পৰ্যালোচনা

হিংসা, বিদ্বেষেৰে ভাৰাক্ৰান্ত ভগ্নপ্ৰায় সমাজ ব্যৱস্থাৰ এক দলিল – পাতাল লোক

পাতাল লোক (Paatal Lok)

উপলব্ধ প্লেটফৰ্ম – আমাজন প্ৰাইম (Amazon Prime)

অনন্ত সৃষ্টিৰ দৰেই দিল্লী চহৰখনো তিনিটা খণ্ডত বিভক্ত। স্বৰ্গ লোক – য’ত বাস কৰে দিল্লীৰ ধনে জনে শক্তিশালী আৰু আঢ্যৱন্ত। পৃথিৱী লোক – নয়ডা, মেহৰৌলি, বসন্ত বিহাৰ আদিৰ দৰে সাধাৰণতে মধ্যবিত্ত শ্ৰেণীৰ বসতি অঞ্চলবোৰ । শেষত আহে পাতাল লোক – ইয়াত বাস কৰে দুখীয়া নিচলা ‘পোক-পতংগ’ বোৰে ।

‘পাতাল লোক’ চিৰিজ খনৰ আৰম্ভণিতেই দিল্লী চহৰৰ ওপৰত এই দাৰ্শনিক ব্যাখ্যা ‘হাথীৰাম চৌধৰী’ নামৰ ইন্সপেক্টৰজনৰ। আনছাৰি নামৰ নতুনকৈ আৰক্ষীত যোগদান কৰা সহকৰ্মীজনক নিজৰ পুলিচ জীৱনৰ অনুভৱ অৱগত কৰাইছে হাথীৰামে। পুলিচৰ কাম হেনো স্বৰ্গ লোকত বিশেষ একো নাই। কাৰণ স্বৰ্গ লোকৰ শক্তিশালী আৰু প্ৰভাৱশালী ব্যক্তিসকলে অনুসন্ধানৰ সকলো সত্য দমন কৰি ৰাখে। ফলস্বৰূপে, পুলিচৰ কেৰিয়াৰত ভাল প্ৰমোচন পোৱাৰ একমাত্ৰ জখলা হৈছে কোনো ‘কাণ্ড’ৰ অনুসন্ধান। ‘কাণ্ড’ তেতিয়া হয় যেতিয়া পাতাল লোকৰ কোনো ‘পোক-পতংগই’ পৃথিৱী লোকৰ কোনো বাসিন্দাক ‘কামোৰে’। উদাহৰণস্বৰূপে, ‘আৰুচি হত্যাকাণ্ড’, নিথাৰি হত্যাকাণ্ড ইত্যাদি। সেয়েহে হাথীৰাম অপেক্ষাৰত তেনে এটা কাণ্ডৰ অনুসন্ধানৰ দায়িত্ব লোৱাৰ বাবে। ঠিক তেনে এক সময়তে  প্ৰখ্যাত সাংবাদিক সঞ্জীৱ মেহৰাক হত্যা কৰাৰ ষড়যন্ত্ৰত ৪ জন অপৰাধী আটক হয় আৰু পাকচক্ৰত তেওঁলোকক অনুসন্ধান কৰাৰ দায়িত্ব আহি পৰে হাথীৰামৰ ওপৰত ।

হত্যাৰ প্ৰচেষ্টাৰ অনুসন্ধান বা আঁৰৰ ৰহস্য ফাদিল কৰাৰ প্ৰক্ৰিয়াটোত পৰিচালকে এখন জৰাজীৰ্ণ সমাজ দৰ্শকৰ আগত দাঙি ধৰিছে। পাতাল লোক হৈছে বৰ্তমানৰ  ভাৰতীয় সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ এক নগ্ন বাস্তৱৰ প্ৰতিফলন। হাথীৰামৰ অনুসন্ধানৰ মাজেৰে আমাৰ বাবেও মুকলি হয় ভাৰতীয় সমাজতন্ত্ৰত অন্তৰ্নিহিত হিংসা, লোভ, সামাজিক প্ৰতিষ্ঠা, বিদ্বেষৰ অন্য এখন দুৱাৰ। অনুসন্ধানত প্ৰধান অভিযুক্ত কেইজনৰ অতীতত ঘটা দমন, হিংসা আৰু উৎপীড়নৰ এখন ছবি আমাৰ সন্মুখত আহি পৰে। সামাজিক বৈষম্যৰ দ্বাৰা হোৱা উৎপীড়ন আৰু হিংসা আমাৰ সমাজত জাতি, ধৰ্ম, বৰ্গ, লিংগ নিৰ্বিশেষে এক চিৰ প্ৰতিষ্ঠিত প্ৰথাৰ দৰে প্ৰচলিত হৈ আহিছে। পাতাল লোকৰ “পোক-পতংগ” সকলৰ জন্ম এই দমন প্ৰণালীৰ গৰ্ভতে। তেওঁলোক যেন এই সামাজিক ব্যৱস্থাৰ এক একোটা ফ্ৰংকেংষ্টাইন দৈত্য। কিন্তু শক্তিশালী লোকৰ হাতত তেওঁলোক ডবা খেলৰ একো একোজন নিম্নমানৰ সৈনিক ।

পাতাল লোকৰ যোগেদি, দমনপ্ৰক্ৰিয়াৰ এই চক্ৰবেহুত অনুসন্ধানকাৰী সংস্থা, মিডিয়া, সমাজব্যৱস্থা এই সকলোকেইটা দিশ এটাৰ লগত আনটো ওতঃপ্ৰোতঃভাৱে জড়িত হৈ আছে। নীৰজ কবি দ্বাৰা অভিনীত সঞ্জীৱ মেহৰা নামৰ সাংবাদিকজনে স্মৃতিচাৰণ কৰে এনেদৰে, “এটা সময় আছিল যেতিয়া আমি নায়ক আছিলো। এতিয়া আমাক ট্ৰল কৰা হয়, হত্যা কৰা হয়, বৰ্খাস্ত কৰা হয় ।”

সাংবাদিক আৰু সাংবাদিকতাৰ প্ৰতি জনসাধাৰণৰ মূহভংগ কেনেকৈ হবলে পালে সাধাৰণ লোকৰ সমস্যাবোৰৰ বিপৰীতে নিজৰ কেৰিয়াৰ, ক্ষমতা আৰু প্ৰতিষ্ঠা বজাই ৰখাটোৱেই যেন সঞ্জীৱ মেহৰাৰ দৰে সাংবাদিকৰ কাম সেয়া ‘পাতাল লোক’ত ভালদৰে প্ৰতিফলিত হৈছে।

‘পাতাল লোক’ চিৰিজখন বাতৰি কাকতত প্ৰায়ে পঢ়িবলৈ পোৱা সিমাহীন হিংসাৰ উৎস বিচাৰি যোৱাৰ এক প্ৰয়াস। হিংসাৰ অন্ধকাৰময় গর্ভলৈ যোৱা এক যাত্ৰা। পূৰ্বপ্ৰথমে দিল্লী চহৰখনক নিখুঁত ভাবে তিনি খণ্ডত ভাগ কৰা হাথীৰামে এই যাত্ৰাত উপলব্ধি কৰে, পাতাল লোক সকলো লোকৰ অন্তৰ্নিহিত হৈ আছে। স্বয়ং নিজেও এই বিশাল সামাজিক ব্যৱস্থাৰ ক্ষুদ্ৰাংশ। নেতা, অভিনেতা, সাংবাদিক, আৰক্ষী প্ৰশাসন,বিদ্ৰোহী,সকলো এই পাতাল লোকৰ দাস মাত্ৰ। দাবা খেলৰ দৰে হয়তো ৰজা, ৰাণী, প্ৰহৰী আদিৰ স্থান সলনি হৈ থাকিব, কিন্তু হিংসা আৰু দমনৰ এই খেল একেৰাহে অনাদি কালৰ পৰা চলিয়েই আছে আৰু হয়তো অৰ্নিৰ্দিষ্ট কাললৈ ই চলিয়েই থাকিব ।

এটা শক্তিশালী ভেঁটিত ৰচনা কৰা কাহিনীবিন্যাসে পাতাল লোকক দিছে এক জড়তাবিহীন গতি। গুল পানাগ, নীৰজ কবি, জয়দীপ আহলাৱাট আদিৰ দৰে প্ৰতিষ্ঠিত অভিনয় শিল্পী সকলৰ লগতে কেইবাগৰাকীও নৱাগত অভিনেতাই নিজৰ অভিনয় প্ৰতিভাৰে এই চিৰিজখনক দিছে এক নতুন মাত্ৰা। বিশেষকৈ মূল চৰিত্ৰ হাথীৰাম চৌধৰীৰ চৰিত্ৰত অভিনয় কৰা জয়দীপ আহলাৱাটৰ চৰিত্ৰ ৰূপায়ন এক চৰ্চাৰ বিষয় হৈ পৰিছে। উল্লেখযোগ্য যে চিৰিজখনত হাথীৰাম চৌধৰীৰ পুত্ৰৰ গুৰুত্বপূৰ্ণ চৰিত্ৰটোত অভিনয় কৰিছে অসমৰ কিশোৰ শিল্পী বোধিসত্ব শৰ্মাই। জনপ্ৰিয় অভিনেতা অনুষ্কা শৰ্মাৰ ক্লিন শ্লেট ফিল্মচে প্ৰযোজনা কৰা ‘পাতাল লোক’ নিসঃন্দেহে ভাৰতীয় ৱেব চিৰিজৰ ক্ষেত্ৰখনত এক মাইলৰ খুঁটি হিচাবে বিবেচিত হৈছে।

পিছে যিয়েই নহওঁক, কুকুৰৰ প্ৰতি প্ৰেম অতিশয় গুৰুত্বপূৰ্ণ। কিয় ? ‘পাতাল লোক’ চালে বুজিব ।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.7 / 5. ভোট : 25

1 Comment

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!