গুৱাহাটী অনাতাঁৰ কেন্দ্র স্থাপিত হোৱাৰ পিছত জনাজাত হোৱা এগৰাকী প্রতিভাশালী সংগীতকাৰ আছিল ব্রজেন বৰুৱা। থলুৱা গীত-মাতৰ সৈতে ব্রজেন বৰুৱাৰ ঘনিষ্ঠ পৰিচয় আছিল আৰু শাস্ত্রীয় সংগীতৰো যথেষ্ট অভিজ্ঞতা তেওঁ আহৰণ কৰিছিল। তেওঁব সুৰ ৰচনাত এই দুয়োবিধ সংগীতৰে প্রভাৱ লক্ষ্য কৰিব পাৰি; কিন্তু তাৰ মাজতে কিবা এটা নতুন সৃষ্টিৰ প্রবল হেঁপাহ তেওঁৰ কিছুমান সুৰত ফুটি ওলাইছে। গুৱাহাটী অনাতাঁৰ কেন্দ্র স্থাপিত হোৱাৰ পিছতে ব্রজেন বৰুৱাই সুৰ দিয়া আজি ‘এই বৰষা ৰাতি’, ‘থমকি নৰবি দূৰৰ পথিক’, ‘ছন্দভৰা মোৰ গান’ আদি কিছুমান গীত তেওঁৰ নিজৰ কণ্ঠত আৰু অন্যান্য শিল্পীয়েও গোৱা শুনিছিলোঁ। সেই সময়ৰ প্রচলিত সুৰবোৰৰ তুলনাত এই গীতবোৰৰ সুৰত এটি অগতানুগতিক ৰীতি(style) আৰু নতুন গাঁথনি (Form) দেখিবলৈ পাইছিলোঁ। সেয়েহে সুৰকাৰজনক জানিবলৈ মনত আগ্রহ উপজিছিল।
মই তেতিয়া হাইস্কুলৰ দশম শ্রেণীৰ ছাত্র। সেই সময়তে অনাতাঁৰ কেন্দ্রৰ প্রচাৰৰ কাম আৰম্ভ হোৱাত মযয়ো সেই কেন্দ্রৰ পৰা গীত গাবলৈ সুবিধা পাওঁ; কিন্তু তেতিয়া ৰেডিঅ’ত গাবলৈ গীতৰ ভীষণ দুর্ভিক্ষ; কথা আৰু সুৰ দুয়োটাৰে। তেনে অৱস্থাত ব্রজেন বৰুৱাৰ দৰে সুৰকাৰে স্বাভাবিকতে আমাৰ দৰে এচাম কনিষ্ঠ শিল্পীৰ দৃষ্টি আৰু শ্রদ্ধা আকর্ষণ কৰিছিল। ১৯৪৯ চনত কটন কলেজত পঢ়িবলৈ আহি প্রথম সুযোগতে ব্রজেন বৰুৱাৰ ঘৰলৈ গৈ তেওঁৰ সৈতে চিনাকি হৈছিলো। তেতিয়াৰে পৰা তেওঁৰ সংগীত ৰচনা সম্পর্কে মোৰ আগ্রহ সজাগ হৈয়ে আছিল।
পঞ্চাছৰ দশকৰ আৰম্তণিৰে পৰা ব্রজেন বৰুৱাই ৰেডিঅ’ৰ সীমাবদ্ধ পৰিসৰৰ পৰা ওলাই কথাছবিৰ সংগীত ৰচনা আৰু পৰিচালনাত মনোনিবেশ কৰে। তেওঁ প্রথমে সংগীত পৰিচালনা কৰিছিল তেওঁৰ ভায়েক নিপ বৰুৱাই পৰিচালনা কৰা প্রথমখন কথাছবি ‘স্মৃতিৰ পৰশ’ত। এই কথাছবিখনত ব্রজেন বৰুৱাই তিনিটা ভিন ভিন ধৰণৰ গীত দিছিল যিকেইটা সেই সময়ত জনপ্রিয় ‘হিট ছং’ হৈ পৰিছিল। তাৰে ‘অজান বেথাৰ লাগি শিহৰণ’ গীতটো ধীৰ গতিৰ সৃষ্টিধর্মী সুৰৰ; ‘অ’ আই আমাৰ কপালতে ৰঙা সেন্দুৰেৰে তিলক আঁকি দিয়া’ গীতটো নাম-প্রসংগৰ দৰে পৰম্পৰাগত চিনাকি সুৰৰ ভেটিত আৰম্ভ কৰি তাকে বেলেগ ছন্দৰ সৃষ্টিশীল সুৰলৈ টানি লৈ গৈছিল; ‘টুন টুন কণমান আহা’ গীতটোত আকৌ তেওঁ কিঞ্চিৎ পশ্চিমীয়া কৰিবলৈ প্রয়াস কৰা যেন লাগে। অৱশ্যে পশ্চিমীয়া সংগীতৰ সৈতে তেওঁৰ কিমানখিনি পৰিচয় আছিল সেই কথা মই নাজানো। ‘স্মৃতিৰ পৰশ’ কথাছবিখনত ব্রজেন বৰুৱাই সুৰ দিয়া দুটা হিন্দী গীতো দিয়া হৈছিল। তেওঁ সংগীত পৰিচালনা কৰা আন এখন কথাছবিতো (মাক আৰু মৰম) দুটা হিন্দী গীত দিছিল। বোধহয় সেই সময়ত হিন্দী চিনেমাৰ গীতৰ জনপ্রিয়তা দেখি ব্যৱসায়িক দৃষ্টিভংগীৰে এনে সংযোগ কৰা হৈছিল। অৱশ্যে তাৰ মাজেদি সংগীতকাৰজনৰ প্রতিভাৰ অন্য এটি ফাল প্রকাশিত হৈছে।
ব্রজেন বৰুৱাই মুঠতে আঠখন কথাছবিৰ সংগীত পৰিচালনা কৰিছিল। তাৰে শেষৰখন আছিল তেওঁ নিজে নির্মাণ কৰা ‘ইটো সিটো বহুতো’ নামৰ কথাছবিখন। তাৰ পিছত তেওঁ কথাছবিৰ সংগীত পৰিচালনা কৰিছিল। তাৰে শেষৰখন আছিল তেওঁ কথাছবিৰ সংগীত ৰচনাৰ ভাৰ ভায়েক ৰমেন বৰুৱাক গতাই দিয়ে আৰু নিজে ছবি পৰিচালনাৰ কামত আত্মনিযয়োগ কৰে। বিভিন্ন কথাছবিত থকা ‘এই মাটিতেই মৰোঁ যদি’, ‘ওপজা সোণৰ মাটি’, ‘যৌৱনে আমনি কৰে’ (লাচিত বৰফুকন), ‘এই জোন জোনালী থুপি থুপি তৰালি’ (আমাৰ ঘৰ), ‘চঞ্চল অনুৰাগে (ভক্ত প্রহ্লাদ), ‘সুন্দৰ শ্যাম’ (নৰকাসুৰ) আদি গীতবোৰ শুনিলে ব্রজেন বৰুৱাৰ সংগীতৰ বৈচিত্র্য আৰু আধুনিক গঠন অনুভৱ কৰিব পাৰি। পিছলৈ তেওঁ কথাছবিৰ পৰিচালক আৰু অভিনেতাস্বৰূপেহে অধিক জনাজাত হল।
ব্রজেন বৰুৱাৰ সাংগীতিক প্রতিভাৰ আন এটি দিশ প্রকাশিত হৈছিল কথাছবিৰ আৱহ-সংগীত (background music) ৰচনাৰ মাজেদি। এই ক্ষেত্রতো তেওঁ সেই সময়ৰ গতানুগতিক ধাৰাৰ পৰা ফালৰি কাটি গৈ নাটকীয় পৰিস্থিতিসূচক ভিন্নসুৰী সংগীত প্রযয়োগ কৰিবলৈ প্রয়াস কৰিছিল। ঠায়ে-ঠায়ে তেওঁ মনক চমক লগাব পৰা ধৰণৰ আৱহ-সংগীত প্রয়োগ কৰি দক্ষতাৰ পৰিচয় দিছিল। কথাছবিবোৰ বহুদিন চাবলৈ নোপোৱা বাবে নির্দিষ্টকৈ আঙুলিয়াই দিব পৰা নহল। আচলতে বাদ্য-সংগীতৰ প্রতি ব্রজেন বৰুৱাৰ এটা গভীৰ অনুৰাগ আছিল। তেওঁ কেইবাবিধো বাদ্যযন্ত্রৰ বাদন পদ্ধতি জানিছিল আৰু সেইবোৰৰ ব্যৱহাৰ সম্পর্কেও তেওঁৰ সম্যক জ্ঞান আছিল। অৱশ্যে সেই সময়ত আমাৰ সংগীতত আজিকালিৰ দৰে পশ্চিমীয়া বাদ্যযন্ত্রৰ প্রাদুর্ভাৱ নাছিল। ভাৰতীয় বাদ্যবোৰেই প্রাধান্য লাভ কৰিছিল। অর্গেন, পিয়ানো, ক্লেৰিঅনেট, ভায়লিন, হাৱাইন গিটাৰৰ দৰে কেইবিধমান যন্ত্রই অৱশ্যে বহুদিন আগৰেপৰা অগা-পিছাকৈ অসমৰ সংগীতক্ষেত্রতো প্রৱেশ লাভ কৰিছিল। বহুতৰে বোধহয় মনত আছে যে ব্রজেন বৰুৱাই কোনো-কোনো উপলক্ষত বৰ সুন্দৰ অর্কেষ্ট্রা ৰচনা কৰি পৰিবেশন কৰিছিল। এসময়ত গুৱাহাটীৰ সংগীতানুষ্ঠানত ব্রজেন বৰুৱাৰ অর্কেষ্ট্রা এটা বিশেষ আকর্ষণীয় অনুষ্ঠান আছিল। সেইবোৰত তেওঁৰ আধুনিক অর্কেষ্ট্ৰা ৰচনাৰ প্রতিভা আৰু বাদ্যযন্ত্র প্রয়োগৰ নিপুণতা দেখিবলৈ পোৱা গৈছিল। কোনো এবিধ নতুন বাদ্যযন্ত্র ব্যৱহাৰ কৰি চাবলৈ তেওঁৰ আগ্রহৰ অন্ত নাছিল। মোৰ মনত পৰে, আমি এম এ শ্রেণীত পঢ়ি থকা সময়ত গুৱাহাটী ৰেল ষ্টেচনৰ ওচৰতে থকা এখন চুলি কটা ছেলুনৰ এজন কর্মচাৰীয়ে টাইপ ৰাইটাৰৰ দৰে ছাবি থকা এবিধ তাঁৰৰ যন্ত্র বজাইছিল। সেই যন্ত্রটোক ‘জাপানিজ বেঞ্জো’ বোলা হৈছিল। কথাটো গম পাই ব্রজেন বৰুৱাই মানুহজনক মতাই আনিলে আৰু তেওঁৰ অর্কেষ্ট্রাত সুৰৰ কোনো-কোনো অংশ বজাবলৈ দি কিছু নতুনত্ব সম্পাদন কৰিলে। সেই সময়ত আমাৰ ইয়াত ইলেকট্রনিক বাদ্যযন্ত্রৰ কথা নকওঁৱেই-আনকি মেণ্ডলিন, স্পেনিছ গীটাৰ বজাব জনা মানুহ পাবলৈ নাছিল। ‘জাপানিজ বেঞ্জো’ৱেই আছিল নতুন বাদ্য। যদিও সেইটো আচলতে বেঞ্জোৰ বংশধৰেই নহয়, তথাপি ব্রজন বৰুৱাই অর্কেষ্ট্রাত ব্যৱহাৰ কৰি সেই বাদ্য আৰু বাদক উভয়কে মর্যাদা দান কৰিছিল।
ঐক্যতান বাদন বা অর্কেষ্ট্রা লক্ষ্মীৰাম বৰুৱায়ো ৰচনা আৰু পৰিচালনা কৰিছিল বুলি উল্লেখ পাইছোঁ। বোধহয় সেয়া ৰাগভিত্তিক সুৰত সমূহীয়া বাদ্যবাদন আছিল। তেনে ধৰণৰ ঐক্যতান বাদন আজিলৈকে ঠায়ে-ঠায়ে প্রচলিত হৈ আছে। লক্ষ্মীৰাম বৰুৱাই পশ্চিমীয়া সংগীত শিকিছিল নে নাই গম পোৱা নাযায়; কিন্তু তেওঁ যে পশ্চিমীয়া সংগীতৰ স্বৰলিপি পদ্ধতি (notation) জানিছিল সেই বিষয়ে কাঞ্চন বৰুৱাৰ ‘সুৰ দেউলৰ পূজাৰী’ নামৰ পুথিখনৰ পৰা জানিব পৰা গৈছে। সংগীতাচার্য বৰুৱাই পশ্চিমীয়া সংগীতৰ কোনো অংগ বা কৌশল তেওঁৰ ঐক্যতান ৰচনাত প্রয়োগ কৰিছিল নে নাই, সেই বিষয়ে জনাৰ কোনো উপায় এতিয়া বোধহয় নাই। বিষ্ণু ৰাভায়ো পশ্চিমীয়া স্বৰলিপি পদ্ধতি জানিছিল; কিন্তু তেওঁ অর্কেষ্ট্রা ৰচনা বা পৰিচালনা কৰা মই দেখা নাই আৰু কতো তাৰ উল্লেখো পোৱা নাই। জ্যোতিপ্রসাদ আগৰৱালাই হেনো তেজপুৰৰ বাণ ষ্টেজত নাট অভিনয় উপলক্ষে কিছুমান মনোৰম অর্কেষ্ট্ৰা সৃষ্টি কৰিছিল। সেই বিষয়ে উল্লেখহে পোৱা যায়, কিন্তু সেইবোৰৰ আকৃতি-প্রকৃতি সম্পর্কে কোনো বিতং বিৱৰণ মোৰ চকুত পৰা নাই। ইউৰোপীয় সংগীতৰ সৈতে সম্যক পৰিচয় থকা জ্যোতিপ্রসাদৰ দৰে নতুন সন্ধানী সংগীতকাৰে পৰীক্ষা-নিৰীক্ষা চলোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি; কিন্তু সেইবোৰৰ স্বৰলিপি বা বাণীবদ্ধ ৰূপ সংৰক্ষিত নোহোৱাত সেই বিষয়ে অধিক জনাৰ সম্ভাৱনা নাই। মই জনাত অসমত সর্বপ্রথম একোটা বিষয়বস্তু-আশ্রিত (thematic) ঐক্যতান বাদন বা অর্কেষ্ট্রাৰ ৰচনা আৰু প্রচলন কৰে ব্রজেন বৰুৱাই। ব্রজেন বৰুৱাই তেওঁৰ অর্কেষ্ট্রাবোৰত প্রায়ে পশ্চিমীয়া হার্মনিৰ প্রয়াস কৰিছিল। মই নিজে তেওঁ ৰচনা আৰু পৰিচালনা কৰা এনে ধৰণৰ তিনিটা অর্কেষ্ট্রা শুনিছিলো। তাৰে দুটাৰ নাম আছিল ‘যুদ্ধ আৰু শান্তি’ (War and Peace বুলি ইংৰাজী নাম দিছিল) আৰু ‘এটি শিশুৰ জন্ম’। তৃতীয়টো ঋতু পৰিবর্তনৰ বিষয় লৈ ৰচনা কৰিছিল। নামটো পাহৰিলো। ব্রজেন বৰুৱাই আৰু কেইটামান এনে থিমেটিক অর্কেষ্ট্ৰাৰ ৰচনা কৰিছিল বুলি শুনিছিলো; কিন্তু সেইবোৰ শুনিবলৈ সুযোগ নাপালো। সাম্প্রতিক কালত এনে ধৰণৰ সংগীত ৰচনাৰ পৰম্পৰা প্রায় নোহোৱা হৈছে। ঐক্যতান বাদনৰ কথা ক’লেই এইক্ষেত্রত বাটকটীয়া ব্রজেন বৰুৱাৰ কথা নিশ্চয় সুঁৱৰিব লাগিব। পঞ্চাছৰ দশকতে তেওঁ ভাৰতীয় গণনাট্য সংঘৰ (IPTA : Indian Peoples’ Theatre Association নামেৰে জনাজাত) সৈতে জড়িত হৈছিল আৰু সেই অনুষ্ঠানৰ বাবে কেইটামান গীত আৰু অর্কেষ্ট্রা সুৰ ৰচনা কৰিছিল। সেইবোৰৰ ৰস কিঞ্চিৎ পৃথক। এসময়ত স্বর্গীয় হেমাংগ বিশ্বাসৰ নেতৃত্বত ভাৰতীয় গণনাট্য সংঘই অসমৰ আধুনিক সংগীতৰ ক্ষেত্রত কিছু ফলপ্রসূ প্রভাৱ পেলাইছিল।
