চিনেকথা ১০

১০ খন উল্লেখযোগ্য ছিৰিজ

টকিঅ’ ট্ৰাইল (Tokyo Trial)

ভাষা – ইংৰাজী

উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স  

চাৰিটা খণ্ডৰ জাপানী ঐতিহাসিক কাহিনীসমৃদ্ধ মিনি ছিৰিজ। দ্বিতীয় বিশ্বযুদ্ধ (১৯৩৯-৪৫) শেষ হোৱাৰ পাছত ১৯৪৬ চনত যুদ্ধ বিধ্বস্ত টকিঅ’ হোটেলত গঠন কৰা হৈছিল ১১ খন ৰাষ্ট্র প্রতিনিধিত্বকাৰী সংযুক্ত ন্যায়াধীশ মণ্ডলী। জাপানৰ যুদ্ধ অপৰাধীসকলৰ ক্ষেত্রত আইনী ব্যৱস্থা প্রৱর্তনেৰে ন্যায় প্রক্রিয়াক এক সুস্থ গতি দিয়াৰ উদ্দেশ্যৰে ন্যায়াধীশ মণ্ডলীৰ বিভিন্ন ক্রিয়া-কলাপৰ মাজেৰে এই ছিৰিজৰ কাহিনীয়ে গতি কৰিছে। উল্লেখযোগ্য যে, টকিঅ’ ট্ৰাইলত ভাৰতীয় অভিনেতা ইৰফান খানে ন্যায়াধীশ ৰাধাবিনোদ পালৰ চৰিত্ৰটোত অভিনয় কৰিছে।

চেৰ্ণ’বিল (Chernobyl)

ভাষা – ইংৰাজী

উপলব্ধ প্লেটফৰ্ম – ডিজনেপ+ হটষ্টাৰ

ঐতিহাসিক পটভূমিত নির্মিত এক মিনি ছিৰিজ। মানৱ সভ্যতা ইতিহাসৰ অন্যতম এটি অতি শোকাৱহ দুর্যোগ হিচাপে বিবেচিত হৈছিল ১৯৮৬ চনৰ এপ্রিল মাহত ছোভিয়েট ইউনিয়নৰ চেৰ্ণ’বিল চহৰৰ এক পাৰমাণৱিক ক্ষেত্রত সংঘটিত দূর্ঘটনাটো। এই দুর্যোগত বহুজনে প্রাণ হেৰুৱাৰ লগতে পৰিস্থিতি নিয়ন্ত্রণৰ হেতু চহৰখন তথা সমগ্র ইউৰোপ বচাবলৈ বহুজনে নিজৰ জীৱন বলিদান দিবলৈও কুণ্ঠাবোধ কৰা নাছিল।  

দা আউটচাইডাৰ (The Outsider)

ভাষা – ইংৰাজী

উপলব্ধ প্লেটফৰ্ম – ডিজনেপ+ হটষ্টাৰ

আমেৰিকান ৰৰ ক্রাইম মিনি ছিৰিজটো ষ্টিফেন কিঙৰ একে নামৰ বহুপঠিত উপন্যাসখনৰ আলমত নির্মাণ কৰা হৈছে ফ্রেংক পিটাৰছন নামৰ নাবালকগৰাকীৰ লোমহর্ষক হত্যাকাণ্ডৰ এটি সহজচিধা যেন লগা কেছৰ তদন্তৰে আৰম্ভ হোৱা কাহিনীটোৱে জটিলতাৰ পিনে ক্রমান্বয়ে গতি কৰে যেতিয়া ডিটেক্টিভ ৰাল্ফ এণ্ডাৰছনে হত্যাকাৰী বুলি চিনাক্ত কৰা লোকজন হত্যাৰ সময়ত বেলেগ চহৰত উপস্থিত আছিল বুলিও প্রমাণিত হয় ইয়াৰ লগে লগে উন্মুক্ত হোৱা ভৌতিক উপাদানসমূহে কাহিনীটোক নতুন ৰূপ দি পুনৰ ৰহস্যঘন কৰি তোলে 

শ্বেৰ্লক (Sherlock)

ভাষা – ইংৰাজী

উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স  

ছাৰ আর্থাৰ কনান ডয়লৰ বিখ্যাত সৃষ্টি শ্বেৰ্লক হোমছৰ ডিটেক্টিভ কাহিনীৰ ভিত্তিতে নির্মিত বৃটিছ ক্রাইম ছিৰিজ। সামৰিক বাহিনীৰ প্রাক্তন চিকিৎসক ড: জন ৱাটছনে এদিন আৱিস্কাৰ কৰে যে নিজস্ব ব্যতিক্রম শৈলীৰে যিকোনো কেছৰ তদন্ত কৰি নিস্পত্তি কৰা শ্বাৰল’ক হোমছ তেওঁৰ ফ্লেটৰে প্রতিবেশী। অৱধাৰিতভাৱে, দুয়োৰে যুগলবন্দীত আৰম্ভ হয় বহুকেইটা অসাধাৰণ-জটিল কেছৰ সমিধান উলিওৱাৰ যাত্রা ।     

দা ৰেইন (The Rain)

ভাষা – ডেনিচ

উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স  

ডেনিছ ভাষাৰ কল্পবিজ্ঞানমূলক ৱেব ছিৰিজ। বৰষুণৰ জৰিয়তে বিয়পা এক মাৰাত্মক ভাইৰাছৰ কবলত পৰি পৃথিৱীৰ মানৱ কুল ধ্বংসপ্রায় হৈ পৰে। ঘটনা ছয়বছৰৰ মূৰত পৰিলক্ষিত হয় যে স্কেণ্ডিনেভিয়াৰ এটা বাংকাৰত আশ্রয় লৈ দুজন সহোদৰ ছাইমন আৰু ৰাছমোছে নিজৰ জীৱন বচাবলৈ সক্ষম হয়। সভ্যতাৰ সকলো উপাদান নি:শেষ হোৱা ধ্বংসস্তুপত পৰিণত ঠাইখনত দুয়োজনে বাচি থকা আন কমবয়সীয়া লোকৰ এটি দলৰ সৈতে জীৱনৰ সন্ধানত এক বিপদসংকুল যাত্রাত নামি পৰে। ধ্বংসপ্রাপ্ত পৃথিৱীত সামাজিক নিয়মকানুনৰ পৰা পৰা মুক্ত বুলি ভাৱিছিল যদিও হঠাতে তেওঁলোকে আৱিস্কাৰ কৰে যে এই ধ্বংসৰ পাছৰ পৃথিৱীতো পূর্বৰ জীৱনৰ পৰিচিত প্রেম, ঘৃণা, ঈর্ষা আদি উপাদানবোৰ নাইকিয়া হোৱা নাছিল।       

দা স্পাই (The Spy)

ভাষা – ইংৰাজী

উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স  

ইজৰাইলৰ বিশেষ চোৰাংচোৱা বিষয়া এলি কোহেন (১৯২৪১৯৬৫)ৰ জীৱন ভিত্তিক ইজৰাইলী ছিৰিজ। ইজিপ্তত জন্মগ্রহণ কৰি দেশীয় সামৰিক বাহিনীত অন্তর্ভুক্তি লাভৰ পৰা বঞ্চিত হোৱা অতীতৰ পৰা আৰম্ভ কৰি ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ কর্মী হিচাপে সেৱা আগবঢ়াই ষাঠিৰ দশকত ছিৰিয়াৰ চৰকাৰ পর্যন্ত প্রভাৱিত কৰিব পৰা এক কাৰক হৈ পৰাকৈ এলি কোহেনৰ নাটকীয় যেন লগা জীৱন কাহিনীৰ গতি।

দা মাৰ্ভেলাচ মিচেছ মেজল (The Marvelous Mrs. Maisel)

ভাষা – ইংৰাজী

উপলব্ধ প্লেটফৰ্ম – আমাজন প্ৰাইম

আমেৰিকান পিৰিয়ড কমেডী ড্রামা ছিৰিজটোৰ কেন্দ্রবিন্দু মিৰিয়াম মিঝ মাইজেল নামৰ মহিলাগৰাকী। পঞ্চাশৰ দশকৰ শেষৰ ফালে নিজে বিচৰাধৰণে সুযোগ্য পতি, দুটি সন্তানৰ সৈতে নিউইয়র্কৰ আপাৰ ৱেষ্ট ছাইডস্থিত বিলাসী এপার্টমেন্টত গৃহিনী হিচাপে মহিলাগৰাকীয়ে জীৱন কটাইছিল। কাহিনীয়ে গতি সলায়, যেতিয়া মহিলাগৰাকীয়ে নিজৰ মাজতষ্টেণ্ড আপ কমেডীকৰিব পৰা সুপ্ত প্রতিভা আৱিস্কাৰ কৰে আৰু সেই প্রতিভাকেই কেৰিয়াৰ হিচাপে বলৈ মন মেলে।

ডাৰ্ক (Dark)

ভাষা – জাৰ্মান

উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স    

জার্মান ভাষাৰ প্রথম নেটফ্লিক্স অৰিজিনেল ৱেব ছিৰিজটো কল্পবিজ্ঞানমূলক থ্রিলাৰ। জার্মানীৰ কাল্পনিক চহৰ উইনডেনৰ এটি শিশু ৰহস্যজনকভাৱে নাইকিয়া হোৱাৰ আঁত ধৰি চাৰিটা বহিষ্কৃত পৰিয়ালে সময় ভ্রমণেৰে অতীতলৈ ঘুৰি গৈ উন্মুক্ত কৰে অদৃশ্য সংযোগ, বহু গোপন ৰহস্য আৰু ষড়যন্ত্র। সময়ৰ স্থায়িত্বৰ গুৰুত্ব আৰু মানৱ জীৱনত ইয়াৰ প্রভাৱৰ দিশটো সম্পূর্ণ ছিৰিজটোত বিদ্যমান।  

দা মেন ইন দা হাই কেচল (The Man in the High Castle)

ভাষা – ইংৰাজী, জাৰ্মান, জাপানীজ

উপলব্ধ প্লেটফৰ্ম – আমাজন প্ৰাইম    

ফিলিপ কে ডিকৰ একে নামৰ উপন্যাসৰ পৰা আংশিকভাৱে অনুপ্রাণিত আমেৰিকান এই ছিৰিজটোৰ জৰিয়তে দ্বিতীয় বিশ্বযুদ্ধৰ পৰিণতিক এক পৃথকধৰণে দেখোৱাৰ প্রয়াস কৰা হৈছে। এই প্রেক্ষাপটত, দ্বিতীয় বিশ্বযুদ্ধৰ ফলশ্রুতিত আমেৰিকাক তিনিটা ভাগত বিভাজিত কৰা হৈছিল। নিউইয়র্কক ক্ষেত্রীয় ৰাজধানী হিচাপে লৈ এটা অংশ নাজী বাহিনীৰ নিয়ন্ত্রণত আৰু চানফ্রান্সিছকোক ৰাজধানী লৈ এটা অংশ জাপানী সকলৰ হাতত আছিল। এই দুই অংশক ৰকি পর্বতেৰে আৱৰা এটি নিৰপেক্ষ অংশই পৃথক কৰিছিল। কাহিনীয়ে নতুন ৰূপ পাইছিল যেতিয়া চৰিত্রসমূহে কিছুমান নিউজ ৰীল, হোম ভিডিঅ সংস্পর্শলৈ আহিছিল জার্মানীজাপান উভয়ে যুদ্ধত হাৰিবলৈ ধৰাৰ বিৱৰণ আছিল। উল্লেখ্য যে, ফুটেজসমূহৰ সৃষ্টিৰ আঁৰত আছিল ছিৰিজটোৰ শিৰোনামত জিলিকা ৰহস্যময় চৰিত্রটো।     

হোৱেন হিৰ’জ ফ্লাই (When Heroes Fly)

ভাষা হিব্ৰু, স্পেনিচ

উপলব্ধ প্লেটফৰ্ম – নেটফ্লিক্স    

চাৰিগৰাকী ইজৰাইলী প্ৰাক্তন সৈনিক বন্ধুৰ ওপৰ আধাৰিত এই চিৰিজ আগবাঢ়িছে অতীতত ঘটা এটা নিৰুদ্দেশ সম্পৰ্কীয় ঘটনাৰ আলম লৈ। য়ালে নামৰ যুৱতীগৰাকী যি চাৰিগৰাকী বন্ধুৰ এগৰাকীৰ প্ৰাক্তন প্ৰেয়সী আৰু আনগৰাকীৰ ভগ্নী, কলোম্বিয়াৰ এক পথ দুৰ্ঘটনাত মৃত্যু হোৱা বুলি সকলো পতিয়ন গৈছিল। কিন্তু এঘাৰ বছৰৰ পাছত বাতৰি কাকতত ওলোৱা এখন ফটোৱে সকলো ওলট পালট কৰি দিয়ে। আৰম্ভ হয় চাৰিজন বন্ধুৰ য়ালেক বিচাৰি কলোম্বিয়াত অভিযান।

এই লেখাটো প্ৰয়োজনীয় বুলি ভাবেনে?

তলৰ তাৰকাত ক্লিক কৰক !

গড় মাপকাঠী 4.4 / 5. ভোট : 13

Click to comment

Leave a Reply

Your email address will not be published. Required fields are marked *

To Top
error: Content is protected !!