কলাৰ প্রতি যিগৰাকী শিল্পীৰ শ্রদ্ধা থাকে তেনে প্রতিগৰাকী শিল্পীৰ জীৱনকালত কিছু ভাল কাম কৰাৰ, স্বনামধন্য ব্যক্তিৰ কামৰ সৈতে নিজক জড়িত কৰি কলাৰ জগতখনত সামান্য হ’লেও অৰিহনা যোগোৱাৰ সপোন থাকে। এগৰাকী শিল্পী হিচাবে মোৰো সেই সপোন আছিল। নিজে গম নোপোৱাকৈয়ে ময়ো চাগৈ সেই সপোনৰ পাছে পাছে দৌৰিছিলো। সেই বাটত মোৰ এনে কেইগৰাকীমান ব্যক্তিক লগ পোৱাৰ, তেখেতসকলৰ সৈতে কাম কৰাৰ সৌভাগ্য হৈছিল যাৰ স্মৃতি মোৰ জীৱনত সদায় সজীৱ হৈ থাকিব।
মোৰ জীৱন আৰু কর্মত বিশেষভাৱে প্রভাৱ পেলোৱা সেইসকল স্বনামধন্য ব্যক্তিৰ মাজত জাহ্নু বৰুৱাদেৱ অন্যতম। যাক মই অত্যন্ত শ্রদ্ধা কৰো। জাহ্নু বৰুৱাৰ দৰে এগৰাকী পৰিচালকৰ সৈতে কাম কৰিবলৈ পোৱাটো এজন শিল্পীৰ বাবে অতি গৌৰৱৰ বিষয়। সেই সুযোগ মই জাহ্নুদাৰ পৰা পাইছিলো, যাৰ বাবে মোৰ জীৱন ধন্য হ’ল। ‘ফিৰিঙতি’ কথাছবিখনে মোৰ শিল্পী জীৱনৰ বাটছোৱাত এক নতুন উজ্জ্বল পোহৰেৰে পোহৰাই তুলিলে। সেই পোহৰে মোৰ শিল্পী জীৱনকেই এক বিশেষ মর্যদা প্রদান কৰিলে।
যিদিনাখন জাহ্নু বৰুৱাদেৱে ‘ফিৰিঙতি’ ছবিখনৰ কাহিনীটো আমাৰ ঘৰলৈ আহি ৪-৫ ঘণ্টা বহি বর্ণনা কৰিছিল—সেইদিনাই এইগৰাকী পৰিচালকৰ প্রতি মোৰ শ্রদ্ধাত মূৰ দোঁ খাই গৈছিল। পৰিচালক আৰু শিল্পীৰ মাজত কেনেধৰণৰ সংযোগ হ’ব লাগে—এই বিষয়ত ইয়াতকৈ ডাঙৰ উদাহৰণ আৰু কি হ’ব পাৰে! ‘ফিৰিঙতি’ ছবিখনৰ জড়িয়তে এইগৰাকী ব্যক্তিৰ পৰা বহু কথাই শিকিছিলো যিবোৰে মোৰ জীৱনত সদায় প্রভাৱ বিস্তাৰ কৰি আহিছে। জাহ্নু বৰুৱা আৰু ‘ফিৰিঙতি’ৰ বিষয়ে লিখিবলৈ হ’লে নিশ্চয় এখন দীঘলীয়া বুৰঞ্জী হ’ব। সিমানলৈ নগৈ জাহ্নুদাই কোৱা কেইটিমান বিশেষ কথা উল্লেখ কৰিব খুজিছো।

১৯৯১ চনৰ কথা। ‘ফিৰিঙতি’ ছবিখনৰ বাবে ডাবিং চলি আছে। দুপৰীয়া খোৱা-বোৱাৰ পিছত কিছু সময় কাৰেন্ট নাছিল, সেই সময়ত তেখেতে কোৱা কিছুমান প্রয়োজনীয় কথা মই লিখি থৈছিলো। তেখেতে কৈছিল- এগৰাকী শিল্পী এটা চৰিত্রৰ বাবে নির্বাচন কৰিবলৈ সেই শিল্পীগৰাকীৰ কিছু হ’লেও সম্ভাৱনা থাকিব লাগিব। এগৰাকী শিল্পীয়ে তেওঁৰ নিজস্ব অভিনয় প্রতিভা প্রকাশ কৰিব লাগিব, অৱশ্যে সেই অভিনয় অধিক উন্নত কৰিবৰ বাবে পৰিচালকে নিশ্চয় সহায় কৰিব লাগিব, পৰিচালকে শিল্পীগৰাকীৰ চৰিত্রটোৰ প্রয়োজন অনুসৰি উপাদানসমূহ সংযোগ কৰা বা হ্রাস কৰাৰ থল থাকে। আকৌ এনেকুৱা শিল্পীও আছে যাৰ পৰা অভিনয় পাবৰ বাবে তেওঁক, শাৰীৰিক-মানসিক দিশৰ সালসলনি ঘটাইও চৰিত্রটোৰ বাবে প্রস্তুত কৰিব পাৰি। সেই সময়ত পৰিচালকৰ যথেষ্ট দায়িত্ব আহি পৰে।
বৰুৱাদেৱৰ পৰিচালকৰ দৃষ্টিভংগীৰে কোৱা কিছু পৰামর্শ এগৰাকী শিল্পীৰ বাবে বৰ প্রয়োজন বুলি মই অনুভৱ কৰো। কণ্ঠ চর্চা এজন শিল্পীৰ বাবে অতি প্রয়োজন। এই ক্ষেত্রত সংগীতেও যথেষ্ট সহায় কৰে। শৰীৰৰ অংগ সঞ্চালনৰ ওপৰতো কণ্ঠ নির্ভৰ কৰে। শৰীৰ সঞ্চালনৰ লগত কণ্ঠৰ ভাৰসাম্য ৰক্ষা কৰি চলাটো শিল্পীৰ গুৰুত্বপূর্ণ বিষয়।
বৰুৱাদেৱে গুৰুত্ব দিয়া আন এটা আৱশ্যকীয় দিশ হ’ল অধ্যয়ন। আমাৰ বহুতো শিল্পীৰ মাজত অধ্যয়নৰ অভাৱ দেখা যায়। জ্ঞান আহৰণৰ বাবে অধ্যয়নৰ আৱশ্যক। সেইয়া লাগিলে অভিনয়ৰেই হওক নাইবা আন যিকোনো বিষয়েই হওঁক। অধ্যয়নে মানু্হৰ জ্ঞানৰ গভীৰতা বঢ়াই তোলে। বিভিন্ন লেখকৰ কিতাপ পঢ়াতো একপ্রকাৰ অভ্যাসত পৰিণত কৰিব লাগে প্রতিগৰাকী শিল্পীয়ে।

‘ফিৰিঙতি’ ছবিখনিয়ে মোৰ জীৱনলৈ কেৱল মান-সন্মান, পুৰস্কাৰেই কঢ়িয়াই অনা নাছিল; এই ছবিখনে মোৰ জীৱনটো অতি উচ্চ পর্যায়ৰ অভিজ্ঞতাৰে পুষ্ট কৰি মোৰ অভিনয় জীৱনক এক বিশেষ স্থানত প্রতিষ্ঠিত কৰিছে। ‘ফিৰিঙতি’ ছবিখনৰ অভিজ্ঞতাৰ বিষয়ে কেইটিমান বাক্যত প্রকাশ কৰাটো সম্ভৱ নহয়।
বৰুৱাদেৱৰ আন এখন বিশেষ ছবি ‘কণিকাৰ ৰামধেনু’। সমাজৰ এক গুৰুত্বপূর্ণ সমস্যাৰ ওপৰত নির্মাণ হোৱা এই ছবিখনেও মোৰ অভিনয় জীৱন ধন্য কৰিলে। সমাজত সমস্যা বহুতো আছে. কিন্তু তাৰ ভিতৰত কিছু জলন্ত সমস্যাক কেমেৰাৰ মাধ্যমেৰে সমাজৰ আগত দাঙি ধৰি মানুহৰ মাজত সচেতনতা সৃষ্টি কৰাক দায়িত্ব আৰু কর্তব্য বুলি ভবা এইগৰাকী নমস্য পৰিচালকলৈ জনাইছো শত প্রণাম। তেখেতৰ মূল্যবান অৱদানেৰে অসম তথা ভাৰতবর্ষৰ সাংস্কৃতিক, সাহিত্য জগত আৰু অধিক সমৃদ্ধ হওঁক। জাহ্নু বৰুৱাদেৱৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
এই লেখাটো জাহ্নু বৰুৱাদেৱৰ ওপজা দিন উপলক্ষে প্ৰকাশিত অভিনন্দন গ্ৰন্থত পূৰ্বপ্ৰকাশিত

’ফিৰিঙতি‘ চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত মলয়া গোস্বামী অসমৰ এগৰাকী স্বনামধন্য অভিনয় শিল্পী |
