সোণালী পৃষ্ঠা

ফিল্ম সম্পাদক বিজয় চৌধুৰী

গুৱাহাটীৰ টকৌবাৰীৰ সুৰেন চৌধুৰীৰ পুত্র আৰু শ্রীহেমেন চৌধুৰীৰ ভ্রাতৃ বিজয় চৌধুৰীয়ে পঢ়িছিল প্রাগজ্যোতিষ কলেজত। বি. এ. পঢ়ি থকাৰ সময়তে বিজয়ৰ মন ফিল্মৰ যান্ত্রিকতাৰ পিনে ঢাল খায়। তেওঁ অসম চৰকাৰৰ ওচৰত পুণা ফিল্ম ইন্সটিটিউটত ফিল্ম এডিটিং অধ্যয়ন কৰিবলৈ এটি বৃত্তি খোজে। অসম চৰকাৰৰ শিক্ষা বিভাগে পিঠি দেখুৱায়।

বিজয় চৌধুৰী

নিৰাশ নহৈ বিজয় গুচি আহে পুণালৈ। অতিশয় শ্রম কৰি আৰু আন্তৰিকতাবে পঢ়ি ১৯৬৭ চনত এডিটিং বিষয়ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হয়। তেওঁৰ অভিজ্ঞতাত সন্তষ্ট হৈ বিখ্যাত শক্তি সামন্তই তেওঁৰ সম্পাদক ধৰমবীৰ আৰু গোবিন্দ দালবাৰীৰ সহ-সম্পাদক হবলৈ বিজয়ক সুযোগ দিয়ে। ‘এন ইভনিং ইন পেৰিছ‘ (শৰ্ম্মিলা অভিনীত) ছবিৰপৰা আৰম্ভ কৰি বিখ্যাত ‘আৰাধনা’ (ৰাজেশ খান্না-শৰ্ম্মিলা অভিনীত) ছবিলৈকে সামন্তৰ আটাইকেইখন ছবিতে বিজয়ে সহ-সম্পাদকৰ কাম  সুন্দৰভাৱে চলায়। শক্তি সামন্তৰ ছবিৰ উপৰি বিজয়ে অন্যান্য প্রযোজকৰ আন আন ছবিৰো – যেনে ‘পাগলা কহি কা‘, ‘টাঙ্গেৱালা’ আদিৰো সম্পাদনা কৰাৰ স্বাধীন সুযোগ পায়। বিজয়ৰ সম্পাদনা গুণত মুগ্ধ হৈ (‘আৰাধনা’ ছবিৰ জুবিলী হোৱাৰ পাচত) নায়ক ৰাজেশ খান্নাই (অন্যান্য কৰ্ম্মীৰ সৈতে) বিজয় চৌধুৰীকো এটা সুন্দৰ ট্রেঞ্জিষ্টৰ ৰেডিঅ’ উপহাৰ দিয়ে। শৰ্ম্মিলাই বিজয়ক উপহাৰ দিয়ে এডাল সোণৰ হাৰ। ইফালে, শক্তি সামন্তয়ো তেওঁৰ সহ-সম্পাদক বিজয় চৌধুৰীৰ গুণ আলেঙে আলেঙে নিৰীক্ষণ কৰি আছিল।

‘অমৰ প্রেম’ৰ পাচত যেতিয়া ‘অনুৰাগ‘ (বিজয় অৰোৰা, মৌচুমী, নুতন, ৰাজেশ অভিনীত) নিৰ্মাণ কৰিবলৈ ললে, তেতিয়া শক্তিয়ে বিজয় চৌধুৰীক ছবিখনৰ সম্পাদনাৰ সম্পূর্ণ ভাৰ যাচিলে। যিসকলে চাইছে, তেওঁলোকে কৈছে, ‘ছবিখন মধুৰ হৈছে। এডিটিং সুন্দৰ।’ আমাৰ গুৱাহাটীৰ টকৌবাৰীৰ বিজয় চৌধুৰীৰ ভাৰতীয় ছবি-জগতত সফলতাৰ বাবে আমিও অসমীয়া হিচাপে গৌৰৱান্বিত। আগৰ অসম চৰকাৰে বৃত্তি নি্দিয়া বিজয় আৰু পীযুষ (কান্তি ৰয়)ৰ দৰে গুণী অসমীয়া ডকাক যোৱা বছৰ অসমৰ প্রচাৰমন্ত্রী শ্রীযুত হৰেন তালুকদাৰে মৰমেৰে কৈছে “আপোনালোকে জ্যোতি চিত্রবনখন সজাই তুলিব লাগে।” এতিয়া এওঁলোকৰ যি মূল্য বাঢ়িছে, তাৰ দাম দিব পাৰিবতো অসম চৰকাৰে? তেওঁলোকেও অসমক ভাল পায়। অসমৰ ফিল্ম শিল্পৰ বাবে তেওঁলোকেও স্বার্থত্যাগ কৰিবলৈ ৰাজী আছে। সৰ্ব্বভাৰতেও পীযুষ আৰু বিজয়ক সমানে বিচাৰে যে!

ভূপেন হাজৰিকাদেৱৰ এই লেখাটো ১৯৭৩ চনৰ ‘আমাৰ প্রতিনিধি’ৰ, ফেব্রুবাৰী সংখ্যাত প্ৰকাশ হৈছিল। ১৯৭৭ চনত বিজয় চৌধুৰীয়ে ‘বালিকা বধু’ চিনেমাখনৰ কাৰণে শ্ৰেষ্ঠ সম্পাদনাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে আৰু এই বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি হিচাবে পৰিগণিত হয়।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.5 / 5. ভোট : 73

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!