ডঃ ভূপেন হাজৰিকাদেৱে লোৱা ফণী শৰ্মাদেৱৰ এই সাক্ষাৎকাৰটি ১৯৫৯ চনৰ ‘গতি’ আলোচনীত প্ৰকাশিত হৈছিল।
১৯৫৮ চনৰ ডিচেম্বৰ। কেলকাটা মুভীটোনৰ মজিয়া।
– ছাইলেঞ্চ।
– কোৱা। টু হান্ড্রেড ৰূপি বনাছ! ডেম্ গার্ডেন !!
-ওহোঁ। নাই হোৱা, আকৌ কোৱা। অ’, হৈছে। লাইট।
এইজন ফণী শৰ্ম্মা। ‘কেঁচাসোণ’ পৰিচালনাৰত পৰিচালক।
১৯৩৩ চন। অসমৰ প্রকৃতি।
– ক, ক নকৱ কেলেই? গদাপাণি কত?
–নক্কৱ কেলেই? চোৰাত আন। চাওদাং। তপত তেল আন!! সেইজনো আছিল ফণী শৰ্ম্মা। ৰূপকোঁৱৰে ৰূপ দিয়া প্ৰথম অসমীয়া বোলছবিত। জয়মতীক শাস্তি দিয়া গাঠি হাজৰিকা হৈ গৰজা শক্তিশালী অভিনেতা।

অসমৰ বোলছবিৰ আদিৰেপৰা এক মনে আজিলৈকে পঁচিশ বছৰে সমানে কাম কৰি অহা ‘ছিৰাজ’, ‘পিয়লি ফুকন’ আৰু ‘ধুমুহা’ পৰিচালনা কৰি এটি বিশেষ বোলছবি-ঐতিহ্য সৃষ্টি কৰা ফণী শৰ্মাতকৈ অসমীয়া বোলছবিৰ পঁচিশটা বছৰৰ হাঁহি-কান্দোনৰ সমস্যাবোৰ বাৰু আৰু কোনে ভালদৰে জানিব? বক্স অফিচত এই গুণী শিল্পীগৰাকী পৰিচালিত বোলছবিকেইখনক কোনোৱে চেৰ পেলাব পৰা নাই বুলি ক’লে অত্যুক্তি কৰা নহয়। অসমৰ আজিলৈকে যিকেইখন ছবি নির্মিত হৈছে, তাৰ মাজত ব্যৱসায়ত ফণী শৰ্মাৰ ‘ছিৰাজ’, ‘পিয়লি ফুকন’ আৰু ‘ধুমুহা’ই ক্রমে প্রথম, দ্বিতীয় আৰু তৃতীয় বুলি টিকটঘৰৰ হিচাপেই প্রমাণ দিছে।
– “যিদিনাই অসমৰ ৰাইজে মোৰ ছবি চাবলৈ টিকট নেকাটিব, সেইদিনা জানিম মোৰ পৰিচালনাৰ পদ্ধতি সলাব লাগিব” ফণী শৰ্মাৰ এই উক্তিত সময়ৰ পৰিৱৰ্ত্তনৰ সৈতে খোজ পেলোৱাৰ এটি প্রবল ইচ্ছা প্রকাশ পাইছে। ‘বক্স অফিচ’ৰ উপৰি বিষয়বস্তুতো শৰ্মাৰ ছবিকেইখনৰ কম বৰঙনি নাই। অসমীয়া সাহিত্যিকে পাহৰিব খোজা লক্ষ্মীধৰ শৰ্মাৰ ‘ছিৰাজ’ক ৰূপ দি সাম্প্রদায়িক ঐক্যৰ বাণী বিলালে। চাকোলা পিয়লিৰ সাহসেৰে অসমীয়া ৰাইজক সাহসী কৰিলে ‘পিয়লি ফুকন’ৰ মাজেদি। ৰাষ্ট্রপতিয়ে পুৰস্কৃত কৰিলে প্রথমবাৰৰ বাবে এই অসমীয়া ছবিখনিক। ‘ধুমুহা’ত সাধাৰণ গাঁৱৰ সৰলতা প্রকাশিলে। এতিয়া ‘কেঁচাসোণ’ত অসমৰ চাহ বনুৱাৰ জীৱন প্রতিফলিত কৰা ঘটনা এটিক ৰূপ দিয়াত ব্যস্ত অসমৰ এই ফণী শৰ্মা। চিত্রনাট্য, অভিনয়, পৰিচালনাত সিদ্ধহস্ত ফণী শৰ্মাক সেয়েহে ‘গতি’য়ে সাক্ষাৎ কৰিবলৈ আহিছে বুলি কোৱাত শৰ্মা অলপ আৱেগপূর্ণ হোৱা যেন লাগিল।
“এৰা, চাওঁতে চাওঁতেই বহুতো বছৰ পাৰ হৈ গ’ল নহয়?”
— আপোনাৰ শিল্পীজীৱনৰ কেইটিমান ঘটনা ‘গতি’ক কবনে বুলি যেতিয়া মই অনুৰোধ কৰোঁ, তেতিয়া অলপ হাঁহিলে।
– এবাৰ বুজিছাঁ? বাণষ্টেজত থিয়েটাৰ কৰি আছোঁ। ছাহজাহান মই। ঘৰত দেউতা মৰণশয্যাত। মই অভিনয় কৰা অৱস্থাতো দর্শকলৈ, উইঙছলৈ চাই আছোঁ, কোনোবাই… দেউতাৰ মৃত্যু বাতৰি লুকুৱাই ৰাখিছে নেকি? ছাহজাহানক বৃদ্ধকালত জাহানাৰাৰ বাহিৰে সকলোৱে এৰি দিয়াৰ দৰে অন্তিম কালত মোৰ দেউতাকো মই এৰি বাণ ৰঙ্গমঞ্চত অভিনয় কৰিবলৈ মুখত ৰহণ সানিছোঁহি নেকি!…আৰু এবাৰ। মোৰ সহধর্মিণী। ৰোগশয্যাত। ডাক্তৰে ক’লে, “আশা নাই”। মই পিচে সেই নিশা বাণ ৰঙ্গমঞ্চত ৰণজিৎ সিংহ!! …জীৱনত ধন-সম্পত্তি হ’লহেঁতেন বোধ কৰোঁ—যদি নাটঘৰ আৰু বোলছবিৰ পোহৰ-ছাঁবোৰে মোক বলিয়া নকৰিলেহেঁতেন। শৰ্মাই ক’লে— “এবাৰ কাঠৰ ব্যৱসায় কৰিম বুলি সোমালোঁগৈ অটব্য হাবিত। ঠিকাদাৰৰ খেৰৰ কেম্প। মাজৰাতি। কিবা এটা শব্দ শুনি চকু মেলি চাওঁ যে ওপৰত আকাশ। বাহিৰত এটা চিঞৰ। বনৰীয়া হাতীয়ে মই থকা ঘৰৰ চালখন দাঙি ধৰিছে। শ্ৰমিকসকলে চিঞৰি উঠিছে বাবা গণেশ – বাবা গণেশ !! মই লৰ মাৰি গোহালি এটাত গৰুৰ মাজত সোমাই প্রাণ চালোঁ। পিচে ওচৰৰে বনুৱা তিৰোতা এগৰাকীক গচকি পিহি বনৰ হাতী বনলৈ গুচি গ’লগৈ। এনে ঘটনাবোৰে কৰতৰ শব্দই — বনুৱাৰ কাঠ টনা লেনীয়া চিঞৰে ওচৰৰ খুঁটিৰপৰা ভাহি অহা ম’হৰ গলৰ ঘণ্টাৰ টুং টাংবোৰে ‘কাঠৰ ব্যৱসায়ী’ ফণী শৰ্মাৰ মনটো আকৌ টানি নিলে অভিনয়ৰ জগতখনলৈহে। সেয়ে এৰিলোঁ ঠিকাদাৰী আৰু পার্মিটৰ জীৱন।”
“ব্যৱসায়ী জগতখনত মানুহ-হাতীও দেখিলোঁ বহুত। এই মানুহ-হাতীবোৰে পাশৱিকতাত পশুকো পৰাস্ত কৰিব পাৰে” বোলা মন্তব্যত শৰ্ম্মা যে Commercial মনোবৃত্তিৰ নহয়, ওলাই পৰিল। অভিনয়ৰ বক্স অফিচত অসমত এই অভিনেতাগৰাকী সদায়েই আগশাৰীত। অলপতে ওলোৱা কোনোবা এখন অসমীয়া ছবিত অকণমান পার্ট এটি লোৱা কোনোবা আন ‘ফণী শৰ্মাৰ’ নাম এটা বৰ ডাঙৰকৈ প্ৰচাৰ কৰাত বহুত মানুহ ছবিঘৰলৈ গৈ আচল ফণী শৰ্মাক নেদেখি সেই ছবিৰ প্ৰচাৰবিদক অভিশাপ দিয়া কথা গোটেই অসমেই জানে।
– অসম চৰকাৰে অলপতে পতা প্রযােজক সভাত হােৱা আলােচনাৰ বিষয়ে কি ভাবে? মই সুধিলোঁ।
– শৰ্মাই মোৰপৰা মুখখন ঘূৰাই বৰ আমোদিত হৈ ক’লে, “আমাক Travelling allowance দিব বুলি কৈছিল। আৰু ১০ লাখ টকাৰ ষ্টুডিঅ’ পাতি দিব বুলি চৰকাৰৰ ডাঙৰ ডাঙৰ মানুহে বক্তৃতা দিছিলে। আজি বহুতো মাহ হ’ল চৰকাৰৰ ঘৰৰ T.A. নেপালোঁ। এতিয়া দেখিছোঁ, ৬০ টকা T.A. পাবলৈ যদি ৬ মাহ লাগে, তেনেহলে ষ্টুডিঅ’ পাবলৈ বহুতো বছৰ লাগিব। এই জীৱন গৈ অহা জীৱনত যদি অসম চৰকাৰে পাতি দিয়া ষ্টুডিঅ’ত ছবি নিৰ্মাণ কৰিব পাৰো, ধন্য মানিম!!” বোলছবি জীৱনত কি আপোনাৰ সৌভাগ্যৰ কথা যেন লাগে?
– মোৰ সৌভাগ্য যে আজিলৈকে মোক কোনো এখন বোলছবিতে কোনো মন্ত্রী, প্রধান মন্ত্রী বা ৰাজ্যপালে ক্লেপষ্টিক মৰা নাই। ৰাইজে পিচে সদায়েই মৰম কৰি আহিছে।
– যেতিয়া সুধিলোঁ, তেখেতে বর্তমান পৰিচালনা কৰা ছবিখন কোনো বিশেষ শ্ল’গানধর্মী নে; তেওঁ ততালিকে ক’লে— “শ্ল’গানধর্মী হ’লে ৰাইজে ভাল নাপায়। নাটক মানৱধৰ্ম্মী হ’লেহে সকলোৱে উপলব্ধি কৰাৰ উপযোগী হয়।”
ফণী শৰ্ম্মা ভাৰতৰ এজন বিখ্যাত অভিনেতা। দেশপ্রেমিক ব্রজ শৰ্মাৰ ওচৰত যাত্রাভিনয় কৰি বাণ ৰঙ্গমঞ্চ কঁপাই জনতাৰ সৈতে মিলি অহা শৰ্মাক ফিল্মত অভিনয়-পদ্ধৰি বিশেষত্বৰ কথা সোধাত ভাবি-চিন্তি ক’লে—“ফিল্মাভিনয় নাটঘৰৰ অভিনয়তকৈ বেলেগ। যদিও মঞ্চ আৰু বোলছবি দুয়োটা নাটকৰেই মাধ্যম। তথাপি, অভিনয়ৰ প্ৰকাশত বোলছবিয়ে মঞ্চতকৈ details বেছি বিচাৰে।”
একুৰি পাঁচবছৰীয়া অসমীয়া বোলছবিৰ পাতনিৰেপৰা আজিলৈকে ষ্টুডিঅ’-জগতত জড়িত থকা এই একমাত্র প্রখ্যাত শিল্পীগৰাকীয়ে মোক যেতিয়া উত্তৰ দিয়ে, তেতিয়া কেলকাটা মুভীটোনত ‘কেঁচাসোণ’ৰ চিত্ৰগ্ৰহণৰ কাম চলি আছিল। হঠাৎ কামৰ মাজতে মোক আৱেগেৰে ক’লে – “চাওঁতে চাওঁতেই জ্যোতি ককাইদেউৰ ‘জয়মতী’ৰ দিনৰেপৰা ২৫টা বছৰ পাৰ হৈ গ’ল। অভিনয় কৰি মানুহক হঁহুৱালোঁ, কন্দুৱালোঁ। নিজেও হাঁহিলোঁ বহুত। চকুলো বাধাও দিছোঁ বহুত।”
—“সেইদিনা বৰ আৱেগময় দৃশ্য এটিত অভিনয় কৰিছোঁ। ছিৰাজ কথাছবিত। সাম্প্রদায়িকতা বিৰোধী উদাৰ মুছলমান খেতিয়ক ছিৰাজুদ্দিন আহমেদ হাজৰিকাৰ মনৰ কথা প্রকাশ কৰিছোঁ আন্তৰিকতাৰে। দৃশ্যগ্রহণ হৈ গ’ল। সকলোৱে মোৰ অভিনয় শলাগিলে। শ্বুটিঙৰ পাচত মই মেকআপ ৰুমলৈ গ’লোঁ। গৈ এখন টেলিগ্রাম আকৌ খুলি চালোঁ — অকলে অকলে। তাত লিখা আছিল– “তোমাৰ ডাঙৰ ল’ৰাটিৰ কালি মৃত্যু হৈছে।”
– মই যেতিয়া ষ্টুডিঅ’ৰপৰা ওলাই আহোঁ, তেতিয়া কাৰ্য্যৰত পৰিচালক শৰ্মাৰ মাত শুনিছোঁ— অল্ লাইটছ। ছাউণ্ড ৰেডি। কেমেৰা…।
