সোণালী পৃষ্ঠা

চেপলিনৰ সৃষ্টি পদ্ধতি

“মাৰ্লন, তুমি তোমাক দিয়া চিনটোলৈ আহাঁ। এক। দুই। তিনি খোজ। বাচ, আগ নাবাঢ়িবা।” মাৰ্লোন ব্ৰেণ্ডোৰ দৰে আত্মাভিমানী অভিনেতা এজনক এনেকৈ ডিক্টেটৰৰ দৰে নিৰ্দেশ দিয়া মানুহজন নিশ্চয় অভিনয় জনা মানুহ হ’ব লাগিব। ছোফিয়া লৰেনৰ দৰে অভিনেত্ৰীক সেই মানুহজনে যেতিয়া অভিনয় শিকায়, তেতিয়া ছোফিয়াই কৈ উঠে, “ইচ ইমান অভিনয় কৰিলোঁ, কিন্তু এই মানুহজনৰ পৰা ইমান শিকিব লগা আছে। এতিয়াহে বুজিছোঁ, আমি বহুতো কথা নাজানিছিলোঁ।” মাৰ্লন ব্ৰেণ্ডোই অভিনয় কৰি উঠ, সেই পৰিচালকজনৰ কথা কৈছে – 

‘’It is a mosaic acting with each tiny part honed and published and put in place’’

 নক’ব কিয়? সেই পৰিচালকজন যে চাৰ্লি চেপলিন। ৭৭ বছৰীয়া ডেকা চেপলিনে লণ্ডনৰ পাইনডউড ষ্টুডিঅ’ত, ‘এ কাউণ্টেছ ফ্ৰম হংকং’ ছবিৰ শ্বুটিং ১৯৬৬ চনত আৰম্ভ  কৰাৰে পৰা সুন্দৰৰ পৃথিৱীত চাঞ্চল্যৰ সৃষ্টি হৈছে। চেপলিনৰ শ্বুটিং দেখাৰ সুযোগ পোৱা লণ্ডনৰ ইলাষ্ট্ৰেটেড নিউজৰ সাংবাদিক উৰছুলা ৰবাৰ্টছৰ ভাষাত, “ষ্টুডিঅ’ত এই মহান কৌতুকাভিনেতাজনক পৰিচালক ৰূপে ব্যস্ত থকা যিজনে দেখিছে, তেওঁ পৃথিৱীৰ সুকুমাৰ কলা বুৰঞ্জীৰ এটি ডাঙৰ অধ্যায় ৰচনা হোৱা দেখিছে।” If only someone had been allowed to film the filming. পৰিচালক ৰূপে কাৰ্য্যৰত চেপলিনক যদি আন এখন ফিল্মে ধৰি ৰাখিব পাৰিলহেঁতেন! পিচে, তেওঁ যে কাকো সেই সুযোগ নিদিয়ে। নিৰ্জ্জন ষ্টুডিঅ’ত আপোনমনে, স্বাধীনভাৱে, তেওঁৰ নিজস্ব দৃষ্টিভঙ্গীৰে ছবি নিৰ্ম্মাণ কৰি গৈছে। সকলো কাম জুখি-মাখি কৰা বিধৰ পৰিচালক তেওঁ।

কমেডী সহজ নহয়

চাৰ্লি চেপলিন

বহুতে ভাবে, কমেডী ছবি কৰা বৰ আমোদজনক কথা। কথাটো মিছা। চেপলিনৰ তলত কমেডী অভিনয় কৰিবলৈ অভিনেতাৰ গাত, তেজত, অনুভূতিত সঙ্গীত থাকিব লাগিব বুলি ছোফিয়াই সিদিনা মন্তব্য প্ৰকাশ কৰিছে। চেপলিনে জানে, তেওঁ কি কৰিছে। কেমেৰা এটি যন্ত্ৰহে। চেপলিনে কয়, “মই নিবিচাৰোঁ তেনে কেমেৰা—যি কেমেৰাই অভিনয় কৰে!” অর্থাৎ কেমেৰাৰ ‘কাৰাচাজী’ক আচল অভিনেতাৰ অভিনয়তকৈ তেওঁ গুৰুত্ব নিদিয়ে। চিত্ৰনাট্য তেওঁৰ নিজৰ। চিত্ৰনাট্য কৰোঁতে বছৰৰ পাচত বছৰ চিন্তা কৰে। তেওঁৰ আত্মজীৱনীৰ শেষৰ বাক্যত এই মহান শিল্পীগৰাকীয়ে লিখিছে, “কেতিয়াবা মই মোৰ ঘৰৰ ওপৰত বহি, গধূলিৰ আকাশলৈ চাওঁ- সুদূৰ দিগন্ত পাৰ হৈ যায় মোৰ দৃষ্টি, অহংকাৰী পাহাৰ আৰু বিস্তৃত জলাশয় পাৰ হৈ যায় মোৰ মন – মই উপনীত হওঁ এক সুন্দৰ শান্তিৰ বিশালতাত।” কিন্তু সিদিনা এবাৰ দুষ্ট হাঁহি মাৰি এজনক কৈছে, “এইবোৰ মিছা কথা, মই মাথোঁ ভাবোঁ।”

“What the devil as I going to do for my next picture!’’

এই বয়সতো চেপলিনে ৰৈ থাকিব নোৱাৰে। প্রত্যেক মুহূৰ্ত্ততে গতিশীল। বিখ্যাত নৃত্যশিল্পী ডব্লিউ, চি. ফিল্ডছৰ মতে, “চেপলিন পৃথিৱীৰ সৰ্ব্বশ্ৰেষ্ঠ ‘বেলে’ ডান্সাৰ! মাজে মাজে মোৰ হিংসা হয়, তেওঁক খোজ কঢ়া দেখিলে।”

নিজৰ ছবিত সঙ্গীত পৰিচালনা কৰিয়েই ক্ষান্ত নেথাকে – সঙ্গীত ৰচনা কৰে। মানুহজনৰ ব্যক্তিত্বটোৱেই যেন এটি স্বৰলিপি। ‘লাইমলাইট’ ছবিত তেওঁৰ আৱহ-সঙ্গীত সৃষ্টি সুৰ-জগতৰ প্রতি বিৰাট অৱদান। সেই সুৰ তেওঁৰ বৰ প্ৰিয়। আজিও আজৰি পৰত, তেওঁৰ পোহনীয়া ভাটৌ ‘এডৱাৰ্ডক সুহুৰিয়াই সুহুৰিয়াই সেই সুৰৰ এটা অংশ শিকাবলৈ এৰা নাই।

চাৰ্লি চেপলিনৰ সৈতে মাৰ্লন ব্ৰেণ্ডো

সৰু মানুহ – মহান স্ৰষ্টা

‘চেপলিন’ বুলিলেই, বাটে বাটে ঘূৰি ফুৰা হাস্যকৰ পোছাক পিন্ধা সেই দুখীয়া সৰু মানুহজনৰ কথা পৃথিৱীয়ে নেপাহৰে। সেই সৰু মানুহজন পৰ্দ্দাৰ মানুহ। পিচে, পৰ্দ্দাৰ বাহিৰৰ চেপলিনজন বেলেগ। সেই চেপলিনজন প্রত্যেক কথাতে ‘মুডী’। শ্বুটিং চলি থাকোতে এজন বিশ্ববিখ্যাত সাংবাদিকক ধমক মাৰি দি কৈছিল- “মনে মনে থাকক। মই ভাবিব নোৱাৰোঁ এনেকৈ। এই কাম পৰীক্ষামূলক। এই পালোঁ, এই পালেঁ৷৷ ইউৰেকা!” –  চেপলিনৰ দুটা ব্যক্তিত্ব। চেপলিনে ছোফিয়া লৰেনৰ মুখাৱয়বতো হেনো পাইছে দুটা দিশ। বাওঁ ফালৰপৰা ছোফিয়াৰ প্ৰ’ফাইলটো হেনো কমেডীৰ বাবে ভাল আৰু সোঁফালৰ প্ৰ’ফাইল ভাল নাটকীয় প্রকাশৰ বাবে। মাছমৰীয়াই পানীৰ ওপৰ ভাগ চাই যেন কৈ দিলে- তাত কি মাছ আছে!

১৯২৩ চনৰ ‘এ ৱমেন অব্‌ পেৰিছ’ নামৰ ছবিখনৰ দিনৰপৰাই প্রত্যেকখনতে চেপলিন নিজেই নায়ক। আজি ১৯৬৬ চনত তেওঁ লৈছে মাৰ্লন ব্ৰেণ্ডোক আৰু ছোফিয়া লৰেনক। পিচে সঁচা, তেওঁৰ স্পৰ্শত নতুন ৰূপ পাইছে এই তাৰকাদ্বয়ে। চেপলিনে সংলাপৰ উচ্চাৰণ সদায়েই স্পষ্ট বিচাৰে। তেওঁ মাৰ্লনৰ এটি সংলাপ দিছে। কথাটো হ’ল ‘হোৱট’”? চেপলিনে মাৰ্ললক কৈছে– ‘ছাউণ্ড ৰানিং। চে হোৱট।’ মাৰ্লনে ক’লে–হোৱাট্‌ ?” চেপলিনে ক’লে-‘আকৌ কোৱাঁ হোৱট।” বাৰে বাৰে সেই একেটা শব্দক কোৱাই চিত্ৰ গ্ৰহণ কৰিলে, হোৱাট, হোৱাট। বাৰ বাৰৰ পাছতহে হাঁহি চেপলিনে ক’লে,

“All right, now we have got a very good ‘what’!’’

মাৰ্লনে সেইদিনা কৈছে–চেপলিনৰ কথা– “চেপলিন অদ্ভূত অভিনেতা। এটা অনুভূতিৰপৰা আন এটা অনুভূতি প্রকাশলৈ মানুহজন ইমান সোনকালে যাব পাৰে। এই খং দেখুৱালে, বাবুৰ্চী এজনৰ মুখত হয়তো এই কেক্‌টো সানি দিলে, পাচ মুহূৰ্ত্ততে বৰ ধনী শকত মানুহ এজনক ব্যঙ্গ শ্ৰদ্ধা জনালে। তাৰ পাচতে, এই সেনাপতিজনক দিলে এটা সামৰিক চেলাম, তাৰ পাচৰ মুহূৰ্ত্ততে ভোকত, খঙত বাবুৰ্চী এজনক ভৰিৰ ফাঁকত তেওঁৰ ভৰি সুমুৱাই দিলে বগৰাই – সকলো সৰু মানুহৰ প্রতীকময় প্রকাশ, অথচ ইমান বাস্তৱ। কথা আৰু চেপলিনৰ মাজত সম্বন্ধ কম!”

জীৱন দৰ্শন

চেপলিনে প্ৰত্যেক ছবিৰে পৃথিৱীক ভবাই তোলে। “It is a blundering world – and a sad one, but a little kindness can make it beautiful –“ তেওঁৰ এয়েই জীৱন-দৰ্শন। এইখিনি কথা পৃথিৱীক ক’বলৈ পৰিচালক ৰূপে অভিনেতা-অভিনেত্ৰীৰ প্রকাশ-ভঙ্গিমাৰ ওপৰত নির্ভৰ কৰিব লাগে। অভিনয় শিল্পীৰ কথাও সহানুভূতিৰে বিবেচনা কৰে এইবুলি–

“The most delicate instrument in the world is an actor, you can destroy him with a few words.’’

আৰ্ট সৃষ্টিত তেওঁৰ পদ্ধতি ষ্টাইলাইজড্‌। সেই ষ্টাইলাইজেশ্বন লাহে লাহে ৰূপান্তৰিত হয় মানৱতা প্রকাশলৈ। দৰ্শকে পৰিৱৰ্ত্তনখিনি গম নোপোৱাকৈয়ে উপলব্ধি কৰেগৈ। কান্দিব লগা বিষয়টোত হাঁহি থাকে-। পিচে, হাঁহি থকা কালতো দৰ্শকক ফল্গুৰ দৰে কষ্ট দিয়ে। স্ৰষ্টা ৰূপে মহান

চাৰ্লি চেপলিনক যোৱা মাহত ষ্টুডিঅ’ পৰিচালনা কৰি থকা অৱস্থাত পৃথিৱীবিখ্যাত সাংবাদিক এজনে দেখিছিল। তেওঁ হেনো দেখিলে- ৭৭ বছৰীয়া চেপলিনৰ ভৰি দুখন সৰু। বাওঁ ভৰিৰ জোতাপাতত এটি ফুটা আছে। ভৰিৰ কেঞা আঙুলিটোৰ কিছু অংশ দেখা যায়। ৰাছিয়ান কাউণ্টেছৰূপী ছোফিয়া লোৰেন আৰু‘ আমেৰিকান ৰষ্ট্ৰদূতৰূপী মাৰ্লন ব্ৰেণ্ডোক পৰিচালনা কৰি থকা পৰিচালক চেপলিন ষ্টুডিঅ’ৰ মজিয়াত ঘূৰি ফুৰিছে, কাম কৰিছে, নিৰ্দ্দেশ দিছে। চেপলিনক তেতিয়া পৃথিৱীৰপৰা বহু উচ্চত, বতাহত উৰি ফুৰা চিলা এখনৰ সৈতে ৰিজাব পাৰি৷ মানুহজনৰ সম্পূৰ্ণ বগা চুলিখিনি অলিয়া-বলিয়া হৈ যায়। পিচে, সবাতোকৈ ডাঙৰ কথা  হ’ল চেপলিনজন, বৰ চুটি মানুহ। আৰু সেয়েহে, তেওঁৰ সৃষ্টিয়ে এই সৰু মানুহজনৰ ব্যক্তিত্বটো আকাশলংঘা কৰি তোলে। ভৰি দুখন কিন্ত পৃথিৱীৰ বোকাতে থাকে।

বিংশ শতাব্দীক যদি সময়ে নিশ্চিহ্ন কৰিও দিয়ে, কেইটামান মনুমেণ্ট নিশ্চয় ৰৈ যাব — মানৱ সভ্যতাৰ মৰিশালিত। তাৰে এটি চাৰ্লি চেপলিনৰ অগতানুগতিক সৃজনী প্রতিভা  জড়িত সৃষ্টি-পদ্ধতি।

                       (সুন্দৰৰ ন-দিগন্ত গ্ৰন্তৰ পৰা সংগ্ৰহ)

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 3.5 / 5. ভোট : 6

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!