সোণালী পৃষ্ঠা

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’

সাহিত্যাচাৰ্য অতুলচন্দ্ৰ হাজৰিকাদেৱৰ এই লেখাটি তেখেতৰ মূল প্ৰৱন্ধ ‘অসমৰ নাট্যজগতত এভূমুকি’ৰ এটা অংশ হিচাবে আগবঢ়োৱা হৈছে। মূল লেখাটি প্ৰকাশ পাইছিল সত্যেন্দ্ৰনাথ শৰ্মাদেৱ সম্পাদিত ১৯৫৭ চনৰ ‘অসম সাহিত্য সভা পত্ৰিকা’ৰ তৃতীয় সংখ্যাত।

স্বৰূপাৰ্থত অসমীয়া বোলছবিৰ জন্ম হবৰ বৰ বেছিদিন হোৱা নাই। কথমপি ২০(কুৰি) বছৰহে পাৰ হৈ গৈছে মাথোন। অসমীয়া বোলছবিৰ সংখ্যাও এতিয়াও তাকৰ হৈয়ে আছে। নিমাতী অসমীয়া বোলছবি এখনো নোলালেই আৰু তেতিয়া মঞ্চৰ অভিনয়ৰ অৱস্থাও কলিকতা আদি ঠাইৰ নিচিনা উন্নত নাছিল। তদুপৰি সেই সময়ত বোলছবিত নেলাগে-মঞ্চলৈকে অভিনয় কৰিবলৈ অসমীয়া গাভৰুসকল আগবাঢ়ি অহা নাছিল। তেতিয়া অসমত কোনো ব্যৱসায়ী বা দৰ্ম্মহা খোৱা অভিনয়-শিল্পী নাছিল আৰু আজিও প্রায় নাই বুলিয়েই কব পাৰি। তথাপি সেই সময়তকৈ বোলছবিৰ কাৰণে আজিৰ পৰিবেশ বহু পৰিমাণে অনুকূল আৰু উন্নত হোৱা বুলি কব পাৰি। নানান প্ৰতিকূল অৱস্থাৰ মাজেদি আগত কোনো আঢ়ি বা চানেকি নথকা অৱস্থাতে বেছিভাগ বোলছবিৰ কথা নজনা নতুন শিল্পী আৰু পোনপটীয়াভাবে গাঁৱলীয়া ভদ্ৰসমাজৰ পৰা কেইগৰাকীমান গাভৰু বাছি লৈ প্রথম অসমীয়া বোলছবি “জয়মতী” কেনেকৈ সৃষ্টি কৰা হৈছিল সেইকথা জানিলে মনত বিস্ময় ওপজে আৰু যিসকল শিল্পী আৰু অভিনেত্ৰীয়ে প্রথম পদক্ষেপ কৰি অসমীয়া বোলছবিৰ বুনিয়াদটেো ৰচনা কৰি গ’ল তেওঁলোকৰ প্ৰতি শ্রদ্ধাত মূৰ দোঁ খায়।

জ্যোতিপ্ৰসাদে আমাৰ বোলছবিৰ প্ৰথম নাটক হিচাবে ৰসৰাজ বেজবৰুৱাৰ “জয়মতী কুঁৱৰী”কে বাছি লৈছিল যদিও নাটখিনি ৰূপকোঁৱৰে নতুন সাঁচত ঢালি লৈছিল। প্রকৃততে বোলছবিৰ ‘জয়মতী’ বেজবৰুৱা আৰু জ্যোতিপ্ৰসাদৰ যুটীয়া ৰচনাৰ ফল বুলিও কব পাৰি। লালুকসোলা বৰফুকন, গাঁঠি হাজৰিকা প্ৰভৃতি চৰিত্র আৰু খটাসুৰ বধ ভাওনা, বিবিধ নৃত্য আৰু অসমীয়া ঘৰুৱা জীৱনৰ চিত্র আদি মূল নাটকত নথকা বিষয় নাটখনত যোগদি লোৱা হৈছিল। জ্যোতিপ্ৰসাদে চিত্ৰলেখা মুভিট’ন নামেৰে প্ৰথম অসমীয়া ফিল্ম প্ৰতিষ্ঠান প্রতিষ্ঠা কৰি তেজপুৰ অঞ্চলত থকা আগৰৱালা পৰিয়ালৰ ভোলাগুৰি বাগিচাত চিত্ৰবন নামেৰে ষ্টুডিঅ’ নিৰ্মাণ কৰি জয়মতীৰ চিত্ৰ গ্ৰহণৰ কাম আৰম্ভ কৰিছিল। প্ৰথমতে নগা পৰ্ব্বত, কাজিৰঙা আদিলৈ গৈ বহিৰ্দৃশ্য গ্ৰহণ কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও পিছত নানান অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হোৱাৰ বাবে গুৱাহাটীৰ আগেয়ে নিউপ্ৰেছ থকা খাৰঘূলি অঞ্চলতে গদাপাণি আৰু ডালিমীৰ দৃশ্যবোৰ তোলা হৈছিল। জয়মতীৰ পিছৰ প্রায়বোৰ ছবিতে তেজপুৰ, নগাওঁ, গুৱাহাটী আদি ঠাইৰ শিল্পীসকলৰ প্রাধান্য দেখা যায় আৰু সেইকাৰণে সেইবোৰ ছবি কোনো বিশেষ অঞ্চলৰ শিল্পীৰ ছবি বুলিও কব পাৰি। ‘জয়মতী’ৰ ক্ষেত্ৰত হলে সেই কথা নেখাটে। এইখন আছিল সদৌ অসমৰে ডেকা-গাভৰুৰ ছবি।

জ্যোতিপ্ৰসাদে বৰ যত্নেৰে অসমৰ সকলো ঠাইৰে পৰা শিল্পী নিৰ্বাচন কৰিছিল। এই প্রথম বোলছবিৰ অভিনয়ত ভাও লোৱা শিল্পী সকলৰ নামো বিশেষ স্বৰণ যোগ্য। তেওঁলোকৰ কিছুমান হৈছে ডালিমী(শ্ৰীমতী স্বৰ্গজ্যোতি), গদাপাণি(শ্ৰীযুত ফুনু বৰুৱা), লালুকসোলা বৰফুকন(তেজপুৰৰ ডাক্তৰ শ্ৰীযুত ললিত চৌধুৰী), গাঁঠি হাজৰিকা(শ্ৰীযুত ফণী শৰ্ম্মা), ল’ৰা ৰজা(নগাৱঁৰ শ্ৰীযুত নৰেন বৰদলৈ), চাওদাং বৰুৱা(বৰপেটাৰ শ্ৰীযুত বনমালি দাস), চোৰাংচোৱা বৰুৱা (গুৱাহাটীৰ শ্ৰীযুত শুভ বৰুৱা), বৰগোঁহাই (শ্ৰীযুত প্ৰফুল্ল বৰুৱা), ভাওনাৰ শ্ৰীকৃষ্ণ (শ্ৰীযুত কমলা প্ৰসাদ আগৰৱালা)–এইদৰে আৰু বহুত বিখ্যাত শিল্পীৰ সহযোগত ৰূপালী পৰ্দাত জয়মতীয়ে পুনৰ্জ্জীৱন পাইছিল। নাম নজনাৰ কাৰণে তিৰোতা শিল্পী কেইগৰাকীৰ নাম সম্প্ৰতি উল্লেখ কৰিব পৰা নগল। জ্যোতিপ্ৰসাদে নিজে শ্ৰীমতী উপা কটকী নামেৰে কাৰেঙৰ লিগিৰী ভাওলোৱা ছোৱালী এটীৰ লগত স্বৰ্গদেউৰ আগত হাতত জাপী লৈ মনোৰম নাচ এটি দেখুৱাইছিল। এই প্রসঙ্গতে উল্লেখ কৰিব পাৰি যে দৃশ্যবোৰৰ সাজ-সজ্জাত কলগছ, শৰাই, জাপী, যাঠী, নগা যাঠী আদিৰ সহায় লোৱা হৈছিল আৰু এইবোৰৰ সহায়ৰেই আহোম ৰাজত্বৰ উৱঁলি যোৱা ছবিবোৰত বাস্তৱ ৰূপ দিয়াত আগৰৱালা দেৱ বহু পৰিমাণে কৃতকাৰ্য্য হৈছিল। শব্দ গ্ৰহণ আৰু চিত্র গ্ৰহণৰ বাবলোৱা অনা-অসমীয়া কাৰিকৰসকলে প্ৰবঞ্চনা নকৰা হলে এই প্ৰথন অসমীয়া বোলছবি সকলো ফালৰ পৰা নিখুঁত হলহেঁতেন বুলি আমাৰ বিশ্বাস। যি নহওক ফটোগ্ৰাফী আৰু শব্দগ্ৰহণত যান্ত্ৰিক আসোঁৱাহ থকা সত্বেও অসমীয়া কথাছবিৰ ক্ষেত্ৰত জয়মতীয়ে কেৱল নতুন পথ প্ৰদৰ্শন কৰিছিল বুলি কলেই যথেষ্ট নহব। আজিলৈকে যুগুত হোৱা সকলো কেইখন বোলছবিৰ ভিতৰত কেবাটাও বিষয়ত জয়মতীয়েই শ্রেষ্ঠ বুলি কব পাৰি।

‘জয়মতী’ত গাঁঠি হাজৰিকাৰ চৰিত্ৰত ফণী শৰ্ম্মা

১৯৩৪ চনত আৰম্ভ কৰা হৈছিল যদিও জয়মতীৰ প্ৰথম প্ৰদৰ্শন কৰা হয় ১৯৩৫ চনৰ ১০ মাৰ্চ্চত কলিকতাত আৰু ১৯৩৫ চনৰ ২০ মাৰ্চ্চত গুৱাহাটীত৷ উদ্বোধন প্রসঙ্গত জ্যোতিপ্ৰসাদে এইদৰে এটি ঘোষণা কৰিছিল-“অসমীয়া ৰাইজৰ শুভ ইচ্ছা আৰু আশীৰ্ব্বাদ মূৰত লৈ আজি প্রায় ডেৰ বছৰৰ মূৰত জয়মতী ফিল্ম ৰাইজৰ আগলৈ উলিয়াবলৈ সমৰ্থ হৈছো। “জয়মতী” ছবি তোলাৰ সময়ত এই অভাজনৰ ওপৰেদি নানা ক্লেশৰ প্ৰবল সোঁত বাগৰি গৈছিল। পিতৃ-মাতৃৰ চিৰ বিদায়ৰ কৰুণতা-ক্লিষ্ট ঘাত- প্রতিঘাতে জৰ্জ্জৰিতপ্ৰায় কৰি এই “জয়মতী”ছবি ৰাইজৰ আগলৈ উলিয়াটেো বৰ দুৰুহ কৰি তুলিছিল। কিন্তু ৰাইজৰ ঐকান্তিক শুভ ইচ্ছাৰ ফলত সেই সকলো বাধা-বিঘিনি আৰু বিপদ আপদৰ বতাহ-বৰষুণৰ মাজেদি “জয়মতী”ক কোনোমতে ৰক্ষা কৰি সাজি সম্পূৰ্ণাঙ্গীকৈ ৰাইজৰ আগত খিয় কৰিব পাৰিছো৷ অসমীয়াৰ প্রথম কথাছবি বুলি, অসমীয়া ল’ৰা-ছোৱালীৰ ফিল্ম অভিনয়ত প্ৰথম চেষ্টা বুলি সদৌ অসমীয়া ৰাইজে যেন এই ছবিখন মৰমৰ চকুৰে চায় আৰু সহায় কৰি অসমীয়া ফিল্ম-শিল্প কৰ্ম্মীসকলৰ আগলৈ ফিল্ম কৰাৰ সোণালী সপোন দিঠকত পৰিণত কৰিবলৈ যেন আশীৰ্ব্বাদ কৰে।”

১৯৩৫ চনৰ ১০ মাৰ্চ্চ অসমীয়া বোলছবিৰ জন্ম দিন৷ সেইদিনা কলিকতাৰ ৰাওনাক মহলত ৰসৰাজ বেজবৰুৱাৰ পৌৰহিত্যত আৰু কলিকতা প্ৰবসুৱা অসমীয়া সকলৰ উপৰিও বহু ভাৰতীয় বিশিষ্টলোকৰ উপস্থিতিত “জয়মতী” বোলছবি প্ৰথমবাৰ প্রদৰ্শন কৰা হৈছিল। সেই উদ্ধোধনী উৎসৱত ভাৰত-বিখ্যাত চিত্ৰশিল্পী অসমৰ সুসন্তান ৰাজকুমাৰ প্রমথেশ বৰুৱা, নিউ থিয়েটাৰৰ বিখ্যাত অভিনেতা চায়গল, পৃথ্বীৰাজ কাপুৰ প্ৰভৃতি বহু বিশিষ্ট অতিথিয়ে শোভাবৰ্দ্ধন কৰিছিল। বেজবৰুৱা ডাঙৰীয়াই সেই উংসৱৰ ভাষণত কৈছিল-“আজি বৰ মঙ্গলৰ দিন, আজি অসমৰ এটা গৌৰৱৰ দিন, “জয়মতী” শ্ৰীমান জ্যোতিবোপাৰ অশেষ চেষ্টা, অপৰিসীম ধৈৰ্য্য আৰু ধন ব্যয়ৰ ফল। তেওঁ প্রকৃততে এজন শিল্পী। তৰুণ অসমৰ “জয়মতী” এখন উজ্জ্বল দাপোণ। মই আশাকৰো যাতে অইন প্ৰদেশৰ লগে লগে এই লাগতিয়াল প্রতিষ্ঠানটোৱে অসমত ভালকৈ শিপায়, জকাই চুকৰ অসমে যাতে গোটেই ভাৰততে নিজৰ গৌৰৱ আৰু জাতীয়তা বিলাই ফুৰাব পাৰে। মই দেখিছো “জয়মতী” ছবিত পুৰণি গীত-মাত বচন, ঘৰ-দুৱাৰ কাৰুকাৰ্য্য সকলো অসমীয়া ঠাচত কৰিবলৈ শ্ৰীমান জ্যোতি বোপাই চেষ্টা কৰিছে। মোৰ অপাৰ আনন্দ যে মোৰো মানসী কন্যা কল্পনাৰ নাগিনী প্ৰকৃতিৰ ছোৱালী ডালিমীক মই ভবামতে, মই কল্পনা কৰা মতে দিঠকত দেখিবলৈ পালো৷”

গদাপাণিৰ চৰিত্ৰত ফুনু বৰুৱা

গোটেই অভিনয় হোৱাৰ পিছত কি কথাই মনত সাঁচ বহুৱাইছিল সেইবিষয়ে প্রশ্ন কৰাত তেখেতে কৈছিল-“যি কালৰ ঘটনা আৰু কাৰ্য্যৰ চিত্র ফিল্মখনে প্রকাশ কৰিছে, সেইবোৰ সাইলাখ সেইকালৰ যেন লাগে। ভাৰতৰ নানা ঠাইত আন আন ভাৰতীয় ভাষাত ঐতিহাসিক আৰু পৌৰাণিক ঘটনা সৰু কাৰ্য্যৰ সবাক-চিত্র মই দেখিছো; আন নালাগে এই কলিকতাতে আগেয়ে বঙলা আৰু হিন্দীভাষাত তেনে ফিল্ম দেখিছো; কিন্তু সেইবোৰে মোৰ মনত সেই সেই পুৰণি কালোপযোগী পাৰিপাৰ্শ্বিক অৱস্থা এনেদৰে সৃষ্টি কৰিব পৰা নাছিল। দ্বিতীয় কথা মোৰ মনত লাগিছে যে আগেয়ে কেতিয়াও ফিল্ম নেদেখা বা ফিল্মত ভাও নিদিয়া অসমীয়া মতা আৰু তিৰোতাই (কিছুমান একেবাৰেই গাঁৱলীয়া) এনে সুন্দৰকৈ এই জয়মতী ফিল্মত ভাও দিব কেনেকৈ পাৰিলে? দুজনী এজনী  ভাৱৰীয়ানীক এতিয়াই “হলিউডৰ ফিল্মষ্টাৰ”ৰ শাৰীত বহুৱাব পাৰি। মুঠতে কব পাৰি যে জয়মতী ফিল্মৰ ভাৱৰীয়া ভাৱৰীয়ানীয়ে সপ্তদশ শতিকাৰ অসমক এই ফিল্মত পুনৰ্জ্জীৱন দি তুলি দেখুৱালে; সতীৰ সতীত্বৰ সনাতন তেজ, প্রকৃত বীৰৰ দুৰ্জয় মহিমা পোহৰাই দিলে।”

কাৰ ভাও আটাইতকৈ ভাল হৈছিল বুলি প্রশ্ন কৰাত তেখেতে কৈছিল -“ডালিমীৰ৷ মোৰ নাটখনৰ সৰহভাগ মানুহ আৰু তেওঁলোকৰ চৰিত্ৰ ঐতিহাসিক;  কিন্তু ডালিমী সম্পূৰ্ণৰূপে মোৰ মানস প্রতিমা। মই কেতিয়াও ভবা নাছিলো যে ডালিমীক মোৰ মানস-পটৰ বাহিৰে কেতিয়াবা ইহজীৱনত দেখিবলৈ পাম। কিন্তু জয়মতী ফিল্মৰ ডালিমীয়ে মোৰ সপোন দিঠক কৰিলে। মোৰ মনৰ চিত্ৰপটত থকা সেই চঞ্চল, সৰল, আনন্দময়ী, প্ৰকৃতিৰ জীয়ৰী, এঘাৰ বছৰীয়া ডালিমীক মই ফিল্মত সোঁশৰীৰে পখিলাটিৰ দৰে উৰি ফুৰা দেখিলো৷ যিটী ছোৱালীয়ে জয়মতী ফিল্মত মোৰ মানস প্রতিমা ডালিমীক মোৰ চকুৰ আগত থিয় কৰি দিলে, সেই ভাৱৰীয়ানী ছোৱালীটীক মই লগ পোৱাহেঁতেন তাইৰ মূৰত হাত দি আশীৰ্ব্বাদ দিলোহেঁতেন। ভাশাকৰো চিত্ৰলেখা মুভিট’নৰ গৰাকীয়ে মোৰ আশীৰ্ব্বাদ নিৰ্ম্মালি ফুল পাহি তাইৰ খোপাৰ বনফুলৰ একাষে গুঁজি দিব।”

‘জয়মতী’ৰ এটি দৃশ্য

গুৱাহাটীত ২০ মাৰ্চৰ পৰা সেই জয়মতী প্ৰদৰ্শন একেৰোহে এমাহ জুৰি চলিছিল। এই অভিনয় চাই লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে কোৱা কথা খিনিতে এই ছবি সম্পৰ্কে জানিবলগীয়া কথাৰ আভাস পেৱা যায়। বৰদলৈদেৱে কৈছিল-“কামৰূপ  নাট্যমনন্দিৰত চিত্ৰলেখা মুভিটোন কোম্পানীৰ চিত্র-কৌশল আৰু ভাৱৰীয়াসকলৰ ভাওৰ পুৰ্ণতা দেখি তবধ মানিলো। প্রদৰ্শনী শেষ হোৱাৰ পিছত মই স্পষ্টকৈ অনুভৱ কৰিলো যে এই বৃহৎ ঐতিহাসিক নাটকৰ অভিনেতা অভিনেত্ৰীসকলক আমাৰ উৎসাহিত কৰিবলৈ একো নাই- আছে কেৱল কআমাৰ আন্তৰিক শলাগৰ শৰাই আগ বঢ়াবলৈ। আৰু আছে, এই বিৰাট সৌন্দৰ্য্যৰ প্ৰদৰ্শনীৰ অনুষ্ঠাতা জ্যোতিপ্ৰসাদ আগৰৱালাক আমাৰ শ্ৰদ্ধা জনাবলৈ। সতী জয়মতীৰ আদৰ্শ চিত্ৰই কোন মানৱক, বিশেষকৈ কোন অসমীয়াক মোহিত নকৰাকৈ থাকিব পাৰে? সেই অক্ষয় কীৰ্তি গদাধৰ সিংহৰে পৰা আৰম্ভ কৰি আজিলৈকে প্রত্যেক অসমীয়াই মুক্তকণ্ঠে প্রচাৰ কৰিব লাগিছে। আগৰৱালাদেৱৰ মহৎ ক্ষমতাৰ পৰিচয় এই খিনিতেই যে তেখেতে আজি কুৰি শতিকাৰ বৈজ্ঞানিক আবিষ্কাৰবিলাকৰ সহায়েৰে ১৬/১৭ শতিকাৰ অসমক পুনৰ্জ্জীবিত আৰু মূৰ্ত্তিমান কৰি আজি আমাৰ আগত এই কৰুণ কাহিনী এনে বাস্তৱ সুস্পষ্ট আৰু হৃদয়-বিদাৰকভাবে উপস্থিত কৰিব পাৰিছে। অসম ৰাজসভাৰ চিত্ৰবোৰ চাওঁতে মোৰ আন যুৰোপীয় ফিল্ম কোম্পানীবিলাকে তৈয়াৰ কৰা ৰোমান ৰাজদৰবাৰৰ চিত্ৰবোৰলৈ মনত পৰিল আৰু মই মুক্তকণ্ঠে কবলৈ বাধ্য যে চিত্ৰলেখা কোম্পানীৰ ছবিবোৰ সেই বিলাকতকৈ কোনো গুণেই কম বাস্তৱ নহয়। তাৰ বাহিৰেও সেই সময়ৰ অসমীয়াৰ ৰাজনৈতিক আৰু গার্হস্থ্য জীৱনৰ চিত্ৰবোৰ এনে সুন্দৰভাৱে দেখুৱা আৰু স্বাভাৱিক হৈছে যে ইয়াতকৈ যে আৰু কিবা ভাল প্ৰদৰ্শনী হব পাৰে মই ভাবিবলৈ টান পাওঁ। অকল এই বিলাকতে আমাৰ চিত্ৰলেখা কোম্পানীৰ চিত্র-বিচিত্ৰতাৰ শেষ হোৱা নাই। পুৰণি অসমীয়াৰ কলা-বিদ্যাৰ চৰ্চা, ৰাজমন্দিৰ আদিৰ কাৰুকাৰ্য্য আৰু পুৰণি অসমীয়া ৰজা, বিষয়া আৰু সাধাৰণ মানুহবিলাকৰ পিন্ধা কাপোৰ, অস্ত্ৰ-শস্ত্ৰ, সাজ-সজুলি আদিও এনে পৰিপাটিভাবে দেখুৱা হৈছে যে যিসকলে এই চিত্র চাবলৈ নাহে তেওঁলোকে পুৰণি অসমীয়া জীৱনৰ বহুখিনি কথাকে উপলব্ধি কৰিবলৈ বাকী থাকিব। শব্দকৰা কলটোৰ দোষৰ বাবদ হোৱা কিছুমান আৱাজ সৰু হোৱা বাবে ভাৱৰীয়াসকলৰ শব্দবিলাক নিয়মিতৰূপে কোনো ঠাইত উচ্চাৰিত নোহোৱাৰ বাহিৰে প্রতিজন ভাৱৰীয়াই এনে স্বাভাৱিক হৈছিল যে আমি চিত্ৰৰাজ্যত নাথাকি বাস্তৱ ৰাজাত থকাৰ দৰেহে লাগিছিল। অভিনেতাসকলৰ ভিতৰত গাঁঠি হাজৰিকা আৰু বৰফুকনৰ ভাওত ফণী শৰ্ম্মা আৰু ডাক্তৰ ললিত চৌধুৰী, অভিনেত্ৰী সকলৰ তিতৰত ডালিমী, জয়মতী, সেউতী, ৰাজমাওৰ ভাও লোৱা মহিলা কেগৰাকীৰ দৰে ভাৰতবৰ্ষত আনকি সমস্ত পৃথিবীতেই বহু অভিনেতা, অভিনেত্ৰী ওলাব বুলি আামাৰ বিশ্বাস নহয়।

“অসমৰ শস্য-শ্যামলা পথাৰ, অসমৰ বাঁহবাৰী, তামোলনি, অসমৰ হাবি-বননি, অসমৰ পৰ্ব্বত-পাহাৰ, অসমৰ ভৈয়াম নিজৰা, কি সুন্দৰ অসমৰ লুইতৰ বহল বুকু, কি সুন্দৰ তাত তৰা আৰু জোনৰ পোহৰ! এই পবিত্ৰ ভূমিতেই জয়মতীৰ জয়লীলা সম্ভৱ। এই পৰ্বত জুৰিৰ বুকুতেইহে ডালিমী-অপেস্বৰী পখিলা হৈ উৰি ফুৰিব।”

এইদৰেই প্রথম অসমীয়া বোলছবি জয়মতীয়ে জয়যাত্ৰা আৰম্ভ কৰিলে যদিও সেই ছবিৰ প্ৰায়বোৰ শিল্পীকে দুনাই আৰু চিত্ৰজগতত দেখা নগল। প্রতিভা আৰু বিপুল সম্ভাৱনা থকা সত্বেও চিত্ৰজগতত এৰাৰ মাথোন সফলতাৰে দেখা দি স্বৰ্গজ্যোতিয়ে চিৰকাললৈ টুপায় বুৰ মাৰিব লগীয়া হল। কেৱল মাথোন সেই জ্যোতিষ্কমণ্ডলৰ তিনিজন শিল্পী শ্ৰীযুত ফণী শৰ্মা, শ্ৰীযুত বিষ্ণু ৰাভা আৰু ডক্টৰ ভূপেন হাজৰিকাই আজিলৈকে একাণপটীয়াভাৱে এই শিল্প সাধনাত আত্মনিয়োগ কৰি প্রচুৰ সুখ্যাতি আৰ্জিবলৈ সমৰ্থ হৈছে। জয়মতীৰ উজ্জ্বল তাৰকাবৃন্দই এবাৰ মাথোন দেখা দি মেঘৰ আঁৰত লুকাবলগীয়া হোৱাৰ প্রধান কাৰণ হৈছে আমাৰ দেশত এতিয়াও এনে শিল্প চৰ্চাৰ বাবে অনুকূল সা-সুবিধাৰ অভাৱ। পেটত বান্ধ দি কেইজন শিল্পীয়ে কেৱল ললিত কলাৰ চৰ্চ্চা কৰি জীৱন পাত কৰিব পাৰে?

জয়মতীয়ে এফালে যেনেকৈ অসমীয়া সংস্কৃতি জগতত বিপুল যশস্যা আৰ্জ্জি নতুন পোহৰ পেলালে, আনফালে তেনেকৈ আৰ্থিক ফালেদি জোতিপ্রসাদক অতিশয় জুৰুলা কৰিলে। প্রথমতে নিৰ্ব্বাক চিত্ৰ হিচাপেই জয়মতীৰ কামত বহুখিনি আগবঢ়া হৈছিল, পিছত সেই পৰিকল্পনা এৰি সবাক চিত্র কৰিবলৈ লোৱা হ’ল। প্রথমতে যিসকল শিল্পী বাছনিত উঠিছিল পিছত তেওঁলোকৰ কেবাজনেও এৰা দি গ’ল। এইদৰে ওৱাবনক দোৱা কৰিব লগীয়া হোৱাত, হাবিৰ মাজত এখন নতুন চিত্ৰবন নকৈ পাতিব লগীয়া হোৱাত, পূৰ্ব্বৰ অভিজ্ঞতাৰ অভাৱত আৰু দুই এটা কাৰণত জয়মতী নিৰ্মাণত প্ৰচুৰ অৰ্থ ব্যয় হ’ল। তদুপৰি সেইকালৰ ৰাইজ চিনেমামুখী নাছিল, অসমত ছবিঘৰৰ সংখ্যাও তাকৰ আছিল আৰু দৰ্শকৰ দৰ্শনীৰ মূল্যও নামমাত্ৰ আছিল। সাতে-পাচে জয়মতীয়ে যথেষ্ট পৰিমাণে লোকচান দিব লগীয়া হ’ল।

সি যি নহওক অভিনয়ৰ অন্তত অন্তৰালত থাকি অধ্যাপিকা শ্ৰীমতী লীলা দেৱীয়ে মধুৰ কণ্ঠেৰে লুইতৰ জিলমিল পানীৰ লগত সুৰ মিলাই গোৱা ‘লুইতৰে পানী যাবি অ’ বৈ’ বুলি অসমৰ জীয়াৰী বোৱাৰীসকলক “সতী জয়াৰ পুণ্য স্মৃতিত এটুপি-দুটুপি চকুলো এৰি থৈ যাবলৈ জনোৱা কৰুণ আৱেদনে আজিও যেন প্ৰতিজন অসমীয়াক জ্যোতিৰ পুণ্য স্মৃতিত এটুপি-দুটুপি চকুলো টুকিবলৈ নিবেদন জনাবই লাগিছে।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.7 / 5. ভোট : 107

1 Comment

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!