বুলি কোৱা কথাষাৰ মোৰ বোধেৰে তাৎপর্যপূর্ণ আছিল, কাৰণ বাস্তৱ ধৰ্মী পৰিৱেশ (ৰচনা) বিশ্বৰ সকলো প্রথম শ্ৰেণীৰ চলচ্চিত্ৰৰ অন্যতম লক্ষণ, আৰু ‘জয়মতী’ ছবিখন সেইগুণৰ অধিকাৰী আছিল।

‘জয়মতী’ সম্পূর্ণ ছবিখন মই তিনিবাৰ চাইছিলো। প্ৰথমবাৰ তাৰ মুক্তি পোৱা বছৰ ১৯৩৫ চনত, দ্বিতীয়বাৰ তাৰ পিছৰ বছৰটোত (১৯৩৬) আৰু তৃতীয়বাৰ তাৰ শব্দ সংস্কাৰ কৰি উলিওৱা সংস্কৰণটো— ১৯৫০ চনত। প্রত্যেকবাৰেই, ছবিখনৰ অভিনৱত্বই, তাৰ মনোৰম দৃশ্যাৱলীয়ে মোৰ মনত গভীৰ ৰেখাপাত কৰিছিল। কিন্তু সেই সময়ত চলচ্চিত্র কলা সম্পর্কীয় মোৰ জ্ঞান প্রায় নাছিলেই বাবে, ছবিখনৰ প্ৰকৃত মূল্যায়ন কৰিব পৰা নাছিলো। তাৰ পিছত, ১৯৭৬ চনত ‘জ্যোতিপ্ৰসাদ আৰু জয়মতী’ নামৰ তথ্যচিত্ৰখনৰ সংযোজিত তাৰ উদ্ধাৰ হোৱা অংশবোৰ চাইহে উপলব্ধি কৰিব পাৰিছিলো যে ‘জয়মতী’ প্রকৃতাৰ্থত এখন উন্নত মান বিশিষ্ট কলাধর্মী ছবি আছিল।

চলচ্চিত্র মূলতঃ এটা দৃশ্য কলা। গতিশীলতা আৰু শাৰীৰিক বাস্তৱৰ লগত থকা সাদৃশ্য ইয়াৰ প্রধান লক্ষণ। আলোক চিত্ৰক প্ৰতিমূর্তি (Photographie image), কথা আৰু আন শব্দেৰে গঠিত হৈছে ইয়াৰ ভাষা, মঞ্চকলাৰ দৰেই সীমিত স্থান আশ্রয়ী সাহিত্যিক সংলাপ সর্বস্ব কলা নহয়। (জ্যোতিপ্ৰসাদে নিজেই লিখি গৈছে – “মঞ্চাভিনয় হৈছে কৃত্রিম আৰু চিত্রাভিনয় হৈছে স্বাভাৱিক। সেইদৰে ফিল্মৰ পৰিৱেশো হ’ব লাগিব স্বাভাৱিক।”) চলচ্চিত্র কলাৰ এইকেইটা লক্ষণ ‘জয়মতী’ ছবিত বিদ্যমান আছিল।

‘জয়মতী’ ছবিখনৰ অভিনয় আছিল ঘাইকৈ দৃশ্যধর্মী। কবি, নাট্যকাৰ আৰু সমালোচক স্বর্গীয় অতুল চন্দ্ৰ হাজৰিকাই লিখি থৈ যোৱাৰ দৰে (লালুকসোলা বৰফুকনৰ ভাওত) “ছবিত বিখ্যাত মঞ্চাভিনেতা ডাঃ ললিতমোহন চৌধুৰীয়ে গুড়গুড়ী হুপি দোলাত উঠি আহি প্রথম দৃষ্টিতে দর্শকৰ দৃষ্টি আকর্ষণ কৰে” ছবিখনৰ আৰম্ভণিৰ সেই দৃশ্যটোত, আৰু আন আন দৃশ্যত, অভিনেতা চৌধুৰীৰ চকুৰ অভিব্যক্তি দৰাচলতে অতি শক্তিশালী আছিল। তাৰ পিছত ছবিখনত সংলাপৰ ব্যৱহাৰ আছিল অতি সীমিত। নটসূর্য ফণী শৰ্মাই অভিনীত কৰা গাঠি হাজৰিকাৰ আৰু নগা পাহাৰৰ দৃশ্যত গদাপাণি আৰু ডালিমীৰ মুখত দিয়া কিছু দীঘলীয়া সংলাপৰ বাহিৰে আন সকলো ক্ষেত্ৰত সংলাপ আছিল নিচেই চুটি কিন্তু অর্থব্যঞ্জক। ৰূপকোঁৱৰে নিজেই লিখি থৈ গৈছে – “…মই জয়মতী ছবিখন আৰু তাৰ অভিনেতাক একেবাৰে বাস্তৱিক (realistic) দৃষ্টিৰে পৰিচালনা কৰিছো, যিটো সকলো ইংলিছ আমেৰিকান আৰু ৰুচীয় প্রথম শ্ৰেণীৰ ফিল্মৰ লক্ষণ। সেইকাৰণে মোৰ জয়মতীয়ে ৰাজসভাত বক্তৃতা দি আন ঠাইত নানা ভাৱপ্ৰৱণ বক্তৃতাৰে গোৰোহনি মৰা নাই।”

ছবিৰ চৰিত্ৰ আৰু ঘটনাক ৰূপ দিয়া হৈছিল প্রধানকৈ কেমেৰাৰ দৃষ্টিধর্মী ব্যৱহাৰৰ যোগেদি ৰচনা কৰা আকর্ষণীয় দৃশ্যাৱলীৰ মাধ্যমেৰে। তাৰ এটা নিদর্শণ স্বৰূপে এই লিখকে আন এখন ৰচনাত এইদৰে লিখিছিলঃ “সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী জয়মতীয়ে পাটৰ সাজ পিন্ধি ৰাজসভালৈ যাবৰ বাবে প্ৰথম ঘৰৰ পৰা ওলাই অহা গাম্ভীর্যপূর্ণ বেদনাদায়ক দৃশ্যটো চলচ্চিত্র কলাৰ নিজস্ব প্রকাশ ভংগীৰ অপূর্ব নিদর্শন। কোনো কথাৰ সহায় নোলোৱাকৈ একমাত্র কেমেৰাৰ অর্থপূর্ণ দৃষ্টিকোণৰ জৰিয়তে জয়মতীক কেইগৰাকীমান বৃদ্ধাই চকুলো টুকি ঘৰৰ পৰা উলিয়াই পঠোৱা দৃশ্যটোৱে বিশ্বৰ যেই কোনো সংবেদনশীল দর্শকৰ অন্তৰ স্পর্শ নকৰি নোৱাৰে।”

কেমেৰাৰ পৰিৱৰ্তনশীল দূৰত্ব আৰু দৃষ্টিকোণ, পেনিং, টিলটিং, ট্রাকিং আদি কৌশলবোৰ ‘জয়মতী’ত বিশেষ সার্থকতাৰে ব্যৱহাৰ কৰা হৈছিল। সেইদৰে ব্যৱহাৰ কৰা হৈছিল কাট, ফেড, ডিজলভ, চুপাৰ ইম্পজিচন’ৰ দৰে সম্পাদনাৰ কৌশলবোৰ। স্থানৰ অভাৱত ইয়াত সেইবোৰৰ উদাহৰণ দিব পৰা নগ’ল। মন কৰিবলগীয়া কথা যে, এই কৌশলবোৰ কেৱল কৌশলৰ বাবেই, অর্থাৎ দৰ্শকক চকুত চমক লগাবৰ বাবে, ব্যৱহাৰ হােৱা নাছিল। ভাৱ প্ৰকাশ আৰু কাহিনীৰ প্রয়ােজন পূৰাবৰ বাবেহে সেইবােৰ প্ৰয়ােগ কৰা হৈছিল। বিষয়বস্তু আৰু কাৰিকৰী কৌশলৰ সামঞ্জস্য আন কথাত, ভাব আৰু ভাষাৰ সামঞ্জস্য জয়মতী’ ছবিত উল্লেখনীয় গুণ আছিল।

পৰিৱেশ ৰচনাৰ ক্ষেত্ৰতো, আগতে ইংগিত দিয়াই হৈছে জ্যোতিপ্ৰসাদে ‘জয়মতী’ক বাস্তৱধৰ্মী কৰি তুলিবলৈ চেষ্টাৰ ত্রুটি কৰা নাছিল। ‘জয়মতী’ যিহেতু এখন বুৰঞ্জীমূলক ছবি আৰু তাৰ ঘটনা কাল ১৬-১৭ শতিকাৰ অসম, সেই কালৰ আহোম ৰাজপ্রসাদ, ডা-ডাঙৰীয়া আৰু সাধাৰণ মানুহৰ ঘৰ দুৱাৰ আৰু সেইবোৰৰ লগত সংশ্লিষ্ট ব্যৱহাৰিক বস্তু আদিৰ নিদর্শন বিচাৰি নেপাই তেওঁ কেনেকৈ পুৰণি পুথি-পাঁজিব অধ্যয়ন জনাবুজা মানুহৰ লগত চলোৱা আলোচনা আৰু নিৰীক্ষণৰ যোগেদি সেই সম্পর্কে কিছু জ্ঞান অর্জন কৰি, আৰু সেই বাটেদিয়েই কল্পনাক চলাই” “জয়মতী”ৰ দৃশ্যসজ্জা ৰচনা কৰিছিল, তাৰ বিৱৰণ তেওঁৰ “অসমৰ ফিল্ম শিল্প গঢ়াত অসমীয়া দর্শকৰ দায়িত্ব” নামৰ ৰচনাখনত দি গৈছে। খুটি-নাটিৰ ক্ষেত্ৰত নিখুট নহৈয়ো, সামগ্রিকভাৱে ‘জয়মতী’ ছবিৰ ছেটিঙৰ কাম আকর্ষণীয় আছিল। নেচনেল ফিল্ম আর্কাইভৰ প্রাক্তন সঞ্চালক আৰু চলচ্চিত্রবিদ পি. কে. নায়াৰে ১৯৮৫ চনত গুৱাহাটীত ছবিখনৰ সংৰক্ষিত সংখ্যাবোৰ চাই এই লিখকৰ আগত উক্ত কামৰ শলাগ লৈছিল।

‘জয়মতী’ত ভৰা আর্থিক লোকচান লাঘৱ কৰিবৰ বাবে মাত্র ১৫ হেজাৰ টকা ব্যয় কৰি নিৰ্মাণ কৰা তেওঁৰ দ্বিতীয় আৰু শেষ ছবি ‘ইন্দ্ৰমালতী’য়ে কাৰিকৰী দিশত ‘জয়মতী’ৰ দৰে বৈশিষ্ট্য অর্জন কৰিব পৰা নাছিল। বাস্তৱধর্মী অভিনয় আৰু পৰিৱেশৰ বাহিৰে ছবিখনৰ বিষয়ে আন বিশেষ একো ক’বলৈ নাই। “তথাপিও, শুনিছিলো যে, ছবিখনৰ এটা পার্শ্ব চৰিত্ৰ মিৰি গাভৰু উপিনাই লুইতৰ পাৰৰ কাষত থকা এখন নাৱৰ পৰা পাৰত বিহুনাম গাই জোকোৱা তাইৰ প্ৰেমিকৰ গালৈ দুহাতেৰে পানী চটিয়াই চুপতি মৰা দৃশ্যটো যোৰহাটৰ ওচৰৰ চাহবাগানৰ চাহাব এজনে ইমান ভাল পাইছিল যে সেই দৃশ্যটোৰ বাবেই তেওঁ ছবিখন কেবাবাৰো চাইছিল” (আন এখন ৰচনাৰ পৰা উদ্ধৃত)।

পৰিশেষত ইয়াকে ক’ব খুজিছো যে জ্যোতিপ্রসাদ কেৱল অসমীয়া চলচ্চিত্ৰৰ জন্মদাতাই নাছিল, তেওঁ অসমৰ চলচ্চিত্রকলাৰ প্ৰতিষ্ঠাপকো আছিল।

বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা স্বৰ্গীয় পদুম বৰুৱাদেৱৰ এই লেখাটি জ্যোতিপ্ৰসাদ আগৰৱালা সোঁৱৰণী স্মৃতিগ্ৰন্থ ‘জ্যোতিপ্ৰপাত’ৰ পৰা লোৱা হৈছে।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.6 / 5. ভোট : 116

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!