‘সন্ধ্যাৰাগ’ চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ সময়ত আমি জালুকবাৰীৰ বিশ্ববিদ্যালয়ৰ আবাস-গৃহত আছিলো। মোৰ প্রয়াত স্বামী ড: ভবেন্দ্ৰ নাথ শইকীয়া তেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি প্রস্তুতি সমন্বয় সমিতিৰ সচিব আছিল। বিয়াৰ পিছৰে পৰা মোৰ স্বামীৰ মুখত অনবৰতে শুনি থাকো – “এখন চিনেমা কৰিব পৰা হ’লে!” চলচ্চিত্ৰ এখন কৰিবলৈ তেওঁৰ বৰ হেঁপাহ আছিল। কিন্তু ছবি-নিৰ্মাণ কথাটোতো মুখৰ কথা নহয়! এখন ছবি কৰাৰ দক্ষতা তেওঁৰ আছে বুলি মই জানো। কিন্তু টকা-পইচা ক’ৰ পৰা আহিব? সেই সময়ত ‘সন্ধ্যাৰাগ’ নিৰ্মাণ কৰি চলচ্চিত্ৰ-গৃহত এৰি দিয়ালৈকে আমাৰ ব্যয় হৈছিল তিনি লাখ টকাতকৈ কিছু বেছি। তাকো হাত ধৰি ধৰি খৰচ কৰাৰ বাবেহে সেইখিনি পইচাৰে আমি কাম চলাব পাৰিছিলো। সেইখিনি পইচা গোটাবলৈ মোৰ স্বামীৰ কিমান যে হাৰাশাস্তি হৈছিল তাক ভাষাৰে প্রকাশ কৰিব নোৱাৰো। কথাছবিখন আৰম্ভ কৰিবলৈকো আমাৰ নিজাববীয়াকৈ সাঁচতীয়া পইচা একোৱেই নাছিল। বিয়াৰ পিছৰে পৰা মোৰ স্বামীক দেখিছিলো, দৰমহাৰ সম্পূৰ্ণ পইচা তেওঁ কেতিয়াও ঘৰলৈ আনিবলৈ পোৱা নাছিল। বিয়াৰ আগতে নিজৰ পৈতৃক ঘৰ নিৰ্মাণৰ ধাৰ, সেই ধাৰ শেষ নৌহওঁতেই এখন গাড়ীৰ প্ৰয়োজন অনুভৱ কৰি গাড়ী কিনাৰ ধাৰ, তাৰ পিছতে বিয়াৰ ধাৰ, এইবোৰে বিয়াৰ পিছৰ বহু বছৰলৈকে আমাক পেটে-ভাতে খাই থাকিবলৈহে সুবিধা দিছিল। গতিকে ছবি- নিৰ্মাণৰ কথা তেওঁ কৈ থাকিছিল যদিও মই সেইবোৰ এখন কাণেৰে সুমুৱাই আনখন কাণেৰে উলিয়াই দিছিলো। বাস্তবিকতে এইবোৰ কাম যে সম্ভৱ নহ’ব মই তাকে মানিছিলো। কিন্তু মোৰ স্বামীয়োতো এলাপেচা মানুহ নহয়, চাইকেল এখন কিনিবলৈ পইচা নাথাকোতে গাড়ী এখন কিনি পেলায়। গোটেই জীৱনটোত যি যি কাম কৰিম বুলি ভাবিছিল, তাক হাতে-কামে কৰিহে এৰিছিল। গতিকে এই অভাৱৰ দিনখিনিতে তেওঁ ছবি-নিৰ্মাণ কৰাৰ কাম হাতত ল’লে।

তেওঁ ১৯৬৯ চনতে লিখা ‘বানপ্রস্থ’ নামৰ গল্পটোকে ছবিৰ কাৰণে বাছি ল’লে। ‘সন্ধ্যাৰাগ’ নাম দি চলচ্চিত্ৰখন নির্মাণ কৰিলে। প্রথমতে চিত্রনাট্যখন লিখিবলৈ যিখিনি কাগজৰ প্রয়োজন, সেইখিনিও তেওঁ বাকীকৈহে কিনিবলগীয়া হৈছিল। তেতিয়াৰ হিন্দু চেন্ট্ৰেল ষ্ট’ৰৰ মালিক হৰেণ শৰ্মাই তেওঁক খুব ভালকৈ জানিছিল। চিত্রনাট্যখন লিখি উলিয়াবৰ কাৰণে যিমানবোৰ বস্তুৰ প্ৰয়োজন, যেনে ষ্টেনচিল, ডুপ্লিকেট পেপাৰ আদিবোৰো কাগজৰ লগতে বাকীকৈ দি হৰেণ শৰ্মাই তেওঁক সহায় কৰিলে, লগতে এটা উইং-চাং ফাউন্টেইন পেন উপহাৰ হিচাপে দি চিত্রনাট্যখন তেওঁ দিয়া কলমটোৰে লিখিবলৈ অনুৰোধ কৰিলে। মোৰ স্বামীয়ে চিত্রনাট্যখন লিখিবলৈ সেইটো কলমকে ব্যৱহাৰ কৰিছিল আৰু পিছলৈও বহুবছৰ ধৰি সেই কলমটোকে তেওঁৰ লেখা-মেলা কামত ব্যৱহাৰ কৰিছিল। এতিয়াও আমি সেই কলমটো সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছো।

‘সন্ধ্যাৰাগ’ৰ যেতিয়া শ্বুটিং আৰম্ভ হৈছিল, তাৰ আগতে মই শ্বুটিং কেতিয়াও দেখা নাছিলো। ছবিৰ শ্বুটিং সম্বন্ধে মোৰ একেবাৰে ধাৰণা নাছিল। গতিকে – কি হ’ব, কি কৰিব, সেইবোৰ মই একোকে বুজি পোৱা নাছিলো। কেৱল সকলো কামতে মোৰ স্বামীক সহায় কৰিবলৈ মন গৈছিল। মোৰ পেটে-পেটে অনবৰতে এটা ভয়ো সোমাই আছিল, ছবি কৰিবৰ বাবে প্ৰথমতে যিটো আয়োজন, তাৰ কাৰণে বহুত পইচাৰ প্রয়োজন হয়, তদুপৰি চিনেমাৰ ক্ষেত্ৰত একেবাৰে শেষ পইচাখিনি খৰছ নকৰালৈকে – তাৰ পৰা উপাৰ্জনৰ বাট নাথাকে। মোৰ স্বামীৰ নিজৰ বুলিবলৈতো একোৱেই নাই – প্রথম পর্যায়ৰ পইচাখিনিৰ বাবেও দুজনমান বন্ধুৰ ওচৰত হাত পাতিবলগীয়া হৈছিল। পিছলৈ ঘৰৰ মাটি বন্ধকত থৈ, ৰাজ্যিক চলচ্চিত্র বিত্তীয় নিগম আৰু বেংকৰ পৰা ধাৰ লৈ ছবিখনৰ নিৰ্মাণৰ কাম শেষ কৰিছিল। আমাৰ ইমানবোৰ ধাৰৰ বোজা হৈছে – এইটো কথাই মোক বৰ কষ্ট দিছিল। ভৱিষ্যতে যদি কিবা বিপদ হয়, ছবিখনৰ পৰা যদি পইচাবোৰ ঘূৰি নাহে? এইবোৰ চিন্তাই সেইসময়ত মোক বৰ আমনি কৰিছিল। কিন্তু মোৰ স্বামীৰ মনত এইবোৰে কিবা চিন্তা দিছিল নেকি, মোৰ বুজিবলৈ সাধ্য নাছিল। ময়ো এইবোৰ কথাৰে তেওঁৰ মনৰ স্পৃহা নষ্ট নকৰিছিলো। গতিকে যি হ’ব লগা আছে হ’ব বুলি ভগৱানক চিন্তা কৰিছিলো।

শ্বুটিং কৰিবলৈ আমি নগাঁৱৰ কামপুৰৰ তেতেলিসৰা নামৰ গাঁও এখনলৈ গৈছিলো। তাতে আমাৰ প্রথম পর্যায়ৰ শ্বুটিং আৰম্ভ হৈছিল। শ্রীগুণসিন্ধু হাজৰিকা আমাৰ ছবিখনৰ সহকাৰী পৰিচালক আছিল। তেওঁৰ তেতেলিসৰাৰ পৈতৃক ঘৰটোকে আমাক শ্বুটিঙৰ বাবে ব্যৱহাৰ কৰিবলৈ দিছিল। শ্বুটিং বৰ দীঘলীয়া হৈছিল। ইয়াৰ কাৰণ, প্ৰথম কথা – মোৰ স্বামীৰ ছবি কৰাৰ প্ৰথম অভিজ্ঞতা, দ্বিতীয় কথা – দুৰণিবটীয়া গাঁও- নানা অসুবিধা – ইলেক্ট্ৰিচিটিৰ অসুবিধা (আমি তেতিয়া জেনেৰেটৰ ব্যৱহাৰ কৰা নাছিলো)। তদুপৰি ডিৰেক্ট ছাউণ্ড লোৱাৰ কাৰণে বহুসময়ত ৰাতি জিলীৰ মাত, ভেকুলীৰ টোৰটোৰণি, কেঁচুৱাৰ কান্দোন আদি বহু কাৰণত শ্বুটিং বন্ধ কৰি ৰাখিবলগীয়া হৈছিল। তথাপিও এক ছেপ্টেম্বৰৰ পৰা এমাহ শ্বুটিং কৰি প্রথম পর্যায়ৰ কাম শেষ কৰা হ’ল। টকা-পইচাৰ কাৰণে কিছুদিন শ্বুটিঙৰ কাম পিছুৱাই ৰাখিবলগীয়া হ’ল।
এমাহমান ৰৈ দ্বিতীয় পর্যায়ৰ শ্বুটিং আমাৰ জালুকবাৰীৰ বাসভৱনতে বিভিন্ন ছেট সাজি আৰম্ভ কৰা হ’ল। শ্বুটিঙৰ এই সময়খিনি আমি বৰ উপভোগ কৰিছিলো। ৰাতিপুৱাতে অভিনেতা-অভিনেত্রী, টেকনিচিয়ান, কেমেৰামেন আদি সকলো আহি আমাৰ ঘৰত উপস্থিত হৈছিলহি, কেইজনমান আমাৰ ঘৰতে আলহী হৈ থাকিছিল। আমাৰ ঘৰখন সেইকেইদিনত এখন উৎসৱমুখৰ ঘৰলৈ পৰিণত হৈছিল। কেমেৰামেন ইন্দুকল্প হাজৰিকা, অভিনেত্রী ৰুণু দেৱী, আৰতি বৰুৱা, মায়া বৰুৱা, নানু দত্ত, কাশ্মিৰী শইকীয়া (এতিয়া শইকীয়া বৰুৱা), পূর্ণিমা পাঠক (এতিয়া শইকীয়া), আমাৰ ছোৱালী দুজনী, মামনি (সৰু চাৰুৰ অভিনয় কৰিছিল), ঈশান বৰুৱা, তেওঁৰ পত্নী মনা (কিৰণ বৰুৱা; তেওঁ অভিনয় কৰা নাছিল যদিও আমাৰ ঘৰুৱা উৎসৱত যোগদান কৰিবলৈ সদায় আহিছিল), নাট্যকাৰ অৰুণ শৰ্মা, তাপস দত্ত, ৰাজু বৰদলৈ আদি আটাইবোৰে ঘৰখন এক আনন্দময় মধুপুৰীত পৰিণত কৰিছিল। শ্বুটিঙৰ অৱসৰৰ মাজে মাজে তেওঁলোকে কৰা হাঁহি-ফুর্তি, গল্প, মাজে মাজে মনাৰ নাচ, এইবোৰ মোৰ মনত আজিও সজীৱ হৈ আছে। এইবোৰে সকলোৰে মনৰ অৱসাদ আঁতৰাইছিল আৰু দিনে-ৰাতিয়ে পূর্ণ উদ্যমেৰে শ্বুটিং কৰি যাবলৈ তেওঁলোকক শক্তি দিছিল।

এনেকৈয়ে বহুত দীঘলীয়া সময় লৈ (প্রায় ৬০/৬৫ দিন আৰু মাজত এমাহৰ ব্যৱধান) এদিন ‘সন্ধ্যাৰাগ’ৰ শ্বুটিং শেষ হ’ল। শ্বুটিঙৰ পিছৰ পৰ্যায়ৰ কামবোৰত মই জড়িত হোৱা নাছিলো। Rush print, editing, music-recording, re-recording এইবোৰ কাম মোৰ স্বামীয়ে জ্যোতি চিত্ৰবন আৰু টালিগঞ্জৰ ষ্টুডিঅ’লৈ দৌৰা-দোৰি কৰি অকলেই চলাই নিছিল। কলিকতাৰ সকলো কামতে শ্রীঅৰুণ গুহ ঠাকুৰতাই তেওঁক সহায় কৰিছিল। পিছলৈ তেওঁৰ প্ৰতিখন ছবিতে অৰুণ গুহ ঠাকুৰতাই সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।
১৯৭৮ চনত ছবিখনে মুক্তিলাভ কৰিলে। মোৰ স্বামীয়ে ছবিখন কোনো ডিষ্ট্ৰিবিউটৰক নিদি ব্যৱসায়ৰ কাৰণে তিনিজন উদীয়মান যুৱকক নিয়োজিত কৰিলে। তেওঁলোক হ’ল – মোৰ ভাই দিলীপ হাজৰিকা, আনজন সকলোৰে পৰিচিত, অভিনেতা আৰু পৰিচালক উপকুল বৰদলৈ আৰু সিজন প্রদীপ ভট্টাচার্য্য (পিছলৈ মোৰ ভাগিন-জোঁৱাই হ’ল)। তেওঁলোক তিনিওজনে দক্ষতাৰে এবছৰৰ ভিতৰতে গোটেই অসমতে ছবিখন চলাই দিলে।
ইতিমধ্যে ছবিখনে ১৯৭৮ চনত ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰৰ ৰজতকমল বঁটা লাভ কৰিলে আৰু ইণ্ডিয়ান পেন’ৰামালৈ নির্বাচিত হ’ল। পিছলৈ ছবিখন পৃথিৱীৰ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্রদর্শিত হৈছিল। তাৰ ভিতৰত উল্লেখযোগ্য মহোৎসৱকেইটা হৈছে কার্ল’ভীভেৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ আৰু স্পেইনৰ ভালাড’লিও চলচ্চিত্র মহোৎসৱ। ইতিমধ্যে অসমৰ দৰ্শকে ছবিখন আদৰি ললে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্রতিখন ঠাইতে ছবিখন বৰ ভাল চলিলে। ছবিখনে এখন উচ্চ মানদণ্ডৰ ছবি হিচাপেও স্বীকৃতি পালে আৰু আনহাতে ব্যৱসায়িক দিশতো ছবিখনে অতি ভাল ফল দেখুৱালে। তেতিয়া মোৰ এইটোৱেই আনন্দ লাগিছিল যে মোৰ স্বামীৰ চলচ্চিত্ৰ কৰাৰ মনোকামনা পূর্ণ হ’ল আৰু প্রথম ছবিখনৰ যোগেদিয়েই তেওঁ পৃথিৱীৰ চলচ্চিত্রজগতত উচ্চ স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ল।

এখন কলাত্মক ছবিৰ চিত্রনাট্য লিখা, শ্বুটিঙৰ বাবে কষ্ট কৰা, প্রযোজনা কৰা আদি কামবোৰ অতি কষ্টকৰ। বিশেষকৈ প্রযোজনাৰ কাৰণে প্রয়োজন হোৱা পইচাৰ চিন্তাটো নাথাকিলে পৰিচালকে সতেজ মনেৰে ছবিৰ কাম কৰি যাব পাৰে। কিন্তু মোৰ স্বামীৰ ক্ষেত্ৰত সদায় তাৰ ওলোটাটো হৈছিল। নিজে প্রযোজনা কৰা প্ৰতিখন ছবিৰ কাৰণে তেওঁ বৰ কষ্ট কৰিবলগীয়া হৈছিল। মুক্ত মনেৰে চিন্তা-চৰ্চা কৰি ছবি কৰিবলৈ সুবিধা পোৱাহেঁতেন হয়তো তেওঁৰ পৰা আমি আৰু অধিক সুন্দৰ, উচ্চমানৰ ছবি আশা কৰিব পাৰিলোহেঁতেন। তেওঁৰ আৰু কেইখনমান ছবি কৰাৰ হেঁপাহ থাকি গ’ল, এই কথাটোৱে মোৰ মনত বৰ দুখ দি থাকে। মন শান্তিৰে, কোনো লেঠা-লেঠেৰিৰ মাজলৈ নোযোৱাকৈ, পইচা-পাতিৰ অভাৱ অনুভৱ নকৰাকৈ তেওঁ যদি আৰু দুখনমান ছবি কৰিবলৈ সুবিধা পালেহেঁতেন! যি কেইখন ছবি নিজাববীয়াকৈ কৰিলে, প্রত্যেকখতে ‘সন্ধ্যাৰাগ’ৰ দৰে কষ্টৰ অভিজ্ঞতা সদায় সহচৰৰ দৰে তেওঁৰ লগে লগে লাগি থাকিল। অৱশ্যে কষ্টৰ ফল সদায় মিঠা হয় বুলি এষাৰ কথা আছে। মোৰ স্বামীয়ে কৰা কষ্টৰ ফল তেওঁ বিচৰা ধৰণেই পাইছিল আৰু সেইবোৰে আমাৰ জীৱনলৈ মানসিক প্রশান্তি আৰু আনন্দ কঢ়িয়াই আনিছিল। সন্ধ্যাৰাগে দিয়া আনন্দৰ ভাগ আমাৰ লগতে ছবিখনৰ লগত জড়িত প্রতিজনে গ্ৰহণ কৰিছিল। ছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাৰ পিছত আমি বন্ধুকেইজন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত যোগদান কৰিবলৈ গৈছিলো। সেয়া ১৯৭৮ চনৰ কথা। তালৈ গৈ আমি যিমান আনন্দ উপভোগ কৰিছিলো তাক প্ৰকাশ কৰি শেষ কৰিব নোৱাৰো। ৰেলৰ শ্লিপাৰত কষ্ট কৰি ভ্ৰমণ কৰাৰ দুখ আমি অনুভৱকে কৰিব নোৱাৰিছিলো। সেই যাত্ৰাত আমাৰ পৰিয়ালটোৰ লগত আছিল—ৰুণু দেৱী, আৰতি বৰুৱা, মায়া বৰুৱা, নানু দত্ত, ঈশান বৰুৱা, মোৰ ভাই দিলীপ হাজৰিকা, ইন্দুকল্প হাজৰিকা আৰু দুজনমান। আসাম হাউছত থকা সেই দিনকেইটা, চলচ্চিত্র মহোৎসৱত যোগদান কৰা সময়খিনি, ছবিজগতৰ বিভিন্নজনৰ লগত, বিশেষকৈ মহম্মদ ৰফী আৰু স্মিতা পাটিলৰ লগত চিনাকি হোৱা কথাবোৰ (সেইবাৰ মহম্মদ ৰফীয়ে ৰাষ্ট্ৰীয় শ্রেষ্ঠ নেপথ্য গায়কৰ বঁটা আৰু স্মিতা পাটিলে শ্রেষ্ঠ অভিনেত্রীৰ বঁটা লাভ কৰিছিল) কেতিয়াও নাপাহৰো। তাৰ বাহিৰেও দিল্লীৰ বিভিন্ন ঠাই ফুৰা, বজাৰ-সমাৰ কৰা কথাবোৰ মনত পৰিলেও বৰ আমোদ লাগে। ফাইভ ষ্টাৰ হোটেলত ইনফৰমেচন এণ্ড ব্রডকাষ্টিং মিনিষ্টাৰে দিয়া ডিনাৰ খাবলৈ দলে-বলে যোৱা কথাবোৰ এতিয়াও মোৰ মনত সজীৱ হৈ আছে। এইবোৰ যেন সৌ সিদিনাৰ কথা এনে লাগে। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱবোৰলৈ অৱশ্যে মোৰ স্বামী অকলেই গৈছিল। সেইবোৰ মহোৎসৱত যোগদান কৰিবলৈ কেৱল এজন বা দুজনকহে নিমন্ত্ৰণ কৰে। তদুপৰি অহা-যোৱাৰ খৰছ কেৱল এজনৰহে বহন কৰে। গতিকে সেইবোৰ মহোৎসৱলৈ যোৱাৰ সুবিধা পোৱা নাছিলো। অৱশ্যে ‘অগ্নিস্নান’ৰ কাৰণে ফ্রান্সৰ নট ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেললৈ মোৰ স্বামীৰ লগত ময়ো গৈছিলো। মোৰ অহা-যোৱা খৰচ স্বামীয়ে বহন কৰিছিল। সেয়াও এক বেলেগ অভিজ্ঞতা আছিল।

মোৰ স্বামীৰ চলচ্চিত্রজগতৰ কথা লিখোতে আজি তেওঁৰ স্মৃতিয়ে মোৰ মন উতলা কৰি তুলিছে। তেওঁৰ অভাৱ অনুভৱ কৰি মোৰ মন সেমেকি উঠিছে। য’তেই আছে তাতেই যেন তেওঁ পৰম শান্তিত থাকে। তেওঁৰ স্মৃতিখিনি লৈ মোৰ মনত তেওঁক সদায় জীয়াই ৰাখিম আৰু মই আশা কৰো, তেওঁৰ বিভিন্ন কৰ্মৰাজিৰ যোগেদি সমগ্ৰ অসমবাসীয়ে তেওঁক জীয়াই ৰাখিব।
