“One of the finest composers in this century has gone away”
বৰ দুখৰ দিন আজি (৫ ছেপ্টেম্বৰ/৯৫)। মই আৰু সলিল (সলিল চৌধুৰী) অসমৰ, অসমত জনম, অসমত শৈশৱ আৰু কৈশোৰ অতিবাহিত। সলিলৰ বিয়োগত এটা যুগৰ অৱসান ঘটিল।
আমি একে চিন্তাধাৰাৰ মানুহ আছিলোঁ। শ্ল’গানধৰ্ম্মী গান মই যেনেকৈ অপছন্দ কৰিছিলোঁ, সলিলেও কৰিছিল। মই ৰংমন নামৰ মাছমৰীয়াটোৰ জীৱন-সংগ্রামৰ কথাহে ক’বলৈ ভাল পাইছিলোঁ। কাটিম, মাৰিম, জ্বলাম জাতীয় শ্লগান দি গীত গাবলৈ ভাল নাপাইছিলোঁ। সলিলেও এই সম্পৰ্কত কৈছিল, ‘আই এগ্ৰি ভূপেন’ বুলি। ১৯৫১ চনত ভাৰতীয় গণনাট্য সংঘৰ সৈতে ঘনিষ্ঠভাৱে যুক্ত হ’লোঁ। জ্যোতি (প্ৰসাদ আগৰৱালা) ককাইদেউ চেয়াৰমেন আছিল। জ্যোতিপ্রসাদ, বিষ্ণুৰাভা, হেমাঙ্গ বিশ্বাস, নিৰ্ম্মলেন্দু চৌধুৰী, সলিল চৌধুৰী আৰু মই – আমাৰ মনবোৰ এক হৈ গৈছিল। সাগৰ সঙ্গমত গাওঁতে মনত আছে, সলিলে একর্ডিয়ান বজাইছিল মোৰ লগত আৰু গীটাৰ বজাইছিল সাত- আঠবছৰীয়া জয়ন্ত(হাজৰিকা)ই। সলিলে গীত ৰচিলে অতি হৃদয়স্পৰ্শী শব্দ-গাঁথনিৰে। সলিলে গালে ‘পাল্কি চলে’, মই গালোঁ ‘বৰ বৰ মানুহৰ দোলা’। ধুবুৰী, গোৱালপাৰা, বৰাক উপত্যকাৰ হেৰাই যোৱা গীত-মাতবোৰ পুনৰুদ্ধাৰৰ বাবে আমি একেলগে কাম কৰিছিলোঁ৷। সলিলৰ বহুমুখী প্ৰতিভা আছিল। সেই বাবেই বোম্বেৰ সস্তীয়া ফিল্মৰ গান-নাচৰ বাবে নিজৰ ধ্যান-ধাৰণা আৰু সৃষ্টি উৎসৰ্গা কৰিবলৈ ভাল নাপাই ঘূৰি আহিছিল কলিকতালৈ। ‘মোৰ গভীৰ প্ৰশান্ত সাগৰৰ বক্ষ’ এই ‘গভীৰ’ শব্দটোত থকা ভাব আৰু সুৰৰ ধ্বনিৰ সুগভীৰ প্রকাশ একমাত্ৰ সলিলেই প্রথম বুজি পাইছিল। মোৰ কোন গীতত বিহু, ঝুমুৰ বা পদ্মাৰ কোনো মাঝিৰ সুৰ প্রতিফলিত হৈছে – সেয়া খপকৈ ধৰি ‘ভূপেন আই এগ্ৰি’ বুলি ক’বলৈ সলিল কোনোদিনে মোৰ কাষত
নাথাকিব। এই ভাবি মোৰ কষ্ট হৈছে। সলিল, মই অসমৰ প্রডাক্ট, হেমাংগদা, অসমত জন্ম নহৈও অসমৰ হৈ পৰিছিল। নিবিড়ভাৱে। সলিলৰ মৃত্যুত এজন সঙ্গী হেৰুওৱাই নহয়, জীৱনৰ সুন্দৰ সময়ৰ এখিলা পাত খহি পৰিল। খগেন মহন্তকে আদি কৰি সেই সময়ৰ অসমৰ গায়ক-গায়িকাসকল একে চিন্তাধাৰাৰে আগ বাঢ়িছিলোঁ। সময় নিষ্ঠুৰ হৈ আহিছে লাহে লাহে। এটা জাতি আৰু দেশৰ বাবে ওৰে জীৱন গীত আৰু সুৰৰ মাজেৰে কিবা দিয়াৰ চেষ্টা আমি কৰি আহিছোঁ। নাজানো, সময়ে আৰু উত্তৰপুৰুষে আমাক মনত ৰাখেনে, নাৰাখে?
দুবছৰৰ আগতে কলিকতাৰ এ-এছ-এল ক্লাবে সলিল চৌধুৰীক সম্বৰ্দ্ধনা জনাওঁতে শিল্পীজনে কৈছিল অসমীয়া ভাষাত, “মই অসমৰ ল’ৰা, মোক আকৌ অসমীয়া মানুহে
সম্বৰ্ধনা কিয় দিব লাগিছে? বৰঞ্চ অসমৰ ওচৰত মইহে ঋণী, যি সামান্য পৰিচিতি পাইছোঁ, তাত অসমৰ অৱদানেই বেছি।” কিছু দিন আগেয়ে চিৰবিদায় লোৱা ৰাহুলদেৱ বৰ্ম্মনৰ মৃত্যুত সলিল চৌধুৰীয়ে কৈছিল-_ “শচীনদেৱক হেৰুওৱাৰ দুখেই পাহৰা নাই, এতিয়া ৰাহুলদেৱ গুচি যোৱাত অপূৰণীয় ক্ষতি হ’ল।” এই সঙ্গীত-সাধকসকলৰ মাজত সুৰ-গীতৰ মাজেৰেই গভীৰ বন্ধুত্ব আছিল। এওঁলোক মাটি আৰু মানুহৰ পৰা বিচ্ছিন্ন নাছিল। শতিকাৰ এই অমূল্য সঙ্গীতজ্ঞসকলৰ পাচত উত্তৰপুৰুষে অনিৰ্দ্দিষ্ট কালৰ বাবে অপেক্ষা কৰিব লাগিব- এনে একোজন শিল্পীৰ আগমনলৈ।
সলিল চৌধুৰীক স্মৰণ কৰি ১৯৯৫ চনৰ ১৫ ছেপ্তেম্বৰত আমাৰ অসম কাকতত লিখা প্ৰৱন্ধ
