সোণালী পৃষ্ঠা

সন্তানহীনা মেঘালীৰ কথাৰে

পৃথিৱীৰ প্রতিটো সদ্যজাত শিশুৰেই বহু পৰিচিত এটি মাত, কান্দোন – মই আহিছোঁ। আজিৰ পৰা পৃথিৱীৰ বিৰাট মানৱ পৰিয়ালৰ ময়ো এজন। অৰূপ আৰু মেঘালীৰ জীৱনলৈ আহিল সিহঁতৰ ভালপোৱাৰ দান – জোন। জোনৰ ইমান পোহৰ! সেই পোহৰবোৰ যেন সিহঁতৰ দুয়োৰে বুকুৰ মৰমবোৰ ৷

‘জোন এদিন কনভেণ্টত ভৰ্তি হ’লগৈ৷ অকণি জোনক আপ্লুত কৰিলে মাদাৰ ছুপিৰিয়ৰৰ মৰমে। শান্তিৰ প্রতিমূৰ্তি মাদাৰ ছুপিৰিয়ৰ – ‘মা, মোক এজনী ভণ্টি দিয়ানা’ জোনৰ মাকৰ ওচৰত আকুল অনুৰোধ! সৰল শিশুটোৱে কিন্তু নেজানে কেনেকৈ শিশুৰ জন্ম হয়। মেঘালী নিৰুত্তৰ। চকুলো বাগৰি গ’ল দুচকুৰে মেঘালীৰ। জোনক তেওঁ কেনেকৈ খুলি কয় নিজৰ অপাৰগতাৰ কথা? জোনক ভণ্টি এজনী দিয়াৰযে তেওঁলোকৰ কোনো পথ নাই। মনত পৰিল জোনৰ জন্মৰ পিছতে কোৱা চিকিৎসকৰ সেই নিষ্ঠুৰ কথাষাৰ – শাৰীৰিক ত্ৰুটিৰ বাবে মেঘালীৰ ভৱিষ্যতে আৰু কেতিয়াও সন্তান জন্ম দিয়াৰ ক্ষমতা নাথাকিব।

মেঘালী মাজে মাজে শিয়ঁৰি উঠে৷ অস্থিৰ হৈ পৰে। তাই যেন প্ৰতিটো ক্ষণে ক্ষণে শুনে কাৰোবাৰ অভিশাপবাণী। নিজকে সংযত কৰে তাই।

পূবেৰুণৰ এটি দৃশ্যত ৰাধা গোবিন্দ বৰুৱা আৰু জ্ঞানদা কাকতি

দুখৰ উপৰি দুখ ৷ অৰূপ আৰু মেঘালীৰ জীৱনলৈ আহিল এটি অশুভ মুহূৰ্ত। অকণি জোনৰ বুকুৰ ওপৰেদি পাৰ হৈ গ’ল নিষ্ঠুৰ মটৰগাড়ীৰ দুটি চকা। দুৰ্ঘটনাত জোনক হেৰুৱাই বাউলী হৈ মেঘালীয়ে মনত পেলায় তেওঁ আগৰ ভালপোৱা যুৱক দিলীপৰ অভিশাপবাণী – “মোৰ নোপোৱাৰ বেদনাই বাৰে বাৰে কৈছে যে এদিন তুমি সকলো পায়ো সকলো হেৰুৱাবা।” দিলীপ – মেঘালীৰ জীৱনৰ এটি অহেতুক বেদনাৰ ছাপ। ‘অৰূপৰ জীৱনলৈ আহিল বিৰাট পৰিৱৰ্তন। অহৰহ মাথো এটি চিন্তা, জোনৰ মৃত্যুৰ বাবে দায়ী সি। মেঘালীৰ বুকুৰ সকলোখিনি ভালপোৱাৰে অৰূপক ধৰি ৰাখিব নোৱাৰিলে। মেঘালীৰ জীৱনৰ পৰা অৰূপো এদিন আঁতৰি গ’লগৈ। তাইৰ সকলো সত্বা বিদ্ৰোহী হৈ উঠিল ভগৱানৰ এই নিষ্ঠুৰ বিচাৰত। “মই নাকান্দো, মই কেতিয়াও নাকান্দো ভগৱান।” কিন্তু চকুৰ পানীয়ে বাধা নামানিলে।

‘অভিশপ্তা’ মেঘালীৰ জীৱনলৈ আহিল এটি আশীৰ্বাদ – মাদাৰ ছুপিৰিয়ৰ। কনভেণ্টৰ অনাথ অসহায় শিশুবোৰৰ মাজত তাই যেন শান্তি বিচাৰি পালে। দীপৰ মাজতে তাই বিচাৰি পালে হেৰোৱা জোনক। মাদাৰ ছুপিৰিয়ৰে তাইৰ এই মৰমবিলাক সহজভাৱে নল’লে। এই পৃথিৱীৰ প্রতিটি শিশুৱেই সমান। কোনো এটি বিশেষ ‘অকণিক নিগাজিকৈ ভাল পোৱা অপৰাধ। “There’s only one child in the world and the child’s name is all children” সেই পঞ্চাছৰ দশকতে এনে এটা গভীৰ বিষয়বস্তুৰে অসমীয়া ছবি এখন নিৰ্মাণ কৰাটো আজিৰ নিৰ্মাতা আৰু দৰ্শকৰ বাবে বৰ আচৰিত কথা যেন লাগিব। কিন্তু সেইটো যুগত কিছু মানুহে যুগতকৈ আগবাঢ়ি একো একোটা চিৰন্তন কাহিনীৰে ছবি কৰাৰ সাহস কৰিছিল।

ছবিখন আছিল ১৯৫৯ চনৰ ১৮ ছেপ্টেম্বৰত চিত্ৰাগৃহত মুক্তি লাভ কৰা ‘পূৱেৰুণ’। অসমীয়া ছবিৰ ইতিহাসত এই ছবিখনে অকল বিষয়বস্তুৰ গভীৰতাৰ বাবেই নহয়, আন এটা কাৰণতো উল্লেখযোগ্য হৈ আছে। ছবিখনে ভাৰতক প্রতিনিধিত্ব কৰি বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্রদৰ্শিত হৈছিল। বিদেশৰ চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া ছবিৰ লগতে প্রথমবাৰৰ বাবে গৈছিল মেঘালীৰ চৰিত্ৰত অভিনয় কৰা জ্ঞানদা কাকতি আৰু অন্যতম প্রযোজক পাজী দাস। দেশত ছবিখনে সেই বছৰৰ ‘ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক’ লাভ কৰিছিল। নগাঁৱৰ ‘কথাকলি চিনে প্রডিউচাৰছ’ৰ বেনাৰত নগাঁৱৰ নাট্যকৰ্মী খগেন ৰায় আৰু যোৰহাটৰ পাজী দাসৰ প্রযোজনাত ছবিখন হৈছিল। পৰিচালনা কৰিছিল টালিগঞ্জৰ বাংলা ছবিৰ পৰিচালক প্রভাত মুখাৰ্জীয়ে ।

দুই প্রযোজক খগেন ৰায়, পাজী দাস আৰু অভিনেতা তচদ্দুক ইউচুফৰ চিন্তা আৰু পৰিকল্পনাতে এনে এখন ছবি হৈছিল। কাহিনীটো আছিল খগেন ৰায়ৰ। তচদ্দুক ইউচুফে চলচ্চিত্ৰৰ বাবে কাহিনীটোৰ পৰিৱৰ্ধন  কৰিছিল। সংলাপ ৰচনা কৰিছিল নাট্যকাৰ, ‘ৰঙা পুলিচ’ খ্যাত ৰমেশ শৰ্মাই৷ চিত্ৰনাট্যখন প্রভাত মুখাৰ্জীয়েও চাই দিছিল। ছবিখনৰ সৈতে নগাঁৱৰ কলা- সংস্কৃতি জগতৰ ভালেখিনি মানুহ জড়িত হৈছিল। সংগীত আছিল তাৰিকউদ্দিন আহমেদৰ। সহকাৰী হিচাপে আছিল বিশিষ্ট তবলা বাদক বিবেকানন্দ ভট্টাচাৰ্য। গীত ৰচনা কৰিছিল মলিন বৰা, আলিমুন্নিছা পিয়াৰ, ইউচুফ হাজৰিকা আৰু বিদ্যা বৰাই। ছবিৰ চাৰিওটি গীতৰ সুৰো আছিল তৰিকউদ্দিন আহমেদৰ।

তেতিয়াও আনবোৰ ছবিৰ দৰেই কলকাতাৰ ‘নিউ থিয়েটাৰচ্‌ ষ্টুডিঅ’ত চিত্ৰগ্ৰহণ হৈছিল আৰু ইণ্ডিয়া ফিল্ম লেব’ত গীত আৰু আৱহ সংগীত বাণীৱদ্ধ হৈছিল। বহিৰ্দৃশ্যৰ কাম শ্বিলঙতো হৈছিল।

অসমীয়া সাৰেগামা আলোচনীৰ ডিচেম্বৰ, ২০০৫ সংখ্যাত প্ৰকাশিত

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.3 / 5. ভোট : 116

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!