জীগৰ মোৰাদাবাদী নামৰ বিখ্যাত উৰ্দ্দু কবিয়ে লিখিছিল – ‘নগ্মা ৱোহি হ্যায়, নগ্মাকে যিচ্কো ৰূহ শুনে ঔৰ ৰূহ শুনায়ে’। সেয়াহে গীত, যি গীত শুনায় কলিজাই, আৰু যি গীত ওলায় কলিজাৰপৰা।
এইখিনি কথাৰে লতা মঙ্গেশকাৰৰ কণ্ঠৰ প্রকাশ কিঞ্চিৎ পৰিমাণে বৰ্ণনা কৰিব পাৰি। সিদিনা মাথোঁ বিখ্যাত এলবাৰ্ট হলত, নেহৰু ফাণ্ডৰ বাবে তিনিদিনীয়াকৈ গীত গাই লণ্ডন মহানগৰী মুহি থৈ আহিছে৷ ১৯৬৯ চনত ৰাষ্ট্ৰপতিয়ে পদ্মভূষণ উপাধিৰে বিভূষিত কৰা লতাৰ সংগ্রাম আমাৰ শিল্পীসকলে জনা উচিত। যেতিয়া লতাৰ সংগীতজ্ঞ দেউতাক দীননাথ মঙ্গেশকাৰৰ মৃত্যু হৈ গ’ল অপ্ৰত্যাশিতভাবে, তেতিয়া অকণমান ছোৱালী লতাই বিধৱা মাক, একমাত্ৰ ভায়েক হৃদয়নাথ আৰু তিনিগৰাকী ভনী – আশা, মীনা আৰু ঊষাক লৈ ফেকুৰি ফেকুৰি কান্দিলে বহু দিন। তাৰ পাচত, সন্মুখত দেখিলে ভয়াৱহ দাৰিদ্ৰ্য দৈত্যৰ খাওঁ খাওঁ মূৰ্ত্তি। লতাই আৰ্জ্জিব লাগিব। ভাই-ভনীহঁতক মানুহ কৰিব লাগিব। মঙ্গেশকাৰৰ পৰিয়ালত সৰস্বতীৰ কেতিয়াবাৰপৰাই বাস। লক্ষ্মীহে নাই। স্বৰ্গীয় দীননাথে ভ্ৰাম্যমাণ দলত গীত গাই ফুৰিছিল। শাস্ত্ৰীয় সঙ্গীত আৰু মাৰাঠী লোকগীত। গতিকেই, ল’ৰা-ছোৱালীকেইটিয়ে সঙ্গীতৰ ব্যাকৰণ জানিছিল। কিন্তু তেতিয়া কামত নালাগিল। লতাই এদিন তাহানিৰ মাৰাঠী ছবিৰ পৰিচালক মাষ্টাৰ বিনায়কক (নন্দাৰ দেউতাক) অনুৰোধ কৰিলে, মাৰাঠী ছবিত ভাও দিবলৈ। লতাৰ গাৰ বৰণ ক’লা হ’লেও, তেওঁৰ মুখত ডাঙৰ ডাঙৰ আইৰ দাগ থাকিলেও, ব্যক্তিত্ব মিঠা আছিল। কৈশোৰ পাৰ হৈ যৌৱনৰ দুৱাৰডলিত উঠা লতাক ‘পহলে মঙ্গলাগৌৰ’ নামৰ মাৰাঠী ছবি এখনত (কোলাপুৰত) অভিনয়ৰ বাবে চাকৰি দিলে বিনায়কে। লতাৰ দৰমহা মাহে ৮০ টকা। ছয় বছৰ এনেকৈ লতাই চাৰিখন ছবিত সৰু সৰু পাৰ্ট কৰি ভাই-ভনীহঁতক শুকান ৰুটী, শুদা ভাত খুৱাই জীয়াই ৰাখিছিল। কিছু দিনৰ পাচত ভৰিত এটুকুৰা ডাঙৰ ঘা হৈ ভ্ৰাতৃ হৃদয়ৰ ভৰি এখন পঙ্গু কৰি পেলালে। লতাই তাহানিৰ কোকিলকণ্ঠী নুৰজাহানৰ সঙ্গীত (এতিয়া তেওঁ পাকিস্তানত) বৰ ভাল পাইছিল।

বোম্বেৰ তাহানিৰ অল ইণ্ডিয়া ৰেডিঅ’ত গীত গাই দুটা পইচা পাব বুলি ভাবি অডিশ্বন দিলেগৈ। তাত লতা মঙ্গেশকাৰে ‘ফেইল’ কৰিলে। ৰেডিঅ’ৰ সেই কণ্ঠপৰীক্ষা কৰা মূৰ্খকেইজনে লতাক নিচিনিলে। চেলোৱাৰ কামিজ পিন্ধি চাইকেল এখন চলাই চাকৰি বিচাৰি দিনটো ঘূৰি-পকি, দুডাল বেণী গোঁথা লতাই এদিন এটি ষ্টুডিঅ’লৈ গ’ল এজনক গীত শুনাবলৈ। হীৰা চিনোতাই হীৰা চিনে – সঙ্গীত পৰিচালক গুলাম হায়দৰে তেওঁক ‘খাজাঞ্চী’ নামৰ হিন্দী ছবি এখনত গীত গোৱালে – ‘আয়েগা আয়েগা আনেৱালা আয়েগা’।
আহি গ’ল লতাৰ জীৱনলৈ আনেৱালা সাফল্যৰ দেৱতা। আজি লতাই শাস্ত্ৰীয় খেয়াল গাওক কিম্বা লঘু সঙ্গীত বা লোকগীত গাওক, দুখৰ গীত, অভিমানৰ গীত গাওক, কিম্বা ক্ৰোধৰ গীত – সকলোতে নিখুঁত। এতিয়ালৈকে তেওঁ কেইবাহাজাৰো গীত বাণীবদ্ধ কৰিছে। ভাৰতৰ সকলো ভাষাতে গীত গাইছে। মোৰ ‘জোনাকৰে ৰাতি অসমীৰে মাটি’ গীতটী গাওঁতে চকু মুদি মোৰ পৰা অসমৰ প্রাকৃতিক সৌন্দৰ্য্যৰ বৰ্ণনা শুনি লৈ গাইছে। মীৰ্জ্জা গালিবৰ গজল গাওঁতে উৰ্দু শিকি লৈছে। শ্ৰীমদ্ভাগৱদ্গীতাৰ লংপ্লেইং কৰাৰ আগতে সাত দিন সাত ৰাতি তিনিজন ব্ৰাহ্মণৰপৰা সংস্কৃত উচ্চাৰণ শিকি লৈছে৷ হেমা মালিনীৰ বাবে চপলা-চঞ্চলা নাৰীৰ গীত গাওঁতে দুষ্টামি সানি গীত গাইছে – আৰু চীনৰ ভাৰত আক্ৰমণৰ সময়ত –
“এ্যয়ে মেৰে ৱতনকে লোগো
জৰা আঁখমে ভৰ লো পানী”
দিল্লীত গাই স্বর্গীয় জৱাহৰলাল আৰু ভাৰতৰ লক্ষ লক্ষ শ্রোতাক কন্দুৱাইছে। আজি প্রায় সুদীৰ্ঘ দিন ধৰি লতাই গীত গাইছে। আমেৰিকাৰ ‘টাইম’ মেগাজিনে লতাৰ কণ্ঠ ‘বিশ্বৰ পাঁচটি শ্ৰেষ্ঠ কণ্ঠৰ অন্যতম’ বুলি অভিহিত কৰি কৈছে – ‘ফেবুলাছ’! লতাক সৰস্বতীৰ লগে লগে লক্ষ্মীয়েও সঙ্গ নেৰা হৈছে। মই জনাত একুৰি বছৰৰ আগতে লতাই এটা গীত গালে মাননি পাইছিল আঢ়ৈ হেজাৰকৈ টকা। মনত ৰাখিব ২০ বছৰৰ আগতে। এতিয়া লতাই একোটা গীতত মাননি কিমান পায়? নকওঁ। ইনকাম টেক্সৰ অফিচাৰে এই প্ৰবন্ধটো পঢ়িব পাৰে।
এইহেন লতা মানুহ হিচাপে কেনে? মোৰ আপোন অভিজ্ঞতাৰ মতে – লতা এগৰাকী অসাধৰণভাৱে সাধাৰণ মহিলা। মুখত ৰং নঘঁহে। সূতাৰ বগা শাড়ী প্ৰিয়। চুলিখিনি কলাফুলৰ তলত পৰে – কিচকিচীয়া ক’লা। বিভিন্ন সৎ কামত মুক্তহস্তে দান কৰে। পৰৰ দুখ সহিব নোৱাৰে। ৰক্ষণশীল হিন্দুৰ দৰে আধ্যাত্মিক, কিন্তু ঘৰৰ পকা আমটো উপহাৰ দিবলৈ পাকিস্তানৰ সীমান্তলৈ গৈ তেওঁ ‘গুৰু’ বুলি মানি লোৱা কণ্ঠশিল্পী নুৰজাহানক আঁকোৱালি আনন্দাশ্ৰু টোকে।
কৰাচীত নুৰজাহানৰ ছোৱালীটিৰ বেমাৰ হোৱা বুলি শুনি বোম্বেৰপৰা ‘ট্ৰাঙ্ককল’ত নিচুকনি গীত গায় ‘লতা আণ্টিয়াই’৷ আশা, মীনা, হৃদয়, উষা সকলোকে লৈ এতিয়া একেলগে থাকে বোম্বেৰ পেডাৰ ৰোডত। মাককো অলপতে ‘লণ্ডন দেখুৱাই আনিম’ বুলি মোক সিদিনা বোম্বেত কৈছিল হাঁহি হাঁহি, ঠিক লণ্ডনলৈ যোৱাৰ আগতে। ভনীয়েক মীনাক বিয়া দিছে। ভনীয়েক আশাক বিয়া দিছিল। হৃদয়ক বিয়া কৰাই দিছে। ঊষা অবিবাহিতা এতিয়াও। ভনীয়েক-ভায়েকৰ ল’ৰা-ছোৱালীৰে উমলি লতাই ৰং পায়। সঙ্গীত-শিল্পীৰ দুখত সহায় কৰে। অলপতে বোম্বেৰ যন্ত্ৰসঙ্গীত শিল্পীৰ ধৰ্ম্মঘট মিটমাট কৰাই দিছে মধ্যস্থতা কৰি। এইবাৰ দেখিলোঁ, লতাই ইংৰাজী কয় – ভালকৈ। কেতিয়া শিকিলে ক’বই নোৱাৰিলোঁ। লতাই হুবহু কেৰিকেচাৰ কৰিব পাৰে। লতাৰ জীৱনত সানাই কেতিয়াও নেবাজিব। বিয়া তেওঁ নকৰে। তেওঁ সঙ্গীততে মগন। ব্যক্তিগত জীৱন কুঁৱলীৰ আঁৰত ৰাখি লতাই আগ বাঢ়ে অদ্বিতীয়া হৈ – যেন ব’হাগী কুলিৰে মাত -।
উক্ত লেখাটি ডঃ ভূপেন হাজৰিকাদেৱৰ ‘সুন্দৰৰ সৰু বৰ আলিয়েদি’ গ্ৰন্থৰ পৰা তুলি লোৱা হৈছে ।
