১৯৪৮ চনৰ জুন মাহত আকাশবাণী গুৱাহাটী কেন্দ্ৰত যোগ দি ১৯৮৭ চনৰ ৩১ অক্টোবৰত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা মুকুল বৰুৱাই সুদীৰ্ঘ চাৰিটা দশকজোৰা কার্যকালত মুকুল বৰুৱাই সহস্রাধিক গীতত সুৰ সংযোগ কৰিছিল। তাৰ প্ৰায়বোৰেই বিভিন্ন শিল্পীৰ কণ্ঠত আকাশবাণীৰ যোগেদি প্রচাৰিত হৈছে। তাৰে বহুতো গীতে যথেষ্ট জনপ্রিয়তা লাভ কৰিছিল আৰু কিছুমান গীত এতিয়াও এচাম শ্রোতাৰ মনত সজীৱ হৈ আছে। মুকুল বৰুৱাই গীতো ৰচনা কৰিছে। কিন্তু গীত ৰচনাতকৈ সুৰ ৰচনাতহে তেওঁৰ কৃতিত্ব অধিক। তেওঁৰ সমসাময়িক সুৰকাৰসকলৰ মাজত সৃষ্টিশীল সুৰ ৰচনাৰ ক্ষেত্ৰত মুকুল বৰুৱাৰ প্রতিভা অতি প্ৰখৰ আছিল। তেওঁ কোনো নির্দিষ্ট ধাৰাক অনুসৰণ নকৰি, নিজৰ সামর্থ্য অনুসৰি সুৰ সৃষ্টি কৰিবলৈ যত্ন কৰা যেন লাগে। অৱশ্যে তাৰ সুফলো তেওঁ লাভ কৰিছিল। মুকুল বৰুৱাই কাৰো ওচৰত প্ৰণালীবদ্ধভাৱে সংগীতৰ শিক্ষা ল’বলৈ সুযোগ পোৱা নাছিল। সম্পৰ্কত তেওঁ কর্মবীৰ নবীন চন্দ্র বৰদলৈ আৰু মহিমাময়ী কবি নলিনীবালা দেৱীৰ নাতিয়েক আছিল আৰু ল’ৰাকালৰে পৰা তেওঁলোকৰ ঘৰতে থাকি স্কুলীয়া শিক্ষা লাভ কৰিছিল। নবীন চন্দ্র বৰদলৈ আৰু তেওঁৰ কন্যা নলিনীবালা দেৱী দুয়োগৰাকীয়েই কবি, গীতিকাৰ আৰু সংগীতানুৰাগী ব্যক্তি আছিল। সেই সময়ত তেওঁলোকৰ ঘৰলৈ অসম আৰু বংগৰ দেশনেতা, সাহিত্যিক আৰু সংগীতশিল্পীৰ সমাগম হৈছিল। সন্ধিয়া প্রায়ে গীতবাদ্যৰ বৈঠক (আমৰ) বহিছিল। এই কথা বহুতে জানে যে নবীন চন্দ্র বৰদলৈ এগৰাকী ভাল গীতিকাৰ আৰু সুৰকাৰো আছিল। আইতা নলিনীবালাই শুৱলা মাতেৰে সেই সময়ত প্রচলিত অসমীয়া আৰু বাংলা গীত গাব পাৰিছিল। তদুপৰি আইতা আছিল বৰগীত, কীর্তন নামঘোষাৰ পদকে ধৰি নানাবিধ লৌকিক গীত-মাতৰ ভঁৰালস্বৰূপ। এনে এটা সংস্কৃতিবান পৰিয়ালৰ মাজত ডাঙৰ-দীঘল হোৱাৰ সুযোগ পাইছিল মুকুল বৰুৱাই। সেই ঘৰখনৰ সংগীতমুখৰ পৰিৱেশৰ প্ৰভাৱে বোধহয় মুকুল বৰুৱাৰ জন্মগত সাংগীতিক প্রতিভাক অনুপ্রাণিত আৰু জাগৰিত কৰি তুলিছিল। তাত শুনা নানা সুৰৰ সংমিশ্রণে নিশ্চয় তেওঁৰ মনৰ মাজতো এখন সুৰৰ মৌচাক ৰচনা কৰিছিল। তাৰ পৰাই পৰৱর্তী জীৱনত বিবিধ সুৰৰ মৌজোল নিজৰি ওলাইছিল। এইদৰে চালে মুকুল বৰুৱাক একপ্ৰকাৰে এগৰাকী নিজকে নিজে গঢ় দিয়া সংগীতকাৰ বুলিব পাৰি। অৱশ্যে এনে সহজাত প্রতিভাৰে বিকশিত সংগীতকাৰ আমাৰ বহুতো আছে আৰু এনে বিকাশৰ সীমাবদ্ধতাও নোহোৱা নহয়।

সুৰ ৰচনা সম্পর্কে এজনে কৰা এটা প্রশ্নৰ উত্তৰত মুকুল বৰুৱাই কৈছে যে তেওঁ গীতৰ কথাখিনিৰ অনুভূতি, ৰূপ, ৰং আদি সুৰৰ মাজেদি প্রকাশ কৰিবলৈ যত্ন কৰে। এই কামত যে তেওঁ পর্যাপ্ত পৰিমাণে সফল হৈছিল সেই বিষয়ে সন্দেহ নাই। তেওঁৰ প্ৰকাশক্ষম আৰু শ্রুতিমধুৰ সুৰৰ কেইটামান উৎকৃষ্ট উদাহৰণ হিচাপে দাঙি ধৰিব পাৰি – ড° ভূপেন হাজৰিকাই গোৱা ড° নির্মলপ্ৰভা বৰদলৈৰ ৰচনা –‘সৌ সীমাৰ সিপাৰে তৃপ্তি আমাৰ, মাজত তৃষাৰ নৈ’, মিহিৰ বৰদলৈয়ে গোৱা— ‘মোক এটি সুৰ কৰি তোলা তোমাৰ প্রেমেৰে’ আৰু ‘এই পাৰে মই নাৱৰ টিঙত গীত ৰচি ৰচি যাওঁ’, জ্যোতির্ময় কাকতিয়ে গোৱা ‘বিজন পৰত গাওঁ মই’ আৰু ‘জোৱাৰৰ সৰু ঢৌ হৈ’, দীপালি বৰঠাকুৰে গোৱা ‘হাতে নেমেলিবি ফুল নিছিঙিবি’, শেৱালি দেৱীয়ে গোৱা ‘অ’ নিমাতী কন্যা তুমি কথা কোৱা’ আৰু ‘সিপাৰৰ তুমি কল্পনা মোৰ ইতিহাস ৰচি যোৱা’—আদি বহুতো গীত। এনেবোৰ গীতৰ সুৰৰ মাজত গীতৰ কথা বা বাক্যাংশৰ সৈতে এটা পৰিণত সৃষ্টিশীল মনৰ আনন্দময় ক্রিয়া-প্রতিক্রিয়াৰ অনুভূতি লাভ কৰিব পাৰি; ই যেন কথা আৰু সুৰৰ এক প্ৰকাৰৰ অশৰীৰী ৰমণ। মুকুল বৰুৱাৰ গীতৰ ৰচনা নির্বাচন প্রায়ে সুখদায়ক হয় আৰু য’তেই তেওঁ সুৰৰ সৈতে সেই ৰচনাৰ শুভ পৰিণয় ঘটাব পাৰিছে — তাতেই একোটা সার্থক গীতৰ জন্ম হৈছে। কেৱল শ্রুতিমধুৰ সুৰেৰেই যে একোটা নিটোল গীতৰ সৃষ্টি নহয়, তাৰবাবে যে ভাল ৰচনাৰো। প্রয়োজন, এই কথাটো মুকুল বৰুৱাই জানে। সুৰকাৰ হিচাপে সেইটো সাধাৰণ উপলব্ধি নহয়; কাৰণ বহুতো গীতত কথা আৰু সুৰৰ বিসংগতি বৰ পীড়াদায়ক হৈ পৰে। মুকুল বৰুৱাৰ ক্ষেত্ৰত সেইটো কাণত নপৰে। সমবেত সংগীত আৰু অর্কেষ্ট্ৰা ৰচনাতো তেওঁ যথেষ্ট কৃতিত্বৰ পৰিচয় দিব পাৰিছে। ৰেডিঅ’ যোগে প্রচাৰিত ‘টোপাটোপে কপালৰ ঘাম যদি নসৰে’, ‘জয় জোৱান জয় কিষাণ’, ‘বস্ত্র দে বোৱনী, ধান দে দাৱনী’, ‘ছৈ দিয়া গৰুৰ গাড়ীত কাৰ বিয়া যায়’ আদি সমবেত গীতবোৰে এসময়ত বৰ জনপ্রিয়তা লাভ কৰিছিল; কাৰণ ৰচনা, সুৰ আৰু সামূহিক গীত হিচাপে সজাই তোলাত সুৰকাৰে যথেষ্ট মনোনিবেশ কৰিছিল। বিভিন্ন বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি নানা বৰণীয়া সুৰেৰে সজাই তোলা মুকুল বৰুৱাৰ অর্কেষ্ট্ৰাবোৰৰো নিজস্ব বৈশিষ্ট্য আছিল। শেষত এটা কথা নক’লে মুকুল বৰুৱাৰ সংগীত ৰচনাৰ এটা দিশ অস্পষ্ট হৈ ৰ’ব। যদিও তেওঁৰ সৰহভাগ শ্রুতিমধুৰ সুৰেই ঘাইকৈ সৃষ্টিশীল মৌলিক ৰচনা, তথাপি তেওঁৰ সুৰৰ মাজত সংগীতৰ গৌণ ধাৰা এটা আছে। লোকগীতৰ সুৰৰ আধাৰত ৰচিত তেওঁৰ কেইটাও গীতৰ সুৰে প্ৰচুৰ সমাদৰ লাভ কৰিছিল। তাৰ ভিতৰত ‘আই তোক কিহেৰে পূজিমে’, ‘ছৈ দিয়া গৰুৰ গাড়ীত কাৰ বিয়া যায়’, ‘ইৰিকটি মিৰিকটি বাঁহৰ শলা’, ‘লুইতৰ বুকুতে লহৰী কঁপিলে’ আদি গীতলৈ আঙুলিয়াব পাৰি। মুকুল বৰুৱাই এতিয়ালৈ ‘সৰাপাত’, ‘তেজীমলা’, ‘চাকনৈয়া’, ‘কোলাহল’ আৰু ‘সোণ-পখিলী’ নামেৰে পাঁচখন কথাছবিৰ সংগীত পৰিচালনা কৰিছে। ইয়াৰ ভিতৰত ‘সোণ-পখিলী’খনে এতিয়াও মুক্তি লাভ নকৰিলে। মুকুল বৰুৱা নিঃসন্দেহে এগৰাকী সফল আধুনিক সুৰ স্রষ্টা। তেওঁৰ সুৰ ৰচনাত যদি ক’ৰবাত শাস্ত্রীয় সংগীতৰ পৰশ আছে, তেনেহলে সেয়া নিতান্তই উপৰুৱা বুলিব পাৰি।
