সোণালী পৃষ্ঠা

চলচ্চিত্ৰ পৰিচালক ভূপেন হাজৰিকা

ভূপেন হাজৰিকাৰ সংগীতৰ দিশটোৰ (গীতিকাৰ, গায়ক, সুৰকাৰ, সংগীত পৰিচালক) ইমান বেছি বৈচিত্ৰ্য, বৈশিষ্ট্য আৰু সফলতা আছে যে তেওঁৰ চলচ্চিত্ৰ পৰিচালনাৰ দিশটোক লৈ বৰ বিশেষ আলোচনা হোৱা নাই। আমি ভাবো তেওঁ পৰিচালনা কৰা চলচ্চিত্ৰকেইখনক লৈও আলোচনা কৰিবলগা আছে। কিয়নো তেওঁ পৰিচালনা কৰা ছবিকেইখনমান গতানুগতিক ভাৰতীয় বিনোদন ছবিৰ গণ্ডীৰ ভিতৰত নাছিল। তেওঁ যেতিয়া পঞ্চাশৰ মাজভাগত প্রথম ছবি পৰিচালনা কৰিবলৈ আহিছিল, তেতিয়া নানান পাৰিবাৰিক, ৰোমাণ্টিক তথা নাটকীয় কাহিনীৰ ছবি চাবৰ বাবে চিত্ৰগৃহত দৰ্শকৰ ভিৰ হৈছিল। পিচে তেওঁ তেনে ‘সফল’ ছবিৰ অনুকৰণ নকৰি মৌলিক চিন্তাৰে সামাজিক সচেতনা লৈ নিজৰ ছবি কৰিবলৈ আগবাঢ়িছিল। এটাই কথা, তেওঁৰ প্ৰতিখন ছবি সংগীতমুখৰ আৰু তেওঁৰ ছবিৰ গীততো বক্তব্য থাকে আৰু বক্তব্য ৰাখিও গীত সুৰীয়া হয়। তেওঁ পৰিচালনা কৰা ছবিকেইখন—

এৰাবাটৰ সুৰ (১৯৫৬)

‘এটি কুঁহি দুটি পাত ৰতনপুৰ বাগিচাত হেজাৰে তোলে। হেজাৰৰ মাজৰে হাৰান (ফণী শৰ্মা) মিন্নি, ঝুমনু, ৰামু, ছনিয়া, লছমন, এই ‘অনা অসমীয়া’ বনুৱাহঁতৰ বুকুৰ বান্ধৈ কলিজাৰ কুটুম অসমীয়া বড়ো হালোৱা ভুজলুং কাকা (বিষ্ণু ৰাভা)! ‘হালোৱ| বনুৱা একেলগে থাকিলে আমাক কোনে মাৰে?’ ভুজলুঙৰ অভিমত। ৰতনপুৰত একতাৰ সুৰৰ প্ৰতিধ্বনি আছে। এই ধুনীয়া সেউজীয়া ৰতনপুৰ বাগিচালৈ সিহঁতৰ অতি মৰমৰ জয়ন্ত বাবু (বিজয় শংকৰ) আকৌ আহিছে সুৰ বিচাৰি। ৰাজআলি এৰি এবাবাটৰে খোজকঢ়াটো, অসমৰ এৰাবাটৰ দুকাষে থকা বাণু, হৰি, ৰহিমহঁতৰ সুন্দৰ সৃষ্টিবোৰ বুটলি পৃথিৱীৰ সমুখলৈ অনাটো গীতিকাৰ-সাংবাদিক জয়ন্ত দুৱৰাৰ বুকুৰ সাধানা..।ছবিত সমান্তৰালভাৱে আছিল চাহ বাগিচাৰ মালিক বিশ্ব ফুকনৰ আধুনিকা কন্যা নিশা (ইভা আচাও), মেনেজাৰ ৰুপেন বৰুৱা (তচন্দুক ইউচুফ) আদিৰ চৰিত্ৰ। এইখন বেলেগ জগত। বাগিচাৰ ঝুমনু আৰু মিন্নিহঁতৰ জগতখনো বেলেগ! সংঘাত হয় বাগিচাৰ মেনেজাৰ আৰু বনুৱাৰ। জয়ন্তৰো সংঘাত হয় ঝুমনুৰ সৈতে, আৱেগিক সংঘাত, ঝুমনুৱে কয়- বাবু তই সুৰ নিবলৈ আহি মোক মিন্নিক..’। জয়ন্তই কয় ঝুমনুক- ‘মই তোৰ ছুৰীখনলৈ ভয় নকৰো, ভয় কৰো তোৰ বাঁহীৰ সুৰ হেৰাই যায় বুলি..।”

‘এৰাবাটৰ সুৰ’ত ফণী শৰ্মা

সৰ্বহাৰা কৃষক-শ্রমিকৰ বিপন্ন অৱস্থাৰ মাজতো ৰুকিনীহঁতৰ লয়লাস, ভোৰতালৰ শব্দ, চিফুঙৰ সুৰ, মাদলৰ প্ৰতিধ্বনি আৰু বনুৱাৰ একতা৷ কিছু তথ্যচিত্ৰধৰ্মী ছবি হ’লেও ‘এৰাবাটৰ সুৰ’ পঞ্চাশৰ দশকত সম্পূৰ্ণ এখন অগতানুগতিক আৰু বাস্তৱৰ চৰিত্ৰ বুটলি লৈ কৰা এজন চলচ্চিত্ৰ নিৰ্মাতাৰ সপোনৰ ছবি, যিখন ছবিৰ লোকগীত আৰু নৃত্যাংশত আছিল নৰহৰি বুঢ়াভকত আৰু অন্যান্যসকল, বড়োনি অনচাই আফাতৰ শিল্পীবৃন্দ, গৌৰীপুৰৰ গোৱালপৰীয়া গীত গোৱা প্রতিমা বৰুৱা, স্বনামধন্য হেমাংগ বিশ্বাস আৰু বহুতো । আনফালেদি ভূপেন হাজৰিকাৰ ৰচনা, সুৰ আৰু সংগীতত প্ৰথমবাৰৰ বাবে একেলগে সমবেত হৈছিল কণ্ঠশিল্পী হিচাপে লতা মংগেশকাৰ, হেমন্ত মুখাৰ্জী, সন্ধ্যা মুখাৰ্জী আৰু ভূপেন হাজৰিকা আৰু সৃষ্টি হৈছিল কেইবাটাও কালজয়ী গীতৰ – ‘সাগৰ সংগমত কতনা সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত’, ‘জোনাকৰে বাতি অসমীৰে মাটি জিলিকি জিলিকি পৰে’, ‘গুম গুম গুম গুম মেঘে গৰজিলে’, ‘জনকপুৰৰ জানকীয়ে মিচিক মাচাক হাঁহে’ আৰু ‘ৰ’দ পুৱাবৰ কাৰণে মাতিবানো কাক’।

‘এৰাবাটৰ সুৰ’ৰ আঁৰত – প্রযোজনা – বি পি ফিল্মছ ; কাহিনী, সংগীত, পৰিচালনা – ভূপেন হাজৰিকা ; চিত্ৰনাট্য,সংলাপ – প্ৰিয়ম হাজৰিকা, ভূপেন হাজৰিকা ; চিত্ৰগ্ৰহণ-অনিল গুপ্ত ; সম্পাদনা-তৰুণ দত্ত(সম্পাদনাত চকু ফুৰাইছিল মুম্বাইৰ ‘বিমল ৰয় প্ৰডাকচনৰ হৃষীকেশ মুখাৰ্জীয়ে)

মাহুত বন্ধুৰে (বাংলা, ১৯৫৯)

অসমৰ গৌৰীপুৰ অঞ্চলৰ হাতী মাউতসকলৰ জীৱন সংগ্ৰামক মূল উপজীৱ্য হিচাপে লৈ হাত চিকাৰ, হাতী ধৰা আৰু এই সংক্ৰান্তৰ পৰম্পৰাগত গীত-মাতেৰে সমৃদ্ধ আছিল ‘মাহুত বন্ধুৰে’ ছবিখন৷ ১২ ৰীলৰ ক’লা-বগা ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য আছিল গৌৰীপুৰৰ ৰাজবাড়ীৰ অলকেশ বৰুৱাৰ। সংগীত আৰু পৰিচালনাৰ লগতে প্রযোজনাও আছিল ভূপেন হাজৰিকাৰ। চিত্ৰগ্ৰহণ আছিল অজয় মিত্ৰৰ আৰু সম্পাদনা আছিল ৰমেশ যোশীৰ। এইখন ছবিৰ যোগে দিয়েই প্ৰথম বিস্তৃতভাৱে গোৱালপৰীয়া গীতৰ প্রচাৰ হৈছিল প্রতিমা বৰুৱা, বয়ানুদ্দিন, ভবেন, ভুপেন হাজৰিকা আদিৰ কণ্ঠৰ যোগেদি৷ইলা চক্ৰৱৰ্তী, শ্যামল মিত্ৰ আাৰু মানৱেন্দ্ৰ মুখাৰ্জীয়েও গীত গাইছিল। অভিনয় কৰিছিল দিলীপ ৰয়, তৃষ্ণা হাজৰিকা, মণিমা সোম, জহৰ ৰয়, প্রকৃতিশ বৰুৱা, অনুপ বৰুৱা, বিষ্ণু ৰাভা, প্ৰভাত মুখাৰ্জী আদিয়ে।

শকুন্তলা (১৯৬১)

মহাকবি কালিদাসৰ শকুন্তলাৰ কাহিনীটোৱে এটা সময়ত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতাসকলক যথেষ্ট আকৰ্ষিত কৰা বাবে সেই নিৰ্বাক যুগতে ১৯২০ চনত দুবাৰ, ১৯২৯ চনত আৰু ১৯৩২ এবাৰকৈ ‘শকুন্তলা’ ছবিৰ নিৰ্মাণ হৈছিল। সবাক যুগ অহাৰ বছৰতে ১৯৩১ চনত কলকাতাৰ বিখ্যাত প্ৰযোজনা সংস্থা ‘শকুন্তলা’ৰ মুক্তি দিছিল। একে বছৰতে এম ভাবনানিৰ পৰিচালনাত নাজু বেগমক নাম ভূমিকাত লৈ আন এখন ‘শকুন্তলা’ হৈছিল৷ পিচে বিখ্যাত হোৱা ‘শকুন্তলাখন (১৯৪৩) হৈছিল ভি শান্তাৰামৰ প্ৰযোজনা আৰু পৰিচালনাত৷ অভিনয়ত আছিল জয়শ্ৰী আৰু চন্দ্ৰমোহন৷ পিচত ভি শান্তাৰামে ছবিখন ৰিমেক কৰিছিল ‘স্ত্ৰী’ নামেৰে ১৯৬১ চনত। এইবাৰ নাম ভূমিকাত আছিল আগৰ নায়িকা জয়শ্ৰীৰ ভনীয়েক অৰ্থাৎ তেওঁৰ খুলশালীয়েক সন্ধ্যা৷ নায়কৰ চৰিত্ৰত ভি শান্তাৰাম নিজে ওলাইছিল৷ বাংলাৰ পৰা দক্ষিণৰ ভাষাতো ‘শকুন্তলা’ হৈছিল। ১৯৪১ চনত নিৰ্মিত বাংলা ভাষাৰ ‘শকুন্তলা’ৰ নাম ভূমিকাত আছিল জ্যোৎস্না গুপ্তা। নায়ক আছিল ধীৰাজ ভট্টাচাৰ্য। ভূপেন হাজৰিকায়ো ষাঠিৰ আৰম্ভণিতে এই ভাৰতীয় ধ্ৰুপদী সাহিত্যকৰ্মক অসমীয়া চলচ্চিত্ৰ ৰূপ দিয়ে। ভূপেন হাজৰিকাই কালিদাসৰ কাহিনীটোহে লৈছিল। পটভূমি, চৰিত্ৰ, সংলাপৰ পৰা গীতাংশলৈ সজাই পেলাইছিল অসমীয়া ৰূপ এটাত। সংলাপো আছিল এনেধৰণৰ- ‘পদুমৰ পাতেৰে বিচি দিম নেকি?’ গীতৰ ৰচনা আছিল এনে ধৰণৰ- ‘প্ৰথম প্রহৰ ৰাত্ৰি ফুলি আছিল চম্পা’ (গাইছিল ইলা বোস আৰু কবিতা হাজৰিকাই), ‘নৱ মল্লিকাৰ হেঁপাহ জানো পলাব মালিনী নৈতে ৰূপ চাই’ (ইলা বোস আৰু অনামিকা), ‘অলৌণ্ডটি তলৌগুটি কোন ক’ত লটিঘটি কচুপাতৰ লাই’ (ইলা বোস আৰু ভূপেন হাজৰিকা, ‘পিতৃগৃহ ত্যাগি আই মোৰ পতিগৃহে যায় (ভূপেন হাজৰিকা), ‘বনৰে পখিটি’, তোমাৰ লগৰীয়া, আমাৰে জোনটি’ (ইলা বোস), ‘বিৰাজে কি সাজে প্রকৃতিৰ জীয়ৰী’ (ভূপেন হাজৰিকা)।

‘শকুন্তলা’ৰ পোষ্টাৰ

প্ৰতিধ্বনি (১৯৬৫)

পৰম্পৰাগত এক খাচী প্ৰেমৰ লোককাহিনীৰ সৈতে নিজৰ কলাৰ সংমিশ্ৰণেৰে সম্প্ৰীতিৰ এক উজ্জ্বল চানেকীৰ ছবি এখন কৰিছিল ভূপেন হাজৰিকাই। অসমীয়া ছবিৰ সৈতে প্রথম জড়িত হৈছিল খাচী আৰু জয়ন্তীয়া পণ্ডিত, সংগীতজ্ঞ, গায়ক আৰু নৃত্যশিল্পী৷ অসমৰ ভালেখিনি লোকশিল্পী আছিলেই৷ ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পাইছিল। সম্প্ৰীতিৰ বাণী প্ৰচাৰিত ‘প্ৰতিধ্বনি’ আছিল সংগীতমুখৰ ছবিঃ ‘লিয়েন মাকাও, কোন পাহাৰ শিখৰত বাট চাইছা?’, (তালাত মেহমুদ, ভূপেন হাজৰিকা),‘হে হে ঢোলে ডগৰে’(বন্দনা বৰুৱা, ভূপেন হাজৰিকা), ‘অয় অয় আকাশ শুব’ (সুমন কল্যাণপুৰ), ‘ দেহি ঐ লুইতৰ সিপাৰে মাজুলী’ (মঘাই ওজা, কবিতা হাজৰিকা), ‘শৰৎকালৰ ৰাত্ৰি অতি বিতোপন সখী’ (কবিতা হাজৰিকা)।

প্ৰতিধ্বনিৰ চেটত ভূপেন হাজৰিকা আৰু কুমাৰী কৃষ্ণা (কৃষ্ণা দাস)

প্রতিধ্বনিৰ আাঁৰত – বেনাৰ – কামৰূপ চিত্ৰ ; প্ৰযোজনা, পৰিচালনা, চিত্ৰনাট্য, সংলাপ, সংগীত, গীত ৰচনা – ভূপেন হাজৰিকা ; চিত্ৰগ্ৰহণকাৰী – বিজয় দে’ ; সম্পাদনা – ৰাসবিহাৰী সিনহা ; অভিনয়ত – ইভা আচাও, পবিত্ৰ বৰকাকতী, বিষ্ণু ৰাভা, ৰঞ্জনা বৰদলৈ, কুমাৰী কৃষ্ণা, বিদ্যা ৰাও, ফণী পৰমা, কমল নাৰায়ণ চৌধুৰী আদি।

লটিঘটি (১৯৬৬)

চতুৰ্থখন ছবিত ভূপেন হাজৰিকাই হাস্য-ব্যংগৰ উপাদান ব্যৱহাৰ কৰি অসমৰ সাংস্কৃতিক জগতখন উদঙাইছিল। একো নজনা মানুহে চিনেমা কৰিবলৈ গৈ হোৱা লটিঘটি আছিল মুখ্য উপজীব্য। ছবিখনে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পাইছিল। ‘লটিঘটি’ৰ গীতো হৈছিল জনপ্ৰিয়। জয়ন্ত হাজৰিকা আৰু মনীষা সেনগুপ্তই বিবাহৰ আগে আগে ‘জীৱনটো যদি অভিনয় হয়’ গীতটোৰ চিত্ৰায়নত ওলাইছিল। গীতটো গাইছিল জয়ন্ত হাজৰিকা আৰু ইলা বোসে। ভূপেন হাজৰিকাই গাইছিল ‘টিৰাপ সীমান্ত ৰূপৰ নাই অন্ত’, ‘কোনে কয় মই অকলশৰীয়া’, ‘সহস্ৰজনে মোক প্ৰশ্ন কৰে’, ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক’। মহম্মদ ৰফী, ভূপেন হাজৰিকা আদিয়ে গাইছিল ‘ৰমজানৰে ৰোজা গ’ল, ওলাল ঈদৰ জোন’। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, গীতা দাস আৰু অনিল দত্তই গাইছিল নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰচনা কৰা ‘কোন ক’ত লটিঘটি কিনো ভৈল কাল’। গজানন বৰ্মা ৰচিত ‘ফাগন আয়োৰে’ গাইছিল গীতা দাস আৰু মনীষা সেনগুপ্তই।

‘লটিঘটি’ৰ আঁৰত – বেনাৰ – কামৰূপ চিত্র ; প্রযোজনা, পৰিচালন, কাহিনী, চিত্ৰনাট্য, গীতিকাৰ, সংগীত – ভূপেন হাজৰিকা ; সম্পাদক – ৰাসবিহাৰী সিনহা ; আভিনয় – বিজয় শংকৰ, বিদ্যা ৰাও, কুলদা ভট্টাচাৰ্য, ৰত্ন ওজা, হৰিনাৰায়ণ ; দাস, জ্যোতিষ ভাট্টচাৰ্য, জহৰ ৰয়, নৃপতি চেটাজী, বেবী গুপ্তা, সাধনা পেটেল আদি

চিকমিক বিজুলী (১৯৬৯)

এইখন আছিল সম্পূৰ্ণ চহৰকেন্দ্ৰিক ছবি। ছবিৰ নায়িকা বিজুলী৷ সঁচা বিজুলীৰ দৰেই এদিন তাই গুৱাহাটীৰ ফাঁচীবজাৰ এলেকাত এদিন চমকি উঠিল। ‘তাই নাচে, তাই গান গাই…নিবনুৱা বিজুলীয়ে এদিন উপায়হীন হৈ সত্ৰীয়া নাচ শিকোৱা স্কুল এখনত সোমাই…পিচে বিড়িৱালাৰ জীয়েক বিজুলী অপমানিত হয়। সত্ৰীয়া নাচৰ স্কুল বন্ধ হৈ যায়…সম্পৰ্ক হয় বিখ্যাত ব্যৱসায়ী পক্ষীৰাজ বিড়ি ফাৰ্মৰ মালিকৰ সৈতে – লন পাৱ প্ৰশান্ত মেকানিকক…৷বিজুলীৰ জীৱ্ন সংগ্রামক লৈ নিৰ্মিত হৈছিল “চিকমিক বিজুলী”৷ ছবিত গীত আছিল “ঘৰ আমাৰ মাটি হয়’ (মুকেশ, ভূপেন হাজৰিকা), ‘পক্ষীৰাজ ঘোঁৰা খটখটকৈ দৌৰা’ (কিশোৰ কুমাৰ), মিলনৰে এই শুভক্ষণ’ (ভূপেন হাজৰিকা), ‘মৃত্যু সাৱটি সমাধিতলীত’ (জয়ন্ত হাজৰিকা), ‘বিজুলীৰ পোহৰ মোৰ নাই’ (সুমন কল্যাণপুৰ),‘শম্মা থাকিলে’ (ভূপেন হাজৰিকা)।

‘চিকমিক বিজুলী’ত বিদ্যা ৰাও

চিকিমিক বিজুলীৰ আঁৰত – মুম্বাইৰ ‘ৰাজশ্ৰী’ আৰু অসমৰ ‘কামৰূপ চিত্ৰ’ৰ প্ৰযোজনা ; কাহিনী, চিত্ৰনাট্য, সংলাপ, পৰিচালনা, সংগীত, গীত ৰচনা – ভূপেন হাজৰিকা ; চিত্ৰগ্ৰহণ – অনিল গুপ্তা ; অভিনয়ত – বিজয় শংকৰ, বিদ্যা ৰাও, তচন্দুক ইউচুক, কুলদা কুমাৰ ভট্টাচাৰ্য, ৰুমা গুহঠাকুৰতা, জহৰ ৰায় আদি।

মেৰা ধৰম মেৰী মা (হিন্দী, ১৯৭৭)

অৰুণাচলৰ সত্তৰ দশকৰ তৰুণ নাট্যকাৰ-অভিনেতা এইচ এন টাটাৰ এখন নাটকৰ আলমত ভূপেন হাজৰিকাই চিত্ৰনাট্য ৰচনা কৰি পৰিচালনা কৰিছিল হিন্দী ভাষাৰ ‘মেৰা ধৰম মেৰী মা’ ৰঙীণ ছবিখন৷ হিন্দী সংলাপ লিখিছিল লক্ষণ দিবাকৰে। অভিনয় কৰিছিল এইচ এন টাটা, মালা, টাডু টায়ুং আদি অপেচাদাৰী শিল্পীসকলে। সংগীত পৰিচালনাও আছিল ভূপেন হাজৰিকাৰ। চিত্ৰগ্ৰহণ কৰিছিল টালিগঞ্জৰ অজয় মিত্ৰই। সম্পাদনা কৰিছিল তেতিয়া মুম্বাইৰ শক্তি সামন্তৰ ইউনিটৰ চীফ এডিটৰ বিজয় চৌধুৰীয়ে |

মন প্ৰজাপতি (১৯৭৯)

এটা| সময়ত প্ৰয়াত নিৰোদ চৌধুৰীৰ এই একে নামৰ উপন্যাসখনৰ কাহিনীৰে ছবি এখন কৰিবৰ বাবে মৃণাল সেনো আগ্ৰহী হৈছিল। পিচে ছবিখন কৰিলে ভূপেন হাজৰিকাই৷ গাঁৱলৈ অহা এটা অসমীয়া চাৰ্কাছ দলৰ জেনেৰেটৰটোৱে সন্ধিয়া পৰত চাৰ্কাছৰ চৌদিশ উজলাই তোলে। এনে শক্তি যদি আমাৰ গাঁৱৰ ঘৰে ঘৰে থকা তাঁত শালবোৰত সংযোগ হয়? কাহিনীত এনেধৰণৰ এটা কনচেপ্টৰ সৈতে আছিল ৰোনান্টিক প্ৰেমৰ কাহিনী। ছবিৰ গীতাংশত আছিল ‘অ’ অভিমানী বন্ধু, ভুল নুবুজিবা’ (উষা মংগেশকাৰ), ‘চেনাই মোৰ অ’, ‘কিয় এই সংযমহীন আচৰণ’ (ভূপেন হাজৰিকা, উষা মংগেশকাৰ)। নায়ক- নায়িকা ভৱেশ বৰুৱা আৰু গায়ত্ৰী দত্ত আছিল নৱাগত আৰু আছিল নৱাগত মীনা৷ লগত আছিল হীৰেন চৌধুৰী, কমল চৌধুৰী, হেমেন ৰাজখোৱা, নিৰদা ভূঞা, জ্ঞানদা বৰা, জিতেন শৰ্মা।

ছিৰাজ (১৯৮৮)

ফণী শৰ্মা আৰু বিষ্ণু ৰাভাই যুটীয়াভাৱে ১৯৪৮ চনত পৰিচালনা কৰা ‘ছিৰাজ’ ৰিমেক কৰে ভূপেন হাজৰিকাই। মূল ছবিখনত তেওঁ গীত ৰচনা, সুৰাৰোপ, কণ্ঠদান কৰাৰ উপৰিও অভিনয় কৰিছিল। হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ ওপৰত লক্ষীধৰ শৰ্মাই ৰচনা কৰা আৱেগিক কাহিনীটোৱে সকলো সময়তে তেওঁক আকৰ্ষণ কৰিছিল। তেওঁ ফণী শৰ্মাৰ ৰচনাৰ চিত্ৰানাট্যখনেই লৈছিল। আগৰ গীতকেইটিৰ লগতে নতুন গীতৰ সংযোজন কৰিছিল। ৰিমেক ‘ছিৰাজ’ৰ চিত্ৰগ্ৰহণ আছিল কমল নায়কৰ। কলা নুৰুদ্দিন আহমেদৰ। এইবাৰ ‘ছিৰাজ’ৰ চৰিত্ৰত আছিল নিপন গোস্বামী৷ সহঃ শিল্পীসকল আছিল মৃদুলা বৰুৱা, পূৰৱী শৰ্মা, পৰাগ চলিহা, ভাৰতী ডেকা, ৰূপক বৰুৱা, দেৱেন ভূঞা আদি।

‘ছিৰাজ’ত পূৰৱী শৰ্মা আৰু নিপন গোস্বামী

মিৰি জিয়ৰী (১৯৯০)

ৰজনীকান্ত বৰদলৈৰ মিচিং প্ৰেমৰ অতি জনপ্ৰিয় কাহিনীটোক গুৱাহাটী দূৰদৰ্শনৰ টেলিফিল্ম হিচাপে ভূপেন হাজৰিকাই ‘মিৰি জীয়ৰী’ নামেৰে নিৰ্মাণ কৰিছিল। এইখন দূৰৰ্শনৰ টেলিফিল্ম হ’লেও শ্বুটিং কৰিছিল চেলুলয়েডৰ ফিল্ম ফৰ্মেটত।

অসমৰ এগৰাকী আগশাৰীৰ লেখক তথা চলচ্চিত্ৰ সাংবাদিক স্বৰ্গীয় পবিত্ৰ কুমাৰ ডেকাদেৱে অসমৰ চিত্ৰ সাংবদিকতাৰ জগতখনলৈ প্ৰভূত বৰঙণি আগবঢ়াই গৈছে।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.9 / 5. ভোট : 80

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!